বাণিজ্যিকভাৱে কুকুৰা পালনত ভাৰতবৰ্ষৰ আন ৰাজ্যৰ তুলনাত অসম তেনেই চালুকীয়া অৱস্থাত আছে| সেয়ে হয়তো মাংস উৎপাদনতেই হওক অথবা কণী উৎপাদনতেই হওক অসম আগবাঢ়িব পৰা নাই। অসমত কুকুৰা পালনক উদ্যোগ হিচাপে গঢ়ি তুলিবলৈ এতিয়াও বহুত দূৰ বাকী। গুণগত খাদ্য আৰু পোৱালিৰ উপৰি ব্ৰয়লাৰ কুকুৰা পালন ব্যৱসায়ৰ লাভালাভ সু-পৰিচালনাৰ ওপৰত বিশেষভাৱে নিৰ্ভৰ কৰে। ব্ৰয়লাৰ পালকসকলৰ বৈজ্ঞানিক পদ্ধতিসমূহৰ বিষয়ে জ্ঞান থকাটো অতি প্ৰয়োজনীয়। ইয়াৰ জৰিয়তে ব্যৱসায় বৃদ্ধি, ৰোগ প্রতিকাৰৰ লগতে মৃত্যুৰ হাৰো কমাব পৰা যায়।
গড়ালঘৰৰ দিশ পূব-পশ্চিম হোৱাটো বিজ্ঞানসন্মত। কুকুৰাক ৰাখিবৰ বাবে কম খৰচতে হোৱাকৈ বাঁহ-কাঠৰ দ্বাৰা গড়ালঘৰটো বনাব পৰা যায়। গড়ালঘৰটো বতাহ সোমাব পৰা আৰু ৰ’দ পৰা হ’ব লাগে। গড়াল ঘৰত প্ৰতিটো কুকুৰাৰ বাবে তিনি বর্গফুট জেগাৰ প্রয়োজন হয়। ঘৰটো সদায় চাফা কৰি ৰাখিব লাগে আৰু বিশুদ্ধ পানীৰ যোগান ধৰিব লাগে।
এদিনীয়া পোৱালি কেইটাক পামলৈ লৈ আনিয়েই সঠিক উষ্ণতাত ব্ৰুডিং বা উম দিয়াটো নিতান্তই প্ৰয়োজনীয়। সেয়েহে পোৱালি অনাৰ ৪-৫ ঘণ্টা আগৰে পৰা ব্ৰুডিং কৰা উষ্ণতাত সাজু কৰি ৰাখিব লাগে। গৰম কালি বা শীত কালত উম দিয়া উষ্ণতা সঠিক আছেনে নাই তাৰ নিয়মীয়া পৰ্যবেক্ষণ কৰাটো অত্যন্ত প্রয়োজনীয়।
বয়স অনুযায়ী সঠিক আকাৰৰ পাত্ৰ দিব লাগে। প্রতি ১০০ কুকুৰাৰ বাবে অতি কমেও তিনিটাকৈ দানা আৰু তিনিটাকৈ পানীৰ পাত্ৰ দিব লাগে। সঠিক দূৰত্বত আৰু উচ্চতাত দানা আৰু পানীৰ বাচন যোগান ধৰিব লাগে। দানাৰ বাচনৰ ব্যৱধান ৫ ফুট আৰু পানীৰ বাচনৰ ব্যৱধান ৮ ফুটতকৈ অধিক হ’ব নালাগে।
কুকুৰা প্রতিপালনত লিটাৰ হিচাপে শুকান ফলিয়া তুঁহ বা সৰু সৰুকৈ কটা ধান খেৰৰ টুকুৰা, কাঠৰ গুড়ি ইত্যাদি ২-৪ ইঞ্চি ডাঠকৈ পাৰি ব্যৱহাৰ কৰিব পৰা যায়। প্রতিজাক কুকুৰাৰ বাবে সদায় নতুন লিটাৰ ব্যৱহাৰ কৰা উচিত। লিটাৰত থকা জলীয় ভাপৰ পৰিমাণ ২০ শতাংশতকৈ কম হ’ব নালাগে| সপ্তাহত কমেও দুবাৰ লিটাৰখিনি তল-ওপৰ কৰা উচিত। লিটাৰত যাতে পানী নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। লিটাৰত এম’নিয়াৰ পৰিমাণ যাতে বৃদ্ধি নাপায়, তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগে।
ব্ৰয়লাৰ কুকুৰা পালনত অন্যান্য পৰিচালনাৰ লগতে ৰোগ পৰিচালনা এটা গুৰুত্বপূর্ণ দিশ। এটা দলৰ পৰা আনটো দললৈ যাতে ৰোগ বিয়পি নপৰে তাৰ বাবে কুকুৰাজাক বিক্ৰী কৰাৰ পাছত ঘৰটো ভালদৰে পৰিষ্কাৰ কৰা উচিত। কুকুৰা পামত জৈৱ নিৰাপত্তাৰ বিধিসমূহ কঠোৰভাৱে পালন কৰি পালকে কুকুৰা জাকক এটা ৰোগ সংক্রমণমুক্ত পৰিৱেশ দিব লাগে। মৰা কুকুৰা দকৈ পুতি বা পুৰি পেলাব লাগে। সদায় কুকুৰা ৰোগত চিকিৎসাতকৈ প্রতিকাৰৰ ওপৰত গুৰুত্ব দিব লাগে। প্রতিষেধকৰ জৰিয়তে ৰোগ প্ৰতিৰোধ জৈৱ নিৰাপত্তাৰ এটি উল্লেখনীয় দিশ। ৰোগৰ প্ৰাদুৰ্ভাৱ লক্ষ্য কৰি সময়ে সময়ে কুকুৰা টিকাকৰণ কৰিব লাগে। এনে ধৰণৰ সূক্ষ্ম সুব্যৱস্থাপনাৰ ওপৰত ব্ৰয়লাৰ কুকুৰা পামখনৰ ফল যথেষ্ট নিৰ্ভৰ কৰে। উপযুক্ত পৰিৱেশ তথা নিয়ন্ত্রণ ব্যৱস্থাৰ অধীনত ৰোগমুক্ত পৰিৱেশৰ মাজেৰে কুকুৰা পালকসকলে আর্থিকভাৱে যথেষ্ট লাভৱান্বিত হ’ব পাৰে।
টিংকু দাস, দৈনিক জনমভূমি।