নতুনকৈ পামলৈ অনা হাঁহ পোৱালিবিলাকক উম দি ৰাখিবৰ বাবে তিনি ফুট বহল ছাতি আকাৰৰ কাঠ, টিন বা গোবৰ মাটিৰে লিপি বনোৱা বাঁহৰ আহিলাত ৬০ ৱাটৰ বাল্ব জ্বলাই ৰখা হয়।
সৰু হাঁহ-পোৱালিবোৰক এটা নিৰ্দিষ্ট সীমাৰ ভিতৰত আৱদ্ধ কৰি ৰাখিবৰ বাবে ১৮ ইঞ্চি ওখ বাঁহেৰে বা টিনেৰে বনোৱা এটা ঘূৰণীয়া বেৰ, চিক গাৰ্ড ব্যৱহাৰ কৰা হয়।
হাঁহৰ বাবে পানীৰ পাত্ৰ ব্যৱহাৰ কৰিলে পাত্ৰবোৰ অন্ততঃ ৬ ইঞ্চিমান দ’ হ’ব লাগে। এইবোৰ প্লাষ্টিক অথবা এলুমিনিয়ামৰ হ’ব পাৰে।
হাঁহক দানা বা খাদ্য যোগান ধৰোতে আহাৰখিনি পানীৰ লগত মিহলাই ভিজোৱা দানা হিচাপে দিব লাগে। এনে আহাৰ প্লাষ্টিকৰ বেচিন বা ‘V’ আকৃতিৰে সজা পাত্ৰত দিব লাগে।
প্ৰতি তিনিজনী হাঁহৰ বাবে একোটাকৈ এক ফুট x এক ফুট x ডেৰ ফুট আকাৰৰ কণী পৰা বাকচ দিব লাগে। এইবোৰ সাধাৰণতে কাঠেৰে বা বাঁহেৰে সজাই ল’ব পাৰি।
মাজে-সময়ে হাঁহৰ দেহ বৃদ্ধিৰ পৰিমাণ জুখিবলৈ তথা অলাগতিয়াল হাঁহবোৰ বিক্ৰী কৰিবলৈ এই তুলাচনীৰ প্ৰয়োজন হয়।
(উৎস অসমীয়া খবৰ)।
শেহতীয়া উন্নীতকৰণ: : 2/20/2024