অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কিষান ক্ৰেডিট কাৰ্ড

কিষান ক্ৰেডিট কাৰ্ড

১৯৯৮ চনৰ আগষ্ট মাহত আঁচনিখন ৰূপায়ণ কৰাৰে পৰা ২০১৩ চনৰ ৩১ মাৰ্চ তাৰিখৰলৈকে দেশৰ সমবায় বেংক, আঞ্চলিক গ্ৰামীণ বেংক আৰু বাণিজ্যিক বেংকসমূহে লগ হৈ ১০ কোটি কিষান ক্ৰেডিট কাৰ্ড কৃষকসকলৰ মাজত বিতৰণ কৰিছে৷ এই তথ্যই পৰিষ্কাৰ কৰি দিছে যে নিতৌ দেশৰ ন ন কৃষকক কিষান ক্ৰেডিট কাৰ্ড আঁচনিখনে সাঙুৰি লব ধৰিছে৷ দেশৰ দৰিদ্ৰ কৃষকসকলক আনুষ্ঠানিক ঋণ আঁচনি যোগে ঋণ দিয়াৰ লগে লগে সুতখোৰ মহাজন তথা বণিক শ্ৰেণীৰ শোষণৰ কবলৰ পৰা তেওঁলোক মুক্ত হবলৈ সক্ষম হৈছে৷

বহুতো পণ্ডিত আৰু অভিজ্ঞ বেংক বিষয়াই ক’ব খোজে যে কিষান ক্ৰেডিট কাৰ্ড আঁচনি যোগে অনুদানসহ প্ৰদান কৰা ঋণৰ ধন বহু ক্ষেত্ৰত কৃষি কাৰ্যত ব্যৱহৃত নহৈ উৎপাদন বিহীন কামত ব্যৱহৃত হোৱা হেতু দেশৰ কৃষি উৎপাদন বৃদ্ধি নোহোৱাৰ লগতে কৃষকৰ ঋণ পৰিশোধ ক্ষমতা হ্ৰাস পাইছে৷ এই কাৰ্ডসমূহৰ ঋণৰ উচ্চ সীমা বঢ়াই গৈ থকা হেতু বেংকসমূহে বেয়া ঋণ দম পাতি গলেও হিচাপৰ বহীত সেয়া প্ৰতিফলিত নকৰে৷ আনকি কৃষকে পৰিশোধ নকৰা সুতৰ ধনো বেংকে বাৰ্ষিক ১০ শতাংশ ঋণৰ সীমা বৃদ্ধিৰ সৈতে যোগ দি গৈ থাকে৷ এইদৰে বেংকে কিষান ক্ৰেডিট কাৰ্ড আঁচনিৰ ঋণক চিৰসেঁউজ কৰি কেইটামান বছৰলৈ বেয়া ঋণৰ গধূৰ ভাৰখন নিলগাই ৰাখে৷ সৰ্ব বৃহৎ পৰিমাণৰ কিষান ক্ৰেডিট কাৰ্ড আঁচনিৰ ঋণ প্ৰদান কৰোঁতা বেংক ভাৰতীয় ষ্টেট বেংকে বিতৰণ কৰা ৪৪,০০০ কোটি টকাৰ কিষান ক্ৰেডিট কাৰ্ডৰ ঋণৰ ৫% ঋণেই বেয়া হৈছে৷ চিণ্ডিকেট বেংকৰ প্ৰাক্তন চেয়াৰমেন তথা পৰিচালন সঞ্চালক আৰু গ্ৰাম্য বেংকিঙত নিপুণ ব্যক্তি এন কে ঠিংগালায়াই কৈছে যে গোটেই সমস্যাটো হৈছে শাখা প্ৰযায়ত পৰ্যবেশন আৰু অনুসৰণৰ অভাৱৰ বাবে, বহু ক্ষেত্ৰত দৰিদ্ৰ কৃষকক দিয়া টকা অপব্যৱহাৰ কৰা হৈছে৷ কৃষি খণ্ডটোলৈ দিয়া ঋণ বাঢ়িছে কিন্তু কৃষি খণ্ডটো বৃদ্ধি পোৱা নাই৷ অন্য এক সমীক্ষা অনুযায়ী বাকী থকা কিষান ক্ৰেডিট কাৰ্ডৰ ঋণৰ পৰিমাণ বিগত দুটা বছৰত ৩৩% হাৰত বৃদ্ধি পাইছে আৰু কিষান ক্ৰেডিট কাৰ্ডৰ সংখ্যা ১৩% হাৰত বৃদ্ধি পাইছে৷ সমীক্ষক ভি শ্ৰী কাৰ্ত্তিকে এই তথ্য সদৰী কৰি কৈছে যে কৃষকে পুৰণি ঋণ পৰিশোধৰ বাবে নতুন ঋণ লোৱাৰ বাবেই এনে ঘটিছে৷ বেংকবোৰৰ কিছুমান শাখাৰ কাৰ্যালয়সমূহত বহুতো কাৰণত কামৰ বোজা বহন ক্ষমতা নথকা হেতু অতি পুৰণি অনাদায় ঋণৰ ধন আদায়ৰ কামত ব্যস্ত থাকোঁতে কিষান ক্ৰেডিট কাৰ্ড আঁচনিত প্ৰদান কৰা ঋণৰ প্ৰতি চকু দিব নোৱাৰা বাবে সেইবোৰ ৰুগ্ন হোৱাৰ পথত গতি কৰিছে৷ গতিকে সময় থাকোঁতেই কিষান ক্ৰেডিট কাৰ্ড আঁচনিখনৰ পৰা উপকৃত হোৱা কৃষক আৰু বেংক উভয় পক্ষই নিজৰ কৰ্ত্তব্য অনুযায়ী ঋণ পৰিশোধৰ দিশটোত মনোনিবেশ কৰিলে দুয়ো পক্ষই উপকৃত হব আৰু কিষান ক্ৰেডিট কাৰ্ড আঁচনিখন চলি থাকিলে তাৰ যোগেদি দেশখনো কৃষি ক্ষেত্ৰত সমৃদ্ধিশালী হব৷

লিখক: যুগল চন্দ্ৰ বৰা।

শেহতীয়া উন্নীতকৰণ: : 6/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate