শেহতীয়াকৈ পূৰ্বৰ ৰাষ্ট্ৰীয় কৃষি বীমা যোজনাখনৰে কিছু সাল-সলনি ঘটাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডিয়ে ঘোষণা কৰিছে ‘প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা’।
এই বীমা যোজনা সকলো ৰাজ্য আৰু কেন্দ্ৰ শাসিত অঞ্চলৰ কাৰণেই প্ৰযোজ্য হ’ব। ৰাজ্য আৰু কেন্দ্ৰ শাসিত চৰকাৰৰ দ্বাৰা নিৰ্ধাৰিত অঞ্চলৰ যিসকল কৃষকে দানাশস্য, খাদ্যশস্য, তেলবীজ, বাৰ্ষিক উদ্যানজাত বা বাণিজ্যিক শস্যৰ খেতি কৰে সেইসকল কৃষকেও এই বীমা লাভ কৰিব। এই বীমাত কিষাণ ক্ৰেডিট কাৰ্ড থকা কৃষকসকলৰ পৰা বেংকে প্ৰিমিয়ামৰ ধন কাটি নি বীমা সংস্থাক প্ৰদান কৰিব। আৰু যিসকলৰ কিষাণ ক্ৰেডিট কাৰ্ড নাই সেইসকলে নিকটৱৰ্তী বেংক শাখা বা বীমা সংস্থাৰ এজেন্টৰ হাতত প্ৰিমিয়ামৰ ধনৰাশি প্ৰদান কৰাৰ সুবিধাও আছে।
এই নতুন আঁচনিৰ অধীনত বীমাকৃত শস্য ৰোপণ কৰাত কোনো ধৰণৰ সমস্যা হ’লে বেংক একান্টত বীমাকৃত ধনৰাশিৰ ২৫ শতাংশ আগতীয়াকৈ প্ৰদান কৰা হ’ব।
প্ৰধানমন্ত্ৰী শস্য বীমাৰ অন্তৰ্গত শস্য অনুযায়ী কৃষকে পৰিশোধ কৰিব লগা প্ৰিমিয়াম ৰাশিৰ পৰিমাণ বহুত কম কৰি দিয়া হৈছে।
ক্ৰমিক নং |
শস্য |
কৃষকসকলে দিব লগা অধিকতম বীমা ৰাশি (শতাংশ হিচাপত) |
১ |
খাৰিফ |
২.০ শতাংশ |
২ |
ৰবি |
১.৫ শতাংশ |
৩ |
বাৰ্ষিক উদ্যানজাত/ বাণিজ্যিক ফচল |
৫ শতাংশ |
আঁচনিখনৰ বিষয়ে অধিক জানিবলৈ এই লিংকত ‘প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা’ ক্লিক কৰক।
শেহতীয়া উন্নীতকৰণ: : 5/27/2020
জীৱনত বীমাৰ প্ৰয়োজন কিমান?
প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ বিষয়ে লিখা হৈছে
ভাৰতৰ প্ৰধানমন্ত্ৰীসকল
বতৰ ভিত্তিক শস্য বীমা আঁচনি