অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

“অসমত বুটমাহ খেতিৰ প্ৰয়োজনীয়তা আৰু সম্ভাৱনীয়তা”

চমু বিৱৰণ

শীতকালত কৰিব পৰা এবিধ উল্লেখযোগ্য মাহজাতীয় শস্য হৈছে বুটমাহ| বিভিন্ন ধৰণৰ সকাম-নিকাম, উৎসৱ পাৱন আদিত ইয়াক প্ৰসাদ হিচাপে ব্যৱহাৰ কৰাৰ উপৰি বুটৰ দাইল হিচাপেও ইয়াৰ যথেষ্ট গুৰুত্ব ও চাহিদা আছে| বুটমাহ এবিধ অতি পুষ্টিকাৰক আৰু লাভজনক দাইল জাতীয় শস্য| বুটমাহত আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় নানাবিধ উপাদান যেনে- প্ৰটিন, ভিটামিন, খনিজ লৱণ, শৰ্কৰা, পোষক মৌল আদি যথেষ্ট পৰিমাণে পোৱা যায়| (তালিকা নং ১, ২, আৰু ৩)| গতিকে জনসাধাৰণৰ পুষ্টিত বুটমাহৰ যথেষ্ট অৰিহণা আছে| এই বুটমাহৰ খেতি কৰি আমাৰ কৃষক সকল যথেষ্ট ভাৱে লাভৱান হ’ব পাৰে| কিয়নো উৎপাদিত বুটমাহ আৰু বুটৰ দাইল লাভজনক দামত কৃষকে বিক্ৰী কৰি উপকৃত হ’ব পাৰে|

শস্যক্ৰমত বুটমাহ খেতি অন্তৰ্ভুক্তিয়ে মাটিৰ উৰ্বৰা শক্তি বজাই ৰখাতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে আৰু লগতে অন্তবৰ্তী আৰু পৰপৰ্তী শস্যই যথেষ্টভাৱে উপকৃত হ’ব পাৰে| কাৰণ মাহজাতীয় শস্যই বায়ুমণ্ডলৰ পৰা নাইট্ৰ’জেন আহৰণ কৰি শিপাত থকা টেমুনাত জমা কৰি ৰাখে আৰু পিছত সেইবোৰ মাটিৰ লগত মিহলি হৈ মাটিৰ উৰ্বৰতা বৃদ্ধিত অৰিহণা যোগায়| তাৰোপৰি গছবোৰ মাটিৰ লগত মিহলি কৰি দিলে মাটিত যথেষ্ট পৰিমাণৰ জৈৱিক পদাৰ্থ সংযোজন হোৱাৰ লগতে নাইট্ৰ’জেন, ফছফৰাছ, প’টাছ, আৰু সুক্ষ্ম খাদ্য মৌল যেনে দস্তা, মেংগানিজ, লৌহ আৰু তামৰ দ্ৰৱণীয়তাও বৃদ্ধি হয়|

অসমৰ মাটি আৰু জলবায়ু বুটমাহ খেতিৰ বাবে উপযোগী| আমাৰ দৈনন্দিন জীৱনত বুটমাহৰ যথেষ্ট উপকাৰিতা আৰু চাহিদা থকা স্বত্বেও অসমত ইয়াৰ কৃষিভূমিৰ পৰিমাণ আৰু উৎপাদন মুঠেই সন্তোষজনক হোৱা নাই| কাৰণ জনপ্ৰিয়তা আৰু প্ৰসাৰতা লাভ কৰিব পৰা নাই|

বুটমাহৰ উৎপাদন বৃদ্ধিৰ বাবে বিশেষভাৱে মন দিবলগীয়া বিষয় সমূহ হ’ল-

তালিকা নং ১: বুটমাহত থকা বিভিন্ন উপাদানৰ পৰিমাণ (প্ৰতি ১০০ গ্ৰামত)

পুষ্টিকৰ উপাদান

পৰিমাণ

প্ৰটিন

শৰ্কৰা

কেলৰি

চৰ্বী

আঁহ জাতীয় পদাৰ্থ

২১.০ গ্ৰাম

৬১.০ গ্ৰাম

৩৬৮.০ কিলো কেলৰি

৫.৭ গ্ৰাম

২২.৭ গ্ৰাম

তালিকা নং২: বুটমাহত থকা খনিজ পদাৰ্থৰ পৰিমাণ

(মিলিগ্ৰাম প্ৰতি ১০০ গ্ৰাম শুকান ওজনত)

খনিজ পদাৰ্থ

পৰিমাণ

আইৰণ

জিংক

কেলচিয়াম

মেগনেচিয়াম

পটাছিয়াম

ছডিয়াম

চেলেনিয়াম

৬.২ মিলিগ্ৰাম

৩.৪  মি:গ্ৰা:

১০৫.০ মি:গ্ৰা:

১১৫.০ মি:গ্ৰা:

৮৭৫.০ মি:গ্ৰা:

২৪.০ মি:গ্ৰা:

৮.২ মি:গ্ৰা:

তালিকা নং ৩: বুটমাহত থকা খাদ্যপ্ৰাণৰ পৰিমাণ (প্ৰতি ১০০ গ্ৰামত)

খাদ্যপ্ৰাণ

পৰিমাণ

থায়েমিন

ৰাইব’ফ্লাভিন

নায়েচিন

পেনট’থেলি এচিড

ভিটামিন (বি৬)

ফ’লেট

ভিটামিন ‘চি’

ভিটামিন ‘ই’

০.৫ মিলিগ্ৰাম

০.২ মি:গ্ৰা:

১.৫ মি:গ্ৰা:

১.৬ মি:গ্ৰা:

০.৫ মি:গ্ৰা:

৫৫৭.০ মি:গ্ৰা:

৪.০ মি:গ্ৰা:

০.৮ মি:গ্ৰা:

বুটমাহৰ কৃষিভূমি বৃদ্ধি কৰা, উন্নতজাতৰ ব্যৱহাৰ আৰু উন্নত কৃষি পদ্ধতিৰ সফল প্ৰয়োগ| তালিকা নং ৪ আৰু ৫ ত উল্লেখিত তথ্যৰ পৰা দেখা গৈছে যে অসমত বুটমাহৰ কৃষিভূমিৰ পৰিমাণ সৰ্বভাৰতীয়ৰ তুলনাত একেবাৰে কম| ভাৰতবৰ্ষত মাহজাতীয় শস্যৰ ভিতৰত বুটমাহেই কৃষিভূমি পৰিমাণ আৰু উৎপাদনত প্ৰথম ও প্ৰধান স্থান অধিকাৰ কৰি আছে|

তালিকা নং ৪: বিগত ৫ বছৰত ভাৰতবৰ্ষত বুটমাহৰ কৃষিভূমি পৰিমাণ আৰু গড় উৎপাদন

বছৰ

কৃষিভূমিৰ পৰিমাণ

(মিলিয়ন হেক্টৰ)

উৎপাদন

(মিলিয়ন টন)

গড় উৎপাদন

(কি:গ্ৰা: প্ৰতি হেক্টৰত)

২০১০-১১

৯.২১

৮.২২

৮৯৬

২০১১-১২

৮.৩২

৭.৭০

৯১২

২০১২-১৩

৮.৫২

৮.৮৩

১০৩৬

২০১৩-১৪

৯.৯৩

৯.৫৩

৯৬০

২০১৪-১৫

৮.২৫

৭.৩৩

৮৮৯

 

 

তালিকা নং ৫: বিগত ৫ বছৰত অসমত বুটমাহৰ কৃষিভূমিৰ পৰিমাণ আৰু গড় উৎপাদন

বছৰ

কৃষিভূমিৰ পৰিমাণ

(০০০’ হেক্টৰ)

উৎপাদন

(০০০’ টন)

গড় উৎপাদন

(কি:গ্ৰা: প্ৰতি হেক্টৰত)

২০১০-১১

১.৮০০

০.৯

৫০০

২০১১-১২

১.৮০০

০.৯

৫০৯

২০১২-১৩

১.৭০০

১.০

৫৫৭

২০১৩-১৪

২.০৫৩

১.৪৩২

৬৯৪

২০১৪-১৫

২.০৯৪

১.৯৫৬

৯৩৫

বৰ্তমান অসম তথা সমগ্ৰ বিশ্বতে জনসংখ্যাৰ দ্ৰুত বৃদ্ধিয়ে জনমূৰি ভূমিৰ পৰিমাণ ক্ৰমান্বয়ে হ্ৰাস কৰি আনিছে| এক হিচাপ মতে এই শতিকাৰ শেষৰ ফালে মানুহ আৰু ভূমিৰ অনুপাত ১:০:১৪ (হেক্টৰ) হবগৈ বুলি অনুমান কৰা হৈছে| জনসংখ্যাৰ বৰ্ধিত হাৰ আৰু পৰিয়ালৰ পৌন: পৌনিক বিভাজনৰ ফলত আমাৰ কৃষিভূমি দিনে দিনে সংকোচনহে হ’ব ধৰিছে| গতিকে বুটমাহৰ অধিক উৎপাদনৰ বাবে কৃষিভূমি কোনো কোনো বঢ়াব পৰা নাযাব| সেয়ে ধানভিত্তিক শস্যক্ৰমত বুটমাহক অন্তৰ্ভুক্ত কৰি অসমত বুটমাহৰ কৃষিভূমি বঢ়োৱাত গুৰুত্ব দিব লাগিব| অসমত ধান খেতি প্ৰায় ২৪-২৫ লাখ হেক্টৰ মাটিত কৰা হয়| কিন্তু মুঠ ধান খেতি কৰা মাটিৰ প্ৰায় ১৮ লাখ হেক্টৰত অকল শালি ধান খেতি কৰা হয় আৰু শালি ধান খেতি কটাৰ পিছত বহু মাটি চন পৰি থাকে| শালিধানৰ এই চন পৰি থকা মাটিৰ মধ্যমীয়া মাটিত শালিধানৰ পিছত বুটমাহ বা শালি ধানৰ লগত ৰিলে শস্য হিচাপে বুটমাহৰ খেতি কৰিব পৰা যায়| শালি ধান কটাৰ ১৫-২০ দিনৰ আগতে মাটিত থকা জীপৰ সুবিধা লৈ মচুৰ, মটৰ আৰু বুটমাহৰ বীজ ধাননিৰ মাজত সিঁচিব পাৰি| এনেকৈ এটা শস্য চপোৱাৰ আগতে আন এটা শস্য কৰা খেতিক ৰিলে খেতি বুলি কোৱা হয়| ৰিলে কৃষি পদ্ধতিত ৰবি শস্যৰ বীজ সোনকালে সিঁচিব আৰু চপাব পাৰি| ৰিলে শস্যত অনুমোদিত বীজৰ শতকৰা ৩০-৫০ ভাগ বেছি সিঁচিব লাগে যাতে গছৰ সংখ্যা উপযুক্ত থাকে|

বুটমাহ খেতি সফলতাৰে কৰাত এটা প্ৰধান সমস্যা হৈছে- খেতি চপোৱাৰ সময়ত হোৱা আগতীয়া মৌচুমী বতাহৰ ফলত হোৱা বৰষুণ| বৰষুণত তিতা বুটমাহবোৰ ক’লা ৰঙৰ হয় আৰু খাদ্য বা বীজ হিচাপে ব্যৱহাৰৰ অনুপযোগী হৈ পৰে| খেতিয়কৰ সকলোখিনি কষ্ট অৱশেষত অথলে যায়| এই সমস্যাৰ পৰা হাত সাৰিবলৈ বুটমাহৰ বীজ অক্টোবৰ মাহৰ ভিতৰত সিঁচি ফেব্ৰুৱাৰী মাহৰ ভিতৰত চপোৱাৰ ব্যৱস্থা কৰিব লাগিব| এইটো কৰিবলৈ কৃষকসকলে ৰিলে কৃষি পদ্ধতিৰে বুটমাহৰ খেতি শালিধানৰ লগত কৰা কথা ভাবিব লাগিব| যিহেতু ৰিলে কৃষি পদ্ধতিত শালিধান কটাৰ ১৫-২০ দিনৰ আগতে বুটমাহৰ বীজ সিঁচিব পৰা যায়|

লেখিকা:- শ্ৰীমতী অঞ্জুমালা ডেকা

আ:কৃ:গ:কে:, চিলঙনী, নগাঁও

শেহতীয়া উন্নীতকৰণ: : 5/13/2022



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate