অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অপতৃণৰ পৰা কেঁচুসাৰ :

অপতৃণৰ পৰা কেঁচুসাৰ :

 

শস্যক্ষেত্ৰৰ উৰ্বৰতা বৃদ্ধি তথা শস্যৰ উৎপাদন বৃদ্ধিত জৈৱিক সাৰৰ ব্যৱহাৰ অপৰিহার্য। আমাৰ কৃষকসকলে শস্যক্ষেত্ৰত জৈৱিক সাৰৰ ব্যৱহাৰ অতি প্রাচীন কালৰে পৰা কৰি আহিছে যদিও বর্তমান সচৰাচৰ ব্যৱহাৰ কৰি অহা গৰু-ম’হৰ গোবৰখিনিয়েই যথেষ্ট নহয় বুলি ভালকৈয়ে উপলব্ধি কৰিছে। গৰু-ম'হৰ গোবৰৰো যথেষ্ট অভাৱ আৰু এনেবিলাক জীৱ-জন্তুৰ মল-মূত্রও গুণগতভাৱে উন্নত নোহোৱাত আমাৰ কৃষকসকলৰ আগত ভীষণ সমস্যাই দেখা দিছে।

আমাৰ কৃষিভূমি, অ-কৃষিভূমি, যেনে বাট-পথ, চন পেলাই থোৱা মাটি, নৈ, বিল, খাল, পুখুৰী আদিত তথা বনাঞ্চল আদিত যথেষ্ট পৰিমাণে বহুতো অবাঞ্ছিত উদ্ভিদ হোৱা দেখা যায়। এনে অবাঞ্ছিত উদ্ভিদসমূহকেই অপতৃণ বোলা হয়। এনে অপতৃণবিলাকে আমাৰ সমস্যাৰ সৃষ্টি কৰে। আনহাতে, এনে অপতৃণবিলাক নিয়ন্ত্রণ কৰিবলৈও যথেষ্ট শ্রম, সময় তথা অর্থৰ প্রয়োজন হয়। উদাহৰণস্বৰূপে বাম কলমৌ, মেটেকা, জার্মানী বন, জাপানী হাবি আদি বিভিন্ন অপতৃণসমূহ অতি সহজেই আমাৰ চৌদিশে পৰিলক্ষিত হয়। বাট-পথ, ঘৰৰ চৌপাশে হোৱা বিভিন্ন অপতৃণসমূহ সংগ্ৰহ কৰি আমি অলপ কষ্ট কৰিয়েই উৎকৃষ্ট মানৰ কেঁচুসাৰ তৈয়াৰ কৰি ল’ব পাৰো। বর্তমান সমগ্র বিশ্বতে যিকোনো ধৰণৰ জৈৱিক আৱৰ্জনা, যেনে— বিভিন্ন অপতৃণ, শস্যৰ অৱশিষ্ট অংশ, কৃষিজাত উদ্যোগৰ পেলনীয়া অংশ, জীৱ-জন্তুৰ মল-মূত্র আদি কেঁচুৰ সহায়ত দিনতে পচন ঘটাই উৎকৃষ্ট মানৰ কেঁচুসাৰ উৎপন্ন কৰাটো জনপ্রিয় হৈ উঠিছে। এনে সাৰ প্ৰস্তুতৰ ব্যাৱসায়িক সফলতাও অতি বেছি। কেঁচুসাৰ প্রস্তুত কৰিবৰ বাবে একোটা টেংক সাজি ল’ব লাগে। এনে টেংকৰ প্ৰস্থ তিনিফুট আৰু উচ্চতা ২-২.৫ ফুট হ'ব লাগে। অৱশ্যে এনে টেংকৰ দৈঘ্য ইচ্ছা অনুযায়ী কৰি ল’ব পাৰি। সাধাৰণতে পানী জমা নোহোৱা ছাঁ পৰা ঠাইত এনে টেংক বনাব লাগে। পোনপটীয়া ৰ’দ বা বৰষুণ নপৰিবৰ বাবে টেংকৰ ওপৰত টিন নাইবা খেৰেৰে একোখন চালি দিব লাগে। পকী টেংকৰ মজিয়াখন পকী কৰি ল’ব পাৰিলে ভাল। এনে মজিয়াৰ ওপৰত প্রথমে মাটি বা বালিৰ (১//-২//) এটা তৰপ দি তাৰ ওপৰত সংগ্ৰহ কৰা আৱৰ্জনা আৰু গোবৰ (৬০ : ৪০ অনুপাতত) তৰপে তৰপে ভৰাই যাব লাগে। মন কৰিব লগা যে সংগ্ৰহ কৰা আৱৰ্জনাসমূহ মুকলিত এসপ্তাহমান দাম কৰি থৈ পাৰিলে সৰু সৰুকৈ কাটি ল’ব লাগে। অৱশ্যে কুমলীয়া অপতৃণসমূহ ঘাঁহ, বন, খেৰ আদি কাটি নল’লেও হয়। টেংকটো সম্পূৰ্ণকৈ ভৰাই লোৱাৰ পিছত উপযুক্ত যিকোনো এবিধ প্রজাতিৰ কেঁচু, যেনে— আইচেনীয়া ফতিদা, ইউড্রিলাছ ইউজিনি, পেৰিঅ’নিক্স এক্সাভেটাচ লেমপিট, মৰিচি, এমাইনথেচ্‌, ড্রিফিনজেন্‌ ইত্যাদি। জৈৱিক আৱৰ্জনাৰ মিশ্রণটো যাতে জীপাল হৈ থাকে তাৰ বাবে মিশ্রণটোত মাজে মাজে পানী ছটিয়াব লাগে। ভাৰ্মিকম্পষ্ট তৈয়াৰ কৰা টেংকটোৰ চাৰিওকাষ পৰিষ্কাৰ কৰি ৰাখিব লাগে। প্রায় ৪০-৬০ দিনৰ ভিতৰত এনে আৱৰ্জনাসমূহ পচি কেঁচুসাৰ তৈয়াৰ হয়। টেংকৰ উপৰি ভাগত ক’লা-মুগাবৰণৰ দানা দেখা গ’লেই বুজা যাব যে কেঁচুসাৰখিনি চপাবৰ সময় হৈছে। কেঁচুসাৰ তৈয়াৰ হোৱাৰ পিছত টেংকত অধিক দিন ৰাখিব নালাগে। এনে কৰিলে সাৰখিনিৰ গুণগতমান হ্রাস পায় আৰু কেঁচুৰ সংখ্যাও কমি যায়। প্রস্তুত হোৱা সাৰখিনি তৰপে তৰপে চপাই ছাঁ পৰা ঠাইত মজিয়াত ৫-৬ ঘণ্টা দাম কৰি থ’ব লাগে। এনে কেঁচুসাৰৰ দ’মবোৰৰ চাৰিওকাষে কেঁচা গোবৰৰ বল বনাই থ’ব পাৰিলেও কেঁচুৰ পৃথকীকৰণ-খৰতকীয়াকৈ কৰিব পাৰি। প্রস্তুত হোৱা সাৰখিনিত যাতে ২০ শতাংশতকৈ অধিক আৰ্দ্ৰতা নাথাকে তাৰ বাবে প্রয়োজন সাপেক্ষে ছাঁত শুকুৱাব লাগে। এনে সাৰ বিক্ৰীৰ বাবে প্রস্তুত কৰিলে গ্রাহকৰ চাহিদা অনুসৰি এক কিঃগ্ৰাঃ, ৫ কিঃগ্ৰাঃ, ২৫ কিঃগ্ৰাম আদিৰ বেগত ভৰাই বজাৰত বিক্ৰীৰ বাবে ব্যৱস্থা কৰিব পাৰি।

ড° কাবেৰী মহন্ত, দৈনিক জনমভূমি।

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate