‘চেলেৰি’ (Celery: Apium graveolens L.)হ’ল ধনীয়া জাতীয় এবিধ সুগন্ধী শাক তথা বীজীয় মছলা শস্য। দীঘল আৰু কিছু পৰিমাণে শকত ঠাৰিৰ সৈতে ইয়াৰ কুমলীয়া পাতবোৰ ধনীয়া পাতৰ দৰেই। চালাদ তথা বিভিন্ন ব্যঞ্জনত সোৱাদ আৰু সুগন্ধ বৃদ্ধি কৰিবলৈ ব্যৱহৃত হয়। ইয়াৰ শুকান বীজ সুগন্ধী মছলা হিচাপে বিশ্বৰ বজাৰত জনপ্ৰিয়। বীজৰ পৰা সুগন্ধি তেলো নিষ্কাশন কৰা হয়।
এইবিধ শস্য পোন প্ৰথমবাৰৰ বাবে অমৃতচৰস্থিত এটি ব্যৱসায়িক প্ৰতিষ্ঠানৰ জৰিয়তে ১৯৩০ চন ফ্ৰান্সৰ পৰা ভাৰতত প্ৰৱেশ কৰিছিল বুলি জনা যায়। বৰ্তমান বিশ্ব বজাৰত ভাৰতবৰ্ষ অন্যতম চেলেৰি ৰপ্তানিকাৰী দেশ হিচাপে স্থান দখল কৰি আছে। ভাৰতত প্ৰধানকৈ পঞ্জাৱৰ অমৃতসৰ, হাৰিয়ানা, পানিপথ আৰু উত্তৰ প্ৰদেশৰ ছাহাৰানপুৰ জিলাত ইয়াৰ খেতি কৰা হয়।
চেলেৰিত প্ৰচুৰ পৰিমাণৰ Phenolic phytonutrients পোৱা যায় যাৰ antioxidant আৰু anti-inflamatory গুণ আছে।
ইয়াৰ খাদ্যমৌলৰ বিশ্লেষন এই ধৰণৰ (প্ৰতি ১০০ গ্ৰাম): খাদ্যপ্ৰাণ -৩৩% মলিৱডেনাম ১১%, ফলেট ৯%, পটাছিয়াম ৮%, আঁহ-৬%, ম্যাংগানীজ-৫%, খাদ্যপ্ৰাণ- B2 ৫%, পেণ্টথেনিক এচিড ৫%, তাম-৪%, কেলছিয়াম -৪% খাদ্যপ্ৰাণ C- ৪%, খাদ্যপ্ৰাণ –B6 ৪%, ফছফৰাছ -৩%, মেগনেছিয়াম ৩%, খাদ্যপ্ৰাণ A-৩%।
কলেষ্টেৰল কমোৱাত সহায় কৰে, প্ৰদাহ (inflammation) কমাই দিয়ে , উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে, ‘আলচাৰ’ নিৰাময়ত সহায় কৰে, যকৃতৰ স্বাস্থ্য সুৰক্ষিত কৰে, ওজন হ্ৰাস কৰাত সহায় কৰে, আহাৰৰ পাচন প্ৰক্ৰিয়াক ক্ষীপ্ৰতৰ কৰে, বীজাণুৰ সংক্ৰমণ প্ৰতিহত কৰে, মুত্ৰনলীৰ সংক্ৰমণ প্ৰতিহত কৰে, কৰ্কট ৰোগ প্ৰতিৰোধী গুণ আছে বুলি ধাৰণা কৰা হৈছে।
কোকাৰাঝাৰ পৰিৱেশত ২০১২-১৩ আৰু ২০১৪-১৫ বৰ্ষত ইয়াৰ পৰীক্ষামুলক খেতি কৰি যিখিনি অভিজ্ঞতা হ’ল তাৰ পৰা ক’ব পাৰি যে অসমৰ জলবায়ুত শীতকালীন সুগন্ধী শাক হিচাপে ইয়াৰ সম্ভাৱনীয়তা আছে। গতিকে সেই অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি “ৰাষ্টীয় বীজীয় মছলা গৱেষণা কেন্দ্ৰ” (National Research Centre on Seed Spices : NRCSS, Ajmer, Rajasthan) ৰ দ্বাৰা অনুমোদিত কৃষি প্ৰযুক্তিৰ আলম লৈ এই লেখনি যুগুত কৰা হ’ল।
চেলেৰিয়ে শীতল জলবায়ু ভাল পোৱা শস্য। বীজ উৎপাদনৰ ক্ষেত্ৰত ফুল ফুলাৰ সময়ত শীতল বতৰ আৰু মাজে মাজে মজলীয়া ধৰণৰ বৰষুণ হ’লে ভাল। বেছি ঠাণ্ডা জলবায়ু আৰু শীতষ্ণ পাহাৰীয়া অঞ্চলত ই দ্বিবৰ্ষীয় শস্যৰ দৰে আচৰণ কৰে যদিও ভৈয়াম অঞ্চলত একবৰ্ষীয় চৰিত্ৰ দেখুৱায়।
বীজ অংকুৰণৰ বাবে নিশাৰ ভাগত ১২-১৫ ডিগ্ৰী ছেলছিয়াচ তথা দিনৰ ভাগত ২২-২৫ ডিগ্ৰী ছেলছিয়াচ উষ্ণতা উত্তম বুলি বিবেচিত হৈছে।
বালিচহীয়া সাৰুৱা মাটি হ’লে ভাল। অৱশ্যে প্ৰচুৰ জৈৱিক পদাৰ্থযুক্ত মজলীয়া মাটিত বাজী মছলাৰ উৎপাদন সৰ্বাধিক হয়। মাটিৰ অম্লতা ৬.৬ হ’ব লাগে।
বীজ মছলা উৎপাদনৰ বাবে Ajmer Celery -১ নামৰ জাত বাছনি কৰিব পাৰে। অৱশ্যে সেউজীয়া শাক উৎপাদনৰ বাবে অন্য বা বাহিৰৰ জাত হ’লেও হয়।
বীজ মছলা উৎপাদনৰ ক্ষেত্ৰত গড় হিচাপত জৈৱিক সাৰ ১৫ টন আৰু NPK (২৫.৪০:২০-২৫ কি.গ্ৰা। প্ৰতি হেক্টৰ মাটিৰ বাবে অনুমোদন কৰা হৈছে। সেউজীয়া শাক উৎপাদন কৰিবলৈ হ’লে জৈৱিক সাৰেই যথেষ্ট।
বীজৰ আকাৰ অতি ক্ষুদ্ৰ, গতিকে বীজ ছটিয়াই খেতি কৰাৰ সলনি পুলি ৰোপন কৰাটোহে সমীচিন হয়। বীজতলিখন খুব মিহিকৈ প্ৰস্তুত কৰিব লাগে আৰু যথেষ্ট পৰিমাণৰ জৈৱিক সাৰ প্ৰয়োগ কৰিব লাগে যাতে মাটিয়ে আদ্ৰতা ধৰি ৰাখিব পাৰে। ইয়াতো আলুৰ প্ৰকৃত বীজ (True Potalo Seeds) ৰ পৰা পুলি উৎপাদনৰ দৰে কৌশল প্ৰয়োগ কৰিব লাগে।
বীজ সিঁচা সময় আৰু পদ্ধতি: NRCSS ৰ দ্বাৰা অনুমোদিত সময় হ’ল- ভৈয়াম অঞ্চলৰ ক্ষেত্ৰত আগষ্ট-চেপ্তেম্বৰ আৰু শীতষ্ণ পাহাৰীয়া অঞ্চলৰ ক্ষেত্ৰত জানুৱাৰী-মাৰ্চ। অসমৰ ক্ষেত্ৰত নৱেম্বৰ-ডিচেম্বৰ মাহ উপযুক্ত সময়। ২০১২ বৰ্ষত ২৫ ডিচেম্বৰত বীজ সিঁচিও সফলতা পাইছিলোঁ। বীজৰ পৰিমাণ হ’ল ১২৫ গ্ৰাম প্ৰতি হেক্টৰ মাটিত ৰোপণৰ বাবে। বীজৰ অংকুৰণ যথেষ্ট লেহেমীয়া-কমেও দুই সপ্তাহ সময় লয়। সেয়ে অংকুৰণ ত্বৰান্বিত কৰিবলৈ তথা বীজ-বাহিত বীজাণু নাশ কৰিবলৈ গৰম পানীৰে শোধন কৰা পদ্ধতি (Hot water treatment) অৱলম্বন কৰিব লাগে। বীজখিনি পাতল কাপোৰেৰে বান্ধি লৈ ৫০-৬০ ডিগ্ৰী ছেলচিয়াচ গৰম পানীত (হাতৰ আঙুলিয়ে সহ্য কৰিব পৰা গৰম) ১৫-২০ মিনিটৰ বাবে ডুবাই থব লাগে। অৱশ্যে সময় আৰু উষ্ণতাৰ যুটি ৪৮ ডিগ্ৰী ৩০ মিনিট কৰিব পাৰে। নিৰ্দ্ধাৰিত সময়লৈকে গৰম পানীত ৰখাৰ পিছত বীজখিনি কিছু সময় স্বাভাৱিক পানীত থৈ দিব লাগে যাতে গৰমৰ প্ৰভাৱ নিৰ্দ্ধাৰিত সময়ৰ বেছি হ’ব নোৱাৰে। অৱশ্যে সামান্য পৰিমাণৰ বীজৰ ক্ষেত্ৰত এয়া প্ৰয়োজন নহয়। তাৰ পিছত বীজখিনি মেলি দি ছাঁত শুকুৱাব লাগে যাতে সিঁচিবলৈ সুবিধাজনক হয়। শুকান মাটিৰ গুৰি পালতকৈ মিহলাই ললেও ভাল হয়। বীজতলিখনৰ সমান কৰি লৈ সৰু জোঙা মাৰিৰে এক ছে.মি. মান গভীৰকৈ লোৰ টানিব লাগে ৪-৫ ছে.মি. ব্যৱধান ৰাখি। তাতে বীজবিলাক একেই ব্যৱধান ৰাখি সিঁচি দিব লাগে। তাৰ পিছত পচন সাৰ বা গোবৰ সাৰৰ পাতল তৰপেৰে ঢাকি দিব লাগে। চালনিৰে চালি দিলে বেছি ভাল হয়। এতিয়া কাঠৰ বাতামেৰে পেৰে ওপৰে হেঁচি দিব লাগে যাতে বীজতলিখন কিছু পৰিমানে টান হয়। তাৰ পিছত স্প্ৰেয়াৰ যন্ত্ৰ ব্যৱহাৰ কৰি পাতলকৈ পানী ছটিয়াই দিব লাগে যাতে বীজতলিৰ উপৰি ভাগ ভিজি যায়, কিন্তু বীজবিলাক ওলাই নপৰে। এতিয়া বীজতলিখন আধা শুকোৱা লেহুকা কল পটুৱাৰে ঢাকি দিব লাগে। অন্য ঢাকন সামগ্ৰীও ব্যৱহাৰ কৰিব পাৰে। পৰৱৰ্তী সময়ত বীজতলি নিয়মীয়াকৈ পৰ্যবেক্ষণ কৰিব লাগে যাতে আদ্ৰতা কমি নাযায়, প্ৰয়োজন সাপেক্ষে পানী ছটিয়াই দিয়া কাম কৰি থাকিব লাগে। অংকুৰণ হ’লে ঢাকনি গুচাই দিব লাগে।
বীজতলিত যাতে গুৰি পচা ৰোগ (Damping off) হ’ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। ৰোগ দেখা দিলে Captan 1% প্ৰয়োগ কৰিব লাগে। জৈৱিক নিয়ন্ত্ৰণত অভিজ্ঞসকলে Trichoderma ,বীজামৃত, আদি ব্যৱহাৰ কৰিব পাৰে।
পুলিৰ বৃদ্ধি আৰম্ভণিতে খুব লেহেমীয়া হয়। অংকুৰণৰ পৰা প্ৰায় ৪০-৪৫ দিনত মুল পথাৰত ৰোপন কৰিব পৰা হয়। ৰোপন দুৰত্ব ১৫-২০ ছে.মি* ২৫-৩০ ছে.মি. অৱলম্বন কৰা যায়।
প্ৰয়োজন সাপেক্ষে অপতৃণ গুচাই দিয়া, মাটি খুচৰি দিয়া, বুঢ়া পাত গুচাই দিয়া, মাটি চপাই দিয়া, জলসিঞ্চন কৰা, আদি কামবোৰ কৰিব লাগে।
ওচৰে পাজৰে কপাহী পোক (Mealy Bug) ৰ আশ্ৰয়দাতা গছ-গছনি, যেনে : অমিতা , মধুৰি আম, স্থলপদ্ম, জবাফুল আদি থাকিলে চেলেৰি খেতিও আক্ৰান্ত হ’ব পাৰে। তেতিয়া পাতৰ তলপিনে আৰু ঠাৰিৰ গুৰিত বগা কপাহী আৱৰণযুক্ত পোক দেখা যায় আৰু পাতবিলাক মেটুৰা-মেটুৰি হয়।
আনহাতে মাটিডৰা শস্যকৃমি অধ্যুষিত হ’লে চেলেৰিও আক্ৰান্ত হয়। আক্ৰান্ত গছবিলাক নিয়মীয়াকৈ পানী যোগান পাই থাকিলেও পানীৰ অভাৱত ভোগাৰ দৰে শেঁতা-লেৰেলা যেন দেখা যায়, শিপাত টেমুনা আৰু ঘাঁ দেখা যায়। গতিকে এই দুবিধৰ পৰা ৰক্ষা কৰিবলৈ তথাযত ব্যৱস্থা ল’ব লাগে।
উপসংহাৰ: ধনীয়া পাতৰ একঘেয়ামি সোৱাদ আৰু সুগন্ধৰ পৰা পৰিত্ৰাণ পাবলৈ চেলেৰি এটি উত্তম বিকল্প হ’ব পাৰে। তাৰকাখচিত হোটেলবোৰত ইয়াৰ প্ৰচুৰ চাহিদা আছে বুলি জনা যায়। এটা কথা মনত ৰাখিব লাগে যে উষ্ণতা অধিক হ’লে ইয়াৰ পাতৰ সোৱাদ তিতিকিৰ ফালে ঢাল খায়। কোকৰাঝাৰ পৰিৱেশত (২০১৪ আৰু ২০১৫) ইয়াৰ সোৱাদ মে মাহৰ মাজ ভাগলৈকে স্বাভাৱিক হৈ থকা পোৱা গৈছিল।
লেখক: বিনোদ বসুমতাৰী ( সেউজ সোপান)
শেহতীয়া উন্নীতকৰণ: : 2/9/2023