অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অনিষ্টকাৰী কীট-পতংগৰ জৈৱিক নিয়ন্ত্ৰণত ট্ৰাইক’গ্ৰামাৰ ভুমিকা :

অনিষ্টকাৰী কীট-পতংগৰ জৈৱিক নিয়ন্ত্ৰণত ট্ৰাইক’গ্ৰামাৰ ভুমিকা :

 

ট্ৰাইক’গ্ৰামা এবিধ অতি ক্ষুদ্ৰ পৰজীৱী পতংগ। ইয়াৰ দেহৰ দৈৰ্ঘ্য মাথোঁ ০.২-১.৫ মি.মি. পৰ্যন্তহে হয়। ট্ৰাইক’গ্ৰামাই পতংগৰ জৈৱিক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিশ্বব্যাপি এক বিশেষ গুৰুত্ব অধিকাৰ কৰি আহিছে। জৈৱিক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ট্ৰাইক’গ্ৰামাৰ দ্বাৰা কীট-পতংগ নিয়ন্ত্ৰণ হোৱাৰ এক বিশেষ কাৰণ হ’ল- এইবিধ পৰজীৱীয়ে অন্য অনিষ্টকাৰী পতংগৰ কণী অৱস্থাত পৰজীৱীকৰণ কৰাৰ বাবে কণী ফুটি পলু ওলাই শস্য অনিষ্ট কৰাত বাধা দিয়ে। দেখা গৈছে যে ট্ৰাইক’গ্ৰামাৰ প্ৰায় ১৪৫ বিধ বিভিন্ন প্ৰজাতি আছে। সেয়েহে এইবিধ পৰজীৱীৰ বহুবিধ প্ৰজাতি থকাৰ বাবে শস্যভেদে বিভিন্ন অনিষ্টকাৰী কীট-পতংগৰ কণী অৱস্থা অনিষ্ট কৰিবৰ কাৰণে প্ৰয়োজন অনুসৰি বিভিন্নধৰণৰ অ-প্ৰাকৃতিক খাদ্যৰ ওপৰত সংখ্যা বৃদ্ধি কৰিবৰ বাবে পৰীক্ষাগাৰত উৎপাদন কৰি ল’ব পাৰি। সাধাৰণতে ট্ৰাইক’গ্ৰামাই পখিলাজাতীয় পতংগৰ কণীত পৰজীৱীকৰণ কৰে। পখিলাজাতীয় পতংগৰ উপৰি শস্যৰ কুমলীয়া পাত, ফুল, ফল শুহি খোৱা পতংগ আৰু ভোমোৰাজাতীয় পতংগৰ কণীকো পৰজীৱীকৰণ কৰা দেখা যায়।

ধান, কুঁহিয়াৰ,গোমধান, কপাহ, বিভিন্নধৰণৰ শাক-পাচলিৰ লগত জড়িত অনিষ্টকাৰী কীট- পতংগসমুহৰ কণী অৱস্থ ধ্বংস কৰিবৰ বাবে শস্যৰ পথাৰত ট্ৰাইক’গ্ৰামা বহুলভাৱে ব্যৱহাৰ কৰা হয়। প্ৰথমে ট্ৰাইক’গ্ৰামাৰ ব্যৱহাৰ ৰাছিয়াত কৰা হৈছিল। পাছলৈ এই পৰজীৱীক চীন আৰু মেক্সিকোত ব্যৱহাৰ কৰে। বৰ্তমান সমগ্ৰ পৃথিৱীতে অনিষ্টকাৰী কীট-পতংগ নিয়ন্ত্ৰণৰ বাবে ট্ৰাইক’গ্ৰামা সকলো শস্যতে পৰ্যায়ক্ৰমে ব্যৱহাৰ কৰি অহা হৈছে। জৈৱিক নিয়ন্ত্ৰণৰ কৃতকাৰ্যতাৰ দিশটোলৈ লক্ষ্য ৰাখি অনিষ্টকাৰী কীট-পতংগ নিয়ন্ত্ৰণৰ কাৰণে ট্ৰাইক’গ্ৰামাৰ আৱশ্যকীয় প্ৰজাতিসমুহৰ পৰীক্ষাগাৰত সৰহীয়া উৎপাদন, শস্যৰ পথাৰত ইয়াৰ প্ৰয়োগৰ পৰিমাণ, প্ৰয়োগ পদ্ধতি, প্ৰয়োগ কৰাৰ সময়ত বতৰৰ পৰিস্থিতি, লগতে কোনবিধ কীটনাশক ঔষধৰ লগত সংমিশ্ৰণ কৰি ট্ৰাইক’গ্ৰামাৰ অনিষ্ট নোহোৱাকৈ পথাৰত প্ৰয়োগ কৰিব পাৰি ইত্যাদি বিভিন্ন দিশৰ ওপৰত পৃথিৱীৰ অন্যবিলাক কৃষিপ্ৰধান দেশৰ লগতে ভাৰতবৰ্ষতো গৱেষণা চলি আছে। গৱেষণাৰ পৰা আহৰণ কৰা বিভিন্ন তথ্য কৃষি বিজ্ঞানীসকলে সংগ্ৰহ কৰি ট্ৰাইক’গ্ৰামাৰ বিভিন্ন প্ৰজাতিৰ ব্যৱহাৰ শস্য আৰু  কীট- পতংগভেদে উপযোগী কৰি তুলিছে। সাধাৰণতে পৰীক্ষাগাৰত ট্ৰাইক’গ্ৰামাৰ সৰহীয়া উৎপাদনৰ বাবে ধানৰ ফুটি পোকৰ কণীক অ-প্ৰাকৃতিক খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। ট্ৰাইক’গ্ৰামাৰ বিভিন্ন প্ৰজাতিসমুহৰ ভিতৰত বিশ্বজুৰি এতিয়ালৈকে ২০ টা প্ৰজাতিৰ পৰীক্ষাগাৰত সৰহীয়াকৈ উৎপাদন কৰি খেতিপথাৰত প্ৰয়োগ কৰা হৈছে।

ট্ৰাইক’গ্ৰামাৰ সৰহীয়া উৎপাদন আৰু ইবিলাকৰ আচৰণৰ ওপৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ পতংগতত্ত্ব বিজ্ঞান বিভাগৰ অধীনত জৈৱিক নিয়ন্ত্ৰণৰ পৰীক্ষাগাৰত গৱেষণা কৰি থকা হৈছে আৰু লগতে গৱেষণাৰ পৰা লাভ কৰা বিভিন্ন তথ্যসমুহ পৰীক্ষাগাৰৰ পৰা খেতিয়কৰ পথাৰলৈ স্থানান্তৰ কৰা হৈছে। পৰীক্ষাগাৰত সৰহীয়াকৈ ফুটি পোকৰ কণীত ট্ৰাইক’গ্ৰামাৰ জৰিয়তে পৰজীৱীকৰণ কৰি ফুটি পোকৰ কণীসমুহ সাধাৰণতে শীতলীকৰণ যন্ত্ৰত ৪° তাপমানত প্ৰায় ১৫ দিন পৰ্যন্ত সংৰক্ষণ কৰি ৰাখিব পাৰি। এইদৰে সংৰক্ষণ কৰা ট্ৰাইক’গ্ৰামাসিক্ত ফুটি পোকৰ কণীসমুহ খেতিয়কৰ পথাৰত এৰি দিয়া হয়। কৃষি বিশ্ববিদ্যালয়ৰ জৈৱিক নিয়ন্ত্ৰণ পৰীক্ষাগাৰৰ পৰা বিশেষকৈ ধান আৰু কুঁহিয়াৰৰ শস্যৰ মজাখোৱা পোক নিয়ন্ত্ৰণৰ উদ্দেশ্যে কৃষকৰ পথাৰ আৰু বিশ্ববিদ্যালয়ৰ বিভিন্ন কৃষি গৱেষণা কেন্দ্ৰসমুহৰ পথাৰত প্ৰয়োগ কৰা হৈছে। লগতে ট্ৰাইক’গ্ৰামাৰ দ্বাৰা ধান আৰু কুঁহিয়াৰৰ মজাখোৱা পোক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অতি উৎসাহজনক ফলাফল লাভ কৰা হৈছে। ট্ৰাইক’গ্ৰামাৰ উল্লেখযোগ্য প্ৰজাতি কেইবিধমান হ’ল- ট্ৰাইক’গ্ৰামা কাইলনিছ, ট্ৰাইক’গ্ৰামা জেপনিকাম, ট্ৰাইক’গ্ৰামা ব্ৰেচিকী, ট্ৰাইক’গ্ৰামা ইভানচেন্স ইত্যাদি। কৃষি বিশ্ববিদ্যালয়ৰ জৈৱিক নিয়ন্ত্ৰণ পৰীক্ষাগাৰত বৰ্তমান ট্ৰাইক’গ্ৰামা জেপনিকাম আৰু ট্ৰাইক’গ্ৰামা কাইলনিচৰ ওপৰত যথেষ্ট কাম কৰি অগ্ৰগতি লাভ কৰিছে। ধানৰ মজাখোৱা, ধানৰ পাত মেৰিওৱা আৰু কুঁহিয়াৰৰ মজাখোৱা পোক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এই পৰজীৱী পতংগ দুবিধক বহুলভৱে ব্যৱহাৰ কৰা হৈছে। সাধাৰণতে এই দুবিধ পৰজীৱী পতংগক অনিষ্টকাৰী কীট-পতংগ নিয়ন্ত্ৰণৰ বাবে এবাৰত হেক্টৰে প্ৰতি ৫০,০০০ হেজাৰৰ পৰা ১,০০,০০০ লৈকে প্ৰতি সপ্তাহৰ মুৰে মুৰে খেতি পথাৰত মেলি দিয়া হয়। এইদৰে প্ৰায় ৩-৪ বাৰ খেতি পথাৰত প্ৰয়োগ কৰিলেই ধানৰ মজাখোৱা, পাত মেৰিওৱা আৰু কুঁহিয়াৰৰ মজাখোৱা পোকক কৃতকাৰ্যতাৰে নিয়ন্ত্ৰণ কৰিব পাৰি। এইটো পৰিলক্ষিত হৈছে যে ধান বা কুঁহিয়াৰৰ মজাখোৱা পোক কীটনাশক ঔষধ প্ৰয়োগ কৰি নিয়ন্ত্ৰণ কৰিবলৈ যাওঁতে কৃষকে যিমানখিনি খৰচ বিঘাই প্ৰতি কৰিবলগা হয়, তাৰ তুলনাত ট্ৰাইক’গ্ৰামা প্ৰয়োগ কৰিলে কীটনাশক ঔষধ প্ৰয়োগৰ খৰচৰ আধা খৰচতে কৰিব পাৰি। তদুপৰি জৈৱিক নিয়ন্ত্ৰণ প্ৰয়োগৰ ফলত আমাৰ পৰিৱেশ প্ৰদুষণমুক্ত কৰি ৰাখিব পাৰি। কীটনাশক ঔষধৰ প্ৰয়োগে আমাৰ পৰিৱেশ সততে প্ৰদুষণযুক্ত কৰি তোলে। পৰজীৱী পতংগসমুহ আমাৰ পৰিৱেশৰ বন্ধু।

ট্ৰাইক’গ্ৰামাই কিদৰে মজাখোৱা পোকক আক্ৰমণ কৰে -

সুক্ষ্ম এই পৰজীৱী পতংগবিধে ধান, কুঁহিয়াৰ ইত্যাদি পথাৰত সক্ৰিয় হৈ থাকে আৰু যেতিয়াই মজাখোৱা পোকৰ আক্ৰমণ হয় তেতিয়াই মজাখোৱা পখিলাই পাৰি যোৱা কণীৰ ভিতৰত ট্ৰাইক’গ্ৰামাই কণী পাৰি পোৱালি জগাই নিজৰ জীৱনচক্ৰ সম্পুৰ্ণ কৰে। ট্ৰাইক’গ্ৰামাই কণী পৰা মজাখোৱা পখিলাৰ কণীসমুহ ৩-৪ দিনৰ ভিতৰতে ক’লা বৰণৰ হয়গৈ আৰু ৭-৮ দিনৰ ভিতৰতে পুৰ্ণাংগ অৱস্থাপ্ৰাপ্ত ট্ৰাইক’গ্ৰামা ওলাব ধৰে। এইদৰে মজাখোৱা পোকৰ কণীৰ পৰা মজাখোৱা পলু ওলোৱাৰ পৰিৱৰ্তে ট্ৰাইক’গ্ৰামাহে ওলায়। এজনী মাইকী ট্ৰাইক’গ্ৰামাই প্ৰায় ১০০ টামান মজাখোৱা পোকৰ কণী পৰজীৱীকৰণ কৰিব পাৰে।

ব্যৱসায়িক ভিত্তিত ট্ৰাইক’গ্ৰামাৰ প্ৰচলন -

উন্নত দেশ , যেনে- ৰাছিয়া, আমেৰিকা, চীন আদিত ট্ৰাইক’গ্ৰামাৰ আৰু অন্যান্য পৰজীৱী আৰু পৰভোজী পত্ংগসমুহ ব্যৱসায়িক ভিত্তিত সৰহীয়াকৈ উৎপাদন কৰি বহুখিনি আগবাঢ়ি গৈছে। কৃষকেও তেওঁলোকৰ আৱশ্যক অনুযায়ী বিভিন্ন অনিষ্টকাৰী কীট-পতংগ নিবাৰণৰ বাবে এই পৰজীৱী আৰু পৰভোজী পতংগসমুহ কিনি নি নিজৰ খেতিপথাৰত প্ৰয়োগ কৰি লাভৱান হৈছে। আমাৰ ভাৰতবৰ্ষৰ বাংগালোৰত অৱস্থিত বাইকণ্ট্ৰল ৰিছাৰ্চ লেব’ৰেটৰী আৰু পেষ্ট কণ্ট্ৰল লেব’ৰেটৰীত জৈৱিক নিয়ন্ত্ৰণত প্ৰয়োগ কৰা পৰজীৱী আৰু পৰভোজী পতংগসমুহ যথেষ্ট পৰিমাণে উৎপাদন কৰি কৃষকে সময়মতে পোৱাৰ সুবিধা কৰি দিছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ জৈৱিক নিয়ন্ত্ৰণ বিভাগত ট্ৰাইক’গ্ৰামাৰ উৎপাদন কৰি থকা হৈছে আৰু বৰ্তমানলৈকে কৃষকৰ মাজত বিনামুলীয়াকৈ বিতৰণ কৰা হৈছে। কৃষক ৰাইজে ট্ৰাইক’গ্ৰামাৰ বিষয়ে যোগাযোগ কৰিব পাৰে। এইদৰে কৃষক ৰাইজ আগবাঢ়ি আহিলেহে বিশ্ববিদ্যালয়ৰ জৈৱিক নিয়ন্ত্ৰণ বিভাগত ট্ৰাইক’গ্ৰামাৰ  বিষয়ে চলি থকা গৱেষণাৰ সাৰ্থকতা আহি পৰিব। বৰ্তমানলৈকে জৈৱিক নিয়ন্ত্ৰণৰ দ্বাৰা অসমৰ যোৰহাট, গোলাঘাট, শিৱসাগৰ, নগাঁৱত কৃষকৰ খেতিৰ পথাৰত জৈৱিক নিয়ন্ত্ৰণৰ প্ৰদৰ্শনমুলক খেতি প্ৰতিবছৰেই কৰি থকা হৈছে।

লেখক: ড° দিলীপ কুমাৰ শইকীয়া

উৎস: আধুনিক কৃষিকথা (কৃষি আৰু পৰিৱেশ)

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate