অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আহু ধানৰ বিজ্ঞানসন্মত কৃষি প্রণালী

 

আহুধান প্ৰধানকৈ দুইধৰণেৰে কৰা হয়-

 

সিঁচা আহু আৰু ৰোৱা আহু। সিঁচা আহু আকৌ দুই প্ৰকাৰে সিঁচা হয়: শুকানে সিঁচা আৰু মাটি বোকা কৰি সিঁচা। অৱশ্যে শেহৰবিধ আমাৰ ইয়াত ইমান জনপ্রিয় নহয়।

আহু ধানৰ জাত

 

জাতি

কৃষিকাল

জাতৰ বৈশিষ্ট্য

(ক) অৰ্দ্ধচাপৰ জাত

লাচিত

চিলাৰাই

 

১১৫-১২৫

১২৫-১৩০

 

ৰোৱাৰ বাবে উপযোগী, চাউল মোটা

ৰোৱাৰ বাবে উপযোগী, চাউল মজলীয়া মোটা

মাধৱ

ৰংদৈ

১২৫-১৩০

১২০-১২৫

ৰোৱাৰ বাবে উপযোগী, চাউল মোটা

ৰোৱাৰ বাবে উপযোগী, চাউল মজলীয়া মোটা

মূলাগাভৰু

গোপীনাথ

১২৫-১৩০

১১০-১১৫

ৰোৱাৰ বাবে উপযোগী, চাউল মিহি

জলসিঞ্চনৰ সুবিধা থকা মাটিৰ বাবে উপযোগী, চাউল মিহি।

চকেট – ৪

১২৫-১৩০

ৰোৱাৰ বাবে উপযোগী

লুইত

১০০-১০৫*

ৰোৱা/সিঁচাৰ বাবে উপযোগী, চাউল মোটা

কপিলী

১০০-১০৫*

ৰোৱা/সিঁচাৰ বাবে উপযোগী, চাউল মোটা

দিচাং

১০০-১০৫*

ৰোৱা/সিঁচাৰ বাবে উপযোগী, চাউল মজলীয়া মোটা

দিখৌ

১০০-১০৫*

ৰোৱা/সিঁচাৰ বাবে উপযোগী, চাউল মজলীয়া মোটা

কলং

১০০-১০৫*

ৰোৱা/সিঁচাৰ বাবে উপযোগী, চাউল মজলীয়া মোটা

কালচাৰ – ১

১০০-১০৫*

ৰোৱা/সিঁচাৰ বাবে উপযোগী, চাউল মোটা

আই আৰ – ৫০

১১৫-১২৫*

ৰোৱা/সিঁচাৰ বাবে উপযোগী, চাউল মিহি

পুচ- ২–২১

১২৫-১৩০*

ৰোৱা/সিঁচাৰ বাবে উপযোগী, চাউল মোটা

ৰাচী

১৩০-১৩৫*

ৰোৱা/সিঁচাৰ বাবে উপযোগী, চাউল মজলীয়া মোটা

গোবিন্দ

১১৫-১২৫*

ৰোৱা/সিঁচাৰ বাবে উপযোগী

জয়া

১৩০-১৪০

ৰোৱাৰ বাবে উপযোগী, চাউল মোটা

আই আৰ - ৮

১৩০-১৪০

ৰোৱাৰ বাবে উপযোগী, চাউল মোটা

(খ) ওখ জাত

ৰঙাদৰিয়া

ডুবাইচেঙা

 

১১৫-১২০

১১৫-১২০

 

আগতীয়াকৈ সিঁচাৰ বাবে উপযোগী

আগতীয়াকৈ সিঁচাৰ বাবে উপযোগী

* সিঁচি কৰিলে কৃষিকাল ৫-৭ দিন আগবাঢ়ে

মাটি নির্বাচন

 

আগতীয়াকৈ সিঁচা আহু ধানৰ বাবে পর্যাপ্ত পৰিমাণে জীপ থকা মাটি নির্বাচন কৰিব লাগে। ৰোৱা আহুৰ ক্ষেত্ৰত জলসিঞ্চনৰ ব্যৱস্থা থকা মাটিৰ প্ৰয়োজন।

সিঁচা/ কঠীয়া পৰাৰ সময়

 

(ক) সিঁচা আহুঃ আহু ধান মার্চ-এপ্রিল মাহত সিঁচা হয়। আগতীয়া আহু ফ্রেব্রুৱাৰী মাহৰ মাজ ভাগৰ পৰা সিঁচিব পাৰি।

(খ) ৰোৱা আহু: ৰোৱাৰ বাবে কঠীয়া মার্চ-এপ্রিল মাহত পৰা হয়। আগতীয়া ৰোৱা আহুৰ কঠীয়া ফ্রেব্ৰুৱাৰী মাহৰ মাজ ভাগৰ পৰা পাৰিব পাৰি।

বীজৰ পৰিমাণ

(ক) সিঁচা আহুঃ

বিঘাই প্রতি ১০ কিঃ গ্ৰামঃ (শাৰীবদ্ধ পদ্ধতিত)

বিঘাই প্রতি ১১-১৪ কিঃ গ্ৰামঃ (ছটিয়াই সিঁচা পদ্ধতিত)

(খ) ৰোৱা আহু :

বিঘাই প্রতি ৫-৬ কিঃ গ্ৰাঃ

বীজ শোধন

 

ৰোগ প্ৰতিৰোধৰ বাবে ইন্দফিল এম – ৪৫ (২.৫ গ্রাম), কেপটাফ (২.৫ গ্রাম), ফলটাফ (২.৫ গ্রাম) বা বেভিষ্টিন (১.০ গ্রাম) নামৰ ঔষধ, ১ কিঃ গ্ৰাঃ বীজত মিহলাই শুকানে (সিঁচা আহুৰ ক্ষেত্ৰত) বা ১ লিটাৰ পানীত মিহলাই তিয়াই (ৰোৱা আহুৰ ক্ষেত্ৰত) শোধন কৰি ল’ব লাগে।

কঠীয়া পৰা পদ্ধতি

(ক) কঠীয়া পৰাৰ বাবে নিৰোগী আৰু সবল বীজ নির্বাচন কৰিব। বীজখিনি পৰিষ্কাৰ পানীত ডুবাই, ওপঙা বীজখিনি পেলাই দি, ৰোগ প্রতিৰোধৰ কাৰণে ওপৰত উল্লেখ কৰা ধৰণেৰে শোধন কৰি ল’ব লাগে।

(খ) কঠীয়া তলিখন ১.২৫ মিঃ বহলকৈ চিতা চিতকৈ ভাগ কৰি মাজত এফুটমান বাট ৰাখিব লাগে। এনেকুৱা ১০ মিটাৰ দীঘল এটা চিতাত ২০-৩০ কিঃ গ্ৰাঃ পচনসাৰ, ৮০ গ্রাম একক চুপাৰ ফচফেট আৰু ৪০ গ্রাম মিউৰেট অৱ পটাচ সাৰৰ প্রয়োজন হয়। এটা চিটাত লাহি ধান ৬৫০ গ্রাম, মজলীয়া মোটা ধান ৭৫০-৮০০ গ্রাম আৰু মোটা ধান ১ কিঃগ্ৰাঃ কৈ ছটিয়াব লাগে। কঠীয়া তলিৰ মাটিৰ পৰিমাণ মূল পথাৰৰ এক দশমাংশ হ’ব লাগে।

(গ) বীজ চটিওৱাৰ আগতে কঠীয়াতলিখন ভালদৰে বোকা দি সমান কৰি ল’ব লাগে। বাকীখিনি ২৪ ঘন্টা তিয়াই ৪৮ ঘন্টা গাপ গি গাজ মেলাই ল’ব লাগে।

(ঘ) কঠীয়াতলিত এটা-দুটা ব্লাষ্ট ৰোগৰ দাগ দেখা পালে প্রতি লিটাৰ পানীত ১ গ্রাম বেভিষ্টিন বা ১ মিঃ লিঃ হিনচান নামৰ ঐষধ মিহলাই স্প্ৰে কৰিব লাগে।

(ঙ) শিপা গাঁঠি ধৰা কৃমি আৰু মাজখোৱা পোকৰ আক্রান্ত অঞ্চলবিলাকত কঠীয়া পৰাৰ ৬-৭ দিনৰ পিছত প্রতি বর্গমিটাৰ মাটিত ফুৰাডান ৩ জি (৩ গ্রাঃ) বা থিমেট ১০ জি/ বাচুদিন ১০ জি (১ গ্রাঃ) প্রয়োগ কৰিব লাগে।

(চ) কঠীয়া ৰোৱাৰ আগতে শিপাখিনি ভালদৰে ধুই প্রতি লিটাৰ পানীত ১ মিঃ লিঃ ডাৰ্চবেন আৰু ১০ গ্রাম ইউৰীয়া মিহলাই ৩ ঘন্টা ডুবাই থ’লে মূল পথাৰত মজাখোৱা, পিয়াজী পোক, পাত-সোহনী পোক আদিৰ পৰা কিছুদিনলৈ সকাহ পাব পাৰি। অৱশ্যে ডাৰ্চবেন নামৰ ঔষধবিধ কঠীয়া তোলাৰ ৫ দিনৰ আগতে প্রতি লিটাৰ পানীত ২.৫ মিঃ লিঃ কৈ মিহলাই স্প্ৰে কৰিলেও মূল পথাৰত কিছুদিনলৈ এই পোকৰ উপদ্ৰৱ কমে। ইয়াৰ পৰিবর্তে কঠীয়া তোলাৰ ৫-৭ দিনমানৰ আগতে প্রতি বর্গমিটাৰ মাটিত ফুৰাডান ৩ জি ৩ গ্ৰামকৈ বা থিমেট ১০ জি /বাচুদিন ১০ জি ১ গ্ৰামকৈ প্রয়োগ কৰিব লাগে।

পথাৰ প্ৰস্তুতি

সিঁচা আহুৰ ক্ষেত্ৰত পথাৰখন ৩/৪ বাৰ হাল বাই মৈয়াই সমান কৰি ল’ব লাগে। বিঘাই প্রতি ১.৩ টন পচনসাৰ/গোবৰ হাল বোৱাৰ প্ৰাৰম্ভিক অৱস্থাত প্রয়োগ কৰিব লাগে।

ৰোৱা আহুত বন-বাত নৰা আদি গেলিবলৈ জলসিঞ্চনৰ ব্যৱস্থা কৰি পথাৰখন ৩/৪ সপ্তাহৰ আগতেই দকৈ হাল বাই সমাৰ দি থ’ব লাগে। ৰোৱাৰ আগতে ৪ চাহেই বোকা দিয়াৰ বাবে যথেষ্ট। কঠীয়া ৰোৱাৰ আগতে পথাৰখন মৈয়াই সমান কৰি ল’ব লাগে। বিঘাই প্রতি ১·৩ টন পচনসাৰ/ গোবৰ হাল বোৱাৰ প্ৰাৰম্ভিক অৱস্থাত প্রয়োগ কৰিব লাগে।

সাৰ প্রয়োগ

(ক) সিঁচা আহু

অৰ্দ্ধচাপৰ জাতত শেষৰবাৰ হাল বোৱাৰ সময়ত ১৭ কিঃ গ্ৰাঃ একক চুপাৰ ফচফেট বা ৬ কিঃ গ্ৰাঃ ডি. এ. পি. প্রয়োগ কৰিব লাগে।

সিঁচাৰ ১.৫—২৫ দিনৰ পিছত ৬ কিঃ গ্ৰাঃ ইউৰীয়া আৰু ২ কিঃ গ্রাঃ মিউৰিয়েট অৱ পটাচ প্রয়োগ কৰিব লাগে। (প্রাৰম্ভিক অৱস্থাত ডি.এ. পি সাৰ প্রয়োগ কৰিলে ইউৰিয়াৰ পৰিমাণ ৫ কিঃগ্ৰাঃ হ’ব)

সিঁচাৰ ৪০-৫০ দিনৰ পিছত পুনৰ ৬ কিঃগ্ৰাঃ ইউৰীয়া আৰু ২ কিঃগ্ৰাঃ মিউৰিয়েট অৱ পটাচ প্রয়োগ কৰিব লাগে। (প্রাৰম্ভিক অৱস্থাত ডি.এ. পি সাৰ প্রয়োগ কৰিলে ইউৰিয়াৰ পৰিমাণ ৫ কিঃগ্ৰাঃ হ’ব)

ওখ জাতত সাৰৰ পৰিমাণ অৰ্দ্ধচাপৰ জাতৰ আধা হ’ব।

(খ) ৰোৱা আহু

অৰ্দ্ধচাপৰ জাতত ৰোৱাৰ সময়ত ৪ কিঃ গ্ৰাঃ ইউৰীয়া, ১৭ কিঃ গ্রাঃ একক চুপাৰ ফচফেট আৰু ৪.৫ কিঃগ্ৰাঃ মিউৰিয়েট অৱ পটাচ সাৰ ( বা ১.৫ কিঃগ্ৰাঃ ইউৰীয়া, ৬ কিঃ গ্রাঃ ডি. এ. পি. আৰু ৪.৫ কিঃ গ্রাঃ মিউৰেট অৱ পটাচ) প্রয়োগ কৰিব লাগে। পোখা মেলাৰ সময়ত আৰু মণি ধৰাৰ সময়ত ৪ কিঃ গ্ৰাঃকৈ ইউৰীয়া টপ ড্রেচিং কৰিব লাগে।

ওখ জাতত এই সাৰৰ অৰ্দ্ধেক সাৰ প্রয়োগ কৰিব লাগে।

সিঁচা/ৰোৱা

চাপৰ জাতৰ কঠীয়া ২০ ছেঃ মিঃ x ১৫ ছেঃ মিঃ আৰু ওখ জাতৰ কঠীয়া ২০ ছেঃ মিঃ x ২০ ছেঃ মিঃ ব্যৱধানত ৰুব লাগে। গোছে প্রতি ২-৩ ডালকৈ কঠীয়া দিব লাগে। যিমান মহীয়া জাত, কঠীয়াৰ বয়স সিমান সপ্তাহতকৈ বেছি হ’ব নালাগে। কঠীয়া যিমান পাৰি ওপৰত (২-৩ ছেঃমিঃ দত) ৰুব লাগে; নহ'লে কৃষিকাল বাঢ়ে আৰু একেলগে নপকে৷ মৰি যোৱা কঠীয়া (ৰোৱাৰ ৭-১০ দিনৰ ভিতৰত) সমবয়সীয়া কঠীয়াৰে পূৰাব লাগে।

সিঁচা আহুত ২০ ছেঃ মিঃ ব্যৱধানত শাৰী কৰি সমভাৱে বীজ সিঁচিব লাগে। ছটিয়াই সিঁচা আহুধানত বীজখিনি যাতে পথাৰখনত সমভাবে পৰে তালৈ লক্ষ্য কৰিব লাগে।

বন-বাত নিয়ন্ত্রণ

সিঁচা আহুত, বীজ সিঁচাৰ ২-৩ সপ্তাহৰ পিছত বিন্ধা দি বন-বাত নিয়ন্ত্ৰণ কৰিব পাৰি। শাৰীবদ্ধ পদ্ধতিত সিঁচিলে নিৰণি যন্ত্রৰ সহায়তো বন-বাত চিকুনাব পাৰে। প্রথমবাৰ নিৰণি কৰাৰ ৩ সপ্তাহৰ পিছত আকৌ এবাৰ নিৰণি কৰি বন-বাতখিনি চিকুনাই পেলাব লাগে|

ৰোৱা আহুত ধান ৰোৱাৰ ৩ আৰু ৬ সপ্তাহৰ পিছত নিৰণি যন্ত্র বা কোৰেৰে নিৰণি কৰি বন-বাত নিয়ন্ত্ৰণ কৰিব লাগে।

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate