অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উন্নত পদ্ধতিৰে ফুলকবিৰ খেতি :

উন্নত পদ্ধতিৰে ফুলকবিৰ খেতি :

 

ফুলকবি এবিধ উন্নত মানৰ সকলোৰে প্ৰিয় পাচলি। শীতকালত হোৱা শাক-পাচলিৰ ভিতৰত ফুলকবিৰ প্ৰতি সকলোৱে এটা দূৰ্বলতা আছে আৰু বজাৰত ইয়াৰ চাহিদাও যথেষ্ট বেছি। ফুলকবিত যথেষ্ট পৰিমাণে ভিটামিন ‘চি’ থকাৰ উপৰি ভিটামিন ‘কে’, ভিটামিন ‘বি-৬’, ফ’লেট, পেন্ট’থেনিক এচিড, পটাছিয়াম, মেংগানিজ, মেগনেছিয়াম, ফছফৰাছ আদিও পোৱা যায়। ই এবিধ পুষ্টিকৰ পাচলি, লগতে ইয়াৰ বহুতো ঔষধি গুণো আছে। ফুলকবিত যথেষ্ট পৰিমাণে ক’লিন পোৱা যায়, যিয়ে ক’লেষ্টেৰল হোৱাত বাধা দিয়ে। ইয়াৰ ছালফ’ৰাফেন নামৰ এবিধ এন্টিঅ’ক্সিডেন্ট থাকে, যিয়ে মানুহক মধুমেহ আৰু কৰ্কট ৰোগৰপৰা ৰক্ষা কৰিব পাৰে।

মাটি -

ওখ ৰ’দঘাই, বালিচহীয়া, পানী জমা নোহোৱা মাটি এই খেতিৰ বাবে উপযোগী।

জলবায়ু:

ঠাণ্ডা, সেমেকা বতৰ এই খেতিৰ বাবে উপযুক্ত। তাপ বেছি হ’লে এই খেতি ভাল নহয়। আগতীয়া আৰু শেহতীয়া জাতকেইটাই অৱশ্যে কিছু বেছি তাপ সহ্য কৰিব পাৰে।

উন্নত জাত:

পুছা দীপালী, পান্ত গোবি-২, পুছা শৰদ, পুছা কাৰ্তিক, আৰ্লি কুঁৱাৰী।

নিয়মীয়া:

পুছা ছিনথেটিক, পুছা শুভ্ৰা, জায়েন্ট স্ন’বল, কাশী আগাহানী।

শেহতীয়া:

স্ন’ব’ল-১৬ পুছা স্ন’ব’ল কে-১, পুছা স্ন’ব’ল-১।

বীজৰ পৰিমাণ:

প্ৰতি বিঘাত ৮০ গ্ৰাম আগতীয়া জাতৰ, ৫০ গ্ৰাম নিয়মীয়া জাতৰ, ৮০ গ্ৰাম শেহতীয়া জাতৰ।

সিঁচাৰ সময়:

আগতীয়া:

মধ্য জুনৰপৰা আগষ্ট মাহত প্ৰথম সপ্তাহ।

নিয়মীয়া:

আগষ্টৰপৰা ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহ।

শেহতীয়া:

ছেপ্টেম্বৰৰ পৰা নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহলৈ।

বীজতলী প্ৰস্তুতকৰণ:

বীজতলীৰ কাৰণে পানী বন্ধ নথকা ওখ ৰ’দ পৰা ঠাই বাছি ল’ব লাগেফ। বীজতলী বহলে ১ মিটাৰ আৰু দীঘল সুবিধা অনুযায়ী হ’ব লাগে। বীজতলী প্ৰায় ১৫-২০ ছেন্টিমিটাৰ ওখ হ’ব লাগে আৰু মাটি মিহিকৈ চহোৱাৰ পিছত ১০ কিলোগ্ৰাম শুকান আৰু মিহি পচন সাৰ দিব লাগে, যাতে ওপৰৰ আঠ ছেন্টিমিটাৰ মাটি উৰ্বৰ হৈ থাকে। বীজতলীত ছুপাৰ ফছফেট ২ কিলোগ্ৰাম, পটাছ ১.৫ কিলোগ্ৰাম, ইউৰিয়া ৭৫০ গ্ৰম দিব লাগে। বীজতলীখন মাটিত থকা বেমাৰৰ বীজাণুৰপৰা মুক্ত কৰিবলৈ কেপ্টান বা ফাইট’ল’ন ০.০১% হাৰত ভিজাই দিব লাগে অথবা ফৰমেলিন ৪% হাৰত মাটিডৰা ১০ ৰ পৰা ১৫ ছেন্টিমিটাৰ ভিজাই দিব লাগে। ইয়াৰ পিছত বীজতলী পলিথিন টুকুৰা অথবা বস্তাৰে দুদিনৰ বাবে ঢাকি ৰাখিব লাগে। দুদিন পিছত বীজতলী মুক্ত কৰি মাটিখিনি ঢিলা কৰি তিনি-চাৰিদিনৰ বাবে ৰাখি থ’ব লাগে।

বীজতলী বা পুলিবাৰীত গুটি সিঁচা:

বীজতলীত সিঁচিব লগা বীজবোৰ কেপটাফ বা থিৰাম বা বেভিষ্টিন ঔষধেৰে(এক কিলোগ্ৰাম বীজ/৩ গ্ৰাম ঔষধ) শোধন কৰিব লাগে, যাতে বীজত থকা বেমাৰৰ বীজাণুবোৰ নাশ হয়। গুটি ছটিয়াই অথবা শাৰী শাৰীকৈ সিঁচিব পাৰি। শাৰী শাৰীকৈ সিঁচাৰ ক্ষেত্ৰত ব্যৱধান হ’ব লাগে ২.৫ ছেন্টিমিটাৰ। গুটি সিঁচাৰ পিছত অতি মিহি মাটিৰে পাতলীয়াকৈ ঢাকি দিব লাগে।

পুলি লগোৱাৰ ব্যৱধান:

আগতীয়া:

৪৫ ছেন্টিমিটাৰ*৪৫ ছেন্টিমিটাৰ,

নিয়মীয়া:

৬৫ ছেন্টিমিটাৰ*৬৫ ছেন্টিমিটাৰ

শেহতীয়া:

৪৫ ছেন্টিমিটাৰ*৪৫ ছেন্টিমিটাৰ।

পুলিৰ যতন:

প্ৰখৰ ৰ’দ আৰু অতি বৃষ্টিৰপৰা ৰক্ষা কৰিবলৈ বীজতলীত চালি দিয়া প্ৰয়োজন। পুৱাবেলা মুকলি বতৰত চালিখন আঁতৰাই ৰ’দ পৰিবলৈ দিলেহে সবল পুলি প্ৰস্তুত হয়। খৰাং পৰিস্থিতিত পানী ছটিওৱাৰ ব্যৱস্থা কৰিব লাগে। কিন্তু বীজতলীখন জেকা হ’ব দিব নালাগে। পুলিৰ গুৰি পঁচা বেমাৰৰ পৰা ৰক্ষা কৰিবলৈ মেনক’জেৱ দৰৱ ২.৫ গ্ৰাম প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে।

মূল পথাৰৰ প্ৰস্তুতি:

কবিতলী মিহিকৈ প্ৰস্তুত কৰি উলিয়াব লাগে। মাটি কেইবাবাৰো চহাই পৰ্যাপ্ত পৰিমাণে পচন সাৰ(প্ৰতি বিঘাত ৫০০ কিলোগ্ৰামকৈ)প্ৰয়োগ কৰিব লাগে।

সাৰ প্ৰয়োগ:

এছ এছ পি(ছিংগল ছুপাৰ ফছফেট) ২০ কিলোগ্ৰাম, এম ও পি(মিউৰেট অব পটাছ) ৮-১০ কিলোগ্ৰাম, ব’ৰাক্স ২ কিলোগ্ৰাম প্ৰতি বিঘাত মাটি প্ৰস্তুত কৰোঁতে প্ৰয়োগ কৰিব লাগে। ডি এ পি ১০ কিলোগ্ৰাম, ইউৰিয়া ১০ কিলোগ্ৰাম প্ৰতি বিঘাত ৰোৱাৰ ১৫-২০ দিনৰ পিছত মিহলি কৰি প্ৰয়োগ কৰিব লাগে। আকৌ ৰোৱাৰ ৩০-৩৫ দিন পিছত এছ এছ পি ১৫-২০ কিলোগ্ৰাম, এম অ’ পি ৭-১০ কিলোগ্ৰাম, ইউৰিয়া ৪-৫ কিলোগ্ৰাম প্ৰতি বিঘাত পুলিটোৰ গুৰিৰপৰা এবেগেত আঁতৰত প্ৰয়োগ কৰিব লাগে, যাতে সাৰখিনি পুলিত নালাগে।

পুলি ৰোৱা আৰু পৰিচৰ্যা:

গুটি গজাৰপৰা এমাহমান হওঁতেই পুলি পথাৰলৈ নি ৰুব লাগে। কিন্তু আগতীয়া খেতিৰ ক্ষেত্ৰত পুলি ডেৰমহীয়া আৰু শেহতীয়া পুলিৰ ক্ষেত্ৰত এমাহতকৈ কম বয়সৰ হোৱা উচিত। বীজতলীৰপৰা নি মূল পথাৰত লগোৱাৰ দুই-তিনিদিনৰ পিছত অলপ পাতলকৈ পানী ছটিয়াই দিব লাগে। প্ৰথম জলসিঞ্চন পুলি লগোৱাৰ ১০ দিনমানৰপৰা আৰম্ভ কৰিব লাগে। পিছত প্ৰয়োজন অনুসৰি প্ৰয়োগ কৰিব লাগে। কিন্তু মুঠতে পাঁচবাৰ জলসিঞ্চন কৰিলে ভাল। বন-বাতৰপৰা কবি খেতি ডৰা মুক্ত কৰিবলৈ কোৰ ব্যৱহাৰ কৰি মাটিসহ গুৰিলৈ চপাই দিব লাগে। কিছুমান জাতৰ ফুলকবিৰ পাত মেল খোৱাত প্ৰথম অৱস্থাত ফুলত প্ৰখৰ ৰ’দ পৰি ৰং বেয়া হয়। তেনে নহ’বৰ বাবে পাত মেহিয়াই বন্ধি ৰখা আৱশ্যক।

শস্য ৰক্ষা:

পাতত দাগ দৰে বেমাৰ- ‘ব্লেক ৰ’ট’ নামৰ বেমাৰবিধৰ বাবে এগ্ৰিমহিচিন বা ষ্ট্ৰেপ্ট’মহিছিন ১০ লিটাৰ পানীত ২ গ্ৰাম মিহলাই স্প্ৰে কৰিব লাগে। গুৰি পচা বেমাৰৰপৰা ৰক্ষা কৰিবলৈ মেনক’জেৱ প্ৰতি লিটাৰ পানীত ২.৫ গ্ৰাম মিহলাই স্প্ৰে কৰিব লাগে।

পাত খোৱা পোকৰ আক্ৰমণৰপৰা ৰক্ষা কৰিবলৈ ২.৫ মিলি লিটাৰ প্ৰতি লিটাৰ পানীত মিহলাই প্ৰয়োগ কৰিব লাগে।

ফুলকবি তোলা:

ফুল কবিৰ খেতি আগতীয়া বিধ ৯০-১০০ দিনৰ ভিতৰত আৰু শেহতীয়াবিধ ১০০-১৩০ দিনৰ ভিতৰত তুলিব পৰা যায়।

উৎস: দৈনিক অসম(ডা° মিনছুৰা বেগম)

 

শেহতীয়া উন্নীতকৰণ: : 2/29/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate