অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উৰহীজাতীয় গছৰ ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ :

এনথ্ৰাকনোজ -

উৰহী তথা লেচেৰাজাতীয় গছত আক্ৰমণ কৰা এবিধ প্ৰধান ৰোগ হ’ল এনথ্ৰাকনোজ। এই ৰোগৰ আক্ৰমণত উৰহী তথা লেচেৰাজাতীয় গছৰ পাত আৰু ফলৰ গাত কিছু অসম প্ৰকৃতিৰ ঘূৰণীয়া ভাঁজ পৰা দেখা যায়। এনথ্ৰাকনোজ ৰোগ হ’ল মূলত বীজৰ পৰা হোৱা ৰোগ। এই ৰোগৰ আক্ৰমণৰ পৰা হাত সাৰিবলৈ উৰহীৰ বীজ ৰোপণৰ আগেয়ে কাৰ্বেণ্ডাজিম ৫০ ডব্লিউ পি, ডেলিজম, কাৰ্জিম, ছেনজিম, কবিষ্টিম জেকেষ্টিন আদি ঔষধৰ মাজৰ যিকোনো এটাত বীজসমূহ শোধন কৰি ৰোপণ কৰিব লাগে। এই ঔষধসমূহৰ যিকোনো এটা ঔষধ প্ৰতি এক কেজি বীজৰ বাবে ব্যৱহাৰ কৰিব লাগে ৩ গ্ৰামকৈ।

একথ্ৰাকনোজ ৰোগৰ দ্বাৰা আক্ৰান্ত গছজোপাত -

  • ডায়েথিন এম ৪৫,
  • ইণ্ডফিল এম ৪৫,
  • ষ্টাৰজেম মেনজেট,
  • লুজেম ৪৫,
  • ইউথেন এম ৪৫ আদিৰ মাজৰ যিকোনো এবিধ ঔষধ প্ৰতিলিটাৰ পানীত তিনিগ্ৰামকৈ মিশ্ৰণ কৰি গছজোপাত ছটিয়াব লাগে অথবা কেপ্টান ৫০ ডব্লিউ পি, কেপ্টান, কেপ্টাফ ডেল্টন আদিৰ আদিৰ মাজত যিকোনো এবিধ ঔষধ প্ৰতিলিটাৰ পানীত ২ গ্ৰামকৈ মিহলাই ছটিয়াব লাগে।

পাউডাৰ -

উৰহী জাতীয় ফচলৰ আন এবিধ মাৰাত্মক ৰোগ হ’ল পাউডাৰ। এই ৰোগৰ দ্বাৰা উৰহী জাতীয় গছবোৰ আক্ৰান্ত হ’লে পাতৰ ওপৰত গোলাকৃতিৰ পাউডাৰৰ দৰে দাগ পৰে। লাহে লাহে সেই পাতবোৰ সৰি পৰিবলৈ আৰম্ভ কৰে। এই ৰোগৰ পৰা হাত সাৰিবলৈ উৰহী জাতী্য গছত ছালফাৰ ৮০৬ ডব্লিউ পি, হালফেক্স চালটাফ আদিৰ মাজত যিকোনো এবিধ ঔষধ প্ৰতি দুই লিটাৰ পানীত মিহলাই ৰোগৰ আক্ৰমণৰ লক্ষণ দেখিলেই সাত দিনৰ ভিতৰত দুবাৰ ছটিয়াই দিব লাগে।

বগা পৰা ৰোগ -

বিভিন্ন বীজাণুৰ দ্বাৰা বগা পৰা ৰোগ সংক্ৰমণ হয়। এই ৰোগৰ দ্বাৰা আক্ৰান্ত হ’লে গছৰ পাত আৰু গুৰি হালি পৰে। লাহে লাহে গছজোপা নিস্তেজ হৈ বগা পৰিবলৈ ধৰে। এই ৰোগৰ কোনো প্ৰতিকাৰ নাই। সেয়েহে এই ৰোগৰ যাতে আক্ৰমণ হ’ব নোৱাৰে তাৰ বাবে বীজ ৰোপণৰ আগতে বীজবোৰ শোধন কৰিব লাগে। তদুপৰি সহজে যাতে বগা পৰা ৰোগে আক্ৰমণ কৰিব নোৱাৰে তেনেধৰণৰ বীজহে ৰোপণ কৰা উচিত।

ছিম পোক -

এবিধ পোক দেখাত প্ৰায় গোবৰুৱা পোকৰ দৰে। এই পোকে গোটেই গছজোপাৰ ওপৰতে আক্ৰমণ কৰি খাই পেলায়। এই পোকৰ আক্ৰমণৰ পৰা গছজোপা বচাই ৰাখিবলৈ মেলাথিয়ন ৫০ ই চি চাইথিয়ন, ষ্টাৰমেল, এলথিন, মেলটক্স আদিৰ মাজত যিকোনো এটা এক লিটাৰ পানীত দুই মিলিলিটাৰ মিহলি কৰি গছজোপাত ছটিয়াই দিব লাগে।

উৎস: নিয়মীয়া বাৰ্তা

শেহতীয়া উন্নীতকৰণ: : 6/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate