জাত নিৰ্বাচন-
*ৰেপচিডঃ
টি.এচ.-৩৮ (৯০-৯৫ দিন),
টি.এচ.৩৬ (৯০-৯৫ দিন),
টি.এচ.২৯ (৮৫-৯০ দিন),
এম২৭ (৯০-৯৫ দিন) আৰু
লক্ষ্মী (টি.এচ.৪৬)
*মাষ্টাৰ্ডঃ
টি.এম.-২,
টি.এম.-৪, বৰুণা
*বিঘাই প্ৰতি ৬৫.৫ কিঃগ্ৰাঃ ডল’মাইট চূণ সিঁচাৰ ১৫ দিন আগেয়ে মাটিত প্ৰয়োগ কৰিব লাগে।
বৰষুন নিৰ্ভৰশীলঃ
ইউৰিয়া-১২ কিঃগ্ৰাঃ,
চুপাৰ-৩০ কিঃগ্ৰাঃ আৰু
পটাচ- ৫ কিঃগ্ৰাঃ।
জলসিঞ্চিতঃ
ইউৰিয়া-১৮ কিঃগ্ৰাঃ,
চুপাৰ-৩৩ কিঃগ্ৰাঃ আৰু
পটাচ-৯ কিঃগ্ৰাঃ
*প্ৰতি বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ-১.৩ কিঃগ্ৰাঃ।
*সৰিয়হ সিচাৰ ৩০ দিনৰ বৰ’ণ (প্ৰতি লিটাৰ পানীত ২.৫ গ্ৰাম) স্প্ৰে কৰিব লাগে।
*সৰিয়হ সিঁচাৰ উপযুক্ত সময় হল অক্টোবৰৰ মাজভাগৰ পৰা নৱেম্বৰৰ মাজভাগলৈ। অৱশ্যে বীজৰ পৰিমাণ কিছু বঢ়াই নবেম্বৰৰ শেহতিয়াকৈ সিঁচিব পাৰি। যিমান সোনকালে সিঁচে, সিমান মোৱা পোকৰ আক্ৰমণৰ পৰা হাত সাৰিব পাৰি।
*ভেঁকুৰজাতীয় ৰোগৰ প্ৰতিষেধক হিচাপে বীজখিনি মেটালেক্সিলেৰে (প্ৰতি কিলোগ্ৰামত ৬ গ্ৰাম) শোধন কৰি লব লাগে।
(অসম কৃষি বিশ্ব-বিদ্যালয় আৰু কৃষি বিভাগ, অসমে অনুমোদন জনোৱা ব্যৱহাৰিক কৃষি-কাৰ্যৰ আধাৰত এই মাহৰ কৃষি যুগুতোৱা হৈছে)
উৎস: সেউজ চিন্তা
শেহতীয়া উন্নীতকৰণ: : 1/17/2023