অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কঠীয়াতলী প্ৰস্তুতকৰণ:

কঠীয়াতলী প্ৰস্তুতকৰণ:

 

ধান খেতিৰ উৎপাদন নিৰ্ভৰ কৰে কঠীয়াৰ শ্ৰীবৃদ্ধিৰ ওপৰত। সেয়েহে কঠীয়াতলীতে যাতে কঠীয়াবোৰ সুস্থ-সবল হয়, তাৰ বাবে গুৰুত্ব দিয়া উচিত। এই লেখাত নিৰোগী আৰু স্বাস্থ্যৱান কঠীয়া পাবলৈ হ’লে কঠীয়াতলী প্ৰস্তুত কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিবলগীয়া কথাকেইটা চমুকৈ আলোচনা কৰা হ’ল-

মাটি নিৰ্বাচন: বোকা, বালোচহীয়া মাটি আৰু সম্পূৰ্ণ ৰ’দ পৰা হ’ব লাগে। কিয়নো কঠীয়াতলীত গজালিয়ে মাত্ৰ গুটিটোৰ পৰাহে আহাৰ খায়। গজালিটোৰ চাৰিটা পাত ওলোৱাৰ পিছত গুটিত থকা আহাৰ শেষ হয় আৰু তাৰ পিছৰপৰা গজালিয়ে শিপাৰ সহায়ত মাটিৰপৰা আৰু পাতৰ সহায়ত ৰ’দৰ পোহৰৰ জৰিয়তে আহাৰ গ্ৰহণ কৰে। আনহাতে, ভাল ৰ’দ পৰা কঠীয়াবোৰ চাপৰ আৰু সবল হয়।

কঠীয়াতলীৰ প্ৰস্তুতকৰণ: মাটিডৰা ভালদৰে বোকা কৰি ১০ মিটাৰ দীঘল আৰু ১.২৫ মিটাৰ বহল বীজতলী একোখন প্ৰস্তুত কৰিব লাগে। বীজতলীবোৰৰ মাজত ৩০ ছেন্টিমিটাৰ ব্যৱধান থাকিব লাগে।

বীজ শোধন: বীজবোৰ পানীত ঢালি পানীখিনি ভালদৰে ঘোদালি ল’ব লাগে আৰু ওপৰত ওপঙি উঠা বীজবোৰ পেলাই দিব লাগে। বীজখিনি নিৰ্বাচন কৰাৰ পিছত অনুমোদিত ঔষধ পানীত ২৪ ঘন্টা তিয়াই থ’ব লাগে। এক কিলোগ্ৰাম বীজৰ বাবে এক লিটাৰ মিশ্ৰণৰ প্ৰয়োজন হয়।

সাৰ প্ৰয়োগ: এখন বীজতলীত ২০-৩০ কিলোগ্ৰাম গোবৰ বা পচন সাৰ, ৮০ গ্ৰাম ইউৰিয়া, ৮০ গ্ৰাম একক ছুপাৰ ফছফেট আৰু ৪০ গ্ৰাম মিউৰেট পটাছ প্ৰয়োগ কৰিব লাগে।

বীজৰ পৰিমাণ: প্ৰতিখন বীজতলীত ৬৫০ গ্ৰামৰপৰা ১০০০ গ্ৰাম অংকুৰিত হোৱা বীজ ছটিয়াব লাগে।

পানী যোগান: বীজতলীৰ ওপৰভাগ জেকা ৰাখিব পাৰিলে ভাল। বীজতলীৰ মাজৰ খালবোৰত পানী দিব লাগে। অৱশ্যে কঠীয়া উঠোৱাৰ সময়ত বীজতলীত কমেও ২-৩ ছেন্টিমিটাৰ পানী ৰাখিব পাৰিলে ভাল। বেছি পানী জমা হৈ থাকিলে কঠীয়াবোৰৰ কম শিপা গঠন হয় আৰু ওখ, দুৰ্বল হয়।

শস্য ৰক্ষা: কঠীয়াবোৰত পোক-পতংগই আক্ৰমণ কৰা দেখিলে অনুমোদিত ছিষ্টেমিক ঔষধ প্ৰয়োগ কৰা নিতান্তই আৱশ্যক। এনেদৰে নিৰ্দ্ধাৰিত সময়ত কঠীয়াতলী বা বীজতলীৰপৰা কঠীয়া তুলি আগবোৰ কাটি ঔষধ পানীত শিপা শোধন কৰি পথাৰত ৰুলেহে উৎপাদন বৃদ্ধি হ’ব।

 

লেখক: প্ৰবোধ চন্দ্ৰ শৰ্মা

শেহতীয়া উন্নীতকৰণ: : 1/17/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate