কাঠফুলা এবিধ ভেঁকুৰ জাতীয় অতি মঙহাল উদ্ভিদ।এতিয়ালৈ বিশ্বত ৩৮ হাজাৰমান প্ৰজাতি-আৱিষ্কৃত হ’লেও প্ৰায় ১০০০ বিধমান প্ৰজাতিহে খাদ্যোপযোগী বুলি ঠাৱৰ কৰা হৈছে।অতি প্ৰাচীন কালৰে পৰা পৃথিৱীৰ ভিন ভিন দেশৰ মানুহে কাঠফুলাৰ খেতি কৰি সেইবোৰ খাদ্য দ্ৰব্য আৰু বনৌষধি হিচাপে ব্যৱহাৰ কৰিছিল।ভাৰত,ৰোম,চীন,গ্ৰীচ আদি দেশত এসময়ত ইয়াক ৰাজকীয় খাদ্য হিচাপেও গণ্য কৰা হৈছিল।জৈৱিক গুণসম্পন্ন মাটিত বাৰিষা কালত ই নিজে নিজে গজি উঠে,হ’লেও বনাঞ্চলৰ পৰা জধে-মধে সংগ্ৰহ কৰা কাঠফুলা খোৱাটো উচিত নহয়।কাৰণ এনেবোৰ কাঠফুলা কেতিয়াবা বিষাক্তও হয়,যিবোৰ খালে মানুহৰ মৃত্যুপৰ্যন্ত হ’ব পাৰে ।সেয়ে কৃত্ৰিমভাৱে উৎপাদিত কাঠফুলাহে খোৱা উচিত।
কাঠফুলাত অতি উচ্চমানৰ প্ৰ’টিন পোৱা যায়।ইয়াৰ প্ৰ’টিনৰ মান সকলো সেউজীয়া শাক-পাচলিতকৈ উন্নত।কাঠফুলাত নানা ধৰণৰ ভিটামিন বিশেষকৈ ভিটামিন ‘বি কমপ্লেক্স’আৰু প্ৰচুৰ খনিজ পদাৰ্থও থাকে।ইয়াত ৰাফেজ নামৰ এবিধ আঁহযুক্ত খাদ্য উৎপাদন থাকে,যিয়ে শৰীৰৰ পৰা জুলীয়া পদাৰ্থবোৰ নিষ্কাশনত সহায় কৰে।ফলত কোষ্ঠকাঠিন্য আদি বেমাৰৰ পৰা মানৱ দেহ ৰক্ষা পৰে।
কাঠফুলাত চৰ্বিৰ পৰিমাণ কম থাকে বাবে মেদবহুল লোকেও ইয়াক ভক্ষণ কৰিব পাৰে।ইয়াত শৰ্কৰা,কলেষ্টৰেল,ছডিয়াম আদিৰ পৰিমাণ কমকৈ থাকে বাবে মধুমেহ ৰোগী,উচ্চ ৰক্তচাপত ভোগা ৰোগী আৰু হৃদৰোগীৰ বাবেও অনুমোদিত খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰে।শেহতীয়াভাৱে ভাৰতৰ লগতে আমাৰ অসমতো কাঠফুলা খেতিয়ে জনপ্ৰিয়তা লাভ কৰিছে যদিও তুলনামুলকভাৱে ইমান প্ৰসাৰ লাভ কৰিব পৰা নাই।বৰ্তমান গুৱাহাটী মহানগৰীকে ধৰি অসমৰ প্ৰায়বোৰ চহৰাঞ্চলৰ অভিজাত হোটেল,ৰেস্তোৰাঁ আৰু সচেতন নাগৰিকসকলে তেওঁলোকৰ দৈনন্দিন খাদ্য তালিকাত কাঠফুলা অন্তৰ্ভুক্ত কৰাত ইয়াৰ চাহিদাও দিনে দিনে বৃদ্ধি পাব ধৰিছে।সেয়ে লাখ লাখ নিবনুৱাৰে ভৰপুৰ আমাৰ ৰাজ্যৰ যুৱক-যুৱতীচামে অতি কম আয়াসতে কাঠফুলাৰ খেতি কৰি উপকৃত হ’ব পাৰে।
বৰ্তমান আমাৰ দেশত তিনিবিধ জাতৰ কাঠফুলাৰ খেতি কৰা হয়-(১)হোৱাইট বুটন মাশ্বৰুম (খেতিৰ সময় নৱেম্বৰ-মাৰ্চ)(২)পেডি ষ্ট্ৰ মাশ্বৰুম (জুন-ছেপ্টেম্বৰ )আৰু (৩)অষ্টাৰ মাশ্বৰুম (ফেব্ৰুৱাৰী –এপ্ৰিল আৰু ছেপ্টেম্বৰ –নৱেম্বৰ)
আমাৰ অসমৰ জলবায়ুৰ বাবে অষ্টাৰ জাতৰ কাঠফুলা অধিক উপযোগী।এইবিধ খেতিৰ বাবে প্ৰয়োজনীয় আপেক্ষিক আৰ্দ্ৰতা (৮৫-৯৫ শতাংশ)আৰু উষ্ণতা (২০-৩৫ ডিগ্ৰী চেণ্টিগ্ৰেড)আমাৰ ৰাজ্যত বছৰৰ অধিক সময়ৰ বাবে থাকে।তদুপৰি এইবিধ কাঠফুলা খেতিৰ বাবে প্ৰয়োজনীয় খেৰ,নৰা,কলপাত,কাঠৰ গুড়ি,মাকৈ ধানৰ ঠাৰি,পাচলিৰ অৱশিষ্ট অংশ আদি আমাৰ ইয়াত কম দামত বা বিনামুল্যে পোৱা যায়।
কাঠফুলাৰ খেতি প্ৰণালী অতি সহজ।ইয়াৰ বাবে কোনো খেতি মাটি নালাগে।সাধাৰণ এটি খেৰীঘৰৰ ভিতৰত ইয়াৰ খেতি কৰিব পাৰি।
অষ্টাৰ জাতৰ কাঠফুলা খেতিৰ বাবে প্ৰথমে ধান খেৰ বা নৰাবোৰ চুটি চুটিকৈ কাটি ল’ব লাগে।কাটি লোৱা খেৰখিনি পানীত এনিশা তিয়াই থৈ পিছদিনা পানীখিনি নিগৰাই পেলাব লাগে।ভিজা খেৰখিনি আধা ঘণ্টামান উতলা পানীত সিজাব লাগে।সিজোৱা খেৰখিনি ঠাণ্ডা হ’বলৈ পৰিষ্কাৰ মজিয়া বা ঢাৰিৰ ওপৰত মেলি দিব লাগে।আনপিনে ১৪ চেণ্টিমিটাৰ *১৬ চেণ্টিমিটাৰ জোখৰ কিছুমান পলিথিনৰ ডাঠ মোনাত দুই-তিনি ইঞ্চি দুৰত্বত বুটামৰ জোখত সৰু সৰু ফুটা কৰি দিব লাগে।এক কিলোগ্ৰাম খেৰৰ বাবে এটা এনেকুৱা মোনাৰ দৰকাৰ।নিৰ্ভৰযোগ্য প্ৰতিষ্ঠানৰ পৰা ক্ৰয় কৰা বীজখিনি বটলৰ পৰা উলিয়াই জৰজৰীয়া কৰি ল’ব লাগে।পলিথিনৰ মোনাটোত প্ৰথমে ঠাণ্ডা হোৱা খেৰৰ এটা তৰপ দি তাৰ ওপৰত এমুঠি বীজ সিঁচি দিব লাগে।এইদৰে মোনাটোত খেৰ আৰু বীজৰ চাৰি-পাঁচটা তৰপ কৰি মোনাটো মুখখন বান্ধি ছাঁত ১৫ দিনমান ৰাখিব লাগে।পাছত মোনাটো কাটি বা খুলি পেলাব লাগে।প্ৰয়োজন অনুসৰি ইয়াত প্ৰতিদিনে পানী ছটিয়াব লাগে।২০ দিনমান পাছত পৈতাত হোৱা কাঠফুলা প্ৰথমবাৰৰ বাবে চপাব পাৰি।প্ৰতি সাত দিনৰ মুৰে মুৰে দুই বা তিনিবাৰ খেতি চপাব পাৰি।চপোৱা কাঠফুলা কোঠালিৰ উষ্ণতাত এদিনতকৈ বেছি ৰাখিব নালাগে।ফ্ৰীজত তিনি-চাৰি দিন ৰাখিব পাৰি।
লেখক:প্ৰসাদ দাস (নিয়মীয়া বাৰ্তা)
শেহতীয়া উন্নীতকৰণ: : 4/27/2020