কুঁহিয়াৰ এবিধ অৰ্থকাৰী শস্য। অতি প্ৰাচীন কালৰে পৰা অসমত কুঁহিয়াৰ খেতি কৰা অহা হৈছে। কিন্তু ভাৰতবৰ্ষৰ তুলনাত অসমত কুঁহিয়াৰ খেতি তুলনামূলকভাৱে কম। বৰ্তমান অসমৰ প্ৰায় ত্ৰিশ হাজাৰ হেক্টৰ কৃষিভূমিত কুঁহিয়াৰ খেতি কৰি উৎপাদন প্ৰতি হেক্টৰত চল্লিশ টন মান হৈছে। পৰিৱৰ্তিত জলবায়ু, সংকুচিত কৃষিভূমি, একেডৰা মাটিতে বছৰ বছৰ ধৰি খেতি কৰা পদ্ধতি, নতুন জাত তথা উন্নত প্ৰযুক্তি কৌশলসমূহ সঠিকভাৱে ৰুপায়ণ নোহোৱাৰ ফলস্বৰুপে উৎপাদন কমি গৈছে। বান্দৰৰ উপদ্ৰৱৰ বাবে বহু পুৰণি কুঁহিয়াৰ খেতিয়কে চাহ খেতিলৈ মন মেলিছে। কিন্তু বৈজ্ঞানিক পদ্ধতিৰে কুঁহিয়াৰ খেতি কৰিলে কৃষক ৰাইজ যথেষ্ট লাভৱান্বিত হ’ব। এই পদ্ধতিৰ বিষয়ে তলত উল্লেখ কৰা হ’ল।
কুঁহিয়াৰ ৰোৱাৰ উপযুক্ত সময় মাৰ্চ মাহ যদিও এপ্ৰিল মাহতো কুঁহিয়াৰ ৰুব পাৰি। ইয়াৰ বাবে আগসমূহৰ গজালি ওলোৱাটো অতিকে প্ৰয়োজনীয়। পানী যোগানৰ সুব্যৱস্থা থাকিলে জানুৱাৰী মাহৰ পৰাই ৰুবলৈ আৰম্ভ কৰিব পাৰি।
কুঁহিয়াৰ খেতিৰ বাবে পানী জমা নোহোৱা ওখ মাটিৰ প্ৰয়োজন। মাটিডৰা অন্তত: দুবাৰ হালবাই চহাই ল’ব লাগে। হালবাওঁতে পঞ্চল্লিশ ছে: মি: দকৈ হাল বাবে লাগে, কিয়নো কুঁহিয়াৰ গছৰ পয়সত্তৰ শতাংশ শিপা এই দূৰত্বলৈ বিয়লি থাকে। খল প্ৰস্তুত কৰোঁতে পয়সত্তৰৰ পৰা নব্বৈ ছে: মি: আঁতৰে আঁতৰে, পঁচিশ ছে: মি: বহল আৰু বিশ ছে: মি: দকৈ খল প্ৰস্তুত কৰিব লাগে।
আগ নিৰ্বাচন কৰোঁতে আগৰ বছৰত ৰোৱা সুস্থ, সবল নিৰোগী মাতৃ গছৰ পৰাহে সংগ্ৰহ কৰিব লাগে। এক হেক্টৰ মাটিৰ বাবে ৬৫-৭৫ কুইণ্টল আগৰ প্ৰয়োজন হয়। আগসমূহ তিনিটা চকু যুক্ত হ’ব লাগে। আগসমূহ দুই গ্ৰাম কাৰ্বেনডাজিম প্ৰতি লিটাৰ পানীত নাইবা ২ গ্ৰাম কেপটাফ বা ইন্দ্ৰ’ফিল এম পঞ্চলিশ প্ৰতিলিটাৰ পানীত মিহলাই দহ মিনিটৰ বাবে কুঁহিয়াৰৰ আগসমূহ ডুবাই ইটোৰ মূৰত সিটোকৈ ৰুই যাব লাগে। এনেদৰে এক মিটাৰত প্ৰায় ৬ টা আগ ৰুব পাৰি। ৰোৱাৰ পাছত প্ৰায় পাঁচ ছে: মি: মাটিৰে ঢাকি দিব লাগে।
জাত নিৰ্বাচন কৰোতে সাৱধানতা অৱলম্বন কৰিব লাগে। কুঁহিয়াৰৰ উন্নত উৎপাদনক্ষম ৰোগ প্ৰতিৰোধী জাতসমূহ হৈছে- দৰিয়া, কলং, বৰাক, লোহিত, ধনশিৰি ইত্যাদি। ইয়াৰে দৰিয়া, কলং, বৰাক আগতীয়া জাত। লোহিত, ধনশিৰি মধ্যমীয়া আৰু শেহতীয়া জাত । নামবৰ আৰু কপিলীপাৰ নামৰ জাত দুটা বানাক্ৰান্ত অঞ্চলৰ বাবে অনুমোদন কৰা হৈছে। দৈয়াং নামৰ এটা জাত অক্টোবৰ মাহত কৰিব পাৰি।
কুঁহিয়াৰ খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে ইউৰিয়া ৪০ কিল’গ্ৰাম প্ৰতিবিঘা বা ৩০০ কিল’গ্ৰাম প্ৰতি হেক্টৰ, ছুপাৰ ফছফেট ৬০ কিল’গ্ৰাম প্ৰতি বিঘা ৪৫০ কিল’গ্ৰাম প্ৰতি হেক্টৰ। মিউৰেট অব পটাছ ১৫ কিল’গ্ৰাম প্ৰতি বিঘা বা ১১০ কিল’গ্ৰাম প্ৰতি হেক্টৰ। ইয়াৰ লগত দহ টন পচন সাৰ হেক্টৰে প্ৰতি প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগ কৰোতে তিনিভাগৰ এভাগ ইউৰিয়া, আধাভাগ মিউৰেট অব পটাছ আৰু গোটেই ছুপাৰ ফছফেট ৰোৱাৰ সময়ত প্ৰয়োগ কৰা বাকী থকা ইউৰিয়া, আধাভাগ মিউৰেট অব পটাছ আৰু গোটেই ছুপাৰ ফছফেট ৰোৱাৰ সময়ত প্ৰয়োগ কৰি বাকী থকা ইউৰিয়া আৰু পটাছ সাৰ ৰোৱাৰ চল্লিশৰ পৰা পঞ্চল্লিশ দিনৰ পাছত প্ৰথমবাৰ মাটি চপাওঁতে প্ৰয়োগ কৰিব লাগে। ছুপাৰ ফছফেটৰ সলনি ডি এ পি ব্যৱহাৰ কৰিলে সাৰৰ পৰিমাণ হ’ব এনেধৰণৰ: ইউৰিয়া ৩৪ কিল’গ্ৰাম প্ৰতি বিঘা বা ২৫৫ কিল’গ্ৰাম প্ৰতিহেক্টৰ, ডি এ পি ২০ কিল’গ্ৰাম প্ৰতি বিঘা বা ১৫০ কিল’গ্ৰাম হেক্টৰ, মিউৰেট অব পটাছ ১৫ কিল’গ্ৰাম প্ৰতি বিঘা বা ১১০ কিল’গ্ৰাম প্ৰতি হেক্টৰ।
লেখিকা: দেৱানুশী দত্ত (দৈনিক জনমভূমি)
শেহতীয়া উন্নীতকৰণ: : 11/7/2023