অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কৃষি কথা

লাওৰ বৰ্ণনা


জাত পৰিচয়

শীতকালীন জাত

বাৰী লাও অলপ কোমল আৰু দীঘল হয়৷ প্ৰতি গছত ১০-১৫ টা ফল ধৰে৷

শীত আৰু গ্রীষ্মকালীন জাত

পুচা মেঘদূত হাইব্রীড, পাতল সেউজীয়া আৰু দীঘল হয়৷

মাটি নির্বাচন

লাও উষ্ণ আৰু আর্দ্র সকলো পৰিবেশতে হয়৷ সকলো ধৰণৰ মাটিতে লাও চাং কৰা যায়৷ সূনিস্কাষিত মাটি লাও খেতিৰ বাবে উত্তম৷ দীঘলীয়া দিন আৰু বায়ুমণ্ডলৰ আর্দ্রতা স্ত্ৰী ফুল ধাৰণত সহায় কৰে৷ মাটিৰ নিৰপেক্ষতা বজায় ৰখা অর্থাৎ মাটিত পি.এইচ. ৬-৭ ৰাখিব লাগে৷ তাপমাত্রা ২৭-২৮ ডিগ্রী ছেলছিয়াচ হ’লে ফল ভাল হয়I বেছি বৃষ্টিপাত আৰু মেঘাচ্ছন্ন পৰিবেশত ৰোগ বিস্তাৰৰ সম্ভাৱনা বেছি থাকে আৰু ফল ব্যাপকভাবে কমি যাব পাৰেI

বীজ তৈয়াৰী আৰু বীজ ৰোপন

বাণিজ্যিকভাৱে লাউচাং উৎপাদনত ফাৰো পদ্ধতি, গাত পদ্ধতি, ট্রেন্স পদ্ধতি সমুহ উল্লেখযোগ্য। এই সকলোবোৰ্ পদ্ধতিতে শাৰীৰ পৰা শাৰীৰ দূৰত্ব ২-৫ মিটাৰ আৰু গছৰ পৰা গছৰ দুৰত্ব ২ মিটাৰ বজায় ৰাখি চাং কৰিব লাগেI প্রতিটো গাতত দুটি কৰি বীজ ৰোপন কৰিব লাগে। ফাৰো আৰু ট্ৰেন্স পদ্ধতিত দুফালে দুটাকৈ বীজ ৰোপন কৰিব লাগে।

পুলি তৈয়াৰী আৰু পুলি ৰোপণ

বীজ ৰোপণ কৰা পুলি পলি বেগত তৈয়াৰ কৰা উত্তমI ইয়াত বীজ কম লাগে আৰু সুস্থ পুলি উৎপাদন কৰিব পৰা যায়৷ জৈৱ সাৰ্ মিশ্রিত মাটি ২.৫ ইঞ্চি আকা্ৰৰ্ পলি বেগত ভৰাই ২ বা ৩ টা ছিদ্র কৰি বীজ পুতি দিব লাগে৷ বীজ ৰোপনৰ আগতে বীজ বোৰক ১২ ঘণ্টা পানীত তিয়াই ল'লে বীজ সোনকালে গজালি মেলে৷ প্রতি শতাংশ মাটিত ২০-২৫ গ্রাম শোধন কৰা বীজৰ প্রয়োজন৷ বীজ শোধন কৰিবলৈ প্রতি কেজি বীজত ২ গ্রাম ভিটাভেক্স অথবা ক্যাপটান ব্যৱহাৰ্ কৰিব লাগে।

সাৰ্ ব্যবস্থাপনা

মাটি চহোৱা সময়ত প্রতি শতাংশত ১৮০ কেজি গোবৰ বা কম্পোষ্ট সাৰ, ৩৫o গ্রাম টি এচ পি ২০০ গ্রাম এম ও পি সাৰ প্ৰয়োগ কৰিব লাগেI পুলি ৰোপনৰ এক সপ্তাহ আগতে প্রতি শতাংশত ১০ কেজি গোবৰ, ৬০ গ্রাম টি এস পি আৰু ৫০ গ্ৰাম, এম ও পি প্রয়োগ কৰা দৰকাৰ। পুলি ৰোপনৰ্ ১০-১৫ দিন পিছত প্রতি শতাংশত ৩০ গ্রাম ইউৰিয়া আৰু ২৫ গ্রাম এম ও পি কৰা দৰকাৰ। তাৰ পিছত ৩০ দিন, ৫০ দিন আৰু ৭০ দিনৰ মূৰে মূৰে ইউৰিয়া সাৰ প্ৰয়োগ কৰিব লাগে।

ৰোপনৰ দূৰত্ব 
পুলিৰ পৰা পুলিলৈ ৪৫ ছে.মি (১৮ ইঞ্চি) আৰু শাৰীৰ পৰা শাৰীলৈ 8৫ ছে.মি (১৮ ইঞ্চি) হ'ব লাগে।

জলসিঞ্চন ব্যৱস্থা

লাও খেতিত জলসিঞ্চনৰ প্রয়োজন। সেই কাৰণে বর্ষাকাল লাও উৎপাদনৰ বাবে অতিৰিক্ত পানী ওলাই যোৱাৰ ব্যৱস্থা থাকিব লাগে। শীতকালত মাটিৰ অৱস্থা বূজি সপ্তাহত ২ বাৰ পানীৰ প্রয়োজন হ’ব পাৰে।

বন বাট ব্যৱস্থাপনা

যিহেতু লাওৰ শিপা বেচি তললৈ নাযায়, সেয়েহে সতর্কভাবে হস্ত চালিত যন্ত্র দ্বাৰা মাটিৰ বনবাত নিয়ন্ত্রন কৰিব লাগে। প্রয়োজন অনুযায়ী ২/৩ বাৰ্ বনবাত নিয়ন্ত্রণ কৰিব লাগে এনেদৰে বনবাত নিয়ন্ত্রণ লাগিব যাতে গছৰ শিপা ক্ষতিগ্রস্ত নহয়।

কৃত্রিম পৰাগযোগ আৰু ফল ধাৰণা

লাও একলিংগিক ফল অর্থাৎ একেডাল গছতে পুৰুষ আৰু স্ত্ৰী ফুল বেলেগ ভাবে জন্মে। প্রাকৃতিকভাবে লাও গছত পতংগৰ্ দ্বাৰা পৰাগযোগ হয়। বহু সময়ত পৰাগযোগৰ অভাৱত লাও গছত ফলৰ উৎপাদন মাৰাত্মক ভাবে কমি যায়। যাৰ ফলত লাও বাগানত ফুলবোৰ কলা ৰং ধাৰণ কৰি সৰি পৰা দেখা যায়। আচলতে ই কোনো ৰোগ নহয় বৰং পৰাগযোগ নোহোৱাৰ ফলত এনে ঘটে। এই অৱস্থাৰে পৰা পৰিত্রাণ পাবলৈ কৃত্রিমভাবে পৰাগযোগ অত্যন্ত জৰুৰী। দুই ধৰণে কৃত্রম পৰাগযোগ কৰা হয় হাতৰ দ্বাৰা আৰু ৰাসায়নিক হৰম’ন প্রয়োগ কৰি ৰাসায়নিকভাবে মেলিক হাইড্রাইড (৪০০ পি পি এম). ট্রাহ আয়াৰে বেনজয়িক এছিড ৫০ পি পি এম), বোৰন(৩ পি পি এম) হাৰত স্প্ৰে কৰিব লাগে, আৰু ম্যালিক হাইড্রাজাইড (৫০০ পি পি এম) ইয়াৰ্ সৈতে প্রতি হেক্টৰত ১০০ কেজি নাইট্টজেন আৰু কেলছিয়ামে (২০ পি পি এম) প্রয়োগ কৰিব লাগে।

হাতৰ দ্বাৰা কৃত্রিম ভাবে পৰাগযোগ কৰাৰ বাবে সময় নির্বাচন গুৰুত্বপুৰ্ণ। লাওগছত ফুল সাধাৰণতে ৰাতিপূৱা ৫-৯.৩০ ভিতৰত ফুলে। ফুল ফুলাৰ্ সময়ত ২ ঘণ্টা পিচত অৰ্থাৎ ৰাতিপুৱা ৭-৮ বজাৰ্ ভিতৰত পৰাগৰেণু পৰাগায়নৰ্ সর্বোচ্চ উপযোগী পর্যায়ত থাকে। ঠিক সেই সময়তে পুৰুষ ফুলটো ছিঙি নি স্ত্ৰী ফুলৰ্ পাহিটো পেলাই দিব লাগে। ইমান সময়ে পুৰুষ ফুলৰ পৰাগৰেণু স্ত্ৰী ফুলৰ গৰ্ভমূৰৰ ওপৰত স্থাপন কৰেI এনেদৰে সকলো স্তী ফুলক পৰাগায়িত কৰা যায়। হাতৰ দ্বাৰা পৰাগায়নৰ মাধ্যমে লাও পাচলিৰ ফল শতকৰা ৪০ ভাগ বাঢ়ি যায়। পুৰুষ ফুলৰ পৰাগৰেণু স্ত্ৰীফুলৰ গৰ্ভমুণ্ডৰ ওপৰত স্থাপন কৰি কিছু পৰাগৰেণু জোকাৰি দিব লাগে। এইদৰে সকলো স্ত্ৰীফুল বোৰ পৰাগযোগ কৰা যায়।

ৰোগ ব্যৱস্থাপনা 
লাও গছৰ উল্লেখযোগ্য ৰোগৰ বাবে পাউডাৰি মিলডিও (শুকান বতৰত), একথ্রাকনাজ (বর্ষাকাল আৰু ফিউজাবিয়াম উইল্ট (সকলো অৱস্থাত) অন্যতম। এছাডা বিটল পোকৰ আক্রমণ দেখা যায়। সকলো সময়ত পৰিস্কাৰ কৰি ৰাখিলে ৰোগত আক্রমণৰ পৰা ৰক্ষা পোৱা যায়। 
ফল স্ংগ্ৰহ 
জাতৰ প্রকাৰৰ অনুযায়ী বীজ ৰোপনৰ ৬০ দিনৰ পৰাই ফল ধৰে তাৰ পিছত ৩ মাহ পর্যন্ত ফল সংগ্রহ কৰা যায়। এটা বতৰত ২০ বাৰ পর্যন্ত পাঁচলি আহৰণ কৰা যায়। ফুল ফুলিলে ফল ধৰাৰ ১৫ দিনৰ পিছত বজাৰত বিক্রীৰ বাবে উপযুক্ত হয়। প্ৰতি ৩-৪ দিনৰ পিছে পিছে ফল সংগ্রহ কৰা দৰকাৰ।

 

সূৰ্য্যমুখী ফুলৰ খেতি


সূৰ্য্যমুখী ফুলৰ খেতি অতীজৰে পৰা অসমত কৰি আহিছে। গোলাকাৰ হালধীয়া বৰণৰ এই ফুলটো দেখিবলৈ বেলিটোৰ নিচিনা বাবে ইয়াক বেলিফুল বুলিও কয়। বহুদিনলৈ ই অসমীয়া মানুহৰ ফুলনিতে শোভা বৰ্দ্ধন কৰি আছিল। কিন্তু ইয়াৰ ফুলৰ গুটিবিলাকত মানুহৰ খাদ্যৰ উপযোগী প্রোটিন আৰু চৰ্বী থাকে। এই গুটি বিলাকৰ পৰা আহৰণ কৰা তেল অতি উচ্চ মানৰ। সেয়ে সূৰ্য্যমুখী ফুলক এবিধ প্রধান তৈল বীজ বুলি গণ্য কৰা হয়। এই বীজ বিলাকত শতকৰা ৪০-৫০ ভাগ তেল থাকে৷ হৃদ ৰোগীৰ বাবে এই তেল শেৱণ অধিক নিৰাপদ কিয়নো ই কলেষ্ট্ৰৰেল মুক্ত। সূৰ্য্যমুখীৰ তেলত প্ৰোটিন (৩০শতাংশ) খাদ্যপ্ৰাণ ক, ঘ আৰু ঙ থাকে। এই তেল সহজে হজম হয়। ইয়াক ৰং, বাৰ্ণিছ আৰু চাবোন বনাওতে ব্যৱহাৰ কৰে। জন্তু আৰু চৰাইৰ বাবে ই এবিধ উত্তম খাদ্য। পুষ্টৰ বাবে মানুহেই ইয়াক সহজে ব্যৱহাৰ কৰিব পাৰে।

কৃষিকালে – সূৰ্য্যমুখী। ফুলৰ কৃষিকাল ৯০-১০০ দিন। বছৰৰ যি কোনো সময়তে ইয়াৰ খেতি কৰিব পাৰি। অসমত সাধাৰণতে-

(১) ৰবি (অক্টোবৰ-ফেব্ৰুৱাৰী)

(২) খাৰিফ (জুন-জুলাই) আৰু

(৩) গ্রীষ্ম কালীন ( মার্চ-জুন) তিনিটা সময়ত ইয়াৰ খেতি কৰিব পৰা যায়।

বহুমূখী শস্যৰ খেতিত সূৰ্য্যমুখীৰ খেতি সহজে কৰিব পৰা যায়। তদুপৰি কুঁহিয়াৰ আদি দীর্ঘকালীন খেতিত সহযোগী শস্য হিচাপে ইয়াৰ খেতি কৰিব পাৰি।

মাটি নিৰ্বাচন

সকলো প্রকাৰ মাটিতে সূৰ্য্যমুখীৰ খেতি কৰিৰ পাৰি৷ পানী জমা নোহোৱা সাৰুৱা মাটি এই খেতিৰ বাবে উপযোগী৷ জল সিঞ্চনৰ ব্যৱস্থা থকা মাটিৰ পৰা এই খেতি কৰি অধিক লাভবান হব পাৰি।

মাটি প্রস্তুত কৰণ

২-৩ বাৰ হ’ল বাই মাটিডৰা ভালদৰে মিহি কৰি লব লাগে। মাটি প্রস্তুত কৰোঁতে ১০-১২ গাড়ীমান পচন সাৰ প্রয়োগ কৰিব লাগে। ভালদৰে চহোৱা মাটি ডৰাত ২ ফুট অন্তৰে অন্তৰে খাল খান্দি দিব।

সাৰ প্রয়োগ

সূর্যমুখী ফুলক যথেষ্ঠ পৰিমাণে সাৰৰ দৰকাৰ৷ সেয়ে পচন সাৰৰ উপৰিও বিঘা প্রতি :১২ কেজি ইউৰীয়া, ৫০ কেজি একক চুপাৰ ফচফেট ৯ কেজি মিউৰেট অব্‌ পটাছ প্রয়োগ কৰিব লাগে।

সমুদায় সাৰ বীজ সিচাৰ আগেয়ে খালত প্ৰয়োগ কৰিব লাগে। অৱশ্যে জলসিঞ্চিত মাটিত আধাখিনি ইউৰীয়া (৬ কেজি) আধা পটাছ (৪'৫ কেজি) বীজ সিচাৰ এমাহ পিচত (জিৰণি সময়ত) প্ৰয়োগ কৰিলে অধিক সুফল পোৱা যায়।

সিঁচা পদ্ধতি

পৈনত গুটিবোৰ সিচাৰ আগেয়ে ২৪ ঘন্টা তিয়াই থব লাগে। বীজবোৰ সাৰ দি থোৱা খালবোৰত (২ ফুট অন্তৰত ) ৫-৭ চেঃ মিঃ (২”-৩”) গভীৰতা সিচিব লাগে| এজোপা গছৰ পৰা আন জোপাৰ দূৰত্ব ১-১.৫ ফুট হোৱা বাঞ্চনীয়। যিবোৰ ঠাইত গছ ঘনকৈ গজে, গজি উঠাৰ ১০ দিন মান পিচতে পাতলাই দিব লাগে আৰু পাতলকৈ গজা ঠাইত নতুনকৈ ৰুব লাগে। খাৰিফ বতৰত সিচিলে খালৰ সলনি ধাপত সিচা উচিত।

প্রতিপালন

বীজ সিচাৰ ৮-১০ দিন পিচত বনবত ণিৰাই দিব লাগে। প্রথমবাৰ ণিৰণিৰ ৩ সপ্তাহমান পিচত পুনৰ ২য় বাৰ শিৰণি কৰি বাকী থকা ইউৰীয়া আৰু পটাছ সাৰ প্ৰয়োগ কৰি মাটি চপায়।

জলসিঞ্চন

মাটি শুকান হ’লে বীজ সিচাৰ ২ দিন আগেয়ে জলসিঞ্চন কৰা দৰকাৰ। বীজ সিচাৰ ১০-১২ দিন পিচত এবাৰ জল সিঞ্চন কৰিব। ২ য় বাৰ ণিৰণিৰ পিচত সিঁচাৰ এমাহ পিচত ফুল ধৰা সময়ত আৰু গুটি ধৰা সময়ত জলসিঞ্চনৰ প্ৰয়োজন।

বীজ শোধন

গুৰি পচা, গা গছ পচা আদি বেমাৰৰ পৰা হাত সাৰিবলৈ বীজ বোৰ ভেকুৰ নাশক ঔষধেৰে শোধন কৰি লব লাগে। ১ কিলো, বীজ শোধণ কৰিবলৈ ২ গ্রাম বেভিষ্টিন বা থিৰাম ঔষধৰ প্রয়োজন|

শস্য ৰক্ষা

(১) কেওঁকটা পোকে আক্রমণ কৰিলে শতকৰা ৫ ভাগ শক্তি যুক্ত মালাথিয়ণ ঔষধৰ গুৰি বীজ সিচাৰ ৩ সপ্তাহ পিচত প্রয়োগ কৰিব লাগে।

(২) ফুল ধৰাৰ সময়ত গান্ধী পোকে আক্রমণ কৰিলে বিঘাই প্রতি ৪-৫ কেজি বি এইচ চি ঔষধ চতিয়াব।

(৩) চাঁহী পৰা ৰোগৰ পৰা হাত সাৰিবলৈ পানীত দ্ৰৱিত হোৱা চালফাৰ ১ কিলো ২০০ লিটাৰ পানী গুলি প্রয়োগ কৰিব।

(৪) ঘূণে-ধৰা বেমাৰ ৰোধ কৰিবলৈ ১ গ্রাম জিবাম প্রতি লিটাৰ পানীত মিহলাই পষেকৰ অন্তৰে অন্তৰে স্প্ৰে কৰিব।

(৫) পাতত দাগ পৰা বেমাৰে দেখা দিলে ১ কিলো ফাইটন ৪০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব।

শস্য চপোৱা

ফুলপাহৰ তলভাগ হালধীয়া / তাম বৰণীয়া হ’লে শস্য চপাবৰ হয়। ফুলবোৰ গুৰিতে কাটি আনি লাঠিৰে মৰিয়াই বা ট্রেক্টৰেৰে মৰণা মাৰিব পাৰি। পৈনত এটি ফুলত ১০০০-১২০০ মান গুটি পোৱা যায়। গুটিবোৰ ৰ’দত শুকুৱাই আৰ্দ্ৰতাৰ পৰিমাণ ৬ ভাগলৈ নমাব লাগে। শস্যবোৰ মোনাত ভৰাই থৈ প্রয়োজন অনুযায়ী তেল উলিয়াই লব পাৰি।

 

গাইজনীয়ে পোৱালি দিয়াৰ সময়ত ল’ব লগা যতন


গৰ্ভৱতী গাইজনীৰ পোৱালি ভূমিস্থ কৰাৰ যন্ত্রণা নিশ্চয় মানুহতকৈ কম নহয়। গতিকে সেই সময়ত গাইজনীক অতি মৰমেৰে সকলোখিনি যাৱতীয় পৰিচৰ্য্যা কৰিব লাগে। তেনে কৰিলেহে গাইজনীৰ লগতে পোৱালিটোৰ স্বাস্থ্য ভালে থাকে। ল’ব লগীয়া যত্নবোৰ এনে ধৰণৰ—

১। পোৱালি জন্ম দিব লগা দিনটোত গাইজনীক অকলশৰীয়াকৈ চাফা, কোমল ঠাইত ৰাখিব লাগে।

২। গো-পালকে জন্ম দিব লগা দিনটোৰ কথা আগতীয়াকৈ জানি থ’ব লাগে। তাৰ বাবে ইনচেমিনেশ্যন কৰাৰ হিচাপ ৰাখিব লাগে। গাইগৰুৰ গৰ্ভধাৰণৰ সময় ২৭৮ – ২৯৩ দিন।

৩। গর্ভধাৰণৰ পিছৰ দিনকেইটা অন্য গৰুজাকৰ পৰা আঁতৰাই ৰখা ভাল।

৪। প্রসূতি বিষ আৰম্ভ হোৱাৰ ৪ ঘণ্টাৰ ভিতৰত পোৱালি ভূমিস্থ হ’ব লাগে। তাতকৈ বেছি দেৰি হ’লে পলম নকৰি পশু চিকিৎসকৰ সহায় ল’ব লাগে।

৫। প্রকৃতিৰ নিয়ম অনুসৰি পোৱালি জন্ম হওঁতে প্ৰথমতে আগঠেঙৰ প্ৰথম অংশ আৰু লাহে লাহে মূৰৰ নাকৰ অংশ বাহিৰ ওলাব লাগে। যদি তেনে নহয় তেন্তে পোৱালি দিয়াত অসুবিধা হ’ব। ইয়াৰ কাৰণ বহুতো। তাৰ ভিতৰত গৰ্ভৰ ভিতৰত থকা পোৱালিটো ওলোটা বা পথালি হৈ থাকিব পাৰে। তেনেহ’লে পোৱালি জন্ম হোৱাটো অসম্ভৱ হৈ পৰে। কেতিয়াবা আকৌ এটা ঠেং, কেতিয়াবা কেৱল মূৰটো বাহিৰলৈ ওলাব পাৰে। তেনেহ’লে ভয় খাব নালাগে বা ঠেং বা মূৰত ধৰি টানিবলৈ চেষ্টা কৰিব নালাগে। তেনে কৰিলে পোৱালিটোৰ জীৱন বিপদাপন্ন হ’ব পাৰে। তেনে লক্ষণ দেখিলে পশু চিকিৎসকৰ সহায় ল’ব লাগে|

৬। নিয়মিতভাৱে পোৱালি ওলোৱাৰ পাছত জন্মদ্বাৰ আৰু কামৰ দেহ অংশ পটাছিয়াম পাৰমাংগানেট পানীৰে ধুই দিব লাগে। গৰম পানীত নিম গছৰ পাত দি সেই পানীৰেও ধুব পাৰে।

৭। গাইজনীক পোৱালি জন্ম দিয়াৰ পাছতে গৰম পানী খাবলৈ দিব লাগে।

৮। পোৱালি জন্ম হোৱাৰ পাছতে জৰায়ুৰ ফুল সৰাব লাগে। নহ’লেও ২/ ৪ ঘণ্টাৰ ভিতৰত সৰিব পাৰে। যদি ৮ ৰ পৰা ১ ২ ঘণ্টাৰ ভিতৰত ফুল নসৰে তেন্তে পশু চিকিৎসকৰ সহায় ল’ব লাগে। অৱশ্যে তাৰ আগতে Reptarta খুৱাব পাৰে। ডাঙৰ জাতৰ গৰু-ম’হক ৫০/৬০ গ্রাম দিনে দুবাৰকৈ ৩/৫ দিনলৈ খুৱাব লাগে।

৯। পোৱালি জন্ম হোৱাৰ পাছতে গাখীৰ খিৰাই দিব লাগে নহ’লে ওহাৰ ফুলা বেমাৰ হ’ব।

১০। বেছিকৈ গাখীৰ দিয়া গাইৰ গাখীৰ খীৰাওঁতে সকলো গাখীৰ উলিয়াই দিব নালাগে। তেনে কৰিলে কেলচিয়াম কম হৈ প্ৰসৱীয় জঠৰতাত ভুগিব পাৰে। গতিকে প্রথম দুদিনমান ওহাৰত গাখীৰ এৰিব লাগে।

১১। পোৱালি জন্মদিয়াৰ পাছত কমেও ২/৩ দিন গাইজনীক পোৱালিসহ একেলগেই ৰাখিব লাগে।

১২। পোৱালি দিয়াৰ প্ৰথম দিনা গৰম পানী খাবলৈ দিব লাগে আৰু গৰম পানীত মিহলাই চাপৰ, গুৰ আৰু অলপ নিমখ মিহলাই দিব লাগে।

১৩। দ্বিতীয় দিনা গৰম পানীত চাপৰ এক কেজি, গুৰ ২০০ গ্রাম আৰু নিমখ ২০ গ্ৰামকৈ প্রতিদিনে দিব লাগে। কেঁচা ঘাঁহ পেট ভৰাই খাবলৈ দিব লাগে। একেদৰে এক সপ্তাহ দিব লাগে।

১৪| এক সপ্তাহৰ পৰা উপৰিউক্ত দানাৰ উপৰি বেচন ডেৰ কেজি প্রতিদিনে তিনিভাগত দিব লাগে।

 

গন অধিকাৰ

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate