অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কেঁচুসাৰৰ উপকাৰিতাঃ

কেঁচুসাৰৰ উপকাৰিতাঃ

 

জৈৱিক সাৰসমূহৰ ভিতৰত কেঁচুসাৰ অন্যতম। কেঁচুসাৰে মাটিৰ গুণাগুণ উন্নত কৰাত বিশেষভাৱে সহায় কৰে। এইবিধ সাৰ কেঁচুৰ বিষ্ঠাৰ বাহিৰে অন্য একো নহয়। সাধাৰণ মাটিতকৈ কেঁচুসাৰত ৫ গুণ বেছি নাইট্ৰ’জেন, ৭ গুণ বেছি ফছফৰাছ, ১১ গুণ বেছি পটাছ, ২ গুণ বেছি মেগনেছিয়াম আৰু ২ গুণ বেছি কেলছিয়াম থাকে। তদুপৰি ইয়াত শস্যৰ বাবে প্ৰয়োজনীয় ভিটামিন, এনজাইম আৰু জিবাৰেলিন আদি হৰম’ন থাকে। কেঁচুসাৰে মাটিৰ পৰিৱেশ নষ্ট নকৰাকৈ স্বাভাৱিকভাৱে মাটিৰ উৰ্বৰতা শক্তি বৃদ্ধি কৰে আৰু স্থায়ীভাৱে অধিক উৎপাদনত সহায় কৰে।

কেঁচুসাৰৰ উপকাৰিতাসমূহ এনেধৰণৰঃ

 

-  এই সাৰে মাটিৰ গঠন আৰু গুণাগুণৰ উন্নতি সাধন কৰে।

- মাটিৰ অম্লতা নিয়ন্ত্ৰণ কৰে।

- মাটিৰ ভিতৰত বায়ুৰ চলাতল ক্ষমতা বৃদ্ধি কৰে।

- মাটিৰ পানী ধাৰণ ক্ষমতা বৃদ্ধি কৰে।

- মাটিত থকা শস্যৰ উপকাৰী জীৱাণুৰ সংখ্যা বৃদ্ধি কৰে আৰু জীৱাণুবোৰক সক্ৰিয় কৰি তোলে।

- মাটিত শস্যৰ কাৰণে অনুকূল পৰিৱেশৰ সৃষ্টি কৰে।

- মাটিৰ পৰা সৃষ্টি হোৱা শস্যৰ কিছুমান বেমাৰ প্ৰতিহত কৰে।

- মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে।

(উৎসঃ খবৰ)।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate