অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

খেতিৰ দিহাঃ

খেতিৰ দিহাঃ

শস্যত কেতিয়াও কেঁচা গোবৰ নিদিব। কেঁচা গোবৰে ৰোগৰ লগতে পোকক আকৰ্ষিত কৰে। গোবৰ সোনকালে পচিবলৈ গাঁতটো ২.৫-৩ ফুটৰ বেছি গভীৰ নকৰিব।

কেঁচুসাৰত পচন সাৰতকৈ দুগুণ মাত্ৰাত গছক লগা দ্ৰব্য থাকে আৰু জৈৱিক সাৰে পানী ধাৰণৰ ক্ষমতা বৃদ্ধি কৰে। খেতিত বেছিকৈ পচন সাৰ অথবা কেঁচুসাৰ দিলে মাটিৰ গুণাগুণ ভাল হয়।

মাটিৰ অম্লতা চাইহে খেতি আৰম্ভ কৰাৰ ২১ দিনৰ আগতে চূণ দিব।

ৰাসায়নিক সাৰ ছটিয়াই লগে লগে বীজ অথবা পুলি ৰুব নালাগে। বীজ বা পুলি ৰোৱাৰ ২-৩ দিন আগতে ৰাসায়নিক সাৰ মাটিত প্ৰয়োগ কৰিব। শিপাত নলগাকৈ সাৰ প্ৰয়োগ কৰি ২-৩ দিন পাছত পানী দিব।

  • ইউৰিয়া যিকোনো শস্যত টপড্ৰেছিং কৰাৰ আগতে ২০ কিলো শুকান গোবৰ মিহলাব আৰু ৭২ ঘণ্টা গাপ দি ৰাখি ছটিয়াব।
  • ভঁৰালৰ বেৰত নাঙল, মৈ আদি লগাই নথ’ব নহ’লে এন্দুৰ-নিগনি ধানৰ ভঁৰালত সোমাব।
  • ধান ভঁৰালত থোৱাৰ পাছত ভাং, পচতীয়া, বিহলঙনি আদি ওপৰত দিব।
  • পিঁয়াজ, নহৰুৰ খেতি কৰাৰ আগতে বীজবোৰ পিঁয়াজৰ ক্ষেত্ৰত ১ গ্ৰাম বেভিষ্টিন আৰু নহৰুৰ ক্ষেত্ৰত ২ গ্ৰাম ডাইথেন এম-৪৫ দৰব ৫ লিটাৰ পানীত গুলি নহৰুৰ ফুটাবোৰ ৫ মিনিট ডুবাই ছাঁত শুকুৱাই ৰুলে ৰোগে নধৰিব।

বেঙেনাজাতীয় শস্যৰ গছৰ পাত যাতে পোকে ধৰিব নোৱাৰে তাৰ বাবে মাটিত ঘূৰণীয়া লোৰ খান্দিব আৰু ৰোৱাৰ ২১ দিন পাছত পুলিৰ গুৰিত ৩ গ্ৰাম ফুৰাডন প্ৰয়োগ কৰিব। মালাথিয়নৰ গুড়ি বিঘাত ৩ কিলো হিচাপত প্ৰয়োগ কৰিলে মাটিত থকা পোক-পৰুৱা ধ্বংস হয়। শাক-পাচলিৰ পোক-পৰুৱা ৰোধ কৰিবলৈ মালাথিয়ন ৫০ ই চি ১৫-২০ মিলিলিটাৰ ১০ লিটাৰ পানীত গুলি স্প্ৰে’ কৰিব। ঔষধ প্ৰয়োগ কৰাৰ ৭-১০ দিনলৈ শাক-পাচলি নচপাব।

উৎস:অসমীয়া খবৰ।

শেহতীয়া উন্নীতকৰণ: : 3/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate