অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

খৰাং পৰিস্থিতিত ধান খেতিত পানী যোগানৰ বাবে ল’বলগীয়া ব্যৱস্থা:

খৰাং পৰিস্থিতিত ধান খেতিত পানী যোগানৰ বাবে ল’বলগীয়া ব্যৱস্থা:

 

ৰাজ্যখনৰ বহু মাটিকালিৰ ধান, মাহ, ফলমূল, খৰালি কালৰ শাক-পাচলি, শীতকালীন শাক-পাচলি(আগতীয়া) বানে গছকিলে। বহু কৃষিভূমি জাহ যোৱাৰ লগতে ঘৰ-মাটিও উচ্ছেদ হ’ল। বানে ঠায়ে ঠায়ে লখিমপুৰ, ধেমাজিত জীয়াভৰলু, ৰঙানদী, দিচাং, দিহিং নদীয়ে আৰু বৰপেটা জিলাৰ আলোপতি মাজৰ চৰ আদি নৈপৰীয়া চৰ অঞ্চলত যি আলৈ-আথানি কৰিলে, নিজ চকুৰে নেদেখিলে বুজাব নোৱাৰি।

এতিয়া বানৰ পিছত ঠায়ে ঠায়ে বৰপেটা জিলাৰ বজালী কৃষি মহকুমাৰ অন্তৰ্গত বৰবাং, মুগুচীয়া, সাদেৰী, নিত্যানন্দত ৰোৱা শালিধানৰ খেতিত পানীৰ অভাৱত ফাট মেলা দেখা গৈছে। ৰাজ্যৰ বিভিন্ন ঠাইত কৃষক ৰাইজে শৰাই দি স্তুতি কৰিছে। কিজানিবা তেৰাৰ কৃপাত আকাশে বৰষিব, কিন্তু এনেকৈ জানো আকাশলৈ চাই খেতি কৰিব পাৰি? এনে পৰিপ্ৰেক্ষিতত তলত উল্লেখ কৰা ব্যৱস্থাসমূহ গ্ৰহণ কৰিলে কিছু সুফল আশা কৰিব পাৰি-

১)প্ৰথমে যেতিয়া বৰষুণ হৈ থাকে, তেতিয়া পথাৰৰ আলিবোৰ ওখকৈ বান্ধি লৈ বৰষুণৰ পানী মাটিডৰাত সংৰক্ষণ কৰক। তাতে গোবৰ, পচা পাত আদি দিয়ক আৰু হাল বাই ৰাখক।

২)মাটিডৰাত পচন সাৰ, কেঁচুসাৰ আৰু পথাৰৰ বিভিন্ন ঠাইত গছ-গছনিৰ পাত থূপ খুৱাই পানীত ৰাখক। তাত প্ৰতিটো থূপত ৪-৫ কেজি ডি এ পি সাৰ মিহলাই দিব। পচিলে মাটিৰ লগত মিহলাই দি শালি ধান ৰোৱক। বেলেগ খেতিত ৰাসায়নিক সাৰ নিদিব।

৩)ৰাজ্যৰ কৃষি বিভাগে কেঁচুসাৰ প্ৰস্তুত কৰিবলৈ ৰাজসাহায্য দিছে। গতিকে এই আঁচনিৰ বাবে স্থানীয় কৃষি উন্নয়ন বিষয়া, মহকুমা কৃষি বিষয়া বা জিলা কৃষি বিষয়াৰ লগত যোগাযোগ কৰক। অতিৰিক্ত পানী বাহিৰ কৰিব। যদি পানী যোগানৰ ব্যৱস্থা নাই, পানী পথাৰৰ পৰা উলিয়াই নিদিব। ৰাসায়নিক সাৰ কৃষি বিষয়াৰ অনুমোদন অনুসৰি দিব।

৪)যেতিয়া নৈ, বিল, পুখুৰীৰ পৰা পানী উত্তোলন কৰি খেতিপথাৰত পানী যোগানৰ ব্যৱস্থা কৰিব, তেতিয়া নলাবোৰত পলিথিন পাৰি দিব, যাতে পানী নিগৰি অপচয় নহয়। পানী যোগান আবেলি কৰিব। ধানখেতিত ২ ইঞ্চি পানী যথেষ্ট।

৫)কৃষি বিভাগে পানী যোগানৰ বৈদ্যুতিক পাম্প, ৪-৫ এইচ পি পাম্প আদি ৰেহাই মূল্যত কৃষি আঁচনিত কৃষকে পাব। ৰেহাই মূল্যত ছ’লাৰ পাম্পৰ বাবে ট্ৰেক্টৰ, পাৱাৰ টিলাৰৰ বাবে এগ্ৰি ইঞ্জিনীয়াৰ ডিপাৰ্টমেন্টৰ লগত যোগাযোগ কৰিব।

৬)ওখ ঠাইত পুখুৰী খান্দি তলিৰ পৰা ওপৰলৈ বিশেষ পলিথিন দি পুখুৰীৰ পানী সংৰক্ষণ কৰি ৰখাক। এই পানী খেতিত বিশেষকৈ উদ্যান শস্যত প্ৰয়োগ কৰক। পুখুৰীত পানীভৰ্তি স্প্ৰিংকলাৰ জলসিঞ্চন ব্যৱস্থাৰেও পানী দিব। কৃষি বিভাগৰ উদ্যান শস্য বিভাগ বা জিলাৰ মহকুমা কৃষি বিষয়াক(উদ্যান শস্য) লগ ধৰি উক্ত ব্যৱস্থা সম্পৰ্কে জানি ল’ব পাৰিব। এনে আঁচনিৰ বাবে কৃষকে যিবোৰ বিদ্যুতচালিত পাম্প বিভাগীয়ভাৱে লৈছে বা ব’ৰিং কৰিছে, তেওঁলোকে এতিয়া পানী যোগানৰ বাবে ব্যৱহাৰ কৰক। যিসকলে এতিয়াও ট্ৰেক্টৰ, পাৱাৰ টিলাৰ বা পাম্পছেট লোৱা নাই, তেওঁলোকে কৃষি বিভাগৰ লগত যোগাযোগ কৰি ৰাজসাহায্যৰ বাবে আবেদন কৰিব পাৰে।

কৃষি বিভাগৰ আঁচনিসমূহ সঠিক ৰূপায়ণৰ বাবে কৃষকসকল সংগঠিত হৈ কৃষক উৎপাদক সংস্থা(Farmer Producer Organisation) গঠনৰ দিবা কৰিব পাৰে। এই বিষয়ে অধিক তথ্য জানিবৰ বাবে জিলা কৃষি বিষয়া বা উদ্যান শস্য সঞ্চালকায়ল, গুৱাহাটীৰ লগত যোগাযোগ কৰিব পাৰে।

লেখক: মনজিৎ তালুকদাৰ(নিয়মীয়া বাৰ্তা)

শেহতীয়া উন্নীতকৰণ: : 2/26/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate