অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

খৰালি উদ্যান শস্যত পানী যোগান ব্যৱস্থা

উদ্যান শস্যৰ অন্তৰ্ভূক্ত ফল-মূলবিলাক-


উদ্যান শস্যৰ অন্তৰ্ভূক্ত ফল-মূলবিলাক বহু বর্ষজীবী, শাক-পাচলিবোৰ ঋতুভিত্তিক, ফুল শস্যবোৰৰ বেছিভাগেই ঋতুভিত্তিক। মছলা জাতীয় শস্যবোৰৰ কিছুমান ঋতুভিত্তিক, কিছুমান বছৰেকীয়া আৰু কিছুমান বহুবর্যজীৱী। এই ঋতুভিত্তিক বা বহু বর্ষজীৱী উদ্যান শস্যবোৰৰ বাবে প্রয়োজনীয় পানীভাগ বাৰিষা কালত বৰষুণৰ পৰাই পাব পাৰি। কিন্তু খ'ৰালি কালত এই উদ্যান শস্যবোৰত পানী যোগানৰ এটা সমস্যা আহি পৰে। কাৰণ অসমত খৰালি কালত খেতি কৰা ফল-মূল, শাক-পাচলি, মছলা শস্য আদিত জলসিঞ্চনৰ সুবিধা নাই। কৃষকে বৰষুণৰ ওপৰত নিৰ্ভৰ কৰিয়েই খেতি কৰে খৰালি কালত বৰষুণ কম হয় বা নোহোৱা বাবে (এইবাৰ যোৱা আঘোণৰ পৰা বৰষুণ নোহোৱা বাবে) কৃষকে শস্যত পানী যোগানৰ বাবে হাবাথুৰি খাব লগীয়াত পৰে আৰু শস্যত সময়মতে পানী যোগান ধৰিব নোৱাৰা বাবে শস্যৰ উৎপাদনত বাধা আহি পৰে। আশাকৰা মতে উৎপাদন নাপায়।

খৰালি কালত খেতি কৰা শাক-পাচলি, মছলা জাতীয় শস্য, ফুল শস্য আদিৰ বাহিৰেও বহুবর্ষজীৱী, ফলমূল শস্য যেনে, কল, নেমু, কমলা, নাৰিকল, তামোল, অমিতা, মাটিকঁঠাল আদি শস্যত পানীৰ বৰ আৱশ্যক হয়। কিন্তু কৃষকে খৰালি পানী দিবৰ বাবে প্রয়োজনীয় আহিলা-পাতি বা পানীৰ উৎস নাথাকে।

শস্যডৰাত পানীৰ জীপ ৰাখিবৰ বাবে বিভিন্ন উপায়-


গতিকে শস্যডৰাত পানীৰ জীপ ৰাখিবৰ বাবে বিভিন্ন উপায় অবলম্বন কৰিব লাগিব। গতিকে কোনো এটা খেতি কৰি শস্যৰ মাটিডৰাত জীপ ৰাখিবলৈ হ’লে মাটিডোখৰত হাল বাই চহ কৰিবৰ সময়ত যথেষ্ট পৰিমাণে গোবৰ প্রয়োগ কৰিব লাগে। গোবৰত শস্যৰ লাগতীয়াল খাদ্যবোৰ থকাৰ বাহিৰেও গোবৰ বা পচনসাৰে মাটিত পানীৰ জীপ ধৰি ৰখাত বৰ সহায় কৰে। অন্যহাতে, গোবৰৰ পৰিমাণ প্রতিবিঘা মাটি ৩ প্রয়োজনীয় পৰিমাণতকৈ বেছিকৈ দিলে একো অনিষ্ট সাধন নকৰে। মাটিত জীপ ৰাখিবৰ বাবে শস্যৰ পথাৰত গঢ়ি উঠা অপতৃণবোৰ ঘনাই চিকুণাই থাকিব লাগে। মাটিত জীপ ৰাখিবৰ বাবে শস্য গজি উঠাৰ পাছত মাটি ঢাকনি বা মালচিং পদাৰ্থ ব্যৱহাৰ কৰিব লাগে। এই মালাচিং পদার্থৰ জৈৱিক মালচিংবোৰ সহজে উপলভ্য আৰু বিশেষ খৰচ নাথাকে। সহজে উপলব্ধ জৈৱিক মালচিং পদার্থবোৰ হৈছে গছৰ শুকান পাত, শুকান ঘাঁহ-বন, নৰা, খেৰ, মেটেকা, শুকান কুঁহিয়াৰ বা কলৰ পাত, শুকান জাবৰ-জোঁথৰ ইত্যাদি। এই জৈৱিক পদার্থবিলাক মালচিং  হিচাপে ব্যৱহাৰ কৰিলে ইহঁতে মাটিত জীপ ধৰি ৰখাৰ উপৰি ইহঁতক ব্যবহাৰ কৰাৰ তিনি-চাৰিমাহৰ পাছত এই পদার্থবিলাক পচি গৈ মাটিত জৈৱিক পদার্থ হিউমাছৰ যোগান ধৰে আৰু মাটি সাৰুৱা কৰে।

ফল-মূল শস্যৰ ভিতৰত, কল, তামোল, নাৰিকল আদি শস্যত খৰালি কালত নিয়মীয়াকৈ পানী দিব লাগে। কল আৰু তামোল শস্যত প্রতি ১৫ দিনৰ ব্যৱধানত পানীৰ যোগান ধৰিব লাগে। নাৰিকল শস্যত প্রতি ১০ দিনৰ ব্যৱধানত পানী দিব লাগে। পানী প্রয়োগ কৰাৰ পাছত বা যদি এবাৰ বৰষুণ হয় তাৰ পিছতে গছৰ গুৰিত নৰা, ধানখেৰ বা শুকান জাবৰ-জোঁথৰ জাপি দিব লাগে বা মেটেকাও জাপি দিব পাৰি। নেমু, কমলা গছত মাহেকত এবাৰ পানীৰ ব্যবস্থা কৰিব লাগে কিন্তু ফাগুন মাহত নেমু কমলা আদিত পানী দিয়া বন্ধ কৰিব লাগে। কাৰণ ফাগুন মাহত গছত ফুল ফুলিবলৈ ধৰে। অৱশ্যে গছত ফুল ফুলাৰ মাজতে এবাৰ পানী যোগান ধৰিব লাগে। নহ'লে গছৰ গুৰিত জীপ নাথাকিলে ফুলবিলাক সৰি পৰিব পাৰে। আম, লিচু, শস্যত মাঘ বিহুৰ পাছত পানী যোগান বন্ধ কৰি ফাগুন - চ’ত মাহত যেতিয়া সম্পূর্ণ ফুল ফুলি পৰাগযোগ্য হ’ব তেনে সময়ত এবাৰ পানী যোগান ধৰিব লাগে। খৰালি কালত খেতি কৰা শাক-পাচলিৰ পথাৰত যথেষ্ট পৰিমাণে গোবৰ প্রয়োগ কৰিব লাগে। বতৰৰ শেষৰ ভাগলৈ অর্থাৎ মাঘ-ফাগুন মাহত মাটিত জীপ ৰাখিবলৈ হ’লে বিলাহী, বেঙেনা, জলকীয়া, কেপচিকাম আদি শস্যত মাঘ মাহত খেতিত এবাৰ পানী যোগান ধৰাৰ পাছতে শস্যৰ দুটা শাৰীৰ মাজত নৰা, খেৰ, মেটেকা বা গছৰ শুকান পাত বা ঘাঁহ-বন জাপি দি মাটিৰ জীপ ৰখাৰ ব্যবস্থা কৰিব লাগে। এই ক্ষেত্ৰত দুফুট বহলকৈ অজৈব মালচিং পদার্থ ক'লা পলিথিন কাটি দুটা শাৰীৰ মাজত পাৰি দিলে ই মাটিত জীপ ধৰি ৰখাৰ উপৰি বন-বাত সম্পূর্ণভাবে নিৰাময় কৰে। পাছত এই পলিথিনথিনি গ্ৰীষ্মকালীন শস্য ভেণ্ডি খেতিত  ভালদৰে ব্যৱহাৰ কৰিব পাৰি। ফাগুন-চ'ত মাহত আগতীয়াকৈ কৰা গ্রীষ্মকালিন শস্য যেনে কেৰেলা, তিয়াঁহ, ভেণ্ডি খেতিত নৰা, খেৰ, মেটেকা আদি গুৰিত জাপি দি মাটিৰ জীপ ধৰি ৰখাৰ ব্যৱস্থা কৰিব পাৰি। আলু, শস্যকে আদি কৰি অন্যবোৰ শস্যত মেটেকা মালচিং পদার্থ হিচাপে ব্যৱহাৰ কৰিলে ই বন বাত গজাত বাধা দিয়ে, মাটিত জীপ ধৰি ৰাখে আৰু ৩/৪ মাহৰ পাছত মেটেকা নিজে পচি গৈ মাটিত পটাছ সাৰৰ যোগান ধৰে। খৰালি কালত খেতি কৰা সকলো ফুল, শস্যত পুলি ৰোপণ কৰাৰ পাছত বা সময়ত যথেষ্ট পৰিমাণে পচা গোবৰ প্ৰয়োগ কৰিলে৷ জীপ ধৰি ৰখাৰ উপৰি ফুলৰ মান বাঢ়ে।

লিখক: ড° ৰাজেন্দ্ৰ প্ৰসাদ দাস, দৈনিক জনমভূমি।

শেহতীয়া উন্নীতকৰণ: : 1/16/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate