অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

খৰালি কালত উদ্যান শস্যত পানী যোগান:

খৰালি কালত উদ্যান শস্যত পানী যোগান:

 

উদ্যান শস্য বুলিলে সকলোবিলাক ফল-মূল, শাক-পাচলি, ফুল, ঔষধি আৰু সুগন্ধিযুক্ত শস্য আৰু বিভিন্ন ধৰণৰ মছলা শস্যকে বুজায়। অকল উদ্যান শস্যই নহয় সকলোবিলাক শস্যকে ইহঁতৰ জীৱন কালত পানীৰ প্রয়োজন হয়। ফলমূল শস্যৰ কথা যদি আলোচনা কৰোঁ, তেন্তে অসমত যিমানবিলাক ফলমূল শস্য আছে সেই বিলাক শস্যত নিয়মিতভাৱে পানী যোগান ব্যৱস্থা নাই বা কৃষকে পানী যোগান নধৰে। কাৰণ অসমত বৰষুণৰ ওপৰত নিৰ্ভৰ কৰিহে খেতি কৰা হয়। কিন্তু উৎপাদন বৃদ্ধি আৰু ইয়াৰ মান উন্নত কৰিবলৈ হ’লে শস্যৰ কালছোৱাত নিয়মিতভাৱে পানী যোগানৰ ব্যৱস্থা কৰিব লাগিব। নাকিৰল আৰু তামোল শস্যত খৰালি কালত বিশেষকৈ আঘোণ-পুহমাহৰ পৰা চ’ত মাহলৈকে এটা নিৰ্দিষ্ট ব্যৱধানত পানী যোগান ধৰিব লাগে যাতে গছৰ গুৰিছোৱা জীপাল হৈ থাকে। নাৰিকল গছত দহদিন ব্যৱধানত আৰু তামোল গছত পোন্ধৰ দিনৰ ব্যৱধানত পানী দিব লাগে। যিসকলে কৃষকে পানী যোগান ধৰিব নোৱাৰে বা ব্যৱস্থা নাই তেখেতসকলে আহিন-কাতি মাহত বৰষুণ এৰি যোৱাৰ পাছত গছৰ গুৰিত যথেষ্ট পৰিমাণে গোবৰ প্ৰয়োগ কৰিব লাগে। গছৰ শুকান পাত বা ধানৰ নৰা, মেটেকা আদি গছৰ চাৰিওফালে জাপি দিব লাগে। গছৰ চাৰিওফালে খৰালি কালত খাল শুকাই যোৱাৰ পাছত সাৰুৱা ঘেলবোৰ আনি জাপি দিব লাগে। মাঘ-ফাগুন মাহত মাজে মাজে সুবিধানুযায়ী পানী ঢালিব লাগে। নাৰিকল গছত খৰালি কালত পানীৰ অভাৱত ভুগিলে পাছত চ’ত- বহাগ মাহত বৰষুণ পৰাৰ পাছত অপৈণত নাৰিকলবোৰ সৰি পৰে। ঠিক তেনেদৰে তামোলৰো ফলবোৰ সৰি পৰে আৰু তামোল ফুলা বা ফুলা তামোলৰ বিসংগতি হয়, বিশেষকৈ তলৰ তামোলৰ থোকটো যিটো আগৰ বছৰ প্ৰথমে ফুলিছি।

আম, কঁঠাল, লিচু গছত নিয়মিতভাৱে পানী দিব নোৱাৰিলেও ফুল ফুলাৰ পাছত ফাগুন-চ'ত মাহত এবাৰ-দুবাৰ পানী যোগানৰ ব্যৱস্থা কৰিলে ভাল হয়। নহ’লে পানীৰ অভাৱত ফুলবিলাক পৰাগযোগ হোৱাৰ আগত সৰি পৰব। ঠিক তেনেকৈ নেমু-কমলা, সুমথিৰা টেঙাৰ গছত মাঘ-ফাগুন মাহত ফুল ফুলাৰ পাছত পাতলীয়া পানীৰ ব্যৱস্থা কৰিব লাগে, যাতে ফুলবিলাক সৰি নপৰে। অমিতা গছত খৰাং বতৰত পানী যোগান ধৰিব লাগে। তেতিয়া লাগনি গছৰ ফলবোৰ ডাঙৰ হয়। কলগছত খৰালি কালত পানী যোগান ধৰাটো অতি প্রয়োজনীয়। কলগছৰ গুৰিত পানী ধৰি ৰাখিবৰ বাবে গোবৰ নৰা, খেৰ, মেটেকা যোগান ধৰিব পাৰে। কলগছৰ গুৰিত পানী ধৰি ৰাখিবৰ বাবে ক’লা পলিথিন কাপোৰৰ আৱৰণ দিব লাগে, যাৰ বাবে গছৰ গুৰিত জীপাল গৈ থাকে, ঘাঁহ-বন একেবাৰে নগজে আৰু শস্যৰ উৎপাদন বাঢ়ে।

খৰালি কালত হোৱা শাক-পাচলিৰ শস্যকাল কম হোৱা বাবে শস্য কালছোৱাত পানীৰ যোগান অপৰিহার্য। কবি, বেঙেনা, বিলাহী, জলকীয়া আদি শস্যত মাহেকত দুবাৰ পানী যোগান ধৰিব লাগে। বিলাহী, বেঙেনাৰ ফল লাগিবলৈ ধৰাৰ পাছত মাহেকত এবাৰ পানী যোগান ধৰাটো প্রয়োজনীয়। শস্যৰ গুৰিত অর্থাৎ পথাৰত পানীৰ জীপ থাকিবৰ বাবে পুলি ৰোপণ কৰাৰ আগতে পথাৰত যথেষ্ট পৰিমাণে গোবৰ প্রয়োগ কৰিব লাগে। আলু শস্যত প্রথমবাৰ মাটি চপোৱাৰ পাছত মেটেকা গুৰিত প্রয়োগ কৰিলে পানী জমা হৈ থকাত সহায় কৰে আৰু মেটেকা পচি পাছত আলু, শস্যত পটাছ সাৰ যোগান ধৰে। শাকযুক্ত পাচলি শস্যত যেনে লাই, লফা, পালেং, ধনীয়া, মৰিচা আদি শস্যত গোবৰ প্রয়োগ কৰিলে মাটি জীপাল কৰি ৰখাৰ উপৰি শস্যৰ প্রয়োজনীয় সাৰ বা মৌলৰ যোগান ধৰে। পিয়াঁজ-নহৰু শস্যৰ গুৰিত পচা গোবৰ গুৰি প্ৰয়োগ কৰি ৰাখিলে বন-বাত নিয়ন্ত্ৰণ কৰি ৰখাৰ উপৰি শস্য ডাঙৰ আৰু মঙহাল হয়।

ফুল শস্যত বিশেষকৈ জাৰ কালি হোৱা ফুল গছত নিয়মিত পানী যোগান ধৰা অপৰিহার্য। গছৰ গুৰিত পচা গোবৰ প্রয়োগ কৰাৰ উপৰি প্ৰতিদিনে এবাৰ পানী যোগান ধৰিব লগা ফল শস্যবোৰ হৈছে নাৰ্জী, কেলেন্দুলা ডালিয়া, পেন্সি, পিটুনিয়া, ডাগ্রেন থাচ, জাৰবেৰা, গ্লেডিআলাচ ইত্যাদি। নাৰ্জী, জাৰবেৰা, গ্লেডিঅলাচ আদি ফুলৰ গুৰিত ধানৰ নৰা সৰু সৰুকৈ কাটি জাপি দিব লাগে। গছৰ শুকান পাত, ক’লা পলিথিন কাপোৰৰ আৱৰণেৰে ঢাকি দিব লাগে৷ ফুলি থকা নার্জি, গ্লেডিয়অলাচ, জাৰবেৰা, কেলেণ্ডুলা আদি ফুল গছত পানী দিবৰ সময়ত সাৱধান হ’ব , যাতে থকা ফুলবিলাকত পানী নপৰে। নহ'লে ফুলবিলাক সোনকালে নষ্ট হ’ব। গতিকে ফুলত পানী নপৰাকৈ গছৰ গুৰিত পানী প্রয়োগ কৰিব লাগে।

লিখক: ড° ৰাজেন্দ্ৰ প্ৰসাদ দাস, দৈনিক জনমভূমি।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate