অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গুণগত মানৰ ফল উৎপাদনৰ বাবে পৰিচৰ্যা :

গুণগত মানৰ ফল উৎপাদনৰ বাবে পৰিচৰ্যা :

 

প্ৰকৃতিৰ জগতখনত নানা ধৰণৰ গছ গছনি, তৰু-তৃণই প্ৰাকৃতিক শোভা বৰ্ধন কৰিছে। এই গছ-গছনিবোৰৰ ভিতৰত ফলমূল গছ গছনিবোৰে প্ৰকৃতিক এটা মনোমোহা পৰিৱেশৰ সৃষ্টি কৰে। কাৰণ ফলমূল শস্যবোৰ বছৰৰ বিভিন্ন ঋতুত বিভিন্ন ধৰণৰ ফুল আৰু ফলেৰে জাতিষ্কাৰ হৈ থাকে আৰু বেছিভাগ ফলমূল চিৰ সেউজীয়া হোৱা বাবে প্ৰকৃতিক এটা অনন্য ৰুপ দিয়ে । মানৰ জাতিৰ বাবে পুষ্টিকৰ সুস্বাদু ফল যোগান ধৰা বাবে ফলমূল শস্যবোৰৰ প্ৰাধান্য অতি বেছি ।

ফলমূল শস্যবোৰৰ ফলৰ উৎপাদন আৰু গুণগত মান নিৰুপণ কৰে বছৰেকৰ বিভিন্ন সময়ত কৰা প্ৰতিপালন ব্যৱস্থাৰ ওপৰত । গ্ৰীষ্ম আৰু বাৰিষা কালত ফল যোগান ধৰা ফলমূল শস্যবোৰ হৈছে- আম, কঁঠাল, লিচু, মধুৰি, জামু (ক’লা জামু, বগী জামু ) থেৰেজু, লেতেকু, পনিয়ল ইত্যাদি । বৰ্তমান অসমৰ পৰিৱেশত যিখিনি আম আছে, তাত পোকে নধৰিবলৈ (আমৰ পোক লগাটো এটা প্ৰধান সমস্যা) বিভিন্ন ব্যৱস্থা কৰিব লাগে । ফলবোৰ আমলখি ফলৰ আকাৰ হোৱাৰ সময়ৰ পৰা গছৰ তলত ধোঁৱা দিয়াৰ ব্যৱস্থা কৰিব লাগে । পাছত মালাথিয়ন ৫০ ইচি দৰৱৰ ৩০ টোপাল একলিটাৰ পানীত মিহলাই লগত ৫০ গ্ৰাম গুৰ মিহলাই ফলবোৰত ছটিয়াব লাগে । এই ব্যৱস্থাটো ব’হাগ বিহুৰ পাছৰে পৰাই আৰম্ভ কৰিব লাগে ।

লিচু গছত লিচুৰ ফলবোৰ পকিছে । গতিকে পকা ফলবোৰ ভাটৌ, বাদুলি আদিয়ে নাখাবৰ বাবে আঁঠুৱাৰ ব্যৱস্থা কৰা, গছত টিং বান্ধি ঘণ্টা বজোৱা বা ৰখীয়াৰ ব্যৱস্থা কৰিব লাগে । লিচু ফলটোৰ সোৱাদ পাবলৈ হ’লে লিচু সদায় গছত সম্পূৰ্ণ পকিবলৈ দিব লাগে । কাৰণ লিচু, কমলা, বগৰী, ৰবাব টেঙা, জামু, আঙুৰ, জলফাই টেঙা আদি গছত সম্পূৰ্ণ পকিবলৈ দিব লাগে । কাৰণ এই ফলবোৰ পূৰঠ হোৱাৰ পাছত ৰং ধৰিলেই ফল পকিলে ইয়াৰ সোৱাদ কমি যায় আৰু ফলৰ মান কমি যায় । কিন্তু আম, কঁঠাল, কল আদি পূৰঠ অৱস্থাত ছিঙি আনি পৰিষ্কাৰ ঠাইত ৰাখিলে লাহে লাহে পকিবলৈ ধৰে । জেঠ-আহাৰ মাহত লিচু-মধুৰী গছত বায়ব ডাল ধৰা কাম আৰম্ভ কৰিব লাগে । ইয়াৰ বাবে এক-ডেৰ বছৰীয়া ডালবোৰত ডাল ধৰা কাম আৰম্ভ কৰিব লাগে । যাক কৃষি বিজ্ঞানত এয়াৰ লেয়াৰিং বুলি কোৱা হয় । এই বায়ব ডাল ধৰা পদ্ধতি মৌচুমী, কমলা, কঁঠাল আদি ফলবোৰতো কৰিব পাৰি ।

কঁঠাল গছত বৰ্তমান ফলবোৰ অৰ্থাৎ কঁঠালবোৰ বাঢ়িব ধৰিছে । কিছুমান কঁঠালত যদি ফলটোৰ এফালে কোঁচ খাই গৈছে আৰু ক’লা পৰিছে , তেনে গছৰ গুৰিত গোবৰৰ লগত ১০০ গ্ৰাম বৰাক্স সাৰ সমভাৱে প্ৰয়োগ কৰক । কাৰণ গছত ব’ৰণ সাৰৰ অভাৱ হ’লে ফলবোৰ অৰ্থাৎ কঁঠালবোৰ ক’লা পৰি কোঁচ খাই যায় যাক আমি বছে খোৱা বোলোঁ । আকৌ যদি ক’লা পৰা অংশটো গেলি গৈছে, তেন্তে সেয়া বেমাৰৰ দ্বাৰা আক্ৰান্ত হৈছে । তেনে ক্ষেত্ৰত ফলবোৰ ছিঙি দিব লাগে । গছৰ তলৰ পৰা ঘাঁহ-বন-হাবিবোৰ কাটি পৰিষ্কাৰ কৰি দিব লাগে । গছত থকা শুকান ডালবোৰ কাটি দিব লাগে ।

মধুৰি আমৰ গছত ফলবোৰ বাঢ়িব ধৰিছে। গছৰ তলৰ পৰা পকা পাতবোৰ আঁতৰাই তলখন ঘাঁহ-বন গুচাই পৰিষ্কাৰ কৰি ৰাখিব লাগে । গছত ডাল ধৰা অৰ্থাৎ এয়াৰ লেয়াৰিং পদ্ধতি অৱলম্বন কৰি গছৰ বংশ বিস্তাৰ কৰিব পাৰি । মধুৰি আমৰ ফলবোৰ কেঁচা অৱস্থাত যদি গাত ক’লা দাগ পৰে তেন্তে ই এটা ভেঁকুৰজনিত ৰোগ । ইয়াৰ নিবাৰণৰ বাবে ইন্দোকিল এম ৪৫ দৰৱ দুই গ্ৰাম একলিটাৰ পানীত মিহলাই গছত ছটিয়াব যাব লাগে । গেলি যোৱা পকা ফলবোৰৰ ভিতৰত কাটিলে পোক ওলায় আৰু ফলটো নষ্ট কৰে । ইয়াৰ নিবাৰণৰ বাবে মধুৰি ফলটো ৰং ধৰি কোমল হ’বলৈ ধৰাৰ  সময়ত মালাথিয়ন ৫০ ইচি দৰৱ ২০ টোপাল একলিটাৰ পানীত মিহলাই ছটিয়াব লাগে । দৰৱ ছটিওৱাৰ এসপ্তাহৰ পাছত ফল ছিঙিব লাগে । গতিকে ফল ডাঙৰ হ’বলৈ ধৰোঁতেই এই দৰৱ এবাৰ ছটিয়াই থ’লে পোকে আক্ৰমণ নকৰে ।

টেঙা শস্যত যেনে কমলা, নেমু, মৌচুমী, ৰবাব টেঙা, চকলা টেঙা আদি শস্যৰ তলৰ পৰা বন-বাতবোৰ আঁতৰাই পৰিষ্কাৰ কৰি ৰাখিব লাগে । গছৰ গুৰিত পানী জমা নহ’বৰ বাবে গুৰিৰ অংশ মাটি জাপি কাছ পিঠিয়া কৰি ৰাখিব লাগে আৰু দুশাৰী বা দুটা গছৰ মাজত এটা সৰু নলাৰ ব্যৱস্থা কৰিব লাগে । টেঙা শস্যত মাটিত প্ৰয়োগ কৰা ৰাসায়নিক সাৰৰ বাহিৰেও জেঠ, আহাৰ আৰু শাওণ মাহত মাহেকত এবাৰকৈ তিনিবাৰ ০.৩% পৰিমাণৰ অনুসাৰ যেনে- ট্ৰেছেল বা এগ্ৰ’মিন বা মাল্টি প্লেক্সৰ মিশ্ৰণ গছৰ পাতত ছটিয়াব লাগে । গছ বিলাক মাজে সময়ে ভালদৰে নিৰীক্ষণ কৰি পোক বা বেমাৰে আক্ৰমণ কৰিলে লগে লগে তাৰ নিবাৰণৰ ব্যৱস্থা কৰিব লাগে । টেঙা গছৰ তলত থকা ঘাঁহ-বনবোৰ আৰু কাষৰ হাবি-বননিবোৰ কাটি পৰিষ্কাৰ কৰি ৰাখিব লাগে । পাৰিলে শুকাই যোৱাৰ পাছত জ্বলাই দিব লাগে । এনে কৰিলে টেঙা গছত পোক আৰু বেমাৰৰ আক্ৰমণ বহুত কমিব । অমিতা গছৰ তলৰ পৰা বন-বাতবোৰ চিকুণাই গছৰ গুৰিত মাটি জাপি দিব লাগে যাতে গুৰিত বাৰিষা একেবাৰে পানী জমা নহয় । মিলিবাগ পোকৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিবৰ বাবে কেৰেটে দৰৱ ৩০ টোপাল এক লিটাৰ পানী হিচাপে মিহলাই ছটিয়াব লাগে ।

জামু, লেতেকু, পনিয়ল আদি গছৰ গুৰি অংশৰ পৰা ঘাঁহ-বনবোৰ মাহেকত এবাৰ আঁতৰাই পৰিষ্কাৰ কৰি ৰাখিব লাগে । গছৰ পৰা ফল চপোৱাৰ পাছত থিয়কৈ বাঢ়ি যোৱা ডালবিলাক কাটি দিব লাগে ।

লেখক: ড° ৰাজেন্দ্ৰ প্ৰসাদ দাস

উৎস: দৈনিক জনমভূমি

শেহতীয়া উন্নীতকৰণ: : 3/9/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate