অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গ্ৰীষ্মকালীন মগু আৰু মাটিমাহৰ খেতি :

গ্ৰীষ্মকালীন মগু আৰু মাটিমাহৰ খেতি :

 

আমাৰ শৰীৰৰ বাবে অত্যাৱশ্যকীয় প্ৰ’টিন বা মাংসসাৰ প্ৰায় ৩০ শতাংশ থাকে মাহজাতীয় শস্যত।ইয়াৰ বাদেও মাহজাতীয় শস্যত থাকে ভিটামিন ,খনিজ পদাৰ্থ,স্নেহ পদাৰ্থ আদি।মাহজাতীয় শস্যৰ পৰা কৃষকে উপযুক্ত ফচলেই লাভ নকৰে,লগতে লাভ কৰে এডৰা উৰ্বৰা মাটি ভৱিক্ষ্যতৰ বাবে।কিয়নো মাহজাতীয় শস্যৰ শিপাই বায়ুমণ্ডলৰ পৰা নাইট্ৰ’জেন ধৰি ৰাখি মাটিডৰা উৰ্বৰা কৰি ৰাখে।সেয়ে মাহজাতীয় শস্যৰ খেতিত গুৰুত্ব দিলে খেতিয়কসকলে অধিল লাভৱান হ’ব পাৰে।

এতিয়া গ্ৰীষ্মকালীন মগুমাহ আৰু মাটিমাহ খেতিৰ বতৰ।মগু আৰু মাটিমাহ খেতিৰ বাবে অসমৰ মাটি আৰু জলবায়ু অতি উপযোগী।অধিক জৈৱিক গুণসম্পন্ন বালিচহীয়া মাটি এই খেতিৰ বাবে উত্তম।অম্লতা ছয়-সাতৰ ভিতৰত থাকিব লাগে।অধিক অম্লতা হ’লে ২১ দিনৰ আগতে চুণ প্ৰয়োগ কৰিব লাগে।পাঁচ শতাংশ শক্তিযুক্ত মালাথিয়নৰ গুড়ি প্ৰতি বিঘাত চাৰি কিলোগ্ৰামতকৈ প্ৰয়োগ কৰিব লাগে।

অনুমোদিত জাতসমুহ: মগু টি-৪৪,কোপাৰগাওঁ,এম এল ৫৬ ,এম এল ১৩১,কে-৮৫১।আনহাতে মাটিমাহ টি-৯,পণ্ট ইউ-১৯,ইউ জি-১৫৭,জে ইউ-৭৮,টি-১২২,টি-২৭ আদি।

উপৰিউক্ত জাতবোৰ গড়ে ৭৫-৮৫ দিনৰ ভিতৰত চপাব পাৰি আৰু উৎপাদনো প্ৰতি হেক্টৰত ১০-১৩ কুইণ্টল হয়।

বীজ সিঁচাৰ সময়: ১৫ আগষ্টৰ পৰা ১৫ ছেপ্টেম্বৰ।

বীজৰ পৰিমাণ -

বীজবোৰ শাৰী শাৰীকৈ বা এনেয়ে সিঁচিব পাৰি।শাৰী শাৰীকৈ সিঁচিলে শাৰী আৰু দুজোপা গছৰ দুৰত্ব ক্ৰমে ৩০ চেণ্টিমিটাৰ,১০ চেণ্টিমিটাৰ হ’ব লাগে।এনেকৈ সিঁচিলে তিনি কিলোগ্ৰাম বীজৰ প্ৰয়োজন।এনেয়ে সিঁচিলে চাৰি কিলোগ্ৰাম বীজৰ প্ৰয়োজন।বন-বাটৰ প্ৰাদুৰ্ভাৱ যেন দেখিলে বীজ সিঁচাৰ ২০-২৫ দিন পাছত এবাৰ কোৰ মাৰিব লাগে।

সাৰ-প্ৰয়োগ -

বিঘাই পতি পচন সাৰ ছয় কুইণ্টল,ইউৰিয়া চাৰি কিলোগ্ৰাম আৰু মিউৰেট অৱ পটাছ সাৰ ৩০ কিলোগ্ৰামৰ প্ৰয়োজন।অৱশ্যে বীজত জীৱাণু সাৰ প্ৰয়োগ কৰিলে তিনি কিলোগ্ৰাম ইউৰিয়া আৰু মিউৰেট অৱ পটাছ সাৰ ৩০ কিলোগ্ৰাম দিলেও হয়।প্ৰতি ৩.৪ কিলোগ্ৰাম বীজত ১৫০ গ্ৰাম জীৱাণু সাৰ প্ৰয়োগ কৰিব লাগে।

শস্য ৰক্ষা-

মগু আৰু মাটিমাহ খেতিত সাধাৰণতে পাতত দাগ পৰা বেমাৰ হোৱা দেখা যায়।এই ৰোগ নিয়ন্ত্ৰণৰ বাবে বেভিষ্টিন ১০ গ্ৰাম ১০ লিটাৰ পানীত গুলি পাতবোৰ তিতি যোৱাকৈ স্প্ৰে কৰিব লাগে।ব্লাইট বেমাৰ হ’লেও একে দৰব একেই পৰিমাণত প্ৰয়োগ কৰিব।চাহী পৰিলে হেক্সাচুল ২.৫-৩.৫ কিলোগ্ৰাম প্ৰতি হেক্টৰত প্ৰয়োগ কৰিব।মগু আৰু মাটিমাহৰ পাত হালধীয়া পৰিলে ইণ্ডোচালফন দৰব প্ৰয়োগ কৰিব লাগে।‘হোৱাইট ফ্লাই’নামৰ পোকৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ গছবোৰ স্বাস্থ্যৱান হৈ থাকোঁতে মালাথিয়ন ৫০ ই চি দৰব পাঁচ মিলিলিটাৰ তিনি লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব।মোৱা পোক,গোবৰুৱা পোক আদিয়ে আক্ৰমণ কৰিলেও একেই দৰব প্ৰয়োগ কৰিব পাৰে।

লেখক: প্ৰসাদ দাস (নিয়মীয়া বাৰ্তা)

শেহতীয়া উন্নীতকৰণ: : 7/18/2022



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate