অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গ্ৰীষ্মকালীন শাক-পাচলিৰ বাগিচাখনত এভুমুকিঃ

গ্ৰীষ্মকালীন শাক-পাচলিৰ বাগিচাখনত এভুমুকিঃ

গ্ৰীষ্মকালীন শাক-পাচলি বুলিলে লাওজাতীয় পাচলি বিশেষকৈ লাও, জিকা, কোমোৰা, ভোল, তিতা কেৰেলা, ভাত কেৰেলা, চিৰাল, ধুন্দুলি আৰু কুন্দলিৰ লগতে ভেণ্ডি, তিয়ঁহ, লেচেৰা, পটল, মৰিছা আদিয়েই প্ৰধান।

কেইবিধমান পাচলিৰ উন্নত সঁচঃ

তিয়ঁহঃ জাপানিজ লং গ্ৰীণ আৰু ষ্ট্ৰেইট এইট ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ উন্নত সঁচ। তদুপৰি, পইনছেটি, বলমখীৰা আদি উল্লেখযোগ্য সঁচ।

ৰঙালাওঃ লাৰ্জ ৰেড, লাৰ্জ ৰাউণ্ড, য়েল্ল’ ফ্লেছ আৰু ৰেড ফ্লেছ আদিয়েই প্ৰধান।

তিতা কেৰেলাঃ পুছা ডুমেটমী আৰু পুছা বিশেষ।

জিকাঃ পুছা নাচডাৰ, চুৰেনা আৰু চটপুতিষা আদি।

কোমোৰাঃ সাধাৰণতে ঘূৰণীয়া আৰু থোপোকা সঁচ ব্যৱহাৰ কৰা হয়।

ধুন্দুলিঃ লং গ্ৰীণ, হোৱাইট আৰু পুছা মঞ্জিৰী।

ভেণ্ডিঃ পুছা ছাৱনী আৰু প্ৰভানী ক্ৰান্তি।

কীট-পতংগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় দিহাঃ

পাচলি শস্য ৰোপণৰ পূৰ্বেই মাটিডোখৰ ভালদৰে চহাই লোৱা আৱশ্যক। ইয়াৰ ফলত মাটিৰ তলত আশ্ৰয় লৈ থকা লেটা স্তৰত উপনীত হোৱা কীট-পতংগক ধ্বংস কৰিব পাৰি।

কীট-পতংগৰ আক্ৰমণ ৰোধ কৰিবলৈ সক্ষম জাত নিৰ্বাচন কৰি খেতি কৰা উচিত।

পাচলি বাগিচাখনৰ পৰা আৰম্ভণি অৱস্থাত কীট-পতংগই আক্ৰমণ কৰা পুলিবোৰ উভালি নিৰাপদ স্থানত পুৰি বা পুতি পেলালে কীট-পতংগৰ বংশবৃদ্ধি ৰোধ হয়।

পাচলি জাতীয় শস্যৰ বাবে প্ৰয়োজনীয় সাৰ-জাবৰ সঠিক মাত্ৰাত সঠিক সময়ত প্ৰয়োগ কৰিলে শস্যৰ শ্ৰীবৃদ্ধি ঘটে আৰু কীট-পতংগৰ আক্ৰমণৰ বিৰুদ্ধে উদ্ভিদজোপাই গঢ়ি তুলিবলৈ সক্ষম হয়। মাত্ৰাধিক নাইট্ৰ’জেনযুক্ত সাৰে কীট-পতংগৰ আক্ৰমণ বৃদ্ধি কৰাৰ বিপৰীতে পটাছ সাৰ প্ৰয়োগে প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

শস্যাৱৰ্তনৰ যোগেদিও কীট-পতংগৰ আক্ৰমণ হ্ৰাস কৰিব পাৰি।

কীট-পতংগৰ আক্ৰমণৰ প্ৰতিকাৰঃ

পতংগৰ আক্ৰমণৰ পৰা সকাহ পাবলৈ-

প্ৰত্যক্ষভাৱে গছৰ পৰা প্ৰাপ্তবয়স্ক পতংগ আৰু লেটা সংগ্ৰহ কৰি ধ্বংস কৰা উচিত।

ভিনেগাৰ আৰু চেনি ৰসৰ মিশ্ৰণ ঘটাই বৰলীয়া পোক নিৰ্মূল কৰিব পাৰি।

মাটিত বগোৱা লতাজাতীয় পাচলি (যেনে-ৰঙালাও)ক খেৰেৰে ঢাকি বৰলীয়া পোকৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰি।

জেং গুজি চৰাইক আকৰ্ষিত কৰি পোক-পতংগৰ অপত্য স্তৰবোৰ খাদ্যৰ ৰূপত গ্ৰহণ কৰিবলৈ সহায় কৰিও পতংগ নিয়ন্ত্ৰণৰ সহায়ক হয়।

বজাৰত উপলব্ধ বিউভেৰীয়া বেচিয়ানা নামৰ ভেঁকুৰ ছটিয়াই ৰেড পাম্পকিন বিটল ধ্বংস কৰিব পাৰি।

ৰেড পাম্পকিন বিটলৰ নিয়ন্ত্ৰণৰ বাবে ক্ল’ৰপাইৰিফচ এশ গ্ৰাম প্ৰতি হেক্টৰ মাটিত প্ৰয়োগ কৰা উচিত।

বৰলীয়া পোকৰ বিৰুদ্ধে ২ মিঃ লিঃ মালাথিয়ন ৫০ ই চি +  ১০ গ্ৰাম গুড় + ১ লিটাৰ পানীৰ দ্ৰৱণক ছটিয়াই সুফল পাব পাৰি।

ৰোগৰ পৰা সকাহ পাবলৈ-

প্ৰতি ১০০ গ্ৰাম বীজৰ লগত ২ গ্ৰাম ট্ৰাইক’ডাৰমা ভিৰিডি সানি শোধন কৰক।

লেৰেলা ৰোগৰ বিৰুদ্ধে বায়’ফৰ পি এফ ব্যৱহাৰ কৰক।

শস্যকৃমি আৰু এন্দুৰৰ পৰা সকাহ পাবলৈ-

২ কিলগ্ৰাম কাৰ্বফোৰাণ প্ৰতি হেক্টৰ মাটিত, চহ কৰাৰ সময়ত ব্যৱহাৰ কৰিলে ৰুট-নট শস্যকৃমিৰ উপৰিও ভূমিজ পতংগক ধ্বংস কৰিব পাৰে। এন্দুৰৰ বিৰুদ্ধে জিংক ফছফাইডৰ টোপ ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ উপৰি চাইকেলৰ টিউব পেলাই থ’লে এন্দুৰে সাপ বুলি ভয় খাই আঁতৰি যায়।

লেখকঃ ৰুদ্ৰ নাৰায়ণ বৰকাকতি

উৎস:অসমীয়া খবৰ

শেহতীয়া উন্নীতকৰণ: : 3/8/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate