অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চাহ পুলিৰ পৰিচৰ্যা:

চাহ পুলিৰ পৰিচৰ্যা:

 

চাহ খেতিৰ এক উল্লেখযোগ্য দিশ হ’ল পুলিৰ যতন আৰু ব্যৱস্থাপনা-

 

যিহেতু চাহ এক বহুবৰ্ষীয় খেতি অৰ্থাৎ এবাৰ পুলি ৰোপণ কৰাৰ পিছত অৰ্থনৈতিকভাৱে ৬০-৭০ বছৰলৈ তাৰ পৰা উৎপাদন কৰি থাকিব পাৰি, সে্যে বিজ্ঞানসন্মতভাৱে প্ৰথমৰপৰাই এই খেতিৰ পৰিচৰ্যা কৰাটো অতি দৰকাৰী। যদি পুৰণি চাহ গছ উঠাই তাত নতুন পুলি ৰোপণ কৰা হয়, তেন্তে কমপক্ষেও ১৮ মাহ মাটিডৰা পুনঃসংস্থাপন কৰিব লাগে। গুৱাটেমালা বা চিত্ৰনলা জাতীয় ঘাঁহ ৰোপণ কৰি মাটিখিনি সুন্দৰভাৱে ভৱিষ্যতলৈ উৎপাদনক্ষম কৰি তোলা সম্ভৱ। এই দিশটো আওকাণ কৰা উচিত নহয়।

নতুন পুলি ৰোপণ কৰিব লগা মাটিডৰাত এবছৰ পূৰ্বে তাত থকা ডাঙৰ গছবোৰ উভালি পেলাব লাগে। পুৰণি গছৰ শিপা সমুলঞ্চে নাশ কৰা দৰকাৰ। মাটিখিনি শীতকালি মুকলি কৰি টেক্টৰৰ সহায়ত সাজু কৰিব লাগে। যিহেতু চাহ গছৰ শিপা তিনি মিটাৰ দলৈকে থাকে আৰু এই খেতিৰ ভাল উৎপাদনৰ বাবে পানী জমা হ’ব নালাগে, সেয়ে পুলি ৰোৱাৰ পূৰ্বে নলাবোৰ প্ৰস্তুত কৰা যুগুত। মাটিত ক্ষাৰৰ পৰিমাণ বেছি হ’লে প্ৰতি হেক্টৰত ২-৩ টন চূণ প্ৰয়োগ কৰিব লাগে। গুৱাটেমালা বা চিত্ৰনলা জাতীয় ঘাঁহবোৰৰ চেহেৰা খুব ভাল নহ’লে পুনঃস্থাপনৰ সময় দীৰ্ঘ কৰিব পাৰি। গুৱাটেমালা বা চিত্ৰনলা ঘাঁহ সংগ্ৰহ কৰিব নোৱাৰিলে বিকল্প হিচাপে হাইব্ৰীড নেপিয়েৰ বা মাইমোচা ইনভিচাও ব্যৱহাৰ কৰিব পাৰি।

চাহ গছৰ শিপাবোৰ বহলকৈ মেল খায় বাবে প্ৰতি শাৰীৰ মাজত ন্যূনতম ১০৫ ছেন্টিমিটাৰ আৰু প্ৰতিজোপা গছৰ মাজত কমেও ৬০ ছেন্টিমিটাৰ দূৰত্বৰ ব্যৱধান থাকিব লাগে। উত্তৰ-পূৰ্বাঞ্চলৰ সমতলৰ বাবে প্ৰতি হেক্টৰত ১২,০০০-১৫,০০০ জোপা গছ অনুমোদন কৰা হৈছে। পাহাৰীয়া অঞ্চলত হোৱা ধীৰ গতিৰ শ্ৰীবৃদ্ধি আৰু ভূমিস্খলনৰ বাবে প্ৰতি শাৰী আৰু গছৰ ব্যৱধান হ’ব লাগে ন্যূনতম ৯০-১০০ ছেন্টিমিটাৰ আৰু ৬০-৬৫ ছেন্টিমিটাৰ।

ৰোপণ কৰিব লগা পুলি ৫-৮ মিলিমিটাৰ বহল আৰু ৪০-৪৫ ছেন্টিমিটাৰ ওখ হ’ব লাগে আৰু ১০-১২ খিলা পাত থকা বাঞ্ছনীয়। পুলি লগোৱাৰ পূৰ্বে ৪৫ ছেন্টিমিটাৰ ব্যাসাৰ্দ্ধৰ আৰু ৪০-৬০ ছেন্টিমিটাৰ দকৈ গাত খন্দা প্ৰয়োজন। গাঁতৰ ওপৰৰ মাটিখিনি তলত আৰু তলৰ মাটিখিনি ওপৰত দিব লাগে। প্ৰতিটো গাঁতত ৪-৫ কিলোগ্ৰাম শুকান গোবৰ, ৩০ গ্ৰাম ছুপাৰ ফছফেট আৰু ৩০ গ্ৰাম ৰক ফছফেট প্ৰয়োগ কৰিব লাগে। পুলি লগোৱাৰ পিছত গছৰ গুৰিখিনি ভালকৈ কোৰেৰে ওখ কৰি দিব লাগে। দুটা গলিৰ মাজৰ মাটিখিনি সমান কৰি লোৱা অতি দৰকাৰ যাতে বৰষুণৰ পানী জমা হৈ নাথাকে।

চাহ পুলি ৰোপণ কৰাৰ ছমাহৰ ভিতৰত গছবোৰ ১৮-২০ ছেন্টিমিটাৰত কাটি দিব লাগে যদিহে তাৰ তলত দুইৰপৰা তিনিটা ডাল থাকে। এই কমলক ‘ডিচেন্টাৰ’(Decenter) বোলা হয়। যদি ২০ ছেন্টিমিটাৰ উচ্চতালৈ পুলিজোপাত কোনো ডাল নাথাকে, তেন্তে সেই উচ্চতাতে গছজোপা আধা ভাঙি দিব লাগে। ইয়াৰ ফলত পুলিটোৰ বৃদ্ধি ওখকৈ নহৈ বহলকৈ হ’ব। দুমাহৰ পিছত মূল ডালটো কাটি দিয়া হয় আৰু এই কলমৰ বাবে অনুমোদিত উচ্চতাৰ দৈৰ্ঘ্য হ’ল ২৫-৩০ ছেন্টিমিটাৰ।

যিবোৰ গছত ২০ ছেন্টিমিটাৰলৈ কোনো ডাল নাথাকে, তাত ‘ডিবাডিং’-ও কৰিব পাৰিউ। ডিবাডিং মানে হ’ল ২০ ছেন্টিমিটাৰ ওপৰত থকা সকলো কলি আৰু দুখিলা পাত হাতেৰে ছিঙি উঠাই দিব লাগে। চাহ গছত প্ৰথম ফ্ৰেম ফৰ্মিং প্ৰুণ দিয়া হয় পুলি লগোৱাৰ ২০-২৬ মাহ পিছত। ইয়াৰ বিষয়ে পিছলৈ বিস্তৃত আলোচনা কৰা হ’ব।

 

চাহ খেতিত অনুমোদিত পুলি ৰোৱাৰ ব্যৱধান আৰু প্ৰতি হেক্টৰত হ’ব লগা পুলিৰ সংখ্যা তলত দিয়া হ’ল-

 

দূৰত্বৰ ব্যৱধান(ছেন্টিমিটাৰ)

প্ৰতি হেক্টৰত পুলিৰ সংখ্যা

৯০*৬০

১৮,৫১৮

১০০*৬০

১৬,৬৬৬

১০৫*৬০

১৫,৪৭৩

১০৫*৭৫

১২,৭৩১

১০৫*৭৫*৬০

১৪,১৬১

১০৫*৭৫*৬৫

১৫,৬৮৬

১০৫*৭৫*৭০

১৫,২৩৮

১০৫*৭৫*৭৫

১৪,৮১৪

১১০*৭০*৬০

১৬,৮০৬

১১০*৭০*৭০

১৫,৮৭৩

১১০*৭০*৭৫

১৪,৪১৪

১১০*৯০*৬০

১৩,০৭২

১১০*৭৫*৬০

১৫,৬৮৬

১১০*৭৫*৬৫

১৫,২৩৮

১১০*৭৫*৭০

১৪,৮১৫

১২০*৬০*৯০

৩৪৫

 

লেখক: ভাস্কৰ পাঠক(দৈনিক অসম)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate