অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জলবায়ু পৰিৱৰ্তন আৰু আমাৰ কৃষি :

জলবায়ু পৰিৱৰ্তন আৰু আমাৰ কৃষি :

 

কৃষি আজি পৰ্যন্ত অসমৰ ৰাইজৰ জীৱিকাৰ মুল উৎস আৰু ৰাজ্যৰ ৭০ শতাংশকৈও অধিক লোক এতিয়াও প্ৰত্যক্ষ বা পৰোক্ষভাৱে কৃষিক্ষেত্ৰৰ সৈতেই জড়িত। নানান প্ৰাকৃতিক পৰিস্থিতিত উৎপাদন কৰিব পৰা শস্য, প্ৰতিকুল বতৰক অতিক্ৰমি উৎপাদন দিব পৰা জাত, একক আৰু অভিনৱ স্থানিক প্ৰজাতিৰ বৈচিত্ৰ্য- এইবোৰৰ সৈতে অসমৰ পলাসে জীপাল কৰা পথাৰৰ সাৰুৱা গুণ মিলি ৰাজ্যৰ কৃষিক্ষেত্ৰক প্ৰচুৰ সম্ভাৱনাৰ গৰাকী কৰি তুলিছে। সেই বুলিয়েই ৰাজ্যৰ কৃষিক্ষেত্ৰত সমস্যা যে নাই, সেয়াও নহয়। মুলত: বৰ্ষানিৰ্ভৰ কৃষি পদ্ধতিৰ প্ৰচলন থকা ৰাজ্যখনৰ অধিকাংশ জিলাতে বছৰত এটা মাত্ৰ খেতি কৰা হয় আৰু বাকীছোৱা সময় পথাৰ ছন পৰি থাকে। আনহাতে, বাৰিষাৰ সময়ছোৱাত সমগ্ৰ ৰাজ্যৰে পথাৰৰ শস্য বানে উটুৱাই নিয়ে। এই গতানুগতিক সমস্যাৰ সৈতে শেহতীয়াকৈ যোগ হোৱা দিশটোৱেই হৈছে সমগ্ৰ বিশ্বতে ক্ৰমাগতভাৱে পৰিলক্ষিত হোৱা জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱবোৰ।

বিগত ১০০ বছৰ জলবায়ু সম্পৰ্কীয় তথ্যৰ অধ্যয়নৰ পৰা এটা কথা জানিব পৰা গৈছে যে অসমৰ প্ৰায় ১৫ খন জিলাত গঢ় বৃষ্টিপাত আৰু ঋতুকালীন বৃষ্টিপাতৰ মাত্ৰা পুৰ্বৰ তুলনাত হ্ৰাস পাইছে। আনহাতে, ৰাজ্যত বৃষ্টিপাতৰ যি বিস্তৃতি আৰু গতি –বিধি, তাৰো সালসলনি হৈছে। বৃষ্টিপাত হোৱা মুঠ দিনৰ সংখ্যা হ্ৰাস পোৱাৰ বিপৰীতে ২৪ ঘণ্টাত হোৱা সৰ্বাধিক বৰষুণৰ মাত্ৰা বাঢ়িছে। ইয়াৰ ফলত এফালে বানৰ মাত্ৰা আৰু তীব্ৰতা যেনেকৈ বাঢ়িছে, আনপিনে হ্ৰাস পাইছে ভু-তল জলৰ নবীকৰণৰ পৰিমাণ, যিয়ে বৰষুণ নোহোৱা সময়ছোৱাত খৰাঙৰ সম্ভাৱনা বৃদ্ধি কৰিছে। শেহতীয়াকৈ ৰাজ্যৰ কৃষিক্ষেত্ৰকো বতৰ আৰু জলবায়ুজনিত অভুতপুৰ্ব সমস্যই যথেষ্ট পৰিমাণে প্ৰভাৱিত কৰাৰ কথা কৃষক ৰাইজৰ মুখেৰে জানিব পৰা গৈছে।

জলবায়ুজনিত সমস্যাৰ আলোচনাত কৃষিজাত শস্যৰ মুল্য শৃংখলৰ কথাটো সততে আলোচনাৰ আওতালৈ অনা নহয়। জলবায়ুৰ তাৰতম্যই কেৱল শস্যৰ উৎপাদন প্ৰক্ৰিয়াকে নহয়, বৰঞ্চ সামগ্ৰিকভাৱে পথাৰৰ পৰা উপভোক্তাৰ পাকঘৰলৈকে কৃষিজাত সামগ্ৰীৰ পৰিবহনৰ গোটেই প্ৰক্ৰিয়াটোক অৰ্থাৎ মুল্য শৃংখলাটোক প্ৰভাৱিত কৰে। কৃষিকৰ্মৰ বাবে দৰকাৰী সকলো প্ৰাৰম্ভিক সা-সামগ্ৰী যেনে বীজ, সাৰ আদিৰ যোগান ব্যৱস্থা , উৎপাদনৰ সামগ্ৰিক প্ৰক্ৰিয়া, শস্য ছপোৱাৰ পিছত কৰা প্ৰক্ৰিয়াৰকৰণৰপৰা শস্য বজাৰলৈ পৰিবহন কৰাৰ ব্যৱস্থা, বজাৰত ক্ৰয়-বিক্ৰয় তথা সংৰক্ষণ – এই প্ৰতিটো পৰ্যায়তে বতৰৰ তাৰতম্যই কৃষিজাত সামগ্ৰীৰ গুণাগুণ তথা মুল্যক প্ৰভাৱিত কৰে। সেই সুত্ৰেই, জলবায়ু সক্ষম কৃষিৰ কথা উল্লেখ কৰোঁতে, আমি কেৱল উৎপাদনকালত হোৱা সমস্যাৰ সমাধানক লক্ষ্য কৰি ল’লেই নহ’ব, বৰঞ্চ কৃষি সামগ্ৰীৰ মুল্য নিৰ্দ্ধাৰণ প্ৰক্ৰিয়াৰ প্ৰতিটো স্তৰতে থকা সমস্যাবোৰক সমাধান কৰিব পাৰিলেহে কৃষক ৰাইজ তথা কৃষিক্ষেত্ৰক জলবায়ু সক্ষম কৰি তুলিব পৰা যাব। প্ৰাকৃতিক প্ৰত্যাহ্বানবোৰৰ বাহিৰেও ৰাজ্যৰ কৃষকসকলৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ’ল- শস্যৰ উপযুক্ত মুল্য নোপোৱা। প্ৰত্যক্ষভাৱে বজাৰৰ সৈতে সংযোগৰ অভাৱ অথবা ক্ৰেতা আৰু কৃষকৰ মাজত থকা অধিকসংখ্যক মধ্যভোগীৰ উপস্থিতিৰ ফলত কৃষকসকলে যিকোনো সামগ্ৰীৰ উপযুক্ত মুল্য লাভ কৰাৰপৰা বঞ্চিত হয়। আনহাতে, বজাৰত বা অন্য বেপাৰীৰ ওচৰত বিক্ৰী কৰোঁতেও, সামগ্ৰীৰ মুল্য নিৰ্দ্ধাৰণ ক্ষমতা কৃষকৰ নাথাকে। ফলস্বৰুপে উৎপাদন বৃদ্ধি হোৱাৰ পিছতো মুল্য কম হোৱা বাবেই কৃষকে নিজৰ উৎপাদিত শস্য পেলাই দিবলগীয়া বা গৰু-ছাগলীক খুৱাব লগাৰ দৰে অৱস্থাত সৃষ্টি হয়। ৰাজ্যৰ কৃষি বিভাগ আৰু জলবায়ু পৰিৱৰ্তন উদ্ভাৱনী কাৰ্যসুচীৰ এক যুটীয়া অধ্যয়নৰ প্ৰাৰম্ভিক তথ্য অনুসৰি বৰো ধান, গোমধান, সৰিয়হ, মাহজাতীয় শস্য তথা আদাৰ দৰে শস্যৰ পৰা কৃষক ৰাইজে উপযুক্ত আয় নোপোৱাৰ অন্যতম কাৰণ হৈছে কৃষি মুল্য শৃংখলৰ পিছৰ ঢাপবোৰত থকা নানা আসোঁৱাহ।

এনে পৰিপ্ৰেক্ষিতত কৃষিক্ষেত্ৰক সক্ষম অৰু সৱল কৰি তোলাৰ প্ৰথম ঢাপটোৱেই হ’ল কৃষি মুল্য শৃংখলৰ আসোঁৱাহবোৰ দুৰ কৰি মুল্য শৃংখলৰ প্ৰতিটো স্তৰতে জড়িত হৈ থকা লোকসকল, বিশেষকৈ ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলে যাতে উৎপাদিত সামগ্ৰীৰ বাবদ সঠিক মুল্য লাভ কৰে, সেয়া নিশ্চিত কৰা। কিয়নো আয় আৰু অৰ্থনৈতিক অৱস্থাৰ উত্তৰণ নোহোৱা পৰ্যন্ত কৃষক ৰাইজক জলবায়ু পৰিৱৰ্তন, প্ৰাকৃতিক দুৰ্যোগ আদিয়ে আনিব পৰা সমস্যাৰ সৈতে অভিযোজিত হ’ব পৰাকৈ সাজু কৰিব পৰা নাযাব। কৃষকসকলক সংগঠিত কৰি, কৃষক-উৎপাদক সংগঠন (FPO) স্থাপন কৰাৰ প্ৰক্ৰিয়া যিমান ব্যাপক কৰিব পৰা যাব, সিমানে কৃষক ৰাইজৰ দৰ-দাম কৰাৰ বাবে নিজাকৈ মুল্য নিৰ্দ্ধাৰণ কৰাৰ ক্ষমতা বৃদ্ধি পাব। তদুপৰি সংগঠিত হ’লে কৃষকসকলে কেইবাজনো মিলি, গ্ৰাহক বা ক্ৰেতাক প্ৰত্যক্ষভাৱে সামগ্ৰী বিক্ৰী কৰিবৰ বাবেও অধিক সুবিধা লাভ কৰিব পাৰে। আনহাতে, যিবিলাক শস্যত নিম্নতম সমৰ্থন মুল্য (MSP) ৰ ব্যৱস্থা নাই, সেইবিলাকতো যথাসম্ভৱ সোনকালে ইয়াৰ ব্যৱস্থা কৰা, চৰকাৰীভাৱে কৃষকৰ শস্য ক্ৰয় কৰাৰ ব্যৱস্থা কৰা আদি প্ৰক্ৰিয়াবোৰক অধিক দক্ষ আৰু সক্ৰিয় কৰি তোলাৰ প্ৰয়োজন আছে। আনহাতে, উৎপাদিত শস্যৰ বাবে অধিক মুল্য লাভ কৰিবলৈ হ’লে ক্ৰুটীপুৰ্ণ  কৃষি পদ্ধতি, যেনে অধিক মাত্ৰাত ৰাসায়নিক সামগ্ৰী ব্যৱহাৰ আদিক বাদ দি, পৰিৱেশ আৰু স্বাস্থ্য অনুকুল সামগ্ৰীৰ ব্যৱহাৰ কৃষিক্ষেত্ৰত ব্যাপক কৰাৰ দৰকাৰ আছে।

কৃষিক্ষেত্ৰৰ উন্নয়ন আৰু কৃষক ৰাইজৰ সৰ্বাংগীন বিকাশৰ বাবে ৰাজ্যৰ প্ৰত্যেক গাঁৱক ‘স্মাৰ্ট ভিলেজ’লৈ পৰিৱৰ্তন কৰাৰ প্ৰয়োজন। একোখন ‘স্মাৰ্ট ভিলেজ’ত কৃষক ৰাইজে কৃষিকৰ্মত উন্নত, নিজা পৰিৱেশৰ বাবে অনুকুল আৰু উদ্ভাৱনী কৃষি পদ্ধতিৰ প্ৰয়োগ কৰাৰ ব্যৱস্থা থাকক, লগতে থাকক কৃষিজাত সামগ্ৰীক প্ৰত্যক্ষভাৱে বাহিৰৰ বিশাল বজাৰত বিক্ৰী কৰাৰ সুবিধা। মধ্যভোগীৰ পৰিৱৰ্তে কৃষক আৰু গ্ৰাহকৰ মাজত প্ৰত্যক্ষ যোগাযোগ স্থাপন হোৱাৰ ব্যৱস্থা হওক। নৱীকৰণীয় শক্তি উৎসৰ ব্যৱহাৰ, বৰ্জনীয় সামগ্ৰীৰ পুনৰাৱৰ্তন, জৈৱিক কৃষি পদ্ধতিৰ বহুল প্ৰয়োগৰ বাবে প্ৰয়োজনীয় দক্ষতা বৃদ্ধিৰ ব্যৱস্থা আদিবোৰেৰে একোখন ‘স্মাৰ্ট ভিলেজ’ সকলোপিনৰেপৰা সবল কৰি তুলিব পাৰিলে কৃষক ৰাইজে যথেষ্ট উপকৃত হ’ব।

আনহাতে, ৰাজ্যৰ চুকে-কোণে অৱহেলিত আৰু প্ৰদুষিত হৈ পৰি থকা আৰ্দ্ৰভুমিবোৰ হ’ল জলবায়ু সক্ষমতাৰ বাবে এক অন্যতম সম্ভাৱনীয় সম্পদ। এই আৰ্দ্ৰভুমিবোৰত সমবায় বা ৰাজহুৱা ভিত্তিত স্থানীয় মৎস্য প্ৰজাতিৰ পালন কৰিব পাৰিলে, এই আৰ্দ্ৰভুমিবোৰৰ প্ৰাকৃতিক পৰিস্থিতিতন্ত্ৰ তথা জীৱ বৈচিত্ৰ্যৰ যাতে হানি-বিঘিনি নহয়, সেয়া নিশ্চিত কৰিব পৰাকৈ সমুহ প্ৰক্ৰিয়া বিজ্ঞানসন্মত আৰু পৰিৱেশ-অনুকুল হোৱা দৰকাৰ। এইখিনিতে মন কৰিবলগীয়া যে অসম ৰাজ্যিক জলবায়ু পৰিৱৰ্তন কৰ্ম আঁচনি-২০১৫ (SAPCC,2015) ৰ অধীনত ৰাজ্যৰ কৃষিক্ষেত্ৰক জলবায়ু সক্ষম কৰি তুলিবৰ বাবে নিৰ্দ্ধাৰণ কৰা বিভিন্ন কৌশলসমুহৰ সঠিক ৰুপায়ণে ৰাজ্যৰ কৃষক ৰাইজক যথেষ্ট উপকৃত কৰিব।

কৃষি হ’ল অসমৰ ৰাইজৰ জীৱনৰেখা। খাদ্য নিৰাপত্তাৰ সুনিশ্চিতকৰণ, ক্ষুধা নিবাৰণ আৰু অপুষ্টি দুৰীকৰণৰ বাবে কৃষিয়েই একমাত্ৰ উপায়। আৰু সেইসুত্ৰেই কৃষিভিত্তিক অৰ্থনীতিৰ আধাৰত ৰাজ্যৰ অৰ্থনৈতিক বিকাশক সুদৃঢ়, বহনক্ষম আৰু জলবায়ু সক্ষম কৰি তোলাৰো সম্ভাৱনা অনেক। এই সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি, উপযুক্ত কৌশল আৰু ব্যৱস্থা অৱলম্বন, কৃষক ৰাইজৰ দক্ষতাৰ বিকাশ আৰু সজাগতাৰ বৃদ্ধি কেৱল উৎপাদন বৃদ্ধিত সীমাবদ্ধ নহৈ শস্যৰ মুল্য শৃংখল আসোঁৱাহমুক্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰিলেহে ৰাজ্যৰ কৃষিখণ্ডৰ বহনক্ষম উন্নয়নৰ বাট মুকলি হ’ব।

লেখক: ৰিজৱান উজ জামান (দৈনিক অসম)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate