অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জৈৱিক কৃষিৰ আখৰা :

মানৱ সমাজৰ বিৱৰ্তনৰ মূল এক ঢাপ হৈছে কৃষি কাৰ্য্যৰ আৱিষ্কাৰ। কৃষি কাৰ্য্যৰ আৱিষ্কাৰ হোৱাৰ পৰাই মানুহৰ দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় প্ৰায়ভাগ সামগ্ৰীয়েই এই কৃষিক্ষেত্ৰখনৰ পৰাই আহৰণ কৰি আহিছে।

কালক্ৰমত মানুহৰ জনসংখ্যা বৃদ্ধিৰ লগে-লগে কৃষিজাত সামগ্ৰীৰ চাহিদা দিনক-দিনে বৃদ্ধি পাব ধৰিছে। ফলত কৃষিক্ষেত্ৰখনত এক ব্যাপক হেঁচা পৰিব ধৰিছে। কম ঠাইত অধিক উৎপাদনৰ বাবে ভিন ভিন ধৰণৰ পৰীক্ষা নিৰীক্ষা চলিব ধৰিছে। তাৰ ফলশ্ৰুতিতে উদ্ভাৱন ঘটিল-

  • ৰাসায়নিক সাৰ,
  • ৰাসায়নিক কীটনাশক,
  • ভেকুঁৰনাশক,
  • বেক্টেৰীয়ানাশক আদিৰ।

লগতে উদ্ভৱান হ’ল বিভিন্ন যান্ত্রিক পদ্ধতি। যাৰ বাবে প্ৰয়োজন হ’ল অধিক মাত্ৰাত জীৱাশ্ম ইন্ধনৰ (Fossil Fuel)।

কৃষি ক্ষেত্ৰখনৰ আন এক উল্লেখযোগ্য আৱিষ্কাৰ হ’ল বৰ্ণসংকৰ জাত (হাইব্ৰীড), জীনৰ পৰিৱৰ্তন ঘটাই মানুহৰ প্ৰয়োজন মতে বহুবিধ শস্যৰ ব্যাপক মাত্ৰাত পৰিৱৰ্তন ঘটোৱা হ’ল।

  • কোনবিধ শস্যৰ আকাৰ বৃদ্ধি,
  • কোনবিধৰ উৎপাদন বৃদ্ধি,
  • কোনো এবিধ আকৌ মানুহৰ প্ৰয়োজন মতে সংশ্লেষণ শক্তি বৃদ্ধি কৰা;
  • আন কিছুমান ৰোগ প্ৰতিৰোধী,
  • কীটনাশক প্ৰতিৰোধী হিচাপে সৃষ্টি কৰা হ’ল।

প্ৰথম অৱস্থাত এই উদ্ভাৱনবোৰে কৃষি ক্ষেত্ৰলৈ এক যাদুকৰী পৰিৱৰ্তন আনিছিল। মানৱ সমাজৰ বহু প্ৰয়োজনীয় সামগ্ৰী অনায়াসে উৎপাদন কৰিব কৰা গ’ল।

খাদ্য সামগ্ৰী উভৈনদী হ’ব ধৰিলে। মুঠৰ ওপৰত একসাংঘাটিক পৰিৱৰ্তন হ’ল যাৰ নামাকৰণ হ’ল-কৃষি বিপ্লৱ হিচাপে।

কিন্তু বিভিন্ন দেশ, বিভিন্ন অঞ্চলত সূচনা হোৱা এই কৃষি বিপ্লৱৰ বিৰূপ প্ৰভাৱে অতি কমদিনৰ ভিতৰতে মানৱ সমাজক সচকিত কৰি তুলিছে।

কৃষি বিপ্লৱ সংঘটিত হোৱা বহুঠাইত ভূ-গৰ্ভৰ পানী শুকাই গ’ল, কৃষিভূমিত অতিৰিক্ত ক্ষতিকাৰক পদাৰ্থৰ অধিকতা বৃদ্ধি হ’ল, বহু উপকাৰী জীৱ-জন্তু ব্যাপক হাৰত কমি গ’ল, থলু্ৱা মাছৰ উৎপাদন ব্যাপক হাৰত কমি আহিল, পৰিবেশত ব্যাপক প্ৰভাৱ পৰিল।

আনহাতে যি কৃষিজাত সামগ্ৰী মানুহৰ সুস্বাস্থ্যৰ বাবে উৎপাদন কৰা হৈছিল সেই সামগ্ৰীসমূহত অধিক মাত্ৰাত ক্ষতিকাৰক পদাৰ্থৰ উপস্থিতি ধৰা পৰিল। তাৰ লগে-লগে কৃষি কাৰ্য এক ব্যয়বহুল আৰু অধিক পুজি ব্যৱহৃত ক্ষেত্ৰ হিচাবে পৰিগণিত হ’ব ধৰিছে।

সাধাৰণ কৃষকৰ ওপৰত ইয়াৰ বিৰূপ প্ৰভাৱ পৰিল। লগ্নী পূজিঁৰ বাবে বিভিন্ন ঋণ লব লগা হ’ল। ঋণ পৰিশোধ কৰিব নোৱাৰি ভাৰতৰ দৰে উন্নয়নশীল দেশত কৃষকে আত্মহত্যা কৰাৰ দৰে ঘটনা ঘটিব ধৰিল।

ইয়াৰ উপায় কি?

মানৱ সমাজ বৰ্তি থাকিবলৈ হ’লে কৃষি কাৰ্য চলি থকাৰ লগতে কৃষিজাত সামগ্ৰীৰ উৎপাদনো হ’ব লাগিব।

এই কৃষি কাৰ্য যদি পৰিৱেশ অনুকূলে আৰু উৎপাদিত সামগ্ৰীৰ গুণগত মান অটুট ৰাখিব পাৰি তেন্তে চিন্তাৰ কোনো কাৰণ নাথাকিব। এই বিষয়বোৰ চিন্তা চৰ্চা কৰি জৈৱিক কৃষি পদ্ধতিক এক সঠিক বিকল্প পদ্ধতি হিচাপে গন্য কৰা হ’ল।

জৈৱিক কৃষি পদ্ধতি হ’ল পদ্ধতিগত ভাৱে কৰা এক প্ৰাকৃতিক কৃষি পদ্ধতি। জৈৱিক কৃষি পদ্ধতিক প্ৰকৃতিৰ লগত সহ অৱস্থান কৰা হয়।

কিন্তু প্ৰকৃতিৰ ওপৰত যাতে বিৰূপ প্ৰভাৱ নপৰে সেই কথা লক্ষ্য কৰা হয়। উৎপাদিত সামগ্ৰী যাতে মানৱ স্বাস্থ্যৰ বাবে উপকাৰী হয় তাৰ ওপৰত গুৰুত্ব দিয়া হয়। লগতে গুৰুত্ব দিয়া হয় উৎপাদন ব্যয় হ্ৰাস কৰাত।

জৈৱিক কৃষি পদ্ধতি বৰ্তমান বহু ভাগত বিভক্ত কৰি বিশেষজ্ঞসকলে আলোচনা কৰিব বিচাৰে যদিও আমি জৈৱিক কৃষি আওঁতাত কৃষকৰ বাবে প্ৰয়োজনীয় আৰু সুবিধাজনক সকলো বিষয়েই আলোচনা কৰিবলৈ চেষ্টা চলাম।

জৈৱিক কৃষি পদ্ধতি কেনেকৈ আৰম্ভ কৰিব?

আমাৰ কৃষকসকলে যুগ যুগ ধৰি খেতি কৰি আহিছে, গতিকে তেখেতসকলৰ আছে অভিজ্ঞতাৰ এক মস্ত ভঁৰাল।তেখেতসকলক খেতি কৰিবলৈ শিকোৱাৰ ধৃষ্টতা আমাৰ নাই, মাথো আলোচনাৰ মাজেৰে কিছু কথা আগবঢ়াব বিচৰিছো।

কৃষি কাৰ্যৰ বাবে প্ৰয়োজনীয় হ’ল কৃষিভূমি। জৈৱিক কৃষিৰ বাবে প্ৰথম চৰ্ত হৈছে কৃষিভূমিক সাৰ্থকভাবে গঢ় দিয়া। যিসকলে কৃষিভূমিত ইতিমধ্যেই চলিত প্ৰথাৰ (Conventional system) খেতি কৰি আছে (য’ত ৰসায়নিক সাৰ, কীটনাশক আদি ব্যৱহাৰ কৰি আছে) তেখেতসকল তেনে মাটিত সম্পুৰ্ণ জৈৱিক পদ্ধতিত  খেতি কৰিবৰ বাবে তিনিবছৰৰ বাবে আঁচনি গ্ৰহণ কৰিব লাগে। অৱশ্যে মাটিৰ গুনাগুণ তথা কৃষকৰ চেষ্টাত এই সময় হ্ৰাস পাবও পাৰে।

আনহাতে চন পৰি থকা বা ন-ভাঙনি মাটিত প্ৰথম বছৰৰ পৰাই জৈৱিক খেতি আৰম্ভ কৰিব পাৰি। জৈৱিক কৃষিৰ বাবে নিৰ্বাচিত কৃষিভূমিক প্ৰথমে সাৰুৱা কৰি তুলিব লাগে। প্ৰথমে মন দিব লাগে যে মাটিৰ জীৱন আছে।

ইয়াত বিভিন্ন ধৰণৰ-

  • অনুজীৱ,
  • কেঁচু-কুমটি,
  • কীট-পতংগ,
  • জৈৱিক পদাৰ্থ আদি থাকে।

এই সকলোবোৰৰ ক্ৰিয়া-প্ৰক্ৰিয়াৰ ফলত কৃষিভূমি কৃষিৰ বাবে উপযোগী হৈ থাকে।

মাটিত থকা উপকাৰী অনুজীৱবিলাকে মাটিত থকা গছৰ লাগতিয়াল মৌলসমুহক গছে শোষণ কৰিব পৰা অৱস্থালৈ পৰিৱৰ্তন কৰি দিয়ে। সেইবাবে এই অনুজীৱবিলাকক মাটিৰ সাৰুৱা গুণৰ মূল চালিকা শক্তি বুলি কোৱা হয়।

গতিকে মাটিডৰাক সাৰুৱা কৰি ৰাখিবৰ বাবে তাত থকা অনুজীৱৰ সংখ্যা সদায় সঠিক পৰিমাণত ৰাখিব লাগিব। কৃষিৰ বাবে উপযোগী মাটিত প্ৰতি ১ গ্ৰামত অতি কমেও ১x১০সংখ্যক অনুজীৱ থাকিব লাগে বুলি বিজ্ঞানীসকলে নিৰ্ধাৰণ কৰিছে। এই অনুজীৱ তিনি প্ৰকাৰৰ- বেক্টেৰীয়া, ভেঁকুৰ আৰু প্ৰৰ্কাটন ‘মাইচিচ্’।

মাটিত অনুজীৱৰ সংখ্যা সঠিক মাত্ৰাত ৰাখিবৰ বাবে পচনসাৰ, জৈৱিক জুলীয়া সাৰ, গোৱৰ, কেঁচুসাৰ আদি যোগান ধৰিব লাগে।

তদুপৰি পঞ্চ-গব্য, দশ-গব্য, বিভিন্ন বায়’ডাইনেমিক পদ্ধতিৰ উপাদান প্ৰয়োগ কৰিব পাৰি। কৃষকে এই সামগ্ৰীসমুহ নিজাববীয়াকৈ প্ৰস্তুত কৰিব পাৰে। কাৰণ কৃষিকাৰ্যত মূল শস্য উৎপাদন হোৱাৰ লগে লগে তাত উৎপন্ন হোৱা অপতৃন, শস্যৰ পেলনীয়া অংশ, পশুৰ গোৱৰ আদিৰপৰা অতি সহজে এনে কিছুমান উপাদন অতি কম খৰচতে তৈয়াৰ কৰিব পাৰি; যি শস্যডৰাত সাৰুৱা শক্তি অটুট ৰখাত সহায় কৰে।

মাটিৰ সাৰুৱা গুণ বৃদ্ধি কৰিবৰ বাবে সেউজ সাৰ ব্যৱহাৰো এক উত্তম ব্যৱস্থা। বছৰত এবাৰ শস্যডৰাত মাহজাতীয় শস্যৰ গুটি সিঁচি তাক ফুল ফুলাৰ আগে-আগে মাটি ডৰাৰ লগত হালবাই মিহলাই দিব লাগে। এই সেউজ সাৰৰ খেতি কৰোতে কেইবাবিধ শস্যৰ গুটি  মিহলাই দিলে মাটিত অনুসাৰৰ ভাৰসাম্য ৰক্ষাত সহায় কৰে।

বৰ্তমান বৈজ্ঞানিক পদ্ধতিৰে গৱেষণাত বহু ধৰণৰ উপকাৰী অণুজীৱ কেঁচুসাৰ, পচন সাৰ আদিৰ লগত মিহলাই ৰাখি ৩-৬ দিনৰ ভিতৰত কৃষিভূমিত হাল বোৱাৰ সময়ত বা শস্য ৰোপন কৰা সময়ত প্ৰয়োগ কৰিব পাৰি।

তেনে অণুজীৱ কিছুমান হ’ল-

  • এয’টবেক্টৰ- নাইট্ৰ’জেন যোগান ধৰে,
  • এচিট’বেক্টৰ- নাইট্ৰ’জেন যোগান ধৰে
  • এয’ম্পিৰিলাম- নাইট্ৰ’জেন যোগান ধৰে
  • পি.এচ.বি - ফচফেট যোগান ধৰা
  • পটাচ মবিলাইজাৰ- পটাচ যোগান ধৰা
  • ট্ৰাইক’ডাৰমা- উদ্ভিদ বৃদ্ধিকাৰক আৰু ভেকুঁৰনাশক।

মাটিৰ সাৰুৱা গুণ অটুট ৰাখিবৰ বাবে খেতি মাটিত জৈৱিক পদাৰ্থৰ পৰিমাণ কমেও ১.২-২% ৰ কম হ’ব নালাগিব।

মাটিৰ জৈৱিক পদাৰ্থ অটুট ৰাখিবৰ বাবে ওপৰত উল্লেখ কৰা পচনসাৰ, গোৱৰ, কেচুসাৰ আদি যোগান  ধৰি থাকিব লাগে।

মাটিৰ সাৰুৱা গুণ সঠিককৈ ৰাখিবৰ বাবে কেঁচু এক উত্তম জীৱ। জৈৱিক কৃষিত এটুকুৰা মাটিৰ প্ৰতি এক বৰ্গফুট এলেকাত কমেও ৩ ৰ পৰা ৫ ডাল কেঁচু থাকিব লাগে।

এই কেঁচুবোৰে কৃষিভূমিৰ মাটি তল-ওপৰ কৰি বায়ু চলাচলৰ সুবিধা কৰি দিছে, তাত থকা পঁচা বস্তুবোৰক খাই সাৰ তৈয়াৰ কৰে।

মাটিত কেঁচুৰ উপৰিও ভিন ভিন ধৰণৰ ক্ষুদ্ৰ ক্ষুদ্ৰ পৰজীৱি, মৃতজীৱি কীট-পতংগ আদিয়েও মাটিৰ সাৰুৱা গুণ বৃদ্ধিত সহায় কৰে। জৈৱিক কৃষি পদ্ধতি আৰম্ভ কৰাৰ লগে লগে এই জীৱবোৰৰ সংখ্যা খেতিডৰাত আপোনা-আপুনি বৃদ্ধি হ’বলৈ ধৰে।

মুঠৰ ওপৰত জৈৱিক খেতিৰ বাবে মাটিডৰাত সাৰুৱা গুণ বৃদ্ধিৰ বাবে চেষ্টা অটুট ৰাখিব লাগে। ভাল মাটিত ভাল ফচল পোৱা যায়- এই কথা আগত ৰাখি মাটিৰ সাৰুৱা গুণ বৃদ্ধিৰ বাবে বিভিন্ন কৌশল অৱলম্বন কৰাটো জৰুৰী।

লেখক: তাজ আহমেদ

উৎস: সেউজ চিন্তা

শেহতীয়া উন্নীতকৰণ: : 3/12/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate