অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জৈৱিক কৃষিৰ কেইটিমান উপায় :

 

অমৃত পানী বা অমৃতাকৰাইচল -

দৰকাৰী সামগ্ৰী:

 

১)কেঁচা গোৱৰ:

১ কিলোগ্ৰাম

২)গৰু মূত:

১ লিটাৰ

৩)জুলীয়া গুড়:

১০০ গ্ৰাম

৪)পানী:

১০ লিটাৰ

 

সামগ্ৰীখিনি এটা মাটিৰ কলহত লৈ ভালদৰে মিহলাব লাগে। এই মিশ্ৰণখিনি তৈয়াৰ কৰাৰ দ্বিতীয় দিনাৰ পাতত স্প্ৰে কৰি নাইবা শস্যৰ গুৰি অংশত ছটিয়াই ব্যৱহাৰ কৰিব পাৰি।

পঞ্চগব্য:

 

১)কেঁচা গোৱৰ

৫০০ গ্ৰাম

২)গৰু মূত

৩০০ মিঃলিঃ

৩)গৰু ঘিঁউ

১০০ মিঃলিঃ

৪)গৰু গাখীৰ

২০০ মিঃলিঃ

৫)দৈ

২০০ মিঃলিঃ

৬)ডাব নাৰিকল

৩০০ মিঃলিঃ

৭)কুঁহিয়াৰৰ ৰস বা জুলীয়া গুড়

৩০০ মিঃলিঃ

৮)মৌ-ৰস বা পকা কল

৫০ মিঃলিঃ

 

এটা মাটিৰ কলহত গোৱৰ, গৰুমূত আৰু ঘিঁউখিনি মিহলাই ল’ব লাগে। ৰাতিপুৱা আৰু আবেলি সময়ত এসপ্তাহৰ বাবে ভালদৰে লৰাই থাকিব লাগে। উক্ত মিশ্ৰণত গৰুৰ গাখীৰ, দৈ, ডাব নাৰিকলৰ পানী, কুঁহিয়াৰৰ ৰস বা জুলীয়া গুড় অৰু মৌজোল মিহলাব লাগে। এসপ্তাহৰ পিছত উক্ত মিশ্ৰণৰ ৩০০ মিলিলিটাৰ ১০ লিটাৰ পানীৰ লগত মিহলাই বাঢ়িবলৈ ধৰা শস্যত স্প্ৰে কৰিব পাৰি।

শস্যগব্য -

দৰকাৰী সামগ্ৰী আৰু প্ৰস্তুত প্ৰণালী:

*৩৩ কিলোগ্ৰাম বিভিন্নধৰণৰ বনবাত যেনে, কচু, ঢেকীয়া, বিহলঙনী, জাৰ্মানীবন, ধপাত তিতা আদি সংগ্ৰহ কৰি সৰু সৰুকৈ কাটি এটা ঢাকনি থকা প্লাষ্টিকৰ ড্ৰামত ল’ব লাগে। ইয়াৰ লগত ১০ কিলোগ্ৰাম কেঁচা গোবৰ আৰু ১২০ লিটাৰ পানী মিহলাই ঢাকোন মাৰি থব লাগে।

*প্ৰতিদিনে অন্ততঃ এবাৰকৈ লৰাওক। এইদৰে গৰমৰ দিনত ৬ দিন আৰু ঠাণ্ডা দিনত ১২ দিন পৰ্যন্ত থ’ব লাগে।

*এতিয়া এই জুলীয়া দ্ৰব্যখিনি চেকি লৈ ১ লিটাৰ ১০ লিটাৰ পানী হিচাপে মিহলাই শস্যত স্প্ৰে কৰিব লাগে।

কীটনাশক হিচাপে তুলসী:

দৰকাৰী সামগ্ৰী আৰু প্ৰস্তুত প্ৰণালী:

*১০০ গ্ৰাম তুলসী পাতৰ পৰা ১ লিটাৰ আৰক প্ৰস্তুত কৰিব পাৰি।

*প্ৰথমে পাতবোৰ ওৰেটি নিশা পানীত তিয়াই থ’ব লাগে।

*পিছদিনা পাতবোৰ পিচি আৰক প্ৰস্তুত কৰা হয় আৰু সেইখিনি চেকি লোৱা হয়।

*চেকি লোৱা আৰকখিনিত খাদী চাবোনৰ পানী(প্ৰতি লিটাৰ আৰকত ১ মিঃলিঃ) মিহলাই কীট নিয়ন্ত্ৰণৰ বাবে স্প্ৰে কৰিব পাৰি।

*নিয়ন্ত্ৰণ কৰিব পৰা কিছুমান হ’ল-

১)মোৱা পোক,

২)শূৰ পোক,

৩)পইতাচোঁৰা,

৪)মহ আদি।

বিয়টি সাৱটা বনেৰে() গান্ধীপোক(গান্ধীপোক?) নিয়ন্ত্ৰণ:

১ কিলোগ্ৰাম বিয়নি সাৱটা বন আৰু ১ কিলোগ্ৰাম নিমগছৰ ছাল শুকুৱাই লৈ গুড়ি কৰি পাউদাৰ নিচিনা কৰিব লাগে। দুয়োবিধ দ্ৰব্য একেলগে প্ৰায় ১৫০ লিটাৰ পানীত মিহলাব লাগে আৰু ধানখেতিত গান্ধীপোক নিয়ন্ত্ৰণৰ বাবে স্প্ৰে কৰিব পাৰি। উক্ত মিশ্ৰণেৰে প্ৰায় ৩ বিঘা ধানখেতিত স্প্ৰে কৰিব পাৰি।

শস্যৰ গুৰি কটা পোক নিয়ন্ত্ৰণ:

শস্যৰ গুৰি কটা পোক নিয়ন্ত্ৰণৰ বাবে সমান পৰিমাণৰ কাঠৰ গুড়ি, তুঁহ আৰু গুড়েৰে অলপ পানী মিহলাই এটা আঠাযুক্ত মিশ্ৰণ প্ৰস্তুত কৰিব লাগে। এই মিশ্ৰণটো সন্ধিয়া সময়ত পুলিৰ চাৰিওফালে দি থলে গুড়ৰ গোন্ধত গুড়ি কটা পোক আকৰ্ষিত হয় আৰু ইয়াৰ মাজেদি পাৰ হৈ যাব খুজিলে সিঁহত আঠাযুক্ত মিশ্ৰণত লাগি ধৰে আৰু পিছত ৰ’দত শুকাই মৰি যায়।

কীটনাশক হিচাপে নহৰু, জলকীয়া আৰু আদা -

দৰকাৰী সামগ্ৰী আৰু প্ৰস্তুত প্ৰণালী:

*৫০০ গ্ৰাম নহৰু ১০০ মিঃলিঃ কেৰাচিনত মিহলাই এৰাতি তিয়াই থ’ব লাগে আৰু পিছদিনা বাকলিবোৰ গুচাই পেষ্ট তৈয়াৰ কৰিব লাগে।

*১০০ গ্ৰাম কেঁচা জলকীয়া ৫০ মিঃলিঃ পানীত মিহলাই পেষ্ট তৈয়াৰ কৰিব লাগে।

*১০০ গ্ৰাম আদা ৫০ মিঃলিঃ পানীত মিহলাই পেষ্ট তৈয়াৰ কৰিব লাগে।

*তিনিওবিধ সামগ্ৰীৰ পেষ্ট মিহলাই তাৰ লগত ২৫-৩০ লিটাৰ পানী মিহলাই ল’ব লাগে আৰু তাৰ লগত ৩০ মিঃলিঃ খাদী চাপোনৰ পানী মিহলাই কীট নিয়ন্ত্ৰণৰ বাবে স্প্ৰে কৰিব পাৰি।

*নিয়ন্ত্ৰণ কৰিব পৰা পোক কিছুমান হ’ল- শাক-পাচলিৰ বিভিন্ন পাত খোৱা পোক, বৰল পোক, মোৱা পোক, শূৰ পোক আদি।

সেউজীয়া সাৰ:

কিছুমান গছৰ পাত, কুমলীয়া ডাল-পাত, আগলি অংশ আদি মাটিত মিহলাই মাটিৰ উৰ্বৰতা বৃদ্ধি কৰা হয়। এই সেউজ সাৰ প্ৰয়োগ কৰাৰ ফলত-

*মাটিত জৈৱিক পদাৰ্থ বৃদ্ধি কৰাৰ লগতে মাটিত থকা অণুজীৱবোৰৰো সক্ৰিয়তা বৃদ্ধি কৰে।

*শস্যৰ পুষ্টিমৌলৰ আহৰণ সহজলভ্য কৰি তোলে। সেউজীয়া সাৰৰ গছ হাল বাই মাটিত মিহলালে পুষ্টিদ্ৰব্যসমূহ মাটিৰ ওপৰিভাগৰ তৰপৰ লগত মিহলি হয়।

*বন-বাতৰ বৃদ্ধি নিয়ন্ত্ৰণ কৰে। কাৰণ সেউজীয়া সাৰৰ গছবোৰৰ বৃদ্ধি খুউব সোনকালে হয়।

*মাটিৰ সংগঠন ভাল হয়।

 

ক্ৰমিক নং

সেউজীয়া সাৰৰ নাম

প্ৰতি বিঘাৰ উৎপাদন(কুইন্টল)

প্ৰতি বিঘাত মিহলি হোৱা নাইট্ৰ’জেনৰ পৰিমাণ(কিলোগ্ৰাম)

১)

চানহেম্প

২৫.৯৬

১১.২২

২)

ধইনচা

২৪.৪৮

১০.২৫

৩)

মগুমাহ

৫.০

৫.১৪

৪)

খেচাৰী(কলমাহ)

১৬.৪

৭.৩২

৫)

বাৰছিম

২০.৬৬

৭.২২

 

শস্যৰ অনিষ্টকাৰী কীটৰ প্ৰাকৃতিক নিয়ন্ত্ৰণ: -

পৰজীৱি বা পৰভক্ষী পতঙ্গ, সন্ধিপদী প্ৰাণী, পৰভক্ষী মেৰুদণ্ডী প্ৰাণী, পৰজীৱি ভেঁকুৰ, শস্যকৃমি, বেক্টেৰীয়া, ভাইৰাছ আদিৰ দ্বাৰা শস্যৰ অনিষ্টকাৰী কীট-পতঙ্গ আৰু ৰোগ-ব্যাধি নিয়ন্ত্ৰণ হয়। সন্ধিপদী প্ৰাণী যেনে- মকৰাবোৰ হ’ল পৰভক্ষী আৰু চাহিপোকবোৰ হ’ল পৰজীৱি। পতঙ্গবোৰৰ শতকৰা ২৫-৩০ শতাংশই হ’ল কৃষকৰ বন্ধু। বহু কীট-পতঙ্গই অনিষ্টকাৰী কীটৰ বংশ কৰে। যেনে- অশ্ব ফৰিং(Mantid), লেডি বাৰ্ড বিটল, টাইগাৰ বিটল আৰু বৰল জাতীয় বিভিন্ন পতঙ্গ। মেৰুদণ্ডী প্ৰাণীৰ ভিতৰত মাছ, লালুকী, বেং, চৰাই, সাপ, নেউল আদিয়েও প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাত সহায় কৰে। কিছুমান শস্যকৃমিয়েও পঁইতাচোৰা, ফৰিং, বিটল, চগা আদিৰ শৰীৰত পৰজীৱীৰূপে বাস কৰি সেইবোৰ নিয়ন্ত্ৰণ কৰে।

পোহৰ ফান্দ:

*উৰি ফুৰা পোক যেনে-

১)ধানৰ মাজখোৱা,

২)টুপলিখোৱা পোক,

৩)পিঁয়াজী পোক,

৪)মুগা বৰণীয়া পাত সোহনী পোক,

৫)শূৰ পোক আৰু শাক-পাচলিৰ বা অন্যান্য শস্যৰ চগাজাতীয় পোক,

৬)গুৰিকটা পোক বা পাত খোৱা পোকৰ আদিক পোহৰৰ ফান্দ ব্যৱহাৰ কৰি নিয়ন্ত্ৰণ কৰিব পাৰি।

*বাঁহ বা কাঠেৰে তিনিকোণীয়া আকৃতিৰ এটি সৰঞ্জাম তৈয়াৰ কৰি এনে পোহৰ ফান্দ তৈয়াৰ কৰিব পাৰি। আজিকালি এনে পোহৰ ফান্দ বজাৰতো কিনিবলৈ পোৱা যায়। তিনিকোণীয়া সৰঞ্জামটো শস্যৰ মাজত স্থাপন কৰিব লাগে আৰু তাৰ ভিতৰত এটা লেম্প ওলোমাই থৈ সন্ধিয়া সময়ত জ্বলাব লাগে। সৰঞ্জামটোৰ ঠিক তলতে এটা পাত্ৰত অলপ পানী নাইবা পোৰা মবিল ল’ব লাগে।

*কীট-পতঙ্গৰ জীৱন চক্ৰৰ ওপৰত নিৰ্ভৰ কৰি আৰু শস্য বাঢ়ন অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি এনে পোহৰ ফান্দ ব্যৱহাৰ কৰিব পাৰি। উত্তম সময় হ’ল পোকৰ চগা অৱস্থাৰ আগে আগে বা কণী পৰাৰ ঠিক আগেয়ে।

কীটনাশক হিচাপে মেক্সিকান নাৰ্জীফুল:

মেক্সিকান নাৰ্জীফুলৰ পৰা প্ৰস্তুত কৰা প্ৰাকৃতিক কীটনাশকে বিভিন্ন কীটক নিয়ন্ত্ৰণ কৰিব পাৰে। এটা বাল্টিত কিছু পৰিমাণে মেক্সিকান নাৰ্জীফুল লৈ তাত অলপ পানী দি ৫-৬ দিনৰ বাবে ৰাখি থ’ব লাগে। যেতিয়া ফুলখিনি পচিবলৈ আৰম্ভ কৰে তেতিয়াই সেইখিনি পাতল কাপোৰেৰে চেকি লৈ তাত খাদী চাবোনৰ পানী মিহলাই স্প্ৰে কৰিব পাৰি।

জৈৱিক পদ্ধতিৰে শস্যৰ ৰোগ নিয়ন্ত্ৰণ -

গো-মূত্ৰ:

১ লিটাৰ গো-মূত্ৰ ১০ লিটাৰ পানীত মিহলাই ৰাতিপুৱা খুউব সোনকালে শস্যত প্ৰয়োগ কৰিলে ভাইৰাছজনিত, বেক্টেৰীয়াজনিত আৰু ভেঁকুৰজনিত ৰোগৰ নিয়ন্ত্ৰণ হয়।

গোৱৰ পানী:

১ কিলোগ্ৰাম গোৱৰ ১০ লিটাৰ পানীত মিহলাই লোৱা হয় আৰু পাতল কপাহী কাপোৰেৰে চেকি ল’ব লাগে। চেকি লোৱা মিশ্ৰণটোত পুনৰ ৫ লিটাৰ পানী মিহলাই ল’ব লাগে আৰু একেখন কাপোৰেৰে পুনৰ চেকিব লাগে। এনেদৰে চেকি লোৱা মিশ্ৰণটো শস্যৰ বেক্টেৰীয়াজনিত পাত জ্বলা আৰু অন্যান্য বেক্টেৰীয়াজনিত ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব পাৰি।

পদিনাৰ ৰস:

১ কিলোগ্ৰাম পদিনাৰ পাত ভালদৰে পিচি ল’ব লাগে আৰু তাত ৮ লিটাৰ পানী মিহলাই শস্যত স্প্ৰে কৰিলে বেক্টেৰিয়াজনিত পাতত দাগ পৰা ৰোগ নিয়ন্ত্ৰণ হয়।

কীটনাশক হিচাপে ঘোঁৰা নিমৰ পাত আৰু গুটি:

পাতৰ আৰক:

*৫ লিটাৰ পানীৰ বাবে ৫০০ গ্ৰাম সেউজীয়া নিম পাতৰ দৰকাৰ হয়।

*পাতখিনি এৰাতি পানীত তিয়াই পিছদিনা পাতবোৰ পিচি চেকি লোৱা হয়।

*খাদী চাবোনৰ পানী ৫ মিঃলিঃ মিহলাই কীট নিয়ন্ত্ৰণৰ বাবে স্প্ৰে কৰিব পাৰি।

গুটিৰ আৰক:

*২৫০ গ্ৰাম গুটি বাকলি গুচাই এনেদৰে খুন্দিব লাগে যাতে তাৰ তেল ওলাই নাহে।

*খুন্দা গুটিখিনি কোমল পাতল কাপোৰত বান্ধি এৰাতি তিয়াই ৰাখিব লাগে।

*পিছদিনা টোপোলাটো চেপি আৰকখিনি চেকি লোৱা হয়।

*চেকি লোৱা আৰকখিনিত পানী মিহলাই ১০ লিটাৰ কৰি ল’ব লাগে আৰু খাদী চাবোনৰ পানী ১০ মিঃলিঃ মিহলাই কীট নিয়ন্ত্ৰণৰ বাবে স্প্ৰে কৰিব পাৰি।

নিয়ন্ত্ৰণ কৰিব পৰা পোক কিছুমান হ’ল-

১)উঁই,

২)বিভিন্ন পাত খোৱা পলু পোক,

৩)মহ,

৪)মাখি আদি।

ৰস শুহি খোৱা পোকৰ জৈৱিক নিয়ন্ত্ৰণ:

৩ কিলোগ্ৰাম নিমপাত খুন্দি ১০ লিটাৰ গো-মূত্ৰৰ লগত মিহলাই ল’ব লাগে। ২ কিলোগ্ৰাম আতলাচ কঠালৰ পাত, ২ কিলোগ্ৰাম অমিতাৰ পাত আৰু ২ কিলোগ্ৰাম ডালিমৰ পাত অলপ পানীৰ লগত মিহলাই খুন্দি ল’ব লাগে। এতিয়া দুয়োটা মিশ্ৰণ মিহলাই ৫ বাৰকৈ উতলাব লাগে(এবাৰ উতলোৱাৰ পিছত কিছুসময় বিৰতি ল’ব লাগে), যাতে মিশ্ৰণখিনি আধা পৰিমাণৰ হয়গৈ। ২৪ ঘন্টাৰ পিছত উক্ত মিশ্ৰণ পাতল কপাহী কাপোৰৰ সহায়ত চেকিব লাগে। উক্ত মিশ্ৰনটো বটলত ভৰাই ৬ মাহৰ বাবে ৰাখি থ’ব পাৰি। এনেকৈ তৈয়াৰ কৰা মিশ্ৰণৰ ২০ মিলিলিটাৰ ১ লিটাৰ পানীত মিহলাই ৰস শুহি খোৱা পোক যেনে, গান্ধী পোক, ফল বিন্ধা কৰা পোক(বেঙেনা, বিলাহী আদি) ইত্যাদি নিয়ন্ত্ৰণ কৰিব পাৰি।

বীজ সংৰক্ষণত জৈৱিক কীট নিয়ন্ত্ৰণ:

*শস্য মজুত কৰি ৰাখিব বিচৰা ভঁৰাল পৰিষ্কাৰ কৰি ৰাখিব লাগে। মাজে-সময়ে ভঁৰালত গোট খোৱা জাৱৰ-জোঠৰ আঁতৰাই ৰাখিব লাগে।

*বেৰ, মজিয়া আৰু ছালত থকা ফাট নাইবা ফুটাবোৰ ভালকৈ বন্ধ কৰিব লাগে।

*বীজত থকা পানীৰ পৰিমাণ শতকৰা ১২ ভাগতকৈ অধিক হ’ব নেলাগে।

*বস্তাবোৰ ৰাখোতে তাৰ মাজত যাতে বায়ু চলাচল কৰিব পৰা ফাঁক থাকে তাৰ প্ৰতি লক্ষ্য কৰিব লাগে।

*যদি দীৰ্ঘ সময়ৰ বাবে বস্তাত বীজ মজুত কৰিব লগীয়া হয় তেতিয়া ৩ মাহৰ মূৰে মূৰে বস্তাবোৰ ৰ’দত দিব লাগে।

*বস্তাবোৰ মজিয়াৰ পৰা কমেও ১ ফুট ওপৰত কাঠৰ ওপৰত ৰাখিব লাগে।

*যদি বীজ মাটিৰ কলহত ৰাখে তেতিয়া কলহৰ মুখখন নিমপাতেৰে তৈয়াৰী মলমেৰে বন্ধ কৰিব লাগে।

*সংৰক্ষণৰ আগেয়ে বীজবোৰত নিমতেল সানিব লাগে। ইয়াৰ বাবে প্ৰতি ১ কিলোগ্ৰাম বীজত ১০ মিলিলিটাৰ নিমতেল সানি ছাঁত শুকুৱাইহে সংৰক্ষণ কৰিব লাগে।

*বীজ ৰাখিব বিচৰা বস্তুবোৰ ১০ শতাংশ(১০ লিটাৰ পানীত ১ লিটাৰ) নিমগুটিৰ আৰকেৰে শোধন কৰি ল’ব লাগে। ইয়াৰবাবে বস্তুবোৰ ১৫ মিনিট সময়ৰ বাবে নিমগুটিৰ আৰকত ডুবাই ৰাখি ছাঁত শুকাই ল’ব লাগে। যদি বস্তাবোৰ নতুন হয় তেতিয়া আধাঘন্টা সময়ৰ বাবে তিয়াব লাগে।

*মজিয়া গোৱৰেৰে লেপোতে তাৰ লগত নিমতেল(১০ লিটাৰ পানীত ৫ মিলিলিটাৰ) বা নিমগুটিৰ আৰক মিহলাব লাগে।

*যদি বাঁহেৰে সজা পাত্ৰত বীজ ৰখা হয় তেতিয়া বেৰবোৰ নিমগুটিৰ আৰকেৰে লেপি দিব লাগে।

*ভঁৰালত বা বস্তাত নিমপাত বা বিহলঙণিৰ বা কৰচ গছৰ পাত ভৰাই থ’ব লাগে।

*ভঁৰালত বায়ু চলাচল কৰিব পৰা হ’ব লাগে।

*ভঁৰালত মাজে সময়ে নিমপাত বা বিহলঙণিৰ পাতেৰে ৩০-৪৫ মিনিট সময় ধোঁৱা দিব লাগে।

জৈৱিক পদ্ধতিৰে শস্যৰ বীজ শোধন:

বীজেই হ’ল শস্যৰ মূল আধাৰ। শস্যক আক্ৰমণ কৰা বিভিন্ন ভেঁকুৰ আৰু বেক্টেৰীয়াৰ মূল আশ্ৰয়স্থল কিন্তু মাটি নাইবা বীজেই। অৰ্থাৎ কিছুমান ৰোগ মাটিৰ পৰা হয় আৰু কিছুমান ৰোগ বীজৰ পৰাই হয়। সেয়ে, বীজ নাইবা মাটিখিনি ৰোগমুক্ত কৰিবলৈ বীজখিনি শোধন কৰি লোৱাটো অতি দৰকাৰী।

বচ গছৰ আলুৰে বীজ শোধন:

১০ গ্ৰাম বচ গছৰ আলু পিচি গুড়ি কৰি ল’ব লাগে। তাত ৬০ মিলিটাৰ পানী ভালদৰে মিহলাব লাগে আৰু চেকি ল’ব লাগে। উক্ত চেকি লোৱা মিশ্ৰণটোত সিঁচাৰ আগতে বীজখিনি আধাঘন্টাৰ বাবে তিয়াই শোধন কৰি ল’লে ভেঁকুৰ আৰু বেক্টেৰীয়াজনিত ৰোগৰ পৰা ৰক্ষা পাব পাৰি।

বচ গছৰ আলুৰ ৰস আৰু গো-মূত্ৰৰ মিশ্ৰণেৰে বীজ শোধন:

মিশ্ৰণ তৈয়াৰ কৰাৰ এদিন আগতেই ১ লিটাৰ পানী গৰম কৰি ঠাণ্ডা কৰি ৰাখিব লাগে। উক্ত পানীখিনিত পিছদিনা ৰাতিপুৱা ৫০ মিলিলিটাৰ গো-মূত্ৰ আৰু ৫০ মিলিলিটাৰ বচ গছৰ আলুৰ ৰস(চেকি লোৱা) মিহলাই ল’ব লাগে। উক্ত মিশ্ৰণত সিঁচিবলগীয়া বীজখিনি ১৫ মিনিট সময়ৰ বাবে তিয়াই কিছু সময় ছাঁত শুকুৱাই লৈ বীজতলী নাইবা পথাৰত সিঁচিব পাৰি।

জৈৱিক কৃষিৰ মূল বৈশিষ্ট্যসমূহ -

*মাটিত জৈৱিক পদাৰ্থৰ পৰিমাণ বৰ্তাই ৰাখি দীৰ্ঘদিনৰ বাবে মাটিৰ উৰ্বৰতা ৰক্ষা কৰা, মাটিৰ অণুজীৱসমূহৰ ক্ৰিয়া বঢ়াই তোলা আৰু দৈহিক পদ্ধতিসমূহ অৱলম্বন কৰোঁতে সাৱধানতা লোৱা।

*তুলনামূলকভাৱে অদ্ৰৱনীয় পুষ্টিমৌলৰ উৎস ব্যৱহাৰ কৰা যাতে মাটিত থকা অণুজীৱসমূহে তাৰ ওপৰত ক্ৰিয়া কৰি শস্যক পৰোক্ষভাৱে প্ৰয়োজনীয় পুষ্টিমৌলসমূহ যোগান ধৰিব পাৰে।

*মাহজাতীয় শস্যৰ ব্যৱহাৰ, জৈৱিকভাৱে নাইট্ৰজেন সংস্থাপন আৰু জৈৱিক পদাৰ্থৰ পুনৰ ব্যৱহাৰৰ(শস্যৰ অৱশিষ্ট অংশ আৰু পশুৰ গোৱৰ আদি) জৰিয়তে নাইট্ৰজেনৰ স্ব-নিৰ্ভৰতা গঢ়ি তোলা।

*শস্যৰ অপকাৰী অপতৃণ, ৰোগ আৰু কীট নিয়ন্ত্ৰণৰ বাবে শস্যাৱৰ্তন, প্ৰাকৃতিক শত্ৰু, বিচিত্ৰতা, জৈৱিক সাৰ প্ৰয়োগ, প্ৰতিৰোধী জাত নিৰ্বাচন আৰু পৰিসীমিতভাৱে(একেবাৰে নগন্য) তাপ, অণুজীৱ আৰু ৰাসায়নিক ব্যৱস্থা লোৱা।

*পশুধনৰ সু-পৰিচালনা কৰা যাতে সিহঁতক বিৱৰ্তিতভাৱে বৰ্তী থকা, প্ৰয়োজনীয় ব্যৱহাৰ আৰু পশু কল্যানৰ দিশবোৰ যেনে, পুষ্টি, আবাস, স্বাস্থ্য, সংকৰণ আৰু পোহা কাৰ্য আদিত সম্পূৰ্ণ গুৰুত্ব দিয়া হয়।

*বিস্তৃত পৰিবেশ আৰু বনৰীয়া জীৱ-জন্তু তথা প্ৰাকৃতিক আবাসস্থলীবোৰ সংৰক্ষণৰ ক্ষেত্ৰত কৃষি প্ৰণালীৰ প্ৰভাৱৰ বিষয়ে সতৰ্ক হ’ব লাগে।

কীটনাশক হিচাপে কৰচ গছ(Pongamia Pinnata):

কৰচ পাতৰ আৰক:

*১ কিলোগ্ৰাম কৰচ পাত ১ লিটাৰ পানীত এৰাতিৰ বাবে তিয়াই থ’ব লাগে।

*পিছদিনা পাতবোৰ পিচি আৰক প্ৰস্তুত কৰা হয় আৰু সেইখিনি চেকি লোৱা হয়।

*চেকি লোৱা আৰকখিনিত ৪ লিটাৰ মান পানী মিহলাই ৫ লিটাৰ কৰি ল’ব লাগে আৰু খাদী চাবোনৰ পানী ৫ মিঃলিঃ মিহলাই কীট নিয়ন্ত্ৰণৰ বাবে স্প্ৰে কৰিব পাৰি।

কৰচ গুটিৰ আৰক:

*৫০০ গ্ৰাম কৰচ গুটি বাকলি গুচাই এনেদৰে খুন্দিব লাগে যাতে তাৰ তেল ওলাই নাহে।

*খুন্দা গুটিখিনি কোমল পাতল কাপোৰত বান্ধি এৰাতি তিয়াই ৰাখিব লাগে।

*পিছদিনা টোপোলাটো চেপি আৰকখিনি চেকি লোৱা হয়।

*চেকি লোৱা আৰকখিনিত পানী মিহলাই ১০ লিটাৰ কৰি ল’ব লাগে আৰু খাদী চাবোনৰ পানী ১০ মিঃলিঃ মিহলাই কীট নিয়ন্ত্ৰণৰ বাবে স্প্ৰে কৰিব পাৰি।

কৰচ গছ ব্যৱহাৰ কৰি নিয়ন্ত্ৰণ কৰিব পৰা পোক কিছুমান হ’ল -

১)মোৱা পোক,

২)শূৰ পোক,

৩)টেঙাৰ বিভিন্ন পাত খোৱা পোক,

৪)ফৰিং জাতীয় পোক,

৫)চাউলৰ পোক,

৬)আলুৰ মথ আদি।

কীটনাশক হিচাপে ঘৃত কুমাৰী আৰু পচতীয়া পাত:

দৰকাৰী সামগ্ৰী আৰু প্ৰস্তুত প্ৰণালী:

*৫০ মিঃলিঃ ঘৃত কুমাৰী পাতৰ ৰসৰ পৰা ২ লিটাৰ আৰক প্ৰস্তুত কৰিব লাগে।

*৫ কিঃগ্ৰাঃ পচতীয়া পাত পানীত সম্পূৰ্ণকৈ ডুব যোৱাকৈ তিয়াই উতলাই ল’ব লাগে আৰু পিছত চেকি ল’ব লাগে।

*দুয়োখিনি আৰক মিহলাই তাৰ লগত ৫০ লিটাৰ পানী মিহলাই ল’ব লাগে আৰু কীট নিয়ন্ত্ৰণৰ বাবে স্প্ৰে কৰিব পাৰি।

*নিয়ন্ত্ৰণ কৰিব পৰা পোক কিছুমান হ’ল-

১)আমেৰিকান বল ৱৰ্ম,

২)মোৱা পোক,

৩)শূৰ পোক,

৪)বেক্টেৰীয়াজনিত আৰু ভেঁকুৰজনিত ৰোগ আদি।

কীট-আকৰ্ষণকাৰী উদ্ভিদেৰে কীট নিয়ন্ত্ৰণ:

মূল শস্যৰ মাজত অন্য কিছুমান উপৰুৱা শস্য ৰোপন কৰি অনিষ্টকাৰী কীট-পতঙ্গক আকৰ্ষিত কৰা হয় আৰু প্ৰাকৃতিকভাৱেই এইবোৰক নিয়ন্ত্ৰণ কৰা হয়। ফুলকবিৰ মাজত লাই/সৰিয়হৰ খেতি, বন্ধাকবি, বিলাহীৰ মাজত নাৰ্জীফুলৰ খেতি কৰি মূল শস্যক ৰক্ষা কৰিব পাৰি। এনে ব্যৱস্থাৰে বন্ধাকবি, ফুলকবিৰ পাতখোৱা পলুপোক, বিলাহীৰ ফল বিন্ধা কৰা পলুপোক, বিছা পোক আদি নিয়ন্ত্ৰণ কৰিব পাৰি।

জুলীয়া জৈৱিক সাৰ- শস্যগব্য:

দৰকাৰী সামগ্ৰী আৰু প্ৰস্তুত প্ৰণালী:

*৩৩ কিলোগ্ৰাম বিভিন্নধৰণৰ বনবাত যেনে- কচু, ঢেকীয়া, বিহলঙনী, জাৰ্মানীবন, ধপাত তিতা আদি সংগ্ৰহ কৰি সৰু সৰুকৈ কাটি এটা ঢাকনি থকা প্লাষ্টিকৰ ড্ৰামত ল’ব লাগে। ইয়াৰ লগত ১০ কিলোগ্ৰাম কেঁচা গোৱৰ আৰু ১২০ লিটাৰ পানী মিহলাই ঢাকোন মাৰি থ’ব লাগে।

*প্ৰতিদিনে অন্ততঃ এবাৰকৈ লৰাওক। এইদৰে গৰমৰ দিনত ৬ দিন আৰু ঠাণ্ডা দিনত ১২ দিন পৰ্যন্ত থ’ব লাগে।

*এতিয়া এই জুলীয়া দ্ৰব্যখিনি চেকি লৈ ১ লিটাৰ ১০ লিটাৰ পানী হিচাপে মিহলাই শস্যত স্প্ৰে কৰিব লাগে।

কীটনাশক হিচাপে তুলসী:

দৰকাৰী সামগ্ৰী আৰু প্ৰস্তুত প্ৰণালী:

*১০০ গ্ৰাম তুলসী পাতৰ পৰা ১ লিটাৰ আৰক প্ৰস্তুত কৰিব পাৰি।

*প্ৰথমে পাতবোৰ ওৰেটি নিশা পানীত তিয়াই থ’ব লাগে।

*পিছদিনা পাতবোৰ পিচি আৰক প্ৰস্তুত কৰা হয় আৰু সেইখিনি চেকি লোৱা হয়।

*চেকি লোৱা আৰকখিনিত খাদী চাবোনৰ পানী(প্ৰতি লিটাৰ আৰকত ১ মিঃলিঃ) মিহলাই কীট নিয়ন্ত্ৰণৰ বাবে স্প্ৰে কৰিব পাৰি।

*নিয়ন্ত্ৰণ কৰিব পৰা পোক কিছুমান হ’ল-

১)মোৱা পোক,

২)শূৰ পোক,

৩)পঁইতাচোৰা,

৪)মহ আদি।

হালধীয়া আঠাযুক্ত কাৰ্ড:

টিনৰ প্লেট বা খালী টিনৰ পাত্ৰত হালধীয়া ৰং সানি শুকুৱাই ল’ব লাগে আৰু তাত এড়িতেল সানি শস্যৰ মাজত, বিশেষকৈ শাক-পাচলি খেতিৰ মাজত খুটিৰ সহায়ত ৰাখি থ’ব লাগে।

প্ৰত্যেকদিনাই প্লেট বা টিনটো চাফা কৰি পুনৰ এড়িতেল সানিব লাগে। এই পদ্ধতিৰে বগা মাখি জাতীয় পোকক নিয়ন্ত্ৰণ কৰি শস্যৰ বহুতো ভাইৰাছজনিত ৰোগক নিয়ন্ত্ৰণ কৰাৰ লগতে মোৱা পোক, চগা জাতীয় পোকৰ সংখ্যা কমাই শস্যডৰাৰ ক্ষতি হ্ৰাস কৰিব পাৰি।

উৎস: সেউজ চিন্তা(নয়ন কুমাৰ বৰা)

শেহতীয়া উন্নীতকৰণ: : 7/3/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate