অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

টেঙাগছৰ খেতিত শস্যকৃমিৰ গুৰুত্ব আৰু ইয়াৰ প্ৰতিকাৰঃ

টেঙাগছৰ খেতিত শস্যকৃমিৰ গুৰুত্ব আৰু ইয়াৰ প্ৰতিকাৰঃ

নেমুটেঙা এবিধ টেঙাজাতীয় শস্য। আমাৰ দৈনন্দিন জীৱনত বছৰজুৰি ব্যৱহাৰ হোৱা টেঙাবোৰৰ ভিতৰত নেমুটেঙা অন্যতম। অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত খেতি কৰা নানাবিধ টেঙাশস্যৰ মাটিকালি আৰু উত্পাদন বছৰে কমি আহিছে। ইয়াৰ প্ৰধান কাৰণ হ’ল ৰোগ-ব্যাধি আৰু কীটৰ উপদ্ৰৱ।

টেঙাৰ বিভিন্ন ৰোগ-ব্যাধি আৰু কীট-পতংগৰ ভিতৰত শস্যকৃমিও এটা ব্যাধি, যিয়ে মাটিৰ তলত থাকি নেমুগছৰ শিপাৰ অনিষ্টসাধন কৰে। ইয়াৰ ভিতৰত Tylenchulus semipenetrance  আৰু Radopholus similis অন্যতম। এই দুয়োবিধ শস্যকৃমিয়ে নেমুগছৰ উত্পাদন ১৪.২ শতাংশ হ্ৰাস কৰে। এই দুয়োবিধ কৃমিৰ আক্ৰমণৰ বিষয়ে চমুকৈ তলত উল্লেখ কৰা হ’লঃ-

Radopholus similis- এইবিধ শস্যকৃমিয়ে শস্যৰ শিপাত সোমাই শিপাৰ ওপৰৰ বাকলি অংশত অনিষ্টসাধন কৰে। ইয়াৰ বংশবৃদ্ধি শস্যৰ শিপাৰ ভিতৰতে তিনি বা চাৰি সপ্তাহমানৰ ভিতৰতে হয়। এইবিধ শস্যকৃমি মাটিৰ চাৰি মিটাৰ গভীৰলৈকে পোৱা যায়। ই নেমুগছত স্প্ৰেডিং-ডিক্লাইন্ নামৰ বেমাৰৰ সৃষ্টি কৰে। এই বেমাৰত আক্ৰান্ত গছৰ ওপৰ ফালৰ পাতবোৰ সৰি যায় আৰু উপৰিভাগ পত্ৰহীন হোৱাৰ ফলত গছজোপা লাহে লাহে সৰিবলৈ ধৰে। আক্ৰান্ত গছৰ পাত আৰু ফলবোৰ সৰু হোৱা দেখা যায়, ফলবোৰ পূৰঠ হোৱাৰ আগতে সৰিবলৈ ধৰে, শিপাত ক’লা চামনি পৰা দেখা যায়, আক্ৰান্ত গছৰ শিপাবোৰ চুটি হয়। এইবিধ শস্যকৃমিয়ে শিপাৰ বৃদ্ধি ৰহিত কৰে। এই বেমাৰ ক্ৰমান্বয়ে আক্ৰান্ত গছৰ পৰা কাষৰ গছলৈ বিয়পি পৰে। এই বেমাৰৰ সংক্ৰমণ আক্ৰান্ত গছৰ শিপাৰ দ্বাৰা হয়। এই কৃমিৰ দ্বাৰা হোৱা বেমাৰৰ প্ৰতিকাৰবোৰ হ’ল-

ৰোৱাৰ আগতে শিপাবোৰ বৰডো মিশ্ৰণ + ডি বি চি পি ক্ৰীমত তিয়াব লাগে।

ৰোৱাৰ আগতে শিপাবোৰ ৫৩-৫৫ ডিগ্ৰী চেলছিয়াছ গৰম পানীত ২০-২৫ মিনিট ৰাখিব লাগে।

পুলি ৰোৱাৰ আগতে নেমুটেঙাৰ মূঢ়া বোকাত লেটিয়াই তাৰ ওপৰত ১.২ গ্ৰাম ফুৰাডন ছটিয়াব লাগে।

Tylenchulus semipenetrance- এইবিধ শস্যকৃমিয়ে শস্যৰ শিপাৰ বৃদ্ধি অংশত প্ৰৱেশ কৰি শিপাৰ পৰা খাদ্য আহৰণ কৰে। এই শস্যকৃমি এবাৰ শস্যডৰাত দেখা দিয়াৰ পাছত ৭-৮ বছৰলৈকে শস্যডৰাক অনিষ্টসাধন কৰি থাকে। ই নেমুগছত স্লো ডিক্লাইন্ নামৰ বেমাৰৰ সৃষ্টি কৰে।

লক্ষণঃ আক্ৰান্ত গছৰ পাতবোৰ হালধীয়া ৰঙৰ হৈ সৰিবলৈ ধৰে। ফলবোৰ পূৰঠ হোৱাৰ আগতে সৰিবলৈ ধৰে, গছত ফল লগাৰ পৰিমাণ কমি যায়, গছত শুকান ডালৰ পৰিমাণ বাঢ়ি যায় আৰু গছৰ ফুল ফুলাৰ ক্ষমতা কমি যায়। বেছিকৈ আক্ৰান্ত  গছৰ শিপাত মাটিৰ চামনি এটা লাগি থাকে। ইয়াক পানীত ধুইও আঁতৰাব নোৱাৰি। আক্ৰান্ত শিপাবোৰৰ ব্যাস বাঢ়ি যায় আৰু বাকলি অংশটো ভিতৰ অংশৰ পৰা সহজেই আঁতৰাব পাৰি।

ইয়াৰ প্ৰতিকাৰবোৰ হ’ল-

পুলিবাৰীখন শস্যকৃমি থকা মাটি বা আগৰ পুৰণি পুলিবাৰীৰ পৰা আঁতৰত কৰিব লাগে। সাধাৰণতে পুলিবাৰী সদায় নতুন ঠাইত অথবা শস্যকৃমি নথকা ঠাইত পতা হয়।

নেমুগছৰ বাৰীত ফুৰাডন ৪ কেজি (এ আই) প্ৰতি হেক্টৰ মাটিত ব্যৱহাৰ কৰিব লাগে। ইয়াক মিশ্ৰণ কৰিবলৈ পানী ব্যৱহাৰ কৰিব লাগে।

নেমুগছৰ মাজে মাজে নহৰু, পিঁয়াজ আৰু নাৰ্জী ফুলৰ গছ ৰুব লাগে।

নিমৰ খলিহৈ ১ কেজি প্ৰতিজোপা গছত আৰু লগত ফুৰাডন ২ কিঃ গ্ৰাঃ (এ আই) প্ৰতি হেক্টৰ মাটিত ব্যৱহাৰ কৰিব পাৰি।

উন্নতমানৰ সঁচ যেনে- পনচিৰাছ ট্ৰাইফলিয়েটাৰ শিপা ব্যৱহাৰ কৰিব লাগে।

উত্সঃ অসমীয়া খবৰ, বিদ্যুত্ বিকাশ দেউৰী, ড দেৱানন্দ দাস



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate