অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

তিচী খেতি

তিচী খেতিৰ কথা ভবাৰ কাৰণঃ

  • তিচী খেতিত বেমাৰ-আজাৰ, পোক-পৰুৱাৰ আক্ৰমণ আন খেতিৰ তুলনাত কম।
  • গৰু-ছাগলীয়ে সাধাৰণতে এই খেতিৰ অনিষ্ট নকৰে।
  • বহু ক্ষেত্ৰত তিচীৰ ব্যৱহাৰ হয় বাবে ইয়াৰ ব্যৱসায়িক গুৰুত্বও অধিক। তিচীৰ গুটিত যথেষ্ট পৰিমাণে (৪৪ শতাংশ) তেল থাকে। এই তেলৰ পৰা বিভিন্ন ৰং, বাৰ্নিচ আদি প্ৰস্তুত কৰা হয়। উন্নত আঁহযুক্ত গুণৰ বাবে তিচীৰ খেৰ পেপাৰ, প্লাষ্টিক আদি বনোৱাত ব্যৱহৃত হয়। তিচীৰ খলিহৈ উন্নত সাৰ আৰু গৰু-ছাগলীৰ খাদ্য।
  • ভাদ-আহিন মাহৰ পৰা আৰম্ভ কৰি একেবাৰে ব’হাগ বিহুৰ আগলৈ তিচী খেতি কৰিব পাৰি। অসমত শালিধানৰ পথাৰত খেতি চপোৱাৰ আগত বা পাছত তিচীৰ বীজ সিঁচিব পাৰি। বীজ সিঁচাৰ উপযুক্ত সময় অক্টোবৰ-নৱেম্বৰ।
  • ইমান সুবিধা থকা সত্ত্বেও অসমৰ খেতিপথাৰত তিচী খেতিৰ প্ৰাবল্য কমি যোৱটো দুৰ্ভাগ্যজনক। ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ ফালৰ পৰাও তিচী খেতিৰ প্ৰসাৰৰ বাবে বহু আঁচনি লোৱা হৈছে। এইবোৰৰ পৰিপ্ৰেক্ষিতত আজিৰ এই খণ্ডত তিচীৰ কৃষিকাৰ্যৰ কেইটামান দিশত আলোকপাত কৰা হৈছে।

উপযুক্ত জলবায়ু আৰু মাটিঃ

  • ঠাণ্ডা, সেমেকা জলবায়ু এই খেতিৰ বাবে উপযোগী।
  • কম বৰষুণতো তিচী খেতি ভাল হয়।
  • পলসুৱা, পানী জমা নোহোৱা যিকোনো মাটিতেই এই খেতি কৰিব পাৰি।

মাটি চহোৱা আৰু সাৰ প্ৰয়োগঃ

  • তিনি-চাৰি চাহ হালবাই মাটিডৰা ভালদৰে মৈয়াই দিব লাগে। এনে কৰিলে খেতিত বন-বাতৰ প্ৰাৰ্দুভাৱ কম হয়।
  • শেষৰবাৰ হাল বোৱাৰ আগতে বি এইচ চি ১০ শতাংশ বিঘাই প্ৰতি ৩-৪ কিলোগ্ৰামকৈ প্ৰয়োগ কৰিব লাগে। এনে কৰাৰ ফলত বগা পৰুৱা আৰু পুলি কটা পোকৰ পৰাপ্পুলিবোৰক ৰক্ষা কৰিব পাৰি।
  • বিঘাই প্ৰতি ১২ কিলোগ্ৰাম ইউৰিয়া, ১৮ কিলোগ্ৰাম একক ছুপাৰ ফছফেট আৰু ২ কিলোগ্ৰাম মিউৰিয়েট অব পটাছ সাৰ শেষৰবাৰ হাল বোৱাৰ সময়ত প্ৰয়োগ কৰিব লাগে।
  • জলসিঞ্চনৰ সুবিধা থকা মাটিত ইউৰিয়াখিনি সমানে দুভাগ কৰি এভাগ সমুদায় ফছফৰাছ আৰু পটাছ সাৰৰ লগত প্ৰয়োগ কৰিব লাগে। বাকী আধাভাগ ইউৰিয়া প্ৰথম জলসিঞ্চনৰ সময়ত (সাধাৰণতে বীজ সিঁচাৰ ৪০-৫০ দিনৰ পাছত) প্ৰয়োগ কৰিব লাগে।

বীজ সিঁচাঃ

  • শাৰী শাৰীকৈ বীজ সিঁচিলে পাছলৈ বন-বাত নিৰোৱা, সাৰ বা ঔষধ প্ৰয়োগ কৰাকে আদি কৰি শস্য চপোৱালৈ সকলো কামত সহায়ক হয়।
  • বীজ সিঁচোতে দুটা শাৰীৰ মাজৰ দূৰত্ব ৩০ ছেঃ মিঃ আৰু দুটা বীজৰ মাজৰ দূৰত্ব ১৮ ছেঃ মিঃ ৰাখিব লাগে। এইক্ষেত্ৰত বিঘাই প্ৰতি ২-৩ কিলোগ্ৰাম বীজৰ প্ৰয়োজন হয়। শাৰী-শাৰীকৈ নিসিঁচিলে অধিক বীজৰ প্ৰয়োজন হয়।
  • বীজ ঘনকৈ সিঁচিলে গুটি আৰু আঁহৰ উৎপাদন অধিক হয়। আনহাতে বীজ পাতলকৈ সিঁচিলে গছবোৰ অধিক জোপাহা হয়।
  • গছ মৰহা ৰোগ নিয়ন্ত্ৰণৰ বাবে সিঁচাৰ আগতে প্ৰতি কিলোগ্ৰাম বীজ ২ বেনলেট বা বেভিষ্টিন ঔষধ অথবা ৩ গ্ৰাম কেপটান বা থিৰাম ঔষধেৰে শোধন কৰি ল’ব লাগে।

অনুমোদিত জাতঃ

  • অসমত সচৰাচৰ কৰা তিচীৰ উন্নত জাত হ’ল টি-৩৯৭। এই জাতৰ শস্যকাল ১৩০-১৩৫ দিন, বীজত থকা তেলৰ পৰিমাণ ৪৪ শতাংশ আৰু গড় উৎপাদন প্ৰতি হেক্টৰত ৮-১০ কুইণ্টল।

খেতি চপোৱাঃ

  • গছৰ পাত শুকাই সোণালী-হালধীয়া বৰণ ল’লে খেতি চপাব পাৰি। কাঁচিৰে কাটি বা গছ উভালি পেলোৱাৰ পাছত হাতেৰে বা লাঠীৰে কোবাই বা মৰণা মাৰি বীজ উলিওৱা হয়।

লিখকঃ ড ৰত্ন কিংকৰ গোস্বমী, অসমীয়া খবৰ



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate