অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

তিল খেতি:

 

তিল এবিধ ঔষধি গুণসম্পন্ন তেলজাতীয় শস্য। এইবিধ শস্যই হিন্দু ধৰ্মৰ বিভিন্ন পূজা-পাৰ্বনত আগস্থান পাই আহিছে। ইয়াৰ তেল অতি মূল্যৱান। প্ৰায় সকলো ৰাজ্যতে উৎপন্ন হোৱা অতি লাভজনক তিল খেতিৰ কৃষি পদ্ধতি চমুকৈ এনেধৰণৰ-

মাটি:

পানী ওলাই যোৱাৰ সু-ব্যৱস্থা থকা বালি পলসুৱা মাটি এই খেতিৰ বাবে উপযুক্ত।

পথাৰ প্ৰস্তুত:

 

৩-৪ বাৰ হাল বাই, মৈ দি মাটিডৰা মিহি কৰি ল’ব লাগে।

বীজ সিঁচাৰ সময়:

জুলাই মাহৰপৰা আগষ্ট মাহৰ প্ৰথম পষেকৰ ভিতৰত বীজ সিঁচিব লাগে।

বীজ নিৰ্বাচন:

এছ পি ১১৮১(মুগা)

৭০-৭৫ দিন

এছ টি ১৬৮৩(ক’লা)

৯০-৯৫ দিন

গৌৰী(মুগা)

৭৫-৮০ দিন

বিনায়ক(মুগা)

৭৫-৮০ দিন

আৰ টি-১(ক’লা)

৮০-৯০ দিন

পঞ্জাব তিল নং-১(বগা)

৭৫-৮৫ দিন

 

বীজৰ পৰিমাণ:

 

সিঁচি কৰা বা শাৰীবদ্ধ প্ৰণালীৰে কৰা- উভয় ক্ষেত্ৰতে প্ৰতি বিঘাত ৬০০ গ্ৰাম বীজৰ প্ৰয়োজন।

ব্যৱধান:

শাৰীৰ মাজত ৩০ ছেন্টিমিটাৰ আৰু গছৰ মাজত ১৫ ছেন্টিমিটাৰ।

সাৰ প্ৰয়োগ:

পচন সাৰ বা গোবৰ সাৰ বিঘাত ১০ কুইন্টল ৰাসায়নিক সাৰ(বিঘাই প্ৰতি) ইউৰীয়া-৯ কিলোগ্ৰাম, একক ছুপাৰ ফছফেট- ১৮ কিলোগ্ৰাম, মিউৰেট অব পটাচ ৫ কিলোগ্ৰাম। বীজ সিঁচাৰ সময়ত সমুদায় সাৰ প্ৰয়োগ কৰিব লাগে।

প্ৰতিপালন:

 

২০ দিন পিছত খুৰপি বা কোৰেৰে বনবাত নিৰাই দিব লাগে।

খেতি চপোৱা:

পাত আৰু গা-গছবোৰ হালধীয়া হ’লে, পাত সৰিবলৈ ধৰিলে আৰু গুৰিৰ পিনে ছেঁইবোৰ হাতেৰে চেপি দিলে ওপৰৰ পিনৰপৰা ফাটিবলৈ ল’লে খেতি চপাব লাগে।

উৎপাদন:

হেক্টৰে প্ৰতি ৬-৮ কুইন্টল।

লেখক:প্ৰবোধ চন্দ্ৰ শৰ্মা(দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 12/21/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate