অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ধানখেতিত পৰম্পৰাগত শস্যৰক্ষাৰ ব্যৱস্থা

ধানখেতিত পৰম্পৰাগত শস্যৰক্ষাৰ ব্যৱস্থা

 

আমাৰ ৰাজ্যখনত ধানৰ উৎপাদন বৃদ্ধি কৰিবলৈ হ’লে সময় মতে শস্যৰক্ষাৰ ব্যৱস্থাসমূহ হাতত ল’ব লাগিব। ভূঁই ৰুই যোৱাৰ পিছৰে পৰা পথাৰডৰাৰ ওপৰত সততে চকু ৰাখি পৰিচর্যাৰ ব্যৱস্থা ল’ব পাৰিলে শস্য অনিষ্টকাৰী পোক-পতংগ আৰু বেমাৰ-আজাৰ প্ৰতিৰোধ কৰিবলৈ সহজ হৈ পৰে। অসমৰ কৃষক ৰাইজে অতীজৰে পৰা ধানখেতিৰ পথাৰত বিভিন্ন থলুৱা পদ্ধতি প্রয়োগ কৰি শস্য অনিষ্টকাৰী কীট-পতংগবোৰ নিয়ন্ত্ৰণ কৰি আহিছে। বিভিন্ন অঞ্চলৰ কৃষক ৰাইজে ধানখেতিত প্রয়োগ কৰা তেনে কিছুমান থলুৱা পদ্ধতিৰ বিষয়ে তলত উল্লেখ কৰা হ’ল।

১। এই মাহত শালিধানৰ পথাৰত টুপলিকটা পোকৰ আক্রমণ বেছি হোৱা দেখা যায়। টুপলিকটা পোকে ধানগছৰ পাতবোৰ কাটি পাতটো মেৰিয়াই তাৰ মাজত সোমাই থাকে আৰু কটা পাতবোৰ গছত ওলমি থকা দেখা যায়। তাৰ পৰা শস্যখিনি ৰক্ষা কৰিবলৈ এডাল নাৰিকলৰ ৰছীত কেৰাচিন তেল লগাই ৰছীডালৰ দুটা মূৰত ধৰি দুজন মানুহে ধাননিডৰাৰ ওপৰেদি গছৰ পাতত লগাকৈ টানি নিব লাগে। তেনে কৰিলে ধানৰ পাতত লাগি থকা পলুবোৰ কেৰাচিন তেলত লাগি পথাৰত পৰি যাব। পথাৰডৰাৰ পানীত অলপমান কেৰাচিন তেল দি ল’লে পানীত পৰি যোৱা পোকবোৰ সহজে মৰে।

২। ধাননি পথাৰ আক্রমণ কৰা পোক-পতংগৰ ভিতৰত চৰহা পোক অন্যতম। চৰহা পোকে ধানখেতিৰ অপূৰণীয় ক্ষতি সাধন কৰিব পাৰে। এই পোকবোৰৰ পলুবোৰে ধানৰ পাতৰ মাজত সোমাই সেউজীয়া অংশভাগ খোৱাৰ পৰিপ্ৰেক্ষিতত দূৰৰ পৰা পথাৰখন খেৰনিৰ দৰে দেখা যায়। এনে পোকৰ আক্ৰমণৰ পৰা শস্যখিনি ৰক্ষা কৰিবলৈ পোকৰ আক্ৰমণৰ সম্ভাৱনা দেখিলে আগতীয়াকৈ এডাল বাঁহৰ কামীৰে ধানগছৰ পাতবোৰ মৰিয়াই চিৰিলি চিৰিলিকৈ ফালি দিব লাগে। তেনেদৰে ধানৰ পাতবোৰ ফালি দিলে পোকৰ উপদ্ৰৱ বহুগুণে কমে।

৩৷ চৰহা পোক নিবাৰণৰ অন্যতম উপায় হৈছে পথাৰত হাঁহি মেলি দিয়াটো। হাঁহে চৰহা পোক ধৰি খায় আৰু সেইবাবে নিয়মীয়াকৈ হাঁহ চৰি থকা পথাৰত চৰহা পোক প্রমুখ্যে ভালেমান পোকৰ উপদ্ৰৱ কম হোৱা দেখা যায়।

৪। ধান গছে সঁজাল ধৰাৰ পিছৰে পৰা ধান খেতিত মজাখোৱা পোকৰ আক্রমণ হোৱা দেখা যায়। মজাখোৱা পোকৰ আক্রমণ হ’লে প্রথমে ধানগছৰ মাজৰ থুৰিটো শুকাই যায় আৰু হাতেৰে ধৰি টানি দিলে থোৰটো ওলাই আহে। তাৰ পৰা শস্যডৰা ৰক্ষা কৰিবলৈ চজিনা গছৰ পাত কাটি পথাৰৰ পানীত প্রয়োগ কৰিব লাগে।

৫। পচতীয়া গছৰ পাত কাটি ধাননি পথাৰৰ পানীত প্রয়োগ কৰি টুপলিকটা আৰু চৰহা পোকৰ আক্রমণ ৰোধ কৰিব পৰা যায়। সোণবৰিয়াল গছৰ শিপা আৰু পাত কাটি ধাননি পথাৰৰ পানীত পেলাই থ’লে মজাখোৱা আৰু চৰহা পোকৰ আক্রমণ কমে। তেনে পোক-পতংগৰ আক্রমণ হোৱাৰ সম্ভাৱনা থকা পথাৰত এনে ব্যৱস্থা হাতত লোৱা ভাল।

৬। ক’লা কচুৰ ঠাৰি, ঘোঁৰা নিমৰ পাত, ৰবাব টেঙাৰ বাকলি আৰু বিহলঙনীৰ পাত প্রয়োগ কৰি ধানখেতি আক্রমণ কৰা ভালেমান পোক-পতংগ নিয়ন্ত্রণ কৰিব পৰা হৈছে। এই দ্রব্যসমূহ কাটি ধাননিপথাৰৰ মাজে মাজে পানীত প্রয়োগ কৰিব লাগে।

৭। চৰায়ে বিভিন্নধৰণৰ পোক-পলু ভক্ষণ কৰে। ধাননি পথাৰৰ মাজে মাজে চৰাই পৰিব পৰাকৈ বাঁহৰ জেং নাইবা গছৰ ডাল পুতি দিলে তাত চৰাই পৰিব আৰু পথাৰত থকা ভালেমান পোক-পতংগ ধৰি খাব।জিঞা আৰু কিছুমান মকৰাই ধানৰ অনিষ্টকাৰী পোক-পতংগ ধৰি খায়। সেয়েহে, তেনেধৰণৰ পতংগ নিধন কৰা মুঠেই উচিত নহয়।

৮। গান্ধীপোক ধানখেতিৰ অন্যতম শত্রু। ধানৰ গাখীৰতী অৱস্থাত গান্ধীপোকে ধানৰ গাখীৰভাগ খোৱাৰ ফলত ধানত পতানৰ সংখ্যা বাঢ়ে আৰু ধানত ক’লা ক’লা দাগ পৰে। ধানৰ গাখীৰতী অৱস্থাত পথাৰৰ মাজে মাজে খুঁটি পুতি তাত মৰা মাছ, মৰা ভেকুলী আদি আঁৰি দি গান্ধীপোকৰ আক্ৰমণৰ পৰা ধানখিনি ৰক্ষা কৰিব পাৰি।

৯। ধাননি পথাৰৰ মাজে মাজে ভাং গছ ৰুই থ’লে গান্ধীপোকৰ আক্রমণ হ্রাস পায়। সন্ধিয়া পৰত পথাৰৰ পোক-পতংগ জুইত পৰি মৰে। সেইবাবে, কাতি মাহত চাকি জ্বলোৱা প্রথা আমাৰ সমাজত অতীজৰে পৰা চলি আহিছে।

ধান খেতিত পোক-পতংগৰ আক্রমণ অত্যন্ত বেছি হ’লে অথবা পৰম্পৰাগত থলুৱা পদ্ধতিৰে সিহঁতক নিবাৰণ কৰা উচিত। এনে ঔষধ প্রয়োগ কৰাৰ আগতে দৰৱৰ প্রয়োগ পদ্ধতিৰ বিষয়ে বিতংকৈ জানি ল’ব লাগে। আজিকালি বজাৰত ওলোৱা কীটনাশক দ্রব্যবোৰ অতিমাত্ৰাত আৰু যধে—মধ্যে প্রয়োগ কৰাৰ ফলত পথাৰত থকা উপকাৰী পোক-পতংগবোৰ মৃত্যুমুখত পৰিছে। ফলস্বৰূপে কৃষকৰ উপকাৰী পোকবোৰৰ পৰিমাণ যথেষ্ট কমি যোৱা পৰিলক্ষিত হৈছে। সেইবাবে আমাৰ পৰিৱেশ স্বাস্থ্যসন্মত কৰি ৰাখিবলৈ পৰম্পৰাগত থলুৱা পদ্ধতিসমূহ কৃষকৰ পথাৰলৈ সম্প্রসাৰণ কৰিবৰ সময় সমাগত।  তেতিয়াহে আমি পিছৰ প্ৰজন্মৰ বাবে জৈৱিক কৃষিৰ বাট মুকলি কৰিবলৈ সক্ষম হ’ব পাৰিম।

লিখক: ড° কুমুদ চুতীয়া, দৈনিক জনমভূমি।

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate