অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নাৰিকলৰ উন্নত কৃষি প্ৰণালীঃ

 

অসমৰ প্ৰায় সকলো অঞ্চলতেই কম-বেছি পৰিমাণে নাৰিকল গছ দেখা পোৱা যায়। কিন্তু নগাঁও, মৰিগাঁও, কামৰূপ, নলবাৰী, বৰপেটা, দৰং আৰু শোণিতপুৰ জিলাত নাৰিকল খেতিৰ মাটিকালি যথেষ্ট বেছি। অৱশ্যে উৎপাদনৰ ক্ষেত্ৰত যথেষ্ট তাৰতম্য দেখা যায় যিটো সাধাৰণতে মাটিৰ উৰ্বৰতা আৰু কৃষকৰ যত্নৰ ওপৰত যথেষ্টখিনি নিৰ্ভৰ কৰে।

অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত থকা কাঁহিকুছি উদ্যান গৱেষণা কেন্দ্ৰৰ গৱেষণাৰ পৰা দেখা গৈছে যে অসমত ওখ জাতৰ নাৰিকলৰ গছে প্ৰতি গড় উৎপাদন ১০২টা নাৰিকল, চাপৰ জাতৰ নাৰিকলৰ গড় উৎপাদন ১২২টা আৰু বৰ্ণসংকৰ জাতৰ গড় উৎপাদন ১৪৪টা নাৰিকল। গৱেষণা কেন্দ্ৰৰ আৰু কৃষকৰ নাৰিকল গছৰ উৎপাদনৰ পাৰ্থক্য থকাৰ মুখ্য কাৰণ হৈছে গৱেষণা কেন্দ্ৰত থকা নাৰিকল গছত নিয়মিতভাৱে সাৰ-গোবৰ দিয়া হয় আৰু উপযুক্ত প্ৰতিপালন ব্যৱস্থা অৱলম্বন কৰা হয়। আনহাতে কৃষকৰ ঘৰৰ নাৰিকল গছৰ উৎপাদন মুখ্যতঃ মাটিৰ উৰ্বৰা শক্তিৰ ওপৰতে নিৰ্ভৰ কৰে। অসমৰ মাটি আৰু জলবায়ু নাৰিকল খেতিৰ বাবে উপযোগী। খেতিৰ পৰা আশানুৰূপ লাভ অৰ্জন কৰিবলৈ হ’লে উপযুক্ত কৃষি-প্ৰণালী অৱলম্বন কৰাটো অতি প্ৰয়োজন। সঠিকভাৱে যতন ল’লে ছবছৰমানৰ পৰাই নাৰিকল গছত ফলধৰা পৰিলক্ষিত হয় আৰু পাছলৈ উৎপাদন বৃদ্ধি পাই গৈ থাকে যদিও ১৩ বছৰ মানৰ পাছত স্থিৰ মাত্ৰাত ফল লাগিবলৈ ধৰে। আৰ্থিক দিশত প্ৰচুৰ সম্ভাৱনাপূৰ্ণ নাৰিকলৰ উন্নত কৃষি প্ৰণালীৰ বিষয়ে তলত সংক্ষিপ্তভাৱে আলোচনা কৰা হ’ল।

সঁচ নিৰ্বাচনঃ

 

এজোপা নাৰিকলৰ পৰা আশানুৰূপ উৎপাদন পাবলৈ হ’লে প্ৰথমৰ পৰাই গুৰুত্ব দিব লাগে। খেতিৰ বাবে নাৰিকলৰ ভাল সঁচ নিৰ্বাচন কৰিব লাগে। অসমৰ মাটি, জলবায়ু আৰু স্থানীয় পৰিস্থিতিৰ লগত খাপ খোৱাকৈ অনুমোদন জনোৱা বিভিন্ন ধৰণৰ অধিক উৎপাদনক্ষম সঁচসমূহ হ’ল- আছাম টল, বেংগল হাজাৰী, বেংগল চিলেকটেড, টি x ডি হাইব্ৰীড। ইয়াৰে টি x ডি হাইব্ৰীড বৰ্ণসংকৰ আৰু চাপৰ জাতৰ। অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত উদ্যান শস্য গৱেষণা কেন্দ্ৰ কাঁহিকুছিত অসমৰ ওখ জাতবোৰৰ পৰা কামৰূপা নামৰ মধ্যমীয়া আকাৰৰ ফলযুক্ত, উচ্চ উৎপাদনক্ষম এবিধ জাত উদ্ভাৱন কৰা হৈছে। এই জাতটো কোঁহ পচা ৰোগ, মুকুট বন্ধন আৰু কাণ্ডৰ ৰসক্ষৰণ ৰোগ প্ৰতিৰোধ ক্ষমতাসম্পন্ন। তদুপৰি অতিমাত্ৰা আৰ্দ্ৰতা, অতিপাত ঠাণ্ডা আৰু মাটিৰ অম্লতা সহ্য কৰিব পৰা গুণ এই জাতটোত পোৱা যায়।

মাটিঃ

 

নাৰিকল খেতিৰ বাবে বালিচহীয়া, পলসুৱা মাটি উপযোগী। মাটিডোখৰ ৰ’দঘাই, ওখ আৰু সহজে পানী ওলাই যোৱা বিধৰ হ’ব লাগে। আলতীয়া মাটিত এই খেতি কৰিব লগা হ’লে পুলি ৰোপণৰ বাবে তৈয়াৰ কৰা গাঁতটোৰ আধালৈকে বালিৰে পূৰাই ল’ব লাগে।

বীজৰ বাবে মাতৃ গছৰ নিৰ্বাচনঃ

বীজৰ বাবে নিৰ্বাচন কৰা গছজোপা নিৰোগী আৰু অধিক উৎপাদনক্ষম হোৱাটো দৰকাৰ। তদুপৰি উক্ত গছজোপাৰ তলত দিয়া গুণসমূহো যথেষ্ট তাৎপৰ্যপূৰ্ণ।

-যি জোপা মাতৃ গছে বছৰি প্ৰায় এশটা বা ততোধিক ফল দিয়ে তেনে গছৰহে বীজ বাছনি কৰিব লাগে।

-মাতৃ গছজোপাৰ বয়স ২০-৬০ বছৰ হ’ব লাগে যদিও ২৫-৩০ বছৰ বয়সৰ ভিতৰৰ গছ মাতৃ গছৰ বাবে সৰ্বোত্তম।

-গছজোপাৰ মুকুটটো যথেষ্ট বহল আৰু পাতবোৰ যথেষ্ট ঠাই আগুৰি থকা বিধৰ হ’ব লাগে।

-গোহালিঘৰৰ কাষত বা গোবৰৰ দ’ম বা পচন সাৰৰ গাঁতৰ কাষত থকা গছৰ পৰা বীজ সংগ্ৰহ কৰিব নালাগে।

- বীজৰ বাবে সংগ্ৰহ কৰা ফলবোৰ গোলাকাৰ, মধ্যমীয়া আকাৰৰ, বাকলি পাতল আৰু শাহ অংশ ডাঠ হোৱাটো বাঞ্ছনীয়।

-  ছেপ্তেম্বৰৰ পৰা ডিচেম্বৰ মাহত চপোৱা নাৰিকলহে পুলিৰ বাবে নিৰ্বাচন কৰিব লাগে।

বীজ সিঁচাঃ

 

পুলিৰ বাবে নাৰিকলৰ বীজ সিঁচাৰ উপযুক্ত সময় হ’ল ডিচেম্বৰ মাহৰ পৰা ফেব্ৰুৱাৰী মাহ। বীজ পুতিবৰ বাবে ৩০ ছেঃ মিঃ ওখ, আৱশ্যক অনুযায়ী দীঘল আৰু এক মিটাৰ বহল একোটা ভেটি তৈয়াৰ কৰি ল’ব লাগে। ভেটিটোত ৩০ ছেঃ মিঃ ব্যৱধানত তিনিটা শাৰী কৰি প্ৰতিটো শাৰীত ৩০ ছেঃ মিঃ আঁতৰে আঁতৰে একোটা গাঁত খান্দিব লাগে। নাৰিকলটো পোতাৰ আগেয়ে দুটা শিৰৰ মাজত থকা বহল পিঠিটো ওপৰফালে ৰাখি পথালিকৈ পুতিব লাগে।

পুলি নিৰ্বাচনঃ

 

বীজ সিঁচাৰ পাছত ভালদৰে পৰিচৰ্যা কৰা পুলিবাৰীৰ পৰা পাঁচটা বা ততোধিক পাত থকা, নিৰোগী গুৰি শকত, তলৰ এটা বা দুটা পাত ফাটিবলৈ আৰম্ভ কৰা আৰু এবছৰীয়া স্বাস্থ্যৱান পুলিহে মূল পথাৰত ৰোপণৰ বাবে নিৰ্বাচন কৰা উচিত।

পুলি ৰোৱাৰ ব্যৱধানঃ

 

নাৰিকলৰ বাৰী পাতিবৰ বাবে বাছনি কৰা মাটিডোখৰ ভালদৰে চহাই সমান কৰি নিৰ্দিষ্ট দূৰত্বত গাঁত খান্দিব লাগে। অসমৰ বাবে অনুমোদিত ৰোপণ দূৰত্ব হৈছে ৭.৫ মিটাৰ x ৭.৫ মিটাৰ।

পুলি ৰোৱাৰ সময় আৰু পদ্ধতিঃ

 

অসমৰ বাবে অনুমোদন জনোৱা পুলি ৰোপণৰ উপযুক্ত সময় হৈছে-

ওখ মাটিৰ বাবেঃ মাৰ্চ-এপ্ৰিল।

দ’ চানেকীয়া মাটিৰ বাবেঃ ছেপ্তেম্বৰ-অক্টোবৰ মাহ।

নাৰিকল পুলি ৰোৱাৰ ১-২ মাহ আগতে নিৰ্দিষ্ট দূৰত্বত এক মিটাৰ দীঘল, এক মিটাৰ বহল আৰু এক মিটাৰ দ’ আকাৰৰ একোটা গাঁত খান্দি ল’ব লাগে। পুলি ৰোৱাৰ বাবে খন্দা গাঁতটোৰ দুই-তিনি অংশ ২০ কেজি পচন সাৰ বা শুকান গোবৰ, ২০০ গ্ৰাম মালাথিয়ন ৫ শতাংশ পাউডাৰ বা ১০০ গ্ৰাম ৫ শতাংশ এলডেক্স পাউডাৰ আৰু প্ৰথম ৩০ ছেঃ মিঃ গভীৰতাৰ আগতে খান্দি ৰখা মাটিৰ মিশ্ৰণেৰে পূৰাই ল’ব লাগে। এতিয়া নাৰিকলৰ পুলিটো গাঁতটোৰ সোঁমাজত থিয়কৈ ৰাখি পুলিটোৰ গুৰিত লাগি থকা নাৰিকলটোৰ সৈতে পুলিটো মাটিত পুতি দিব লাগে। পুলিটোৰ গুৰিত যাতে পানী জমা নহয় তাৰ বাবে পুলিটোৰ চাৰিওফালৰ মাটিখিনি ভৰিৰে হেঁচি দি ধেনুভেৰীয়া কৰি ৰাখিব লাগে। দুই-তিনি মাহৰ পাছত যেতিয়া পুলিটোত নতুন পাত ওলাবলৈ আৰম্ভ কৰিব তেতিয়া আকৌ এবাৰ গাঁতটোৰ কাষত থকা মাটিখিনি চপাই দি মাটিৰ উপৰিভাগ ধেনুভেৰীয়া কৰি ৰাখিব লাগে।

 

(উৎসঃ অসমীয়া খবৰ, মঞ্জু ভট্টাচাৰ্য, মাইনু হাজৰিকা)।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate