অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নিয়মীয়া আহু ধান :

 

মাটি নিৰ্বাচন:

জলসিঞ্চন থকা মাটি নিৰ্বাচন কৰিব লাগে। মধ্যমীয়াৰপৰা গধুৰ গঠনৰ মাটি আহু ধানৰ খেতিৰ বাবে উপযোগী।

জাত নিৰ্বাচন:

গোবিন্দ(১১০-১২৫), লাচিত(১২৫-১৩০), চিলাৰায়(১২৫-১৩০), লুইত(১০০-১১০), গোপীনাথ(১১৫-১২০)দিনীয়া।

বীজ সিঁচাৰ সময়: মাৰ্চ-এপ্ৰিল।

বীজ নিৰ্বাচন:

বীজখিনি পানীত ঢালি লৈ পানীখিনি ভালদৰে ঘোঢালি দি ওপৰলৈ ওপঙি উঠা বীজবোৰ পেলাই দিব লাগে।

বীজ শোধন:

তিওৱা পদ্ধতি- বীজখিনি নিৰ্বাচন কৰাৰ পিছত মেনক’জেব, কেপটাফ, কৰেবেনডাজিম ঔষধৰ যিকোনো এবিধৰ মিশ্ৰণত বীজবোৰ ২৪ ঘন্টা তিয়াই ৰাখিব লাগে। ঔষধৰ পৰিমাণ হ’ল- এক লিটাৰ পানী আৰু ২.৫ গ্ৰাম মেনক’জেবৰ মিশ্ৰণত এক কিলোগ্ৰাম বীজ, এক লিটাৰ পানী আৰু ২.৫ গ্ৰাম কেপটাফৰ মিশ্ৰণত এক কিলোগ্ৰাম বীজ, এক লিটাৰ পানী আৰু কৰেবেনডাজিমৰ মিশ্ৰণত এক কিলোগ্ৰাম বীজ।

শুকান পদ্ধতিৰে বীজ শোধন কৰিবলৈ বীজখিনি এটা পাত্ৰত মেনক’জেব নাইবা কেপটাফ যিকোনো এবিধৰ লগত মিহলাই পাঁচ মিনিট সময় ভালদৰে জোকাৰি ল’ব লাগে।

বীজৰ পৰিমাণ:

প্ৰতিখন কঠীয়াতলীৰ বাবে বীজৰ পৰিমাণ ৬৫০ গ্ৰাম- ১ কিলোগ্ৰাম অংকুৰিত বীজৰ প্ৰয়োজন। এক হেক্টৰ মাটি ৰুবৰ বাবে ৪০-৪৫ কিলোগ্ৰাম বীজৰ প্ৰয়োজন।

কঠীয়াতলী প্ৰস্তুতি -

মাটিডৰা ভালদৰে বোকা কৰি লৈ ১০ মিটাৰ দীঘল আৰু ১.২৫ মিটাৰ বহল একোখন বীজতলী প্ৰস্তুত কৰিব লাগে। বীজতলীবোৰৰ মাজত ৩০ চেন্টিমিটাৰ ব্যৱধান ৰাখিব লাগে। এবিঘা মাটি ৰুবৰ বাবে এনেকুৱা ৭-৮খন কঠীয়াতলীৰ প্ৰয়োজন। বীজ সিঁচাৰ আগে আগে প্ৰতিখন কঠীয়াতলীত ২০-৩০ কিলোগ্ৰাম গোবৰ বা পচন সাৰ, ৮০ গ্ৰাম ইউৰিয়া, ৮০ গ্ৰাম ইউৰীয়া, ৮০ গ্ৰাম ছুপাৰ ফছফেট আৰু ৪০ গ্ৰাম মিউৰেট অব পটাছ সাৰ প্ৰয়োগ কৰিব লাগে।

কঠীয়াতলীত জলসিঞ্চন -

কঠীয়াতলীৰ ওপৰভাগ জেকা হৈ থাকিবৰ বাবে কঠীয়াতলীবোৰৰ মাজৰ খালবোৰত পানী দিব লাগে। আনহাতে, কঠীয়াবোৰ্ তুলি অনাৰ ২-৩ দিন আগেয়ে কঠীয়াতলীত কমেও ২-৩ ছেন্টিমিটাৰ পানী ৰাখিব লাগে।

কঠীয়াতলীত শস্য ৰক্ষা:

কঠীয়া উঠোৱাৰ সাতদিন আগেয়ে ৩০ গ্ৰাম ফুৰাডন বা ২০ গ্ৰাম থিমেট প্ৰতিখন কঠীয়াতলীত প্ৰয়োগ কৰা উচিত।

ৰোৱাতলী প্ৰস্তুত:

কঠীয়া ৰোৱাৰ ২১ দিন আগেয়ে মাটিডৰা তিয়াই লৈ ভালদৰে হাল বাই ল’ব লাগে। তাৰ পিছত কঠীয়া ৰোৱাৰ ১০-১২ দিন আগেয়ে দ্বিতীয়বাৰ জলসিঞ্চন কৰি হাল বাই বোকা কৰা উচিত। আলিবোৰ মেৰামৰি পানীত ডুবাই তৃতীয়বাৰ জলসিঞ্চন কৰি মাটিডৰা পানীত ডুবাই ৰাখিব লাগে। কঠীয়া ৰোৱাৰ ৪-৫ দিন আগেয়ে শেষৰবাৰৰ বাবে জলসিঞ্চন কৰি বোকা কৰি ল’ব লাগে। জনসিঞ্চনৰ গভীৰতা ৫-৭ ছেন্টিমিটাৰ হ’ব লাগে।

সাৰ প্ৰয়োগ -

প্ৰতি বিঘাত পচন সাৰ ১৫ কুইন্টল, ১২ কিলোগ্ৰাম ইউৰিয়া, ১৭ কিলোগ্ৰাম ছুপাৰ ফচফেট আৰু ৪ কিলোগ্ৰাম মিঃ অঃ পটাছ সাৰ প্ৰয়োগ কৰিব লাগে। ইউৰিয়া সাৰৰ তিনিভাগৰ এভাগ আৰু সমুদায় ছুপাৰ ফছফেট আৰু পটাছ সাৰ বোকা কৰাৰ সময়ত প্ৰয়োগ কৰিব লাগে। বাকী দুভাগ ইউৰিয়াৰ এভাগ পোখা মেলা অৱস্থাত আৰু এভাগ গেৰ ধৰা সময়ত টপ ড্ৰেছিং কৰিব লাগে।

ৰোৱাতলীৰ দূৰত্ব -

সাধাৰণতে ৫-৬ টা পাত ওলালে কঠীয়া ৰোৱাৰ উপযুক্ত হয় যদিও কমদিনীয়া জাতৰ ক্ষেত্ৰত কঠীয়াৰ বয়স ৩৫-৪০ দিন হোৱা উচিত। এপ্ৰিল-মে’ মাহত কঠীয়া ৰুব লাগে। ৰোৱাৰ দূৰত্ব এনেধৰণৰ- কমদিনীয়া জাতৰ বাবে ২০ ছেন্টিমিটাৰ*২০ ছেন্টিমিটাৰ আৰু দীৰ্ঘদিনীয়া জাতৰ বাবে ২৫ ছেন্টিমিটাৰ*২০ ছেন্টিমিটাৰ হ’ব লাগেফ। কঠীয়া ৰোৱাৰ ৭-১০ দিনৰ ভিতৰত মৰা গোছাবোৰ উঠাই সমবয়সীয়া কঠীয়া ৰুব লাগে।

নিৰণি:

ধান ৰোৱাৰ ২০-২৫ দিনত এবাৰ আৰু ৪০-৫০ দিনত দ্বিতীয়বাৰ নিৰণিৰ প্ৰয়োজন। ৰোৱাৰ তিনিদিন পিছত এনিল’ফছ ০.৪ কিলোগ্ৰাম প্ৰতি হেক্টৰত বন-বাত প্ৰতিৰোধৰ বাবে ব্যৱহাৰ কৰিব পাৰি।

লেখক: প্ৰবোধ চন্দ্ৰ শৰ্মা(দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 11/28/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate