অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নৱেম্বৰ মাহত কৃষকলৈ দিহা

কাতি বিহুৰ সময়ৰেপৰা ধাননি পথাৰত গেৰ মেলিবলৈ লৈছে।এই সময়খিনিতেই পথাৰত গান্ধী পোক আৰু আমীৱৰ্ম পত্ংগৰ আক্ৰ্মণ পৰিলক্ষিত হয়।গাখীৰতি অৱস্থাত কুমলীয়া ধান আক্ৰ্মণ কৰি প্ৰায় এসপ্তাহমানৰ বাবে গান্ধী পোক সক্ৰিয় হৈ থাকে,যাৰ ফলত ধানৰ ঠাইত পতানৰ সৃষ্টি হয়।আনহাতে,আমীৱৰ্ম পত্ংগৰ অন্য এক প্ৰ্জাতিয়ে ধাননি আক্ৰ্মণ কৰি ধানৰ থোকবোৰৰ গুৰিতে কাটি পেলায়।ইফালে,আলু জলকীয়া-বেঙেনা আদি শস্যত ভুৰ পোক,চাঁহী পোককে ধৰি বিভিন্ন ধৰণৰ পোকৰ উপদ্ৰৱ বৃদ্ধি পায়।

ধানৰ ক্ষেত্ৰত ল’ব লগা সতৰ্কতা

 

ধান খেতিত বহুত পানীৰ প্ৰয়োজন।ধান ৰোৱাৰ পৰা মণি ধৰালৈ পথাৰত পৰ্যাপ্ত মাত্ৰাত পানী থাকিলে আমীৱৰ্ম পত্ংগই আক্ৰ্মণ কৰিবলৈ সুবিধা নাপায়।কিন্তু বৰষুণৰ অভাৱত পথাৰখনত চিৰাল ফাট দিলে,মণিধৰাৰ পিছতো Mythimna separata নামৰ এবিধ পখিলাজাতীয় পোকে গোটেই পথাৰ তহিলং কৰাৰ লগতে ধানৰ থোকবোৰৰ গুৰিতে কাটি দিয়ে।এই প্ৰজাতিৰ পোকৰপৰা হাত সাৰিবলৈ,ধানৰ মণি ধৰাৰ সময়ত,উপযুক্ত ৰাসায়নিক কীটনাশক ধানৰ গছা তিতি যোৱাকৈ স্প্ৰেমেচিনৰ মুখাগ্ৰভাগ (নজল)সুমুৱাই বিয়লি বেলা প্ৰয়োগ কৰিব লাগে।২০১৪ চনত উজনি অসমত এই পোকৰ প্ৰাদুৰ্ভাৱ দেখা গৈছিল।এই সংক্ৰান্তত ‘সৰ্বভাৰতীয় সমন্বিত জৈৱ নিয়ন্ত্ৰণ আঁচনি’ৰ বিজ্ঞানী ড° দিলীপ কুমাৰ শইকীয়াৰ লগত যোগাযোগ কৰাত তেওঁ জনায় যে ধান চপোৱাৰ পিছত মিলত বানি চাউল উৎপাদনৰ এই সুদীৰ্ঘ সময়ছোৱাত পথাৰত প্ৰয়োগ হোৱা কৃত্ৰিম ৰাসায়নিক দ্ৰব্যৰ মানৱ স্বাস্থ্যবিৰোধী গুণ বহু পৰিমাণে হ্ৰাস পায়।পতংগনাশক প্ৰয়োগ কৰিলে এই পোক জাক পাতি আন পথাৰলৈ পলায়ন কৰিব পাৰে।সেয়েহে পথাৰৰ মাজত কীটনাশক ছটিওৱাৰ আগেয়ে,পথাৰৰ চৌপাশে পাউদাৰ জাতীয় কীটনাশক (মালাথিয়ন ৫ শতাংশ/কুইনলফচ ১.৫ শতাংশ/ক্ল’ৰপাইৰিফচ ১ শতাংশ)৩-৪ কিলোগ্ৰাম প্ৰতি বিঘা মাটিৰ আলিবোৰত প্ৰয়োগ কৰিব লাগে।পথাৰৰ চৌপাশে কীটনাশক প্ৰয়োগ কৰাৰ পিছত কুইনলফচ ২৫ ই চি/ক্ল’ৰপাইৰিফচ ২০ ই চি/মনক্ৰ্ট’ফচ ৩৬ এছ এল- এইকেইটা কীটনাশকৰ যিকোনো এটা ধাননিৰ মাজত প্ৰয়োগ কৰা উচিত।ৰাসায়নিক কীটনাশক ব্যৱহাৰ কৰা পথাৰত বা কাষত গৰু-ছাগলী-হাঁহ আদি চৰিবলৈ দিয়া অনুচিত।

ৰবি বতৰৰ শাক-পাচলিৰ ক্ষেত্ৰত ল’ব লগা সৰ্তকতা

 

বেঙেনাৰ অপকাৰী কীট-পতংগ নিয়ন্ত্ৰণৰ চিন্তা:ৰান্ধি খোৱা পাচলিৰ ভিতৰত বেঙেনা উল্লেখনীয়।উদ্ভিদ বিদ্যাৰ দৃষ্টিৰে ই আলু আৰু বিলাহীৰ সৈতে একেটা জাতিৰ।বেঙেনাৰ গুৰুত্বপুৰ্ণ কীট-পতংগসমুহ-১/বেঙেনাৰ আগ আৰু ফল বিন্ধোৱা পোক(Shoot and fruit borer),২/ফুটুকী পোক(Lady Bird Beetle),৩/মোৱা পোক (Aphid)আৰু ৪/শোহনি পোক(Jassid ) আদি।এই কীট-পতংগসমুহ নিয়ন্ত্ৰণৰ বাবে কৃষকসকলে তলৰ কথাখিনি মন দিয়া উচিত-

*শস্যচক্ৰৰ অধীনত একেডৰা মাটিতে বছৰে বছৰে বেঙেনা খেতি কৰা অনুচিত।লগতে এবছৰতকৈ পুৰণি মুঢ়া বেঙেনা ৰাখিব নালাগে।

*বেঙেনাৰ পুলি ৰোৱাৰ পুৰ্বে খেতিৰ মাটিডৰা ভালদৰে চহাই মাটিৰ ওচৰে-পাজৰে থকা বন-বাত নিৰাই ল’ব লাগে।এনে কৰিলে মাটিৰ তলত লেটা বান্ধি থকা আৰু বন-বাতত আশ্ৰয় লৈ থকা কীট-পতংগসমুহ আঁতৰি যায়।

*কীট-পত্ংগৰ আক্ৰমণ প্ৰতিৰোধী উচ্চ উৎপাদনক্ষম জাতসমুহ খেতি কৰাত গুৰুত্ব দিব লাগে।

* বেঙেনাৰ অনিষ্টকাৰী পতংগই আক্ৰমণ কৰা উদ্ভিদৰ অংশসমুহ,বিশেষকৈ গছৰ আগ আৰু ফল যথাসম্ভৱ আঁতৰাই নষ্ট কৰিব লাগে।ইয়াৰ ফলত পত্ংগৰ বংশবৃদ্ধি হৈ অধিক অনিষ্ট কৰাৰ সম্ভাৱনা দুৰ হয়।

*বেঙেনা খেতিত সঠিক সময়ত সঠিক পৰিমাণৰ সাৰ-জাবৰ প্ৰয়োগৰ প্ৰয়োজন।মন কৰিব লগা যে শস্যত আৱশ্যকতকৈ অধিক মাত্ৰাত নাইট্ৰ’জেনযুক্ত সাৰ প্ৰয়োগ কৰিলে কীট-পতংগৰ বংশবৃদ্ধি হয়।

*ডিম্ব পৰজীৱী ‘ট্ৰাইক’গ্ৰামা কাইল’নিজ’ বিঘাই প্ৰতি ২০,০০০ কৈ ১০ দিনৰ অন্তৰালত ৩-৪ বাৰ প্ৰয়োগ কৰিলে বেঙেনাৰ আগ আৰু ফল বিন্ধোৱা পোকৰ আক্ৰ্মণ বহু পৰিমাণে হ্ৰাস পায়।

*বেঙেনাৰ পাত খোৱা ফুটুকী পোকক নিয়ন্ত্ৰণ কৰিবলৈ বহু সময়ত ফুটছাহ ব্যৱহাৰ কৰিও সুফল লাভ কৰিব পাৰি।

*আঠাযুক্ত হালধীয়া আকৰ্ষক কাৰ্ড(Yellow Sticky Trap বা UST) ব্যৱহাৰ কৰিও বেঙেনা গছৰ শোহনি পোক নিয়ন্ত্ৰণ কৰিব পাৰি।

*’লিউচি লিউৰ’যুক্ত ফেৰমন ফান্দ ব্যৱহাৰ কৰিও বেঙেনাৰ আগ আৰু ফল বিন্ধোৱা পোকক নিয়ন্ত্ৰণ কৰিব পাৰি।

*নিমজাতীয় কীটনাশক ঔষধ প্ৰয়োগ কৰিও কীট-পতংগৰ পৰা বেঙেনাৰ খেতিডৰা ৰক্ষা কৰিব পাৰি।

*পখিলাজাতীয় পত্ংগ,বিশেষকৈ বেঙেনাৰ আগ আৰু ফল বিন্ধোৱা পোকৰ পৰা বেঙেনাডৰাক ৰক্ষা কৰিবলৈ বেক্টেৰিয়াজনিত ঔষধ ‘বি টি’দুই মিলিলিটাৰ প্ৰতি লিটাৰ পানীত মিহলাই এসপ্তাহৰ অন্তৰালত দুবাৰ প্ৰয়োগ কৰা উচিত।

*পৰিস্থিতি সাপেক্ষে ,বেঙেনা পুলি ৰোপণৰ ২৪-৩০ দিনৰ পিছত,দানাজাতীয় কীটনাশক কাৰ্বফোৰান ৩ জি প্ৰতি জোপা গছৰ গুৰিত ৩ গ্ৰামকৈ প্ৰয়োগ কৰিও বেঙেনাৰ আগ আৰু ফল বিন্ধোৱা পোক নিয়ন্ত্ৰণ কৰিব পাৰি।তদুপৰি ২ মিলি লিটাৰ প্ৰফেন’ফজ ৫০ ই চি প্ৰতি লিটাৰ পানীত মিহলাই ১০ দিনৰ অন্তৰালত ৩ বাৰ বেঙেনা খেতিত প্ৰয়োগ কৰি আগ আৰু ফল বিন্ধোৱা পোক আৰু ফুটুকী পোক নিয়ন্ত্ৰণ কৰিব পাৰি।অৱশ্যে পুৰঠ বেঙেনাতলীত বেঙেনা চিঙাৰ আগেয়ে কৃত্ৰিম ৰাসায়নিক প্ৰয়োগ কৰা অনুচিত।

শাক-পাচলিৰ অন্যান্য কীট-পত্ংগৰ বাবে ল’ব লগা সতৰ্কতা

 

ভুমিজ সন্ধিপদী অপপ্ৰাণী আঁচনিৰ বিজ্ঞানী ড° বাদল ভট্টাচাৰ্যই জনাই যে বৰ্তমান সময়ছোৱাত আলু খেতিত ভুৰ পোকৰ প্ৰাদুৰ্ভাৱ পৰিলক্ষিত হয়।এই পোকবোৰ অক্টোবৰ মাহৰপৰা সন্ধ্যাৰ সময়খিনিত সক্ৰিয় হৈ পৰে আৰু ডিম্ব প্ৰসৱৰ বাবে সেমেকা ঠাই নিৰ্বাচন কৰে।কণী ফুটি নকৈ ওলোৱা পলুৱে আলুৰ গা-গছ আক্ৰমণ কৰি কেইদিনমানৰ পিছত মাটিৰ তলত লুকাই পৰে।মাটিৰ বৰণৰ সৈতে সাদৃশ্য থকা এই পোকে বেলি ডুবাৰ পিছত মাটিত লাগি থকা গছৰ অংশ কাটি কোমল মজ্জাভাগ খায়,ফলত খোৱাতকৈ অবাবত বেছিকৈ নষ্ট হয়।পানী জমা হোৱা দ মাটিত ভুৰ পোকৰ আক্ৰমণ বেছি হয়।ইয়াৰপৰা পৰিত্ৰাণ পাবলৈ আলু খেতি কৰিবলৈ লোৱা মাটিডৰাৰ ওচৰত নিশাৰ ভাগত জুই ধৰাৰ ব্যৱস্থা কৰিলে ভুৰ পোকৰ পখিলা জুইৰ পোহৰলৈ আকৰ্ষিত হোৱাৰ ফলত লেলিহান শিখাত জাহ গৈ পৰিৱৰ্তী বংশ বিস্তাৰণ বাধাপ্ৰাপ্ত হয়।পুৱা আলুতলী পৰিদৰ্শন কৰি,গুৰি কাটি থোৱা পুলি দেখাৰ লগে লগে গুৰিৰ কাষৰ মাটি পৰীক্ষা কৰি পলুবোৰ সংগ্ৰহ কৰি ধ্বংস কৰিব লাগে।তদুপৰি ,চহাই থোৱা মাটিত লোৰ খান্দি কুইনলফছ ২৫ ই চি নতুবা কল’ৰপাইৰিফছ ২০ ই চি দৰবৰ চাৰি চাহচামুচ ১০ লিটাৰ পানীত মিহলাই প্ৰয়োগ কৰি আলুৰ বীজ ৰোপণ কৰিলে ভুৰ পোকৰ উপদ্ৰৱ বহু পৰিমাণে হ্ৰাস কৰিব পৰা যায়।

আনহাতে,’সৰ্বভাৰতীয় সমন্বয়ৰক্ষী কৃষি চাঁহী পোক আঁচনিৰ বিজ্ঞানী ড° ছাহিদুৰ ৰহমানে অৱগত কৰে যে জলকীয়া,বিলাহী আদি শস্যক হালধীয়া চাঁহী পোকৰ আক্ৰমণৰ বাবে এতিয়াৰ বতৰ যথেষ্ট অনুকুল।এই প্ৰকাৰৰ চাঁহীপোকৰ আক্ৰমণ কুমলীয়া অংশৰ পৰা আৰম্ভ হয় আৰু ইয়াৰ ফলত পাতৰ তলপিঠিৰ সেউজীয়া বৰণ সলনি হৈ মুগা ৰঙৰ হয় আৰু আক্ৰান্ত পাতখিলা নাওৰ দৰে ওলোটা হয়।বিশেষজ্ঞৰ পৰামৰ্শ মতে ফেনাজাকুইন দৰৱৰ এক চাহ চামুচ ১০ লিটাৰ পানীত মিহলাই গছত ছটিয়াব লাগে।

লেখক:ৰুদ্ৰ নাৰায়ণ বৰকাকতি,ড° আটাউৰ ৰহমান (দৈনিক অসম)

 

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate