অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অসমত খাদ্যৰূপত ব্যৱহৃত কিছুমান পতংগ প্ৰজাতি

আমৰলি পৰুৱা

প্ৰধান প্ৰবন্ধ: আমৰলি টোপ

আমৰলি পৰুৱা (Oecophyla smaragdina): আমৰলি পৰুৱাৰ কণী আৰু অপত্য পলুবোৰ সংগ্ৰহ কৰি তেলত দি পিয়াঁজৰ সৈতে ভাঁজি পৰিবেশন কৰা হয়। জনবিশ্বাসমতে, গৰু বিহুৰ দিনাখন আমৰলি পৰুৱা খালে বছৰটোলৈ মানুহে সু-স্বাস্থ্য পোৱাৰ ওপৰিও সৰুআইকে ধৰি অন্যান্য ৰোগৰ প্ৰতিৰোধ ক্ষমতা লাভ কৰে।

উঁইচিৰিঙা

উঁইচিৰিঙা (Acheta domestica): মাটিত থকা উঁইচিৰিঙাৰ গাতবোৰ চিনাক্ত কৰি খান্দি উলিওৱা হয়। সংগ্ৰহ কৰা উঁইচিৰিঙাৰ পাখি গুচাই জুইত সেকি বা তেলত ভাঁজি পৰিবেশন কৰা হয়।

জেৱাংকৰি

জেৱাংকৰ(Lethocerus grandis): এই পতংগবিধ অসমৰ জনজাতীয় সম্প্ৰদায়ৰ মাজত খুবেই জনপ্ৰিয়। ইঁহতক জুইত সেকি বা তেলত ভাঁজি পৰিবেশন কৰা হয়।

উঁই

উঁই (Odontotermes obesus): পাখিহীন আৰু পাখিযুক্ত উভয়ধৰণৰ উঁইক প্ৰয়োজন সাপেক্ষে পাখি গুছাই পৰিবেশন কৰা হয়।

মৌ-মাখি আৰু বৰল

মৌ-মাখি আৰু বৰল (Apis indica) আৰু বৰল (Vespa sp.) : মৌৰ চাক বা বৰলৰ বাঁহ সংগ্ৰহ কৰি কেঁচাই বা পগাই উভয়ধৰণে পৰিবেশন কৰিব পাৰি। ইহঁতৰ অপত্যস্তৰবোৰ, যেনে:-পলু আৰু লেটাক বাঁহটো পুৰি তাৰ পৰা পৃথক কৰি কেঁচাই খাব পাৰি। লোকবিশ্বাসমতে, মৌ আৰু বৰলৰ কিছুমান ঔষধী গুণ আছে। প্লীহাৰোগ নাশক, বাত বিষ নাশক আৰু দৃষ্টি শক্তি বৃদ্ধিকাৰক হিছাপে এইবোৰৰ গুৰুত্ব আছে।

লিংকৰি

লিংকৰ(Agabetes acuductus) আৰু (Hydrochera rickseckeri): অসমৰ বড়ো আৰু মিচিং সম্প্ৰদায়ৰ মাজত লিংকৰি বিশেষভাবে জনপ্ৰিয়। পুখুৰী আৰু খালৰ পৰা লিংকৰি সংগ্ৰহ কৰি জুইত সেকি বা তেলত ভাঁজি পৰিবেশন কৰা হয়।

ফৰিং

ফৰিং (Heiroglyphus banian) আৰু (Neoconocephalus paustris): ফৰিঙৰ পাখি গুছাই জুইত সেকি বা তেলত ভাঁজি পৰিবেশন কৰা হয়। তিৱা সম্প্ৰদায়ৰ মাজত ফৰিং বহুলভাৱে সমাদৃত।

এৰী পলু

এৰী পলু (Philosomia ricini): আহোম আৰু মিচিঙকে ধৰি অসমৰ বহুকেইটা সম্প্ৰদায়ৰ মাজত এৰিৰ পলু আৰু লেটা খাদ্যৰূপত বহুলভাৱে সমাদৃত। এৰিৰ পলু আৰু লেটাক কেঁচাই, সিজাই বা তেলত ভাঁজি পৰিবেশন কৰা হয়।

কেইবিধমান পতংগৰ পুষ্টিগত মান

পতংগ

প্ৰ’টিন (গ্ৰাম)

চৰ্বি (গ্ৰাম)

শৰ্কৰা (গ্ৰাম)

কেলছিয়াম (মি.গ্ৰা.)

লোহা (মি.গ্ৰা.)

জেৱাংকৰি

১৯.৮

৮.৩

২.১

৪৩.৫

১৩.৬

আমৰলি পৰুৱা

১৩.৮

৩.৫

২.৯

৪৭.৮

৫.৭

এৰিপলুৰ লেটা

৯.৬

৫.৬

২.৩

৪১.৭

১.৮

উঁইচিৰিঙা

১২.৯

৫.৫

৫.১

৭৫.৮

৯.৫

উঁই

১৪.২

0

0

0

৩৫.৫

সৰু ফৰিং

২০.৬

৬.১

৩.৯

৩৫.২

৫.০

ডাঙৰ ফৰিং

১৪.৩

৩.৩

২.২

২৭.৫

৩.০

 

(প্ৰতি ১০০ গ্ৰাম ওজনত)

উপসংহাৰ

 

পৃথিৱীৰ জনসংখ্যা দ্ৰুতগতিত বাঢ়িবলৈ ধৰিছে, যদিও সেই অনুপাতে উচ্চগুণ সম্পন্ন প্ৰ’টিনযুক্ত খাদ্যৰ উৎপাদন বৃদ্ধি হোৱা নাই, যাৰ ফলত এদিন হয়তো এমুঠিমান মানুহৰ খাদ্যস্বৰূপ পতংগ, মানুহৰ দৈনন্দিন আহাৰৰ তালিকাৰ ভিতৰত সোমাই পৰিব৷ যিহেতু, সকলো বৰ্গৰ পতংগই অধিক গুণজাত প্ৰ’টিনৰ ভঁৰাল, সেয়ে এইবোৰক খাদ্যৰূপত ব্যৱহাৰ কৰাত কোনো সমস্যাৰ সৃষ্টি নহ’ব৷ কিন্তু এইখিনিতে মন কৰিবলগা কথা হ’ল,- কিছুমান পতংগই বিষাক্ত ৰেচন দ্ৰব্য বৰ্জন কৰে, কিছুমানে এলাৰ্জিকাৰক পদাৰ্থ সৃষ্টি কৰে, আনহাতে কিছুমানে ৰোগৰ বাহক হিচাপেও ক্ৰিয়া কৰে৷ সেই পতংগক খাদ্য হিচাপে ব্যৱহাৰ কৰাৰ আগতে সতৰ্কতা অৱলম্বণ কৰা প্ৰয়োজন৷ তদুপৰি পতংগ খাদ্যৰ সংখ্যা বঢ়াবলৈ এই দিশত গৱেষণা আৰু গৱেষণালব্ধ তথ্য সাধাৰণ মানুহৰ মাজত সম্প্ৰসাৰণৰ দিহা কৰা প্ৰয়োজন৷ কিন্তু এইখিনিতে আৰু এটা গুৰুত্বপূৰ্ণ কথাৰ প্ৰতি দৃষ্টি দিয়াৰ প্ৰয়োজন; সেয়া হ’ল, - জৈৱবৈচিত্ৰ্যৰ অন্যতম কিছুমান পতংগ, বিশেষকৈ আমৰলি পৰুৱা আৰু বৰলৰ বাহ আদিৰ নিৰ্বিচাৰ ধ্বংসৰ ফলত এনে প্ৰজাতি বিলুপ্ত হোৱাৰ সম্ভাৱনাও নথকা নহয়, এনে পতংগ সহজে ঘৰুৱাভাবে উৎপাদন আৰু বংশ বিস্তাৰৰ বাবে উন্নত প্ৰযুক্তিৰ বিকাশ কৰা উচিত৷

লিখক: ৰুদ্ৰ নাৰায়ণ বৰকাকতি

শেহতীয়া উন্নীতকৰণ: : 5/3/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate