অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ লা ৰ উৎপাদন কৌশল

অতি প্ৰাচীন কালৰে পৰাই লা-পতংগই প্ৰকৃতিবিদ আৰু সংস্কৃত ব্যক্তিসকলৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে। অৰ্থব বেদত লা-পতংগৰ বিষয়ে পোৱা যায় আৰু ইয়াক ‘লক্ষ’ বুলি উল্লেখ কৰিছে। দুৰ্যোধনে পাণ্ডৱক পুৰি মাৰিবৰ বাবে জতু অৰ্থাৎ লাৰে জতুগৃহ নিৰ্মাণ কৰিছিল বুলি ভাৰতৰ বিখ্যাত মহাকাব্য মহাভাৰতত ব্যাস দেৱে বৰ্ণাইছে। গ্ৰীক আৰু ৰোমান সকলো লাৰ উপযোগীতাৰ সম্পৰ্কে জ্ঞাত আছিল। সম্ৰাট আকবৰে আইন-ই-আকবৰিতো ‘লা’ ৰ ব্যৱসায় তথা ব্যৱহাৰৰ কথা উল্লেখ কৰিছিল। ইংৰাজী লেক শব্দটো সংস্কৃত লক্ষ শব্দৰ পৰা উদ্ভুত। অৰ্থৰ পৰা বুজা যায়, বৈদিক যুগৰ মানুহেও লা যে অসংখ্য পতংগৰ সমষ্টিগত থুপৰ পৰা সৃষ্টি হয়,- সেই বিষয়ে জানিছিল। এটা জতু গৃহ বনাবলৈ যি পৰিমাণৰ লাৰ প্ৰয়োজন হ’ব, তাৰ  পৰাই ঠাৱৰ কৰিব পাৰি যে, মহাভাৰতৰ যুগত লা উৎপাদনৰ নিশ্চয় কোনো উদ্যোগ আছিল। লা আয়ুৰ্বেদ আৰু সিদ্ধ পদ্ধতিৰে চিকিৎসা প্ৰদানতো ব্যৱহৃত হৈ আহিছে। যি কি নহওঁক লাৰ বিষয়ে প্ৰথম বৈজ্ঞানিক প্ৰৱন্ধ জে, কেৰ নামৰ ব্যক্তিজনে ১৭৮২ চনত Philosophical Transaction of the Royal Society of London (Vol. 71 pages 374-382)ত প্ৰকাশ কৰিছিল।

চিত্ৰ (২৮): লা পতংগৰ নিম্ফ

লা পতংগৰ বৈজ্ঞানিক নাম Laccifera lacca আৰু প্ৰাণীৰাজ্য বৰ্গীকৰণত বৰ্গ, উপবৰ্গ, অধিগোত্ৰ আৰু গোত্ৰবোৰ যথাক্ৰমে হেমিপ্টেৰা, হ’ম’প্টেৰা, কক্ক’ইডি আৰু লেক্কিফেৰিডি। যদিও বিভিন্ন গোত্ৰৰ অন্তৰ্গত মুঠতে ছয়টা জাতিৰ পতংগই লা প্ৰস্তুত কৰে, তথাপি অকল মাত্ৰ লেক্কিফাৰ গোত্ৰৰ পৰাহে ব্যৱসায়িক ভিত্তিত লা উৎপাদন কৰিব পৰা যায়। ভাৰতৰ বাহিৰেও লেক্কিফাৰক পাকিস্থান, শ্ৰীলংকা, বাৰ্মা, মালয়, চীন আৰু থাইলেণ্ডত পোৱা যায়। ভাৰতত বিহাৰ, মধ্যপ্ৰদেশ, পশ্চিমবংগ, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, উৰিষ্যা আৰু অসম আদি ৰাজ্যত বাণিজ্যিক ভিত্তিত লা উৎপাদন কৰা হয়।

লা-পতংগৰ জীৱন বুৰঞ্জী

 

 

চিত্ৰ (২৯): প্ৰাপ্তবয়স্ক মাইকী লা পতংগ

পোষক গছৰ ওপৰত, লা-পতংগই নি:সৰিত কৰা ৰেজিনৰ দ্বাৰা খোলা প্ৰস্তুত কৰি মাজত পতংগটো সোমাই থাকে। গড় হিচাপত এজনী মাইকী পতংগই প্ৰায় ৩০০-১০০০০ টা মান কণী প্ৰসৱ কৰে। সদ্য প্ৰসৱিত কণীৰ ভুণ মাতৃ দেহৰ ভিতৰতেই সম্পূৰ্ণ বিকশিত হৈ উঠে ফলত কণী প্ৰসৱৰ কেই ঘন্টামানৰ পাছত কণী ফুটি প্ৰথম স্তৰৰ নিম্ফ- অপত্য পতংগ ওলায়। প্ৰথম স্তৰৰ নিম্ফবোৰৰ আকাৰ ০.৬×০.২৫ মি:মি: আৰু জাংফাই বা ক্ৰিমছন ৰঙা বৰণৰ হয় আৰু ইহঁতক ক্ৰলাৰ বোলা হয়। নিম্ফবোৰ ছটফটাই বগুৱা বাই গছৰ এনে কিছুমান ডালক নিৰ্বাচন কৰে, যিবোৰ মুঠেই কেচেলুৱা বা অতি টান নহয়। নিৰ্বাচিত ডালত নিম্ফবোৰ বেজি সদৃশ প্ৰবছিছ খোচ মাৰি গছৰ বাকলিৰ ভিতৰলৈ সুমুৱাই দি প্ৰৰস শুহিবলৈ আৰম্ভ কৰে। সচৰাচৰ নিৰ্ব্বাচিত ডালৰ প্ৰত্যেক ইঞ্চিত ২০০-৩০০ পতংগ পোৱা যায়। স্থায়ীত্ব প্ৰাপ্তিৰ এদিনৰ পাছত, নিম্ফবোৰৰ সৰ্বশৰীৰৰ পৰিচ্ছদাৰ তলত বিয়পি থকা ছিদ্ৰদ্বয়ৰ বাদে দেহৰ বাকী সকলো অংশ ৰেজিনে আৱৰি পেলায়। ৰেজিনবোৰ যদিও অৰ্ধজলীয় অৱস্থাত নি:সৰণ কৰে, তথাপি বায়ুৰ সংস্পৰ্শত এইবোৰ গোট মাৰি যায় আৰু এক সুৰক্ষাদায়ী আৱেষ্টনীৰ সৃষ্টি কৰে। এনে আৱেষ্টনীৰ ভিতৰত নিম্ফে তিনিবাৰ মোট সলায় বৃদ্ধি হোৱাৰ লগে লগে, আৱেষ্টনীৰ আকৃতিও বাঢ়ি যায়। প্ৰথম স্তৰৰ পৰা পৰ্য্যায়ক্ৰমে দ্বিতীয়, তৃতীয় আদি নিম্ফৰ স্তৰবোৰৰ বাবে মোট সলাওঁতে উষ্ণতা, আৰ্দ্ৰতা আৰু পোষক নিৰ্দিষ্টতাই প্ৰভাৱ পেলাই। মাত্ৰ পাখিহীন মাইকী পতংগ সৃষ্টি হোৱাৰ বিপৰীতে পাখিহীন আৰু পাখিযুক্ত দুই ধৰণৰ মতা পতংগ সৃষ্টি হ’ব পাৰে। মতাটোক সম্পূৰ্ণ বিকাশ হ’বলৈ মাইকীজনীৰ তুলনাত প্ৰায় আধা পৰিমাণৰ সময়ৰহে প্ৰয়োজন হয়। সৃষ্টি হোৱাৰ পাছতেই ইহঁতে যিমান পাৰি সিমান মাইকী পতংগৰ লগত মিলনত লিপ্ত হয় আৰু পাছত এই মতা পতংগবোৰৰ মৃত্যু হয়। সদ্য গৰ্ভধাৰিত পতংগটো লাৰ আৱেষ্টনীৰ ভিতৰত থাকিয়েই, আকৃতি বঢ়াই নিয়ে ফলত লাৰ পৰিমাণো বাঢ়ি যায়। কণী প্ৰসৱৰ সময়ত পতংগটোৱে দেহৰ আকৃতি কোঁচাই আনি নতুন কণীবোৰ পাৰিবৰ বাবে ঠাই উলিয়াই লয়। লা-আবেষ্টনীৰ দুই মূৰত দুটা হালধীয়া চিহ্ন দেখা যায়। চিহ্ন দুটা বঢ়াৰ লগতে কমলা বৰণীয়া হয় সেই সময়ত মাইকীজনীয়ে অভিচেকত অসংখ্য কমলা বৰণৰ কণী প্ৰসৱ কৰে, যিবোৰ প্ৰসৱৰ কেই ঘন্টামানৰ পাছতে ফুটে।

চিত্ৰ (৩০): পৈণত মাইকী লা পতংগ (ৰেজিনৰ সৈতে)

পোষক উদ্ভিদ:

লা পতংগই যিবোৰ গছৰ ওপৰত বাস কৰি ৰেজিন সংশ্লেষণ কৰে, তেনে উদ্ভিদক লা-পোষক বুলি জনা যায়। গছজোপাৰ বাবে যদিও এই পতংগ ক্ষতিকাৰক তথাপি ইহঁতৰ দ্বাৰা উৎপাদিত বহুমূলীয়া ৰেজিন মানুহৰ বাবে প্ৰয়োজনীয় হোৱাত লা-পতংগক বাণিজ্যিকভাৱে এই গছবোৰৰ ওপৰত পালন কৰা হয়। ভাৰতত প্ৰায় এশবিধ মান উদ্ভিদৰ ওপৰত লা-পতংগৰ সৃষ্টি হ’ব পাৰে, এই পোষক উদ্ভিদবোৰক তিনিটা ভাগত বিভক্ত কৰা হয়-

মুখ্যত: গুৰুত্বপূৰ্ণ উদ্ভিদ:

১) পলাশ

২) বগৰী

৩) কুসুম

৪) খৈৰ

অঞ্চল বিশেষে গুৰুত্বপূৰ্ণ উদ্ভিদ:

১) অৰহৰ গছ

২) আকাশ মনি

৩) গলং গছ

কম গুৰুত্বপূৰ্ণ পোষক

১) আহঁত গছ

২) বঢ় গছ

৩) মাখিয়তী গছ

লা-পতংগৰ প্ৰকাৰ

ভাৰতত দুই ধৰণৰ লা-পতংগ পোৱা যায়। সেয়া হ’ল-কুসুমী আৰু ৰঙ্গিনী। কুসুমী প্ৰকাৰৰ পতংগক যদিও কুসুম তথা অন্যান্য পোষকত পালন কৰিব পৰা যায়, কিন্তু ৰঙ্গিনীক কুসুমৰ বাদে আন পোষকতহে পালন কৰা সম্ভৱ। প্ৰত্যেকটো পতংগই বছৰত দুবাৰকৈ জীৱন চক্ৰ পূৰ্ণ কৰিব পাৰে। দুইটা প্ৰকাৰৰ ভিতৰত কুসুমীৰ ক্ষেত্ৰত সমান সময়ৰ ব্যৱধানত জেঠুৱৈ (জুন/জুলাইৰ পৰা জানুৱাৰী/ফ্ৰেব্ৰুৱাৰী, ৬ মাহ) আৰু আঘোণী (জানুৱাৰী/ফ্ৰেব্ৰুৱাৰীৰ পৰা জুন/জুলাই, ৬ মাহ) আনফালে ৰঙ্গিনীৰ ক্ষেত্ৰত কাটকী (জুন/জুলাইৰ পৰা অক্টোৱৰ/নৱেম্বৰ, ৪ মাহ) আৰু বৈশাখী (অক্টোৱৰ/নবেম্বৰৰ পৰা জুন/জুলাই, ৮ মাহ) কালীন খেতি কৰা সম্ভৱ ৰঙ্গিনীৰ ক্ষেত্ৰত লা পুৰঠ নোহোৱাকৈ পোষকৰ পৰা সংগ্ৰহ কৰা উচিত।

লা-পতংগৰ বংশ বিস্তাৰণ

লা-পতংগৰ বিস্তাৰণ একে জোপা বা ভিন্ন গছত কৰিব পাৰি। সচৰাচৰ ঘটা স্বাভাৱিক বংশ বিস্তাৰণৰ দ্বাৰা মূখ্য উদ্ভিদ জোপাৰ অনিষ্টহে হোৱা দেখা যায়। সেয়েহে কৃত্ৰিম বিস্তাৰণৰ দ্বাৰা নতুন পোষকলৈ পতংগক বিয়পায় দিয়া হয়।

কৃত্ৰিম বিস্তাৰণৰ বাবে নতুন জনু যুক্ত গছৰ ডাল নিৰ্বাচনৰ বাবে কিছুমান সাৱধানতা অৱলম্বন কৰা প্ৰয়োজন-

ক)সৱল, পুৰঠ আৰু অন্য পৰজীৱিৰ দ্বাৰা আক্ৰান্ত নোহোৱো নৱ-জনু যুক্ত ডাল নিৰ্বাচন কৰা প্ৰয়োজন।

খ) উপযুক্ত সময়ত নতুন জনু-যুক্ত ডালত থকা লা পতঙ্গৰ আৱেষ্টনীৰ বৰণ কমলা হয়। তেনে সময়ত ছয়ৰ পৰা বাৰ ইঞ্চিজোখত ডালবোৰ কাটিব লাগে।

গ) পৰাপক্ষত এনে নব-জনু যুক্তডাল কটাৰ ঠিক পাছতেই নতুন পোষকত বিস্তাৰৰ বাবে মেলি দিয়া উচিত।

ঘ) ডালবোৰ পোষকৰ ওপৰৰ ফালৰ প্ৰশাখা বোৰত বান্ধি দিয়া উচিত।

ঙ) বেয়া বতৰৰ বাবে এনে পতংগৰ নিম্ফবোৰৰ নতুন পোষকত বিকাশ আৰু ব্যাপ্তি বাধা প্ৰাপ্ত হ’ব পাৰে। সেয়েহে গছত বন্ধাৰ আগতে এনে ডালবোৰক ২৭ ডিগ্ৰী ছে: উষ্ণতালৈ তপতাব লাগে। অৰ্থাৎ তেনে উষ্ণতাৰ কোঠাত কিছু সময়ৰ বাবে ৰাখিব লাগে, যি নিম্ফৰ স্বাভাৱিক বৃদ্ধিত অৰিহণা যোগায়।

চ) নৱ-জনু যুক্তডালবোৰক কম দামী আঠুৱাৰ নেট বা বাঁহৰ খৰাহীতো ৰাখিব পাৰি।

ছ) এক প্ৰকাৰৰ পতঙ্গক অন্য প্ৰকাৰৰ বহুল পৰিমাণে খেতি কৰা ঠাইত উৎপাদনৰ চেষ্টা কৰা অনুচিত।

উন্নত উৎপাদন কৌশল

ৰাঁচিৰ নামকুমত অৱস্থিত লা-গৱেষণা প্ৰতিষ্ঠানে উল্লেখ কৰা উন্নত কৌশল তলত বৰ্ণনা কৰা হ’ল। এজোপা পোষকক পূৰ্ব্বৰ দৰে ঠাল-ঠেঙুলী আহিবৰ বাবে সংগ্ৰহৰ বাবে কমেও ৯-১২ মাহৰ প্ৰয়োজন হয়। সেয়েহে প্ৰত্যেকজোপা গছক এক বিশ্ৰামৰ সময় দিয়া প্ৰয়োজন, যাতে নতুন শাখা-প্ৰশাখা ওলাই পোষকৰ চৰিত্ৰ অটুত ৰাখিব পাৰে। লা-গৱেষণা প্ৰতিষ্ঠানে আগবঢ়োৱা উন্নত উৎপাদন কৌশলক ক’প পদ্ধতি বোলা হয়। ক’প পদ্ধতি অনুসাৰে কিছু সংখ্যক গছৰ সমষ্টিক একোটা ভাগ হিচাপে লৈ প্ৰয়োজন অনুযায়ী গছবোৰ ৰোপণ কৰি লোৱা হয়। এটা ভাগৰ পৰা লা সংগ্ৰহৰ পাছত বিশ্ৰামৰ সময় দি অইন এটা ভাগত বিস্তাৰিত কৰা হয়, উপযুক্ত সময়ত সেই ভাগৰ পৰা লা সংগ্ৰহৰ পাছত বিশ্ৰামৰ সময় দি পৰৱৰ্ত্তী ভাগ এটা বিস্তাৰণৰ বাবে নৱ-জনু যুক্ত ডাল বান্ধি দিব লাগে।

কুসুমী প্ৰকাৰৰ লা-পতংগ ক্ষেত্ৰত উৎপাদন পদ্ধতি

কুসুম পোষকৰ বৃদ্ধি বহুত ধীৰ। চাৰিভাগত গজাই লোৱা পোষকবোৰৰ প্ৰত্যেকভাগতে ইটো ভাগৰ পাছত সিটোকৈ ছয় মাহৰ অন্তৰে অন্তৰে ক্ৰমান্বয়ে বিস্তাৰণৰ বাবে পতংগ এৰা হয়। দুবছৰীয়া চক্ৰৰ বাবে পালন কৰা ভাগবোৰ পুৰঠ হোৱাৰ পাছত প্ৰত্যেকৰে পৰা ছয়মাহৰ অন্তৰালত লা সংগ্ৰহ কৰি বাকীছোৱা সময়ৰ বাবে বিশ্ৰামত ৰখা হয়। এই দৰে দুবছৰীয়া চক্ৰ চলাই নিয়া হয়।

তালিকা (৪): কুসুমী প্ৰকাৰৰ লা-পতংগৰ ক্ষেত্ৰত ক’প পদ্ধতি

উৎপাদন কৌশল

ক’প

 

 

 

 

ক) পোষক চিকুনুৱা

জানুৱাৰী-ফেব্ৰুৱাৰী (প্ৰথম বছৰ)

জুন-জুলাই (প্ৰথম বছৰ)

জানুৱাৰী-ফেব্ৰুৱাৰী (দ্বিতীয় বছৰ)

জুন-জুলাই (দ্বিতীয় বছৰ)

খ) লা-পতংগ বিস্তাৰণ

জুন-জুলাই (দ্বিতীয় বছৰ)

জানুৱাৰী-ফেব্ৰুৱাৰী (তৃতীয় বছৰ)

জুন-জুলাই (তৃতীয় বছৰ)

জানুৱাৰী-ফেব্ৰুৱাৰী (চতুৰ্থ বছৰ)

গ) খেতি চপোৱা আৰু পোষক চিকুনুৱা

জানুৱাৰী-ফেব্ৰুৱাৰী (তৃতীয় বছৰ)

জুন-জুলাই (তৃতীয় বছৰ)

জানুৱাৰী-ফেব্ৰুৱাৰী (চতুৰ্থ বছৰ)

জুন-জুলাই (চতুৰ্থ বছৰ)

ঘ) পুনৰ পতংগ বিস্তাৰণ

জুন-জুলাই (চতুৰ্থ বছৰ)

জানুৱাৰী-ফেব্ৰুৱাৰী (পঞ্চম বছৰ)

জুন-জুলাই (পঞ্চম বছৰ)

জানুৱাৰী-ফেব্ৰুৱাৰী (ষষ্ঠ বছৰ)

ৰঙ্গিনী প্ৰকাৰৰ লা-পতঙ্গৰ ক্ষেত্ৰত উৎপাদন পদ্ধতি

এই প্ৰকাৰৰ পতংগ পলাশ বা বগৰী গছৰ ওপৰত পালন কৰা হয়। তিনি ভাগত পোষকবোৰ ভাগ কৰা হয়। পোষকবোৰ ৩:১:৩ অনুপাতত ৰোপন কৰা হয়। ডাঙৰ ভাগ (৩) দুটাত বৈশাখীকালীন খেতি এবছৰৰ পাছত এবছৰকৈ কৰা হয় আৰু সৰু ভাগত প্ৰত্যেক বছৰতে কাটকীকালীন খেতি কৰা হয়। গছৰ বুঢ়া, পোকে ধৰা আৰু কম ঠেঙুলী থকা অংশবোৰ বসন্ত ঋতুৰ আগত কাটি দিলে বসন্ত কালত নতুন প্ৰশাখা ওলাই সুষ্ঠ পোষকৰ চৰিত্ৰ অটুত ৰাখে।

তালিকা (৫): ৰঙ্গিনী প্ৰকাৰৰ লা-পতংগৰ ক্ষেত্ৰত ক’প পদ্ধতি

উৎপাদন কৌশল

ক’প

 

ক (৩)

খ (১)

গ (৩)

ক) পোষক চিকুনুৱা

এপ্ৰিল(প্ৰথম বছৰ)

ফেব্ৰুৱাৰী (প্ৰথম বছৰ)

এপ্ৰিল (দ্বিতীয় বছৰ)

খ) লা-পতংগ বিস্তাৰণ

অক্টোৱৰ-নৱেম্বৰ (প্ৰথম বছৰ)

জুন-জুলাই (প্ৰথম বছৰ)

অক্টোৱৰ-নৱেম্বৰ  (দ্বিতীয় বছৰ)

গ) খেতি চপোৱা

জুন-জুলাই (দ্বিতীয় বছৰ)

অক্টোৱৰ-নৱেম্বৰ (প্ৰথম বছৰ)

জুন-জুলাই (তৃতীয় বছৰ)

ঘ) পোষক চিকুনুৱা

এপ্ৰিল (তৃতীয় বছৰ)

ফেব্ৰুৱাৰী (দ্বিতীয় বছৰ)

জুন-জুলাই (তৃতীয় বছৰ)

ঙ) লা-পতংগ বিস্তাৰণ

অক্টোৱৰ-নৱেম্বৰ (তৃতীয় বছৰ)

জুন-জুলাই (দ্বিতীয় বছৰ)

এপ্ৰিল (চতুৰ্থ বছৰ)

চ) খেতি চপোৱা

জুন-জুলাই (চতুৰ্থ বছৰ)

অক্টোৱৰ-নৱেম্বৰ (দ্বিতীয় বছৰ)

জুন-জুলাই (পঞ্চম বছৰ)

লা নিষ্কাষণৰ পদ্ধতি:

লা আবেষ্টনীৰ মাজৰ পৰা নিম্ফবোৰ পৃথক কৰি, খালি বাহবোৰক অৰ্থাৎ চোঁচা-লাক পানীৰ তলত ৩-৪ দিনৰ বাবে ৰাখিব লাগে, পানীত ওপঙি নাযাবলৈ গধুৰ শিলেৰে চোঁচা-লাক হেঁচি দিব লাগে, পাছত চোঁচা-লাক ছাঁত শুকুৱাই আৰ্দ্ৰহৈ থাকোতেই ভাঙি পেলাব লাগে, ইয়াক বীজ-লা বোলা হয়। ভাঙি উঠি বীজ-লাক পুনৰ পানীত ধুই যিমান পাৰি প্ৰয়োজনীয় অংশৰ পৰা মৃত পতংগ বা অপদ্ৰব্য পৃথক কৰা উচিত। ইয়াৰ পিছত সেই লা খিনিক মুকলি ঠাইত শুকুৱাই জাংফাই বৰণৰ হ’বলৈ, ঠুঙা আকৃতিৰ কাপোৰৰ বেগ (১০/১২ মি:মি: দৈৰ্ঘ্য)ত ভৰাই গৰম আঙঠাৰ ওপৰত বান্ধি দিব লাগে। গৰমৰ বাবে লা গলি বেগত থকা ফুটাৰে নিগৰি ওলাব কিন্তু অপদ্ৰব্যবোৰ বেগৰ ভিতৰত থাকিব।

চিত্ৰ (৩১): পোষকত ৰেজিনৰ সৈতে পৈণত লা

গলি ওলোৱা লা খিনিক ঠাণ্ডা পানীৰ পাত্ৰত ভৰাই গোট মাৰিব দিয়া হয়। এই লা খিনিক “ছিলাক” বোলে। যদি গলা “ছিলাক” খিনিক ঘূৰণীয়া ছেপেটা ফলকৰ আকৃতি দিয়া হয়। তেন্তে ইয়াক বুটাম-লা বোলা হয়।

লাত থকা ৰাসায়নিক পদাৰ্থ:

ক) লা-ৰেজিন ৭৫ শতাংশ। (পোন শৃংখলা যুক্ত হাইড্ৰ’ক্সি ফেটি এচিড আৰু চেচকুই  টাৰ্পেনিক এচিডৰ পলিএষ্টাৰ যৌগ)

খ) মম              ৬ শতাংশ

গ) ৰং               ৫-৬ শতাংশ।

ঘ) এলবুমিন জাতীয় পদাৰ্থ  ১২-১৩ শতাংশ।

প্ৰায় ডেৰলাখ মান পতঙ্গই মাত্ৰ এক পাউণ্ড ওজনৰ লা উৎপন্ন কৰিব পাৰে।

লাৰ বাবে অপকাৰী উৎস

Eublema amabills আৰু Holcocera pulvera নামৰ পতংগৰ দ্বাৰা প্ৰায় ৩০-৪০ শতাংশ লাৰ আৱেষ্টনী ধ্বংস হয়; এইবোৰক পন্যৰ ৰূপত উপলব্ধ- Bacilus thuringiensis ৰ দ্ৰৱন স্প্ৰে কৰিও নিয়ন্ত্ৰণ কৰিব পাৰি। তাৰোপৰি এন্দুৰ, নেউল আৰু বান্দৰেও লাৰ অনিষ্ট কৰে; ইহঁতক শব্দ সৃষ্টিৰ লগতে বিষাক্ত দ্ৰব্যৰ টোপ ব্যৱহাৰ কৰি নিয়ন্ত্ৰণ কৰিব পাৰি। বনজুইৰ বাবেও বহুত লা-পতংগৰ ধ্বংস হয়। বহুত মানুহে চৌৰ্য্য বৃত্তিত লিপ্ত হৈ অনিষ্ট কৰে, এই ক্ষেত্ৰত সঠিক আইন বলবৎ কৰা প্ৰয়োজন।

ভাৰতৰ বৈদেশীক মুদ্ৰা আহৰণত লাৰ এক গুৰুত্বপূৰ্ণ স্থান আছে। সেয়েহে, অসমৰ নিচিনা দেশত লাৰ খেতিৰ বাবে অনুকূল পৰিৱেশ থকাত ইয়াৰ ওপৰত যথেষ্ট গুৰুত্ব দি নিৱনুৱা সমস্যা দূৰিকৰণৰ বাবে আঁচনি যগুতাব পাৰি। “ছিলাক মম” আৰু “ছিলাক” ক ১৯৮৯ চনৰ ২৬ জুলাই তাৰিখে খাদ্য সংৰক্ষণৰ বাবে প্ৰত্যক্ষভাৱে ব্যৱহাৰ কৰিব পৰা যাব বুলি নীতি প্ৰস্তুত কৰিছে। লাক খাদ্য সংৰক্ষণ উদ্যোগ, ঔষধ উদ্যোগ, বাৰ্ণিশ, কাঁহ-পিতলৰ বৰ্তন উদ্যোগ, টুপিৰ দৃঢ়তা বঢ়াবৰ বাবে, অনাবেশক পলিছ, বৈদ্যুতিক সৰঞ্জাম, গ্ৰাম’ফন ৰেকৰ্ড, পুতলা আৰু এৰোপ্লেনত ব্যৱহাৰ কৰা হয়। পৰিৱেশ প্ৰদূষণৰ দৃষ্টিৰ পৰা সম্পূৰ্ণ ভাৱে নিৰাপদ প্ৰাকৃতিক পদাৰ্থ লাৰ গুৰুত্ব দিনক দিনে বাঢ়ি আহিছে। লাৰ পোষকবোৰ সাধাৰণতে চন পৰা মাটিতো ৰোপণ কৰিব পৰা বাবে সুস্থ পৰিৱেশতন্ত্ৰ ৰচনাৰ বাবে অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ লা উৎপাদনত মনোনিৱেশ কৰিব পাৰি।

লিখক: ৰুদ্ৰ নাৰায়ণ বৰকাকতি

শেহতীয়া উন্নীতকৰণ: : 3/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate