অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কাষ্ঠাহাৰী উঁই-পৰুৱাৰ পৰা মুক্তি

“গৰমকালি দুপৰীয়াৰ ভাগৰ এজাক বৰষুণৰ পাছত সন্ধ্যাৰ ফৰকাল বতৰটো উঁই-পৰুৱাৰ মিলনৰ বাবে অনুকূল হোৱাৰ পৰিপ্ৰেক্ষিতত হাজাৰ হাজাৰ পাখীযুক্ত উঁই পোহৰৰ উৎসৰ ফালে আকৰ্ষিত হয়। এনেদৰে উৰি আহি কোনো মাধ্যমত খুন্দা খাই পাখিবোৰ দেহৰ পৰা বিসংলগ্ন হ’লে এইবোৰে যোৰা পাতে। এনেদৰে উঁইৰ জাক উৰা সময়ত আন্ধাৰ কোঠা এটাত এচৰিয়া পানীৰ মাজভাগত কেৰাচিনৰ চাকি জ্বলাই বা জ্বলি থকা মম স্থাপন কৰিলে,-পোহৰৰ ফালে ধাৱিত হোৱা উঁইবোৰ চৰিয়াৰ পানীত পৰি, পাখিবোৰ তিতি যোৱাত, ইহঁত তাৰ পৰা আতৰিব নোৱাৰা হৈ পৰে। এনেধৰণে সংগ্ৰহ কৰা উঁই-পৰুৱাবোৰক গৰম টাৱাত ভাজিলে পাখিবোৰ শৰীৰৰ পৰা আতৰি যায়, তেতিয়া উঁইবোৰ চালনিৰে চালি পাখিবোৰৰ পৰা পৃথক কৰা হয়। তাৰ পাছত এই পাখিহীন উঁইক নহৰু-পিয়াজৰ সৈতে পটাত পিহিলেই হৈ পৰে এখন স্বাদযুক্ত চাটনি।”- যথেষ্ট পুষ্টি দ্ৰব্যযুক্ত উঁইক, ভোজন বিলাসী আৰু আমিষাহাৰীসকলে খাদ্যৰ ৰূপত নি:সংকোচে ব্যৱহাৰ কৰিব পাৰে।

উঁই-পৰুৱানো কি?

উঁই পৰুৱা বা বগা পৰুৱাৰ বিভিন্ন প্ৰজাতিৰ ভিতৰত Isoptera বৰ্গ আৰু Termitidae গোত্ৰৰ অন্তৰ্গত আৰু Odontotermes obesus আৰু Microtermes Obesi নামৰ প্ৰজাতিদ্বয় যথেষ্ট ক্ষতিকাৰক। “চেলুলজ” যুক্ত যিকোনো জীৱিত আৰু মৃত পদাৰ্থক উঁই-পৰুৱাই আক্ৰমণ কৰিব পাৰে। উঁই-পৰুৱাৰ লালটি গ্ৰন্থী সু-বিকশিত। খাদ্যনলীৰ পশ্চ্যাৎ অংশত ৰক্ষণাবেক্ষণ দিয়া কিছুমান সহজীৱি বেক্টেৰীয়াই, প্ৰস্তুত কৰা “চেলুলেজ” নামৰ উৎসেক্কে উঁইৰ প্ৰধান খাদ্য “চেলুলজ” পচন ঘটোৱাত সহায় কৰে। উঁই-পৰুৱাই মাটিৰ তলত ভেঁকুৰ উদ্যান প্ৰস্তুতিৰ দ্বাৰা হাফলুৰ আৰ্দ্ৰতা ৰক্ষা কৰাৰ লগতে ভেঁকুৰে ক্ষৰণ কৰা “লিগনিনেজ” নামৰ উৎসেচকে কাঠত থকা লিগনিন পচনত সহায় কৰে।


চিত্ৰ(৪৮): উঁই-পৰুৱাৰ বিভিন্ন ভাগ-

ক) প্ৰজননক্ষম উঁই (পাখি মেলি থকা অৱস্থাত),

খ) কৰ্ম্মী উঁই,

গ) প্ৰজননক্ষম উঁই (পাখি জপাই থোৱা অৱস্থাত,

ঘ) “মেণ্ডিবুলেট” সৈন্য উঁই,

ঙ) “নেচ্যুট সৈন্য উঁই আৰু চ) অতিকায় ৰাণী”

উঁইৰ হাফলুত কামৰ বিভাজন দেখা যায়। এইবিলাক তিনিভাগত বিভক্ত-কৰ্ম্মী, সৈন্য আৰু প্ৰজননক্ষম (ৰজা আৰু ৰাণী)উঁই-পৰুৱা।

কিনো এই উঁই-পৰুৱাৰ তিনিটা ভাগ?

কৰ্ম্মী উঁই

নিষিক্ত কণীৰ পৰা সৃষ্টি হোৱা কৰ্ম্মী উঁই তেনেই সাধাৰণ খাদ্য খাই বৃদ্ধি হোৱাৰ বাবে নিশকটীয়া হয়। ৰাণীয়ে সৃষ্টি কৰা বহি: হৰ্মন “ফেৰমন” ৰ প্ৰভাৱত কৰ্ম্মীবোৰ প্ৰজনন ক্ষমতাহীন হয়। ৰজা-ৰাণীক খাদ্য যোগান ধৰাৰ উপৰিও, কণীবোৰৰ পৰা সুৰক্ষিত ভাৱে নতুন প্ৰজন্ম ফুটি ওলাবলৈ সহায় কৰে।

সৈন্য উঁই:

সম্পূৰ্ণ হাফলুত থকা সৈন্য উঁইৰ সংখ্যা অতি বেছি ১০ শতাংশ আৰু এই খিনি সৈন্যই হাফলুৰ সুৰক্ষাৰ বাবে সদাজাগ্ৰত হৈ থাকে। ইহঁত দুই ভাগত বিভক্ত-

১) “মেণ্ডিবুলেট” সৈন্য- পাম্প কৰি বিষ এৰি দিয়াৰ ব্যৱস্থা মুখৰ অগ্ৰভাগত থাকে।

প্ৰজননক্ষম ৰজা আৰু ৰাণী

এইবোৰ পাখিযুক্ত। মাটিৰ পৰা প্ৰায় ০.৫ মিটাৰ তলত, হাফলুৰ মাজ ভাগত থকা ৰাজকীয় কোঠাত ৰজা আৰু ৰাণী থাকে। অনিষিক্ত কণীৰ পৰা ৰজা আৰু নিষিক্ত কণীৰ পৰা ৰাণীৰ সৃষ্টি হয়। ৰাণীবোৰ অদ্ভুত ধৰণেৰে শকত (আকৃতি ২-৩ ১-৩) হোৱাৰ বাবে আনবোৰতকৈ সম্পূৰ্ণ পৃথক হয়, Physiogastry ইয়াক বোলা হয়। উল্লেখযোগ্য যে, কিচুমান জনজাতীয় মানুহৰ বাবে ৰাণী হ’ল এবিধ সু-স্বাদু খাদ্য। গ্ৰীষ্মঋতুত পাখিযুক্ত ৰজা আৰু ৰাণীয়ে মিলনৰ বাবে ওপৰলৈ ওলাই আহে। পাছত ৰাণী মাটিৰ তলতলৈ গৈ দৈনিক গড়ে ৪০,০০০-৮০,০০০ কৈ ৫ বছৰ পৰ্য্যন্ত কণী পাৰিব পাৰে।

উঁই-পৰুৱা খাদক মানুহ ক’ত আছে?

আলোচনাৰ প্ৰথমাৰ্দ্ধৰ পৰা এইটো স্পষ্ট যে, উত্তৰ-পূৰ্বাঞ্চলৰ কিছুমান অভিজাত সম্প্ৰদায়ৰ মাজত খাদ্যৰ ৰূপত উঁই-পৰুৱা সমাদৃত। পৃথিৱীৰ বিভিন্ন দেশ বিশেষকৈ-এংগলা, উগাণ্ডা, বেলজিয়াম, জাইৰে, জিম্বাৱৱে, কেনিয়া, মালয়েছিয়া, থাইলেণ্ড, চীন, ফিলিপাইনচ্‌ আৰু ভাৰতৰ লগতে দক্ষিণ আমেৰিকাৰ জনজাতিসমূহৰ মাজত উঁই-পৰুৱা খাদ্য হিচাপে জনপ্ৰিয়। পাখিযুক্ত উঁইৰ ওপৰিও কিছুমান সম্প্ৰদায়ে সৈন্য উঁইকো পৰিৱেশনো কৰে। আচৰিতজনক কথাটো হ’ল-জাইৰেৰ সম্ভ্ৰান্ত লোকৰ বাবে উঁই-পৰুৱা এবিধ বিলাসী খাদ্য।

কেনেকৈ অনিষ্টকাৰী উঁই-পৰুৱাক নিয়ন্ত্ৰণ কৰোঁ?

চিন্তাৰ বিষয় এয়ে, উঁই-পৰুৱাই খাদ্য আহৰণৰ বাবে বিভিন্ন ধৰণৰ ফুল গছৰ উপৰিও কুঁহিয়াৰ, জলকীয়া, মটৰ আৰু ঘেঁহু আদি শস্যক আক্ৰমণ কৰে। তাৰোপৰি, ভূ-পৃষ্ঠৰ সংস্পৰ্শত থকা কাঠ-বাঁহৰ আচবাব, খুটা, জেওৰা আৰু ছা-প্ৰদায়ক বৃক্ষ আদিও ইয়াৰ কবলত পৰি নষ্ট হয়। অনিষ্টকাৰী উঁই-পৰুৱাক নিয়ন্ত্ৰণৰ বাবে তলৰ কৌশল কেইটা অবলম্বন কৰা প্ৰয়োজন:

১) বিগত ঋতুৰ শস্য চপোৱাৰ পাছত ৰৈ যোৱা অৱশিষ্ট নৰা অংশ সম্পূৰ্ণকৈ আতৰাই পেলাব লাগে।

২) উঁই হাফলু থাকিলে ভালকৈ চঁহাই ভাঙি পেলোৱা উচিত,

৩) সম্পূৰ্ণকৈ পচন ঘটা জৈৱিক সাৰহে ব্যৱহাৰ কৰা উচিত আৰু

৪) ৰাসায়নিক পদ্ধতিৰে নিয়ন্ত্ৰণৰ বাবে-

ক) নতুন উদ্যান বা বাগানত মাটিৰ ঢাপ নিৰ্মাণৰ সময়ত ০.২ শতাংশ শক্তি সম্পন্ন “লিণ্ডেন” ৰ ইমালছন প্ৰয়োগ কৰা দৰকাৰ। উদ্ভিদৰ গা-গছ অংশ উঁই-পৰুৱাৰ পৰা ৰক্ষা কৰিবৰ বাবে ১ শতাংশ শক্তি যুক্ত “লিণ্ডেন” ছটিওৱা উচিত। মূল অংশ ৰক্ষাৰ বাবে ০.৫ শতাংশ শক্তি সম্পন্ন “ক্ল’ৰ’পাইৰিফচ” বা “লিণ্ডেন” ক জলসিঞ্চনৰ সময়ত একেলগে ব্যৱহাৰ কৰা প্ৰয়োজন,

খ) নতুন গৃহ নিৰ্মাণৰ সময়ত, ভেটিটো ০.৫ শতাংশ শক্তি সম্পন্ন “ক্ল’ৰ’পাইৰিফচ” বা “লিণ্ডেন” প্ৰতি বৰ্গ মিটাৰত ৫ লিটাৰ হিচাপত প্ৰয়োগ কৰা উচিত আৰু

গ) উঁই-হাফলু নষ্ট কৰিবৰ বাবে ০.৫ শতাংশ শক্তি সম্পন্ন “ক্ল’ৰ’পাইৰিফচ” বা “লিণ্ডেন” ক প্ৰতি ঘন মিটাৰত ৪ লিটাৰ হিচাপত প্ৰয়োগ কৰা উচিত।

তালিকা (১১): কেইবিধমান উঁই প্ৰজাতি আৰু বাদামৰ তুলনাত্মক পুষ্টিগত মানদণ্ড

 

পুষ্টি

 

 

 

বাদাম

চৰ্বি (শতাংশ)

৪৬.১

৪৪.৩

৪৪.৪

৪৭.০

প্ৰ’টিন (শতাংশ)

৩৮.৪

৪১.৮

৩৬.০

২৩.০

শৰ্কৰা (শতাংশ)

৮.০

-

-

-

এশ্ব (শতাংশ)

৬.৬

-

৬.৪

-

কেলৰি (শতাংশ)

৬১২.০

৭৬০.৫

৫৬০.০

৫৫৫.০

লিখক: ৰুদ্ৰ নাৰায়ণ বৰকাকতি

শেহতীয়া উন্নীতকৰণ: : 3/7/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate