অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মানৱ জীৱনত বৈচিত্ৰ্যময় পতংগৰ প্ৰভাৱ

কীট-পতংগ বুলিয়েই আমাৰ চকুত ভাঁহি উঠে খোৱা প্লেটৰ কাষে কাষে ভুন-ভুনাই উৰি থকা মাখিজাক, মিঠাইৰ পাত্ৰলৈ বুলি আকৰ্ষিত হোৱা পৰুৱাৰ লানি নিচিগা স্ৰোত বা নিশাৰ আঁঠুৱাৰ কাষত কুঁ কুঁৱাই থকা মহ জাকলৈ। অসমীয়া পকা আমটোত সাধাৰণতে দেখা পোৱা কলা বৰণীয়া পোকবোৰৰ কথানো কোনে পাহৰিব পাৰে? জীৱবিদ্যাৰ মতে, পতংগই হৈছে এক ধৰণৰ সফল শ্ৰেণী যি মানুহৰ জীৱন সংগ্ৰামৰ এক বিশিষ্ট প্ৰতিদ্বন্দ্বী।

চিত্ৰ (৫)(ক) মহ আৰু (খ) মাখি

(পেডিগ’, ২০০৬)

আমাৰ পৰিৱেশতন্ত্ৰত পতংগৰ ভূমিকা উল্লেখযোগ্য। আজিৰ পৰা কেইবা শ নিযুত বছৰৰ পূৰ্ব্বৰ জীৱাস্মই ইহঁতৰ প্ৰাচীনত্বৰ সাক্ষ্য দাঙি ধৰিছে। য’ত নেকি, আধুনিক মানুহৰ প্ৰথম সৃষ্টি মাত্ৰ এক নিযুত বছৰৰ আগতহে হৈছিল বুলি বিৱৰ্ত্তনৰ বুৰঞ্জীয়ে দাবী কৰে। পতংগবোৰে জীৱন সংগ্ৰামৰ লগত সংগতি ৰাখি যিকোনো পৰিৱেশত খাপ খাব পাৰে। বতাহ, পানী (নিৰ্মল বা লেতেৰা), মাটি-পৰ্ব্বত, আকৰ্টিক (উত্তৰ মেৰুৰ পৰা ৮০০ মাইল দূৰত্বত), এন্টাৰ্কটিকা, মৰুভূমি, গৰমপানীৰ উঁই (৫০-৫২ ডিগ্ৰী চেলচিয়াছ)ৰ লগতে জীৱ দেহৰ অভ্যন্তৰতো ইহঁতক পোৱা যায়। পেট্ৰ’লিয়াম, আৰ্গল, ছল এম’নিয়াক বা এম’নিয়াক বা এম’নিয়াম ক্ল’ৰাইডৰ দৰে অতি বিষাক্ত পদাৰ্থৰ ওপৰতো পতংগই বাস কৰিব পাৰে। পলিপেড’লিয়াম নামৰ পতংগ প্ৰজাতি এবিধ এশ ডিগ্ৰী ছেলছিয়াতকৈও অধিক উষ্ণতাত প্ৰায় সাত বছৰ পৰ্য্যন্ত জীৱিত থাকিব পাৰে। এই পৰিঘটনাক ক্ৰীপ্ত’বায়চিছ বোলা হয়।

মানৱ জীৱনত উপকাৰী পতংগৰ প্ৰভাৱ

এই পোক-পতংগ বোৰ সঁচাকৈ আমাৰ অলাগতিয়ালনে? নিশ্চয় নহয়। এফালে যিদৰে এজাক অপকাৰী পতংগই আমাৰ অৰ্থবৰ্দ্ধক শস্যকে আদি কৰি মূল্যৱান সম্পদ নষ্ঠ কৰি আছে থিক তেনেদৰেই আন এজাক পতংগই আমাক সহায় কৰিও আছে। পোক-পতংগৰ উপকাৰী দিশটো আলোকিত কৰাই তলৰ আলোচনাৰ উদ্দেশ্য

খাদ্য প্ৰস্তুত কাৰক পতংগ

ক) মধু উৎপাদন: আমি সকলোৱেই মৌ বা মধু পান কৰোঁ। ভাৰতীয় মহাকাব্যসমূহত মৌৰ এক বিশিষ্ট স্থান আছে। মৌ পঞ্চামৃতৰ শ্ৰেষ্ঠ অমৃত। আয়ুৰ্বেদিক আৰু কিছু ক্ষেত্ৰত হোমিঅ’পেথি দৰৱত মৌক এক উৎকৃষ্ট অনুপান হিচাপে ব্যৱহাৰ কৰা হয়। এই মৌ,-কেইবিধ মান বিশেষ প্ৰজাতিৰ মৌ-মাখিয়ে প্ৰাকৃতিক নিয়মেৰে প্ৰস্তুত কৰা নিৰ্ভেজাল পুষ্টিকৰ দ্ৰব্য। মৌ-মাখিয়ে ফুলৰ পৰা নিৰ্যাস শোষণ

 

চিত্ৰ(৬): প্ৰাপ্তবয়স্ক মৌ-মাখি (পেডিগ’ ২০০৬)

কৰাৰ সময়ত পৰাগধানীৰ পৰা নিৰ্গত যথেষ্ট পৰাগ ৰেণুও ভক্ষণ কৰে (প্ৰাপ্তবয়স্ক মৌ-মাখিৰ খাদ্যৰ উৎস পৰাগ ৰেণু)। পতংগৰ খাদ্য নলীৰ প্ৰথমাংশ ফ’ৰ গাটত মধু ৰেণুৰ মিশ্ৰণটো সুমাই পৰে, কিন্তু আপেক্ষিক গুৰুত্ব কম হোৱাৰ বাবে ৰেণুবোৰ নিৰ্যাসৰ পৃষ্ঠ ভাগত ওপঙি থাকে। এনে সময়ত মাখিৰ লেলাৱতিত থকা ইনভাৰ্টেজ নামৰ উৎসেচকে ক্ৰিয়া কৰি নিৰ্যাসখিনিক ডেক্সট্ৰ’জ আৰু লেভুলজ লৈ পৰিণত কৰে, লগতে ওপঙি থকা ৰেণুবোৰ সংযুক্ত হৈ লদাৰ আকাৰ গ্ৰহণ কৰে। তেনে সময়ত খাদ্যনলীৰ পেশীৰ সংকোচনৰ ফলত সৃষ্টি হোৱা চাপে মধুখিনিক মুখেৰে পুনৰ ওলাই অহাত সহায় কৰে, কিয়নো ৰেণুৰ লডাটোৱে নলীৰ দ্বিতীয় গুৰুত্বপূৰ্ণ অংশ মিড গাটলৈ সোমোৱাৰ পথত ভেটা দিয়াৰ মধুৰ অগ্ৰৱৰ্তী গতি ৰূদ্ধ হয় আৰু পেশীৰ চাপে বতিওৱাত সহায় কৰে। মৌ-মাখিয়ে এনেদৰে প্ৰস্তুত কৰা মৌ, চাকত জমা কৰে। মৌ-মাখিৰ কেইটামান প্ৰজাতি হ’ল-(Apis dorsata, A. indica, A. mellifera আৰু A. florea)

খ) কাঠফুলা বা মাশ্বৰুম: বৰ্তমান বজাৰত মাশ্বৰুমৰ চাহিদা বাঢ়িছে। আজি বহুদিনৰ আগলৈকে জনজাতীয় আহাৰৰ অন্যতম উপাদান হৈ থকা মাশ্বৰুম এতিয়া নগৰীয়া মানুহৰো প্ৰিয় হোৱাৰ কাৰণটো হ’ল ইয়াৰ ঔষধী গুণ। মধুমেহ বা ডায়েবেটিচ, হৃদৰোগ তথা কৰ্কট ৰোগৰ নিয়ন্ত্ৰণ তথা প্ৰতিৰোধ গুণসম্পন্ন মাশ্বৰুম জনপ্ৰিয় নহ’বই বা কিয়? অবিষাক্ত তথা ঔষধী গুণ যুক্ত মাশ্বৰুমৰ বহু কেইটাজাত অসমত উৎপন্ন হয় আৰু ইয়াৰ মাজত “টাৰ্মিট’মাইচিছ” নামৰ জাতটোও উল্লেখযোগ্য। এইবিধ সহজীৱি ভেঁকুৰৰ অকল মাত্ৰ উঁইহাফলুতহে বৃদ্ধি আৰু বিকাশ হয়। ইয়াত ৩৮-৪০ শতাংশ প্ৰ’টিনৰ লগতে বিভিন্ন প্ৰয়োজনীয় খনিজ লৱন থাকে।

কিছুমান দেশত পতংগক খাদ্য হিচাপে পৰিৱেশন কৰা হয়। বিশেষকৈ উঁই, ফৰিং, কুমটি, পৰুৱা, জলজ পতংগ আৰু কিছুমান পতংগৰ পলুৰ পৰা প্ৰস্তুত সু-স্বাদু ব্যঞ্জনৰ জনপ্ৰিয়তা ক্ৰমান্বয়ে বাঢ়িব লাগিছে। অদূৰ ভৱিষ্যতে হয়টো মানুহে প্ৰানীজ প্ৰ’টিন (মেৰিদণ্ডী)ৰ নাটনিৰ বাবে পতংগৰ ওচৰত বিকল্পৰূপে শৰণাপন্ন হ’ব লাগিব।

ৰেছম উৎপাদক পতংগ

সময়ৰ দ্ৰুত অগ্ৰগতিৰ লগত খোজ মিলাই আধুনিক মানুহে নানা তৰহৰ সাজ-পোছাক ব্যৱহাৰ কৰিবলৈ ধৰিছে। এই ক্ষেত্ৰত প্ৰাকৃতিক ভাৱে উৎপাদিত হোৱা ৰেছম বা ছিল্কৰ চাহিদা বজাৰত বাঢ়িছে। ছিল্কনো কি? ছিল্ক উৎপাদনকাৰী পতংগ, যেনে মুগা, এৰি আদিৰ পলুৰ নিম্ন ওষ্ঠৰ মধ্য অগ্ৰৱৰ্তী স্থানত এডাল ছিল্ক নিৰ্গমন নলিকা থাকে, এইডাল পলুৰ বক্ষস্থানত শ্লেষ্মা গ্ৰন্থিৰ লগত যুক্ত। ছিল্ক উৎপাদনকাৰী পলুৰ শ্লেষ্মা গ্ৰন্থিয়ে এবিধ জুলীয়া পদাৰ্থ নি:সৰণ কৰে আৰু এই পদাৰ্থ বায়ুৰ সংস্পৰ্শত গোট মাৰে, ইয়েই ছিল্ক। ছিল্কত দুবিধ প্ৰ’টিন থাকে-ফাইব্ৰ’ইন আৰু ছেৰিচিন।

লা বা জটু উৎপাদক পতংগ

আমাৰ দৈনন্দিন জীৱনত “লা” ৰ প্ৰয়োজনীয়তা কম নহয়। বাৰ্নিছ, অনাবেশক, পলিছ, বৈদ্যুতিক সৰঞ্জাম, গ্ৰামফোণ ৰেকৰ্ড, গহনা, পুতলা আৰু বৰ্তন প্ৰস্তুতিত লাৰ প্ৰয়োজন হয়। মহাভাৰততো ‘লা’ৰ প্ৰয়োগৰ বিষয়ে পোৱা যায়। দুৰ্যোধনে পাণ্ডৱসকলক হত্যা কৰিবলৈ ‘লা’ ৰে জতুগৃহ নিৰ্মান কৰিছিল। ‘লা’ উৎ                                                                                                                  পাদনকাৰী পতংগৰ দেহত বাকলিৰ তলচোৱাত থকা অসংখ্য গ্ৰন্থিৰে নিৰ্গত অৰ্ধজুলীয় পদাৰ্থ বায়ুৰ সংস্পৰ্শত কঠিন হৈ পৰে, এনে কেচা ‘লা’ সংগ্ৰহ কৰি বোৱতি পানীত ৩/৪ দিন ৰাখিলে যি পদাৰ্থ পোৱা যায় তাক গুৰি কৰি বিশুদ্ধ পানীৰে ধোৱাৰ পাছত তপত কৰিলে গোলাকাৰ ‘ছিড্‌ লা’ ভৰাই ৰঙচোৱা এঙাৰৰ ওপৰত আঁৰি দিয়া হয়। এঙাৰৰ উত্তাপত ‘লা’ গলি মোনাত থকা ফুটাৰে ওলাই আহে আৰু চেঁচা পানীৰ বিকাৰত ইয়াক সংগ্ৰহ কৰা হয়।

ফৰেণচিক বিভাগত পতংগ

অপৰাধ জগতৰ বহু সমাধানহীন সমস্যাৰ ভেদ ভঙাত পতংগৰ বিশেষ গুৰুত্ব আছে। ফৰেনছিক পতংগবিদ্যাৰ বুৰঞ্জী আৰম্ভ হয় প্ৰায় ১৩ শ শতিকা মানত, চীনৰ এখন গাঁৱত শানিত অস্ত্ৰৰ আঘাতত নিহত হোৱা কৃষক এজনৰ হত্যাৰ কাহিনীৰ পিছৰ পৰা। যেতিয়া অনুসন্ধানকাৰী বিষয়াৰ নিৰ্দেশত গাঁৱৰ খেতিয়কসকলে নিজৰ নিজৰ কাঁচিলৈ সমবেত হৈছিল, তেতিয়া এজাক উৰন্ত মাখি উৰি আহি যিখন কাঁচিত পৰিল, সেইখনৰ গৰাকীয়ে হত্যাৰ অপৰাধ স্বীকাৰ কৰিছিল। ফৰেনছিক পতংগবিদ্যাৰ বাবে গুৰুত্বপূৰ্ণ বৰ্গ কেইটামান হ’ল: ডিপ্টেৰা, কলিঅ’প্টেৰা, লেপিড’প্টেৰা আৰু হাইমেন’প্টেৰা। ইয়াৰ ভিতৰত বৰ্গৰ অৱদান উল্লেখযোগ্য। এই বিষয়ে পাছৰ অধ্যায়ত বিশদভাৱে আলোচনা কৰা হৈছে।

সুগন্ধি উৎপাদক পতংগ

সুগন্ধিৰ প্ৰতি প্ৰত্যেক মানুহৰে দুৰ্বলতা আছে। কিছুমান ধৰ্মীয় ৰীতি-নীতিত প্ৰাচীন কালৰ পৰাই সুগন্ধিৰ প্ৰয়োগ চলি আহিছে। সাঁচি তেল এনে একধৰণৰ সুগন্ধি পদাৰ্থ। সাঁচি গছৰ কাণ্ড অংশ কিছুমান পতংগই আক্ৰমণ কৰাৰ ফলত ধ্বংসপ্ৰাপ্ত কলাৰ কোষবোৰত ভেঁকুৰ সৃষ্টি হৈ তৈল সংশ্লেষনত গুৰুত্বপূৰ্ণ ভূমিকা লয়।

কিছুমান পতংগক পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ নিমিত্তে ৰাসায়নিক পদাৰ্থৰ বিকল্প হিচাপে অপকাৰী জীৱৰ বিৰুদ্ধে ব্যৱহাৰ কৰা হয়। এনে ধৰণৰ জৈৱ নিয়ন্ত্ৰকসমূহ হ’ল-ট্ৰাইক’গ্ৰামাক ধানৰ মজাখোৱা পোকৰ বিৰুদ্ধে, জাইগ’গ্ৰামাক পাৰ্থেনিয়াম বা কংগ্ৰেছ গ্ৰাছৰ বিৰুদ্ধে আৰু নিঅ’চেটিনাক পানীমেটেকা নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ কৰি সুফল পোৱা গৈছে।

মানুহৰ প্ৰতিদ্বন্দ্বীৰ ৰূপত পতংগ

এই বিচিত্ৰময় পতংগৰ অপকাৰী ভাগটোৱে পোনপোটিয়াকৈ আমাৰ দেহৰ পৰা বা আমাৰ উপকাৰী জন্তুৰ দেহৰ পৰা তেজ শোষণ কৰাৰ লগতে ৰোগৰ বাহক ৰূপে ক্ৰিয়া কৰাৰ উপৰিও মানৱ কৰ্ষিত শস্য নষ্টৰে আমাৰ কৃষি অৰ্থনীতিৰ যথেষ্ট ক্ষতিও কৰিব পাৰে।

উদ্ভিদৰ শত্ৰু পতংগ

পতংগই গড়ে প্ৰায় ১০ শতাংশ পৰিমাণৰ কৃষিজাত সামগ্ৰী প্ৰতিবছৰে নষ্ট কৰে। এই নষ্টকাৰী প্ৰকৰণবোৰ-

ক) পতংগৰ দ্বাৰা চৰ্বন: পতংগৰ মুখমণ্ডলৰ ঘাই-উপাংগসমূহ হ’ল- মেণ্ডিবল, মেক্সিলা, লেবিয়াম আৰু লেব্ৰাম। কিছুমান পতংগ, বিশেষকৈ বৰ্গ-অৰ্থপ্টেৰা (ফৰিং আৰু কাকতিফৰিং), কলিঅ’প্টেৰা (গুবৰুৱা) আৰু লেপিড’প্টেৰা (বিছা)বোৰৰ খুব শক্তিশালী মেণ্ডিবল থাকে-যাৰ দ্বাৰা আমাৰ খাদ্য-সামগ্ৰীবোৰক খেতিপথাৰতে গৰু-ছাগলীয়ে খোৱা দি খাই পেলাই। কাকতিফৰিঙৰ বাবে এসময়ত দুৰ্ভিক্ষৰ সৃষ্টি হৈছিল। দলে দলে উৰি যোৱা কাকতিফৰিং বোৰে বাটত পোৱা বিভিন্ন উদ্ভিদ তহিলং কৰি যায়। নিমগছৰ প্ৰতি ইহঁত আকৰ্ষিত নোহোৱাৰ সূত্ৰেই প্ৰথমে নিমৰ পতংগনাশক গুণৰ ওপৰত অনুসন্ধান আৰম্ভ হৈছিল।

খ) পতংগৰ দ্বাৰা বিন্ধি নিৰ্যাস আহৰণ: উদ্ভিদকোষৰ প্ৰৰস আৰু প্ৰাণীৰ তেজ পৃথিৱীৰ আটাইতকৈ মূল্যৱান জুলীয়া পদাৰ্থ। পতংগই মেণ্ডিবল আৰু লেবিয়ামক অলপ পৰিৱৰ্তন কৰি ঠোঁটসদৃশ ষ্টাইলেট সৃষ্টি কৰিছে- যাৰ সহায়ত কোষ প্ৰৰস বা তেজ সহজে শোষণ কৰিব পাৰে। মোৱাপোক, “স্কেল” পোক আৰু “হোৱাইট ফ্লাই” বা শ্বেতমাখি আদিয়ে উদ্ভিদৰ পৰা নিৰ্যাস আহৰণ কৰাৰ বিপৰীতে মহ, উৰহ আৰু ওকণীয়ে প্ৰাণীদেহৰ পৰা তেজ শোষণ কৰে।

চিত্ৰ (৭): “স্কেল” পোক, (পেডিগ’ ২০০৬)

চিত্ৰ (৮): প্ৰাপ্তবয়স্ক শ্বেত-মাখি,

গ) ছিদ্ৰ সৃষ্টিকাৰী পতংগ: কিছুমান পতংগই উদ্ভিদৰ কলা আক্ৰমণ কৰি ফুটাই পেলায়। টেঙৰ গৰ্ভৱতী পতংগটিয়ে দীঘল “অভিপজিট” ৰ ডাল ব্যৱহাৰ কৰি ফল বা পাতৰ ভিতৰলৈ ডিম্ববোৰ হেঁচি প্ৰসৱ কৰে। নতুনকৈ সৃষ্টি হোৱা পলুবোৰে খাদ্যৰ ৰূপত, উদ্ভিদৰ সেই অংশ ব্যৱহাৰ কৰাৰ ফলত ছিদ্ৰৰ সৃষ্টি হয়। বিশেষকৈ কলিঅ’প্টেৰা, লেপিড’প্টেৰা আৰু ডিপ্টেৰা বৰ্গৰ পতংগৰ অপৈণত স্তৰবোৰে ছিদ্ৰ সৃষ্টি কৰা দেখা যায়। সেয়েহে সতেজ আমটোৰ ভিতৰতো পোক পোৱা যায়।

ঘ) টোপোৰা সৃষ্টিকাৰী পতংগ: কিছুমান পতংগ, বিশেষকৈ বৰ্গ- ডিপ্টেৰা (গল মিড্‌জ) বা হাইমেন’প্টেৰা (গল ৱাচ্‌প)য়ে উদ্ভিদৰ কিছুমান অংশত টোপোৰা বা টেমুনা সৃষ্টি কৰাত সহায় কৰে। পতংগৰ পৰা নি:সৃত কিছুমান ৰাসায়নিক পদাৰ্থই উদ্ভিদ-কলাৰ কোষৰ আকাৰ বা বিভাজন অস্বাভাৱিকভাৱে বৃদ্ধি হোৱাত সহায় কৰাৰ ফলত বেলেগে বেলেগে আকাৰ তথা গঠনৰ টোপোৰাৰ সৃষ্টি হয়। এই টোপোৰাবোৰে অপৈণত (পলু, মেগট)বোৰৰ বাবে আশ্ৰয় তথা খাদ্যৰ যোগান ধৰে।

ঙ) মূল খাদক পতংগ: আপেলৰ বাবে ভয়ানক পতংগ “উল্লি এপল এফিড” হ’ল,- এবিধ মোৱাপোক, ইহঁতৰ পাখিহীন দুটা জনুৱে পাতৰ পৰা খাদ্য গ্ৰহণ কৰে। গৰমকালি জন্ম দিয়া নতুন চামে উদ্ভিদৰ মূলক নষ্ট কৰে আৰু শীতকালত অৱশ্যে ইহঁতে পাখিহীন জনুৰহে সৃষ্টি কৰে।

চ) উদ্ভিদৰোগৰ বাহক পতংগ: প্ৰায় ২০০ বিধমান উদ্ভিদৰোগৰ ভিতৰত ১৫০ বিধমান ভাইৰেল, ২৫ বিধমান ভেঁকুৰজড়িত, ১৫ বিধমান বেক্টেৰিয়েল আৰু কেইবিধমান প্ৰট’জ’ৱা জড়িত ৰোগৰ ক্ষেত্ৰত পতংগই বাহকৰ ৰূপত কাম কৰে। গ্ৰীন লীফ হ’পাৰ’ নামৰ পতংগই, ধানৰ “টুংগ্ৰ’ ৰোগ” ৰ ভাইৰাছ কণিকাক বহন কৰি সংক্ৰমিত উদ্ভিদৰ পৰা সুস্থ উদ্ভিদলৈ ব্যপ্ত হোৱাত সহায় কৰে।

ক) ফৰিং

খ) গুবৰুৱা

গ) ঝিলি

চিত্ৰ (৯): (ক) উদ্ভিদ-খাদক, (খ) মাংসভোজী আৰু

(গ) উদ্ভিদৰস শোষক পতংগৰ মুখাংগ (পেডিগ’ ২০০৬)

মানৱ শত্ৰু পতংগ

(ক) পৰোক্ষভাৱে আমনিদায়ক পতংগ: পতংগই বিভিন্ন প্ৰকাৰে মানুহক আমনি  দিব পাৰে। মহৰ কুঁ-কঁৱনি, মাখিৰ ভোনভোননি বা মৌ-মাখিৰ গুঞ্জনে বিভিন্ন সময়ত মানুহক আমনি দিয়ে।

খ) বিহ প্ৰয়োগ: বহুত পতংগ বিষাক্ত। কেদো, বৰল বা মৌ-মাখিয়ে বিষাক্ত শুঙেৰে খুঁচি, উৰহ আৰু মহে মুখাংগ ৰক্ত শোষণৰ বাবে মানৱ দেহত সোমোৱাই আৰু বিছাই শুঙৰ দ্বাৰা খজুৱতিৰ সৃষ্টি কৰি মানুহক আমনি কৰে।

গ) দেহৰ ভিতৰ বা বাহিৰত আশ্ৰয় লোৱা পতংগ: ওকণীয়ে মানুহৰ মূৰ-দেহৰ উপৰি চৰাইৰ দেহতো বাস কৰে। একধৰণৰ মাখিৰ অপৈণতবোৰে ঘোঁৰাৰ পাকস্থলী আৰু মলভাণ্ডত বাস কৰি সাধাৰণ পুষ্টিত বাধা দিয়ে, ঘোঁৰাৰ আভোক হয় আৰু শেষত মৰি যাবও পাৰে।

ঘ) জীৱৰ দেহলৈ ৰোগ সংক্ৰমণকাৰী পতংগ: প্ৰায় ১৫০ বিধ জীৱৰ ৰোগ, পতংগ আৰু সন্ধীপদী মূলৰ সদস্যই কঢ়িয়ায়। এইবোৰ ৰোগৰ বীজাণু-ভাইৰাছ, বেক্টেৰিয়া, ৰিকেটছিয়া, প্ৰট’য’ৱা, কৃমি আদিয়ে বহন কৰিব পাৰে। আফ্ৰিকাৰ মানুহৰ টোপনি যোৱা ৰোগৰ বীজাণুক “ছেছে ফ্লাই” য়ে বহন কৰে। মেলেৰীয়া মহৰ উপদ্ৰৱৰ কথাটো সৰ্বজনবিদিত।

ঙ) মূল্যৱান সম্পদ ধ্বংসকাৰী পতংগ: পতংগই মানুহৰ বাবে উপযোগী সকলোবোৰ বস্তু যেনে- সঞ্চিত শস্য, বস্ত্ৰ, ঊল, ঔষধ, আচবাব, দলং, পকীবেৰ, সংগ্ৰহালয়ৰ বস্তু, বহী আৰু কিতাপ আদিক ধ্বংস কৰিব পাৰে। কিতাপ পত্ৰৰ দ’মৰ ভিতৰত সাধাৰণতে পোৱা পতংবিধৰ নাম ছিলভাৰ ফিছ। কাপোৰত ছিদ্ৰ কৰা পোক “ক্লথ মথ”।

ইমানবোৰ ক্ষতি কৰাৰ পিছতো এই পতংগৰ প্ৰতি সদ্ভাৱ থকা প্ৰয়োজননে? এই প্ৰশ্নৰ উত্তৰত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড০ কে পি শ্ৰীবাস্তৱৰ মতে, পতংগবোৰে প্ৰকৃততে উপকাৰীহে। মানুহৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা কাৰকসমূহক মানুহে যিকোনো প্ৰকাৰে নিয়ন্ত্ৰণ কৰিব পাৰিব, কিন্তু অত্যাধুনিক সৰঞ্জামেৰেও মৌ, লা, মম, এৰী আদি মূল্যৱান প্ৰাকৃতিক পদাৰ্থসমূহ প্ৰস্তুত কৰা কষ্টসাধ্য কাম হ’ব।

লিখক: ৰুদ্ৰ নাৰায়ণ বৰকাকতি

শেহতীয়া উন্নীতকৰণ: : 4/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate