‘পথাৰ, বজাৰ আৰু কৃষক’- এই তিনিওটাৰ মাজত অভিন্ন সম্পৰ্ক আছে। কৃষকে পথাৰত উৎপাদন কৰে আৰু সেই উৎপাদিত সামগ্ৰী বজাৰত বিক্ৰী হয়।
পথাৰ আৰু কৃষক অভিন্ন সত্ত্বা, দুয়ো দুয়োকে বুজি পায় আৰু মৰ্যদা অনুভৱ কৰে। পথাৰ আৰু বজাৰ দুয়োটাৰ সৈতে কৃষকৰ কল্যাণ জড়িত হৈ আছে। প্ৰত্যাশাৰে কৃষকে পথাৰত উৎপাদন কাৰ্যত ব্ৰতী হয় আৰু শ্ৰম-কষ্টৰ প্ৰতিদান পাবলৈ উৎপাদিত সামগ্ৰীক বজাৰলৈ নিয়ে।
পথাৰত কৃষকৰ আধিপত্য আছে, কিন্তু বজাৰত অসহায় হয়। পথাৰত কৃষকে সদায়ে জয়গান গাই আহিছে। বানে ধুই নিলেও খৰাঙে পুৰি ছাই কৰিলেও কৃষকে সদায়ে কঠিন সংগ্ৰাম কৰি আহিছে আৰু জয়ীও হৈছে। গৰাখহনীয়াই পথাৰখন কাঢ়ি নিলে বা বালিয়ে ঢাকিলে সাময়িকভাৱে হতাশাই আৱৰি ধৰে, কিন্তু পুনৰ নতুন উদ্যমেৰে উৎপাদনত ব্ৰতী হয়। অৰ্থাৎ পথাৰত কৃষকে বীৰদৰ্পে উপস্থিতি সাব্যস্ত কৰি আহিছে।
কিন্তু বজাৰত কৃষক সদায়ে অসহায় বা নিঃসহায় হৈ আছে। উৎপাদিত সামগ্ৰীৰ উপযুক্ত মূল্য নাপায় আৰু বজাৰত যোৱাৰ পাছত চকু সেমেকি উঠে। শেষত উপায়হীন হৈ মধ্যভোগী, দালালৰ ওচৰত সেও মানিবলৈ বাধ্য হয়। উপযুক্ত দাম নোপোৱাৰ কাৰণে হয়তো কম দামত বিক্ৰী কৰিবলৈ বাধ্য হয় নতুবা পথৰ দাঁতিত পেলাই দিয়ে। কিছুমানে পথাৰতে নষ্ট হ’বলৈ দি ক্ষোভ প্ৰকাশ কৰে।
আমাৰ জীৱনৰ মূল চালিকাশক্তি খাদ্যৰ উৎপাদন কৃষকৰ দ্বাৰা সম্ভৱ হয়। কিন্তু দুৰ্ভাগ্যক্ৰমে কৃষকক আমাৰ দেশত, ৰাজ্যত উপযুক্ত সমাদৰ দিয়া নহয়। অপ্ৰিয় হ’লেও সত্য যে প্ৰচলিত ধাৰণা অনুসৰি যিসকলৰ অন্য কোনো কাৰ্য কৰিবলৈ সক্ষমতা, যোগ্যতা নাই সেইসকলেহে কৃষি কাৰ্যত জড়িত হয়। আমি বাহ্যিকতাৰ ক্ষেত্ৰত যিমান গুৰুত্ব বা প্ৰাধান্য দিওঁ জীয়াই থকাৰ কাৰণে অতিকৈ প্ৰয়োজনীয় দিশক সিমান গুৰুত্ব নিদিওঁ।
বহুতো কৃষকৰ ধন বা সম্পদ নাই আৰু নিজাববীয়া কৃষিভূমিও নাই। তেওঁলোকে আনৰ মাটিত কৃষি কাৰ্য কৰে আৰু ঋণ ল’বলৈ বাধ্য হয়। সেই কাৰণে উৎপাদিন সামগ্ৰীক তাৎক্ষণিকভাৱে বিক্ৰী কৰিবলৈ বাধা হয়। আনহাতে পৰিগাঁথনিৰ অভাৱত শাক-পাচলি সংৰক্ষণ কৰিব নোৱাৰে। কৃষকৰ অসহায় অৱস্থাৰ সুযোগ মধ্যভোগী শ্ৰেণীয় গ্ৰহণ কৰে আৰু সুযোগৰ ব্যৱহাৰ কৰি মুনাফা আদায় কৰে।
কৃষি বিভাগে কৃষকৰ ওচৰলৈ নাযায় আৰু একাংশৰ সৈতে বুজাবুজিৰে কৃষকৰ কাৰণে নিৰ্ধাৰণ কৰা আঁচনিসমূহৰ দ্বাৰা লাভাম্বিত হয়। এনেকুৱা অভিযোগ আছে যে নতুন বীজ দোকানত যোগান ধৰে আৰু পুৰণা বীজ কৃষকৰ মাজত বিতৰণ কৰে। ফলস্বৰূপে ধানৰ পৰিৱৰ্তে পতান হয় বা আশা অনুপাতে ফচল নাপায়।
বজাৰত যদিহে কৃষকে যথোচিত গুৰুত্ব নাপায়, তেতিয়া কৃষকৰ কল্যাণ সম্ভৱ নহয়। বজাৰত কৃষকৰ চকুপানী-হুমুনিয়াহৰ ওৰ পাৰিলেহে কৃষক লাভৱান হ’বলৈ সক্ষম হ’ব। আনাহাতে পথাৰত কৃষকৰ শ্ৰম, কষ্টৰ উপলব্ধি থাকিলে কৃষকে মৰ্যদা পাবলৈ সক্ষম হ’ব।
পথাৰ বা উৎপাদন কৰা স্থলী আৰু বজাৰৰ দামৰ মাজত যথেষ্ট পাৰ্থক্য দেখা যায়। বজাৰৰ দামৰ দ্বাৰা কৃষকৰ প্ৰাপ্তিক জোখা উচিত নহয়। উচিত মূল্য পোৱাৰ আশাত পথাৰত শাক-পাচলি, উৎপাদিত দ্ৰব্যক ৰাখি থ’ব নোৱাৰে, কাৰণ পৰৱৰ্তী উৎপাদনৰ কাৰণে পথাৰখন খালী কৰাৰ প্ৰয়োজন হয়।
আমাৰ দেশৰ অৰ্থনীতিৰ মূল চালিকাশক্তি কৃষক। কিন্তু কৃষক লাভাম্বিত হ’বলৈ সক্ষম নোহোৱাৰ মূলতে হৈছে ব্যক্তি স্বাৰ্থ লুন্ঠনৰ মানসিকতা, দুৰ্নীতি, কেলেংকাৰী। ঋণগ্ৰস্ত কৃষকৰ আত্মহত্যা স্বাভাৱিক ঘটনাত পৰিণত হৈছে। যিসকলৰ ধন আছে সেইসকলে নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দলক সহায় কৰিব পাৰে আৰু সেইসকলে চৰকাৰৰ গুৰুত্ব পাবলৈ সক্ষম হয়। কিন্তু কৃষকৰ ধন নাই কাৰণে গুৰুত্বও নাপায়। কৃষকৰ কাৰণে নিৰ্ধাৰণ কৰা আঁচনিৰ দ্বাৰা কৃষিৰ সৈতে জড়িত নোহোৱাসকলহে উপকৃত হয়।
পথাৰ, বজাৰ আৰু কৃষক- এই তিনিওটাৰ মাজত গুৰুত্বপূৰ্ণ সম্পৰ্ক আছে। কৃষকে পথাৰতে নহয়, বজাৰতো সমাদৰ পোৱা উচিত। যিয়ে কষ্ট, শ্ৰম কৰে আৰু মৰ্যদা লাভ কৰিলে সমাজ ব্যৱস্থাটো সুপ্ৰভাৱ পৰিলে। শ্ৰমৰ প্ৰতি মৰ্যাদ নথকা কাৰণে কৃষি কাৰ্যৰ প্ৰতি নতুন প্ৰজন্মৰ আগ্ৰহ নোহোৱা হৈছে। আনহাতে সহজলভ্যতাৰ প্ৰতি গুৰুত্ব আৰু আকৰ্ষণে শ্ৰম, কষ্টৰ প্ৰতি অনাদৰ দেখুৱাই আহিছে। যিসকলে কৃষকৰ কল্যাণৰ প্ৰতি থকা বিভিন্ন কাৰ্যত নিয়োজিত হৈ আছে সেইসকলৰ সাধাৰণতে শ্ৰম, কষ্টৰ প্ৰতি সন্মান নাই আৰু তেওঁলোকে দায়িত্বত নিয়োজিত হোৱাৰ পথত নীতিগত দিশক বিসৰ্জন দিবলৈ বাধ্য হৈছিল বা কৰাইছিল। ফলস্বৰূপে কৃষক সমাজ চৰকাৰী ব্যৱস্থাৰ দ্বাৰা উপকৃত হোৱাত বাধা হৈছে।
লেখক: কৰেন্দ্ৰ চক্ৰৱৰ্তী(অসম বাণী)
শেহতীয়া উন্নীতকৰণ: : 2/6/2023