অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পাচলি খেতিৰ প্ৰাৰম্ভিক কথা

 

অসমৰ নিচিনা পিছপৰা ৰাজ্য এখনত কৃষক ৰাইজে প্ৰতিটো খেতিতে সৰু-বৰ কিছুমান সমস্যাৰ সন্মুখীন হোৱা দেখা যায়-

 

বিভিন্ন ঋতু অনুসৰি বেলেগ বেলেগ অঞ্চলত কৃষি কৰ্মত উদ্ভৱ হোৱা সমস্যাসমূহো ভিন্‌ ভিন্‌। শাক-পাচলিৰ খেতি আৰম্ভ কৰোঁতেও কৃষক ৰাইজে কিছুমান সমস্যাৰ সন্মুখীন হোৱা দেখা যায়। তেনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু খেতিৰ জৰিয়তে আশানুৰূপ লাভৱান হ’বলৈ খেতিৰ খুঁটি-নাতিসমূহ দূৰ কৰাৰ প্রচেষ্টা চলোৱা ভাল।

শীতকাল অহাৰ লগে লগে কৃষক ৰাইজে শীতকালীন শাক-পাচলি খেতিত অগ্ৰসৰ হয়। এই ক্ষেত্ৰত গুৰুত্ব দিব লগা প্রধান বিষয় হৈছে উপযুক্ত বীজ নির্বাচন কৰাটো। যিহেতু আজিকালি সাধাৰণ বজাৰত পোৱা যিকোনো বীজ খেতিত ব্যৱহাৰ কৰাৰ ফলত কৃষি উৎপাদনত বেয়াকৈ ঘাটি খাব লগা হয়। তেনে সমস্যাৰ পৰা হাত সাৰিবলৈ আমি তলত উল্লেখ কৰা দিশসমূহৰ প্ৰতি লক্ষ্য ৰখা ভাল।

১) অধিক উৎপাদন লাভ কৰিবলৈ বিচাৰিলে কেৱল নিৰ্ভৰযোগ্য আৰু চৰকাৰী পঞ্জীয়নভুক্ত বীজ বিক্ৰী কেন্দ্ৰৰ পৰাহে বীজ ক্ৰয় কৰিব লাগে।

২) বীজৰ অংকুৰণ ক্ষমতা, অশুদ্ধতা আদিৰ বিষয়ে আগতীয়াকৈ জানিবলৈ নির্বাচিত বীজৰ পৰা নমুনা সংগ্ৰহ কৰি বীজ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা ভাল।

৩) বীজৰ পৰা বিস্তাৰিত হ’ব পৰা যিকোনো বেমাৰ-আজাৰ নিৰ্মূল কৰিবৰ বাবে খেতি পথাৰত প্রয়োগ কৰাৰ আগতে অনুমোদিত বীজাণুনাশক দ্রব্যৰে বীজখিনি শোধন কৰি লোৱা দৰকাৰ।

৪) উন্নত মানবিশিষ্ট আৰু সঠিক পৰিমাণৰ বীজ পোৱাটো নিশ্চিত হ’বৰ বাবে বীজ কিনাৰ আগতে বীজ ভৰাই থোৱা পেকেট বা পাত্ৰৰ ওপৰত থকা লেবেল বা তাত লিখি থোৱা তথ্যসমূহ ভালদৰে বুজি পোৱা ভাল। কিছুমান জাতৰ শাক-পাচলি আগতীয়াকৈ আৰু কিছুমান জাতৰ পাচলিৰ বীজ কিছু পলমকৈ সিঁচিব পাৰি। নির্দিষ্ট সময়ত পাচলি খেতি কৰিবলৈ শস্যৰ আগতীয়া, মধ্যমীয়া আৰু শেহতীয়া জাতসমূহৰ বিষয়ে বিতংকৈ জানি লোৱা দৰকাৰ।

শাক-পাচলি খেতি কৰোঁতে মন কৰিব লগা অন্যতম দিশ হৈছে উপযুক্ত মাটি নির্বাচন কৰাটো। আমাৰ ভালেমান কৃষকে মাটিৰ গুণাগুণৰ ওপৰত অগ্রাধিকাৰ নিদিয়াকৈ বাৰীৰ চুকে-কোণে পাচলিৰ খেতি কৰা দেখা যায়। তদুপৰি, খেতিৰ সময়ত লৰালৰিকৈ পথাৰত দুই-এচাহ হাল বাই বা কোৰ মাৰি পাচলিৰ বীজ সিঁচিলে বা পুলি ৰুলে খেতিৰ পৰা কেতিয়াও আশানুৰূপ ফল লাভ কৰিব নোৱাৰি।

এইক্ষেত্ৰত মাটি নির্বাচন আৰু প্রস্তুত কৰোঁতে নিম্নোক্ত দিশসমূহৰ ওপৰত চকু দিলে ভালেমান উপসৰ্গৰ পৰা হাত সাৰিব পৰা যাব-

 

১) খেতি আৰম্ভ কৰাৰ আগতে মাটিডৰাৰ পৰা নমুনা সংগ্ৰহ কৰি মাটি পৰীক্ষা কৰি ল’লে পথাৰডৰাত অনুমোদিত পৰিমাণৰ সাৰ-জাবৰ দিবলৈ সুবিধা হয় আৰু তেনে কৰিলে সাৰৰ অপচয়ো ৰোধ কৰিব পৰা যাব।

২) পানী বন্ধ হ’ব নোৱাৰা ৰ’দ ঘাই পলসুৱা মাটি পাচলি খেতিৰ বাবে উৎকৃষ্টমানৰ। বীজ সিঁচা বা পুলি ৰোৱাৰ আগতে মাটিডৰাত বীজাণুনাশক দ্রব্য প্রয়োগ কৰি মাটিডৰা শোধন কৰি ল’লে মাটিৰ পৰা বিস্তাৰিত হোৱা বেমাৰ নিয়ন্ত্রণ হয়।

৩) পাচলিৰ বীজ সিঁচা আৰু পুলি ৰোৱাৰ আগতে পর্যাপ্ত পৰিমাণৰ পচনসাৰ প্রয়োগ কৰিব লাগে। পচনসাৰে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে, মাটিত জীপ ৰখাত সহায় কৰে আৰু তেনে মাটিৰ পৰা শস্যই প্রয়োজনীয় পোষক দ্রব্য সহজে আহৰণ কৰিব পাৰে। পচনসাৰত শস্যক প্রয়োজন হোৱা প্রায়বোৰ মৌল নিহিত হৈ থাকে।

৪) মাটি প্রস্তুত কৰাৰ সময়তে কাষত চেঁচুক পেলাব পৰা হাবি-বনবোৰ কাটি জাবৰ-জোথৰবোৰো আঁতৰাই লোৱা দৰকাৰ। পৰিষ্কাৰকৈ ৰখা পাচলিবাৰীত পোক-পতংগ আৰু বেমাৰ-আজাৰৰ উপদ্ৰৱ কমে।

৫) শাক-পাচলিৰ পুলিত নিয়মীয়াকৈ পানী যোগান ধৰিবলৈ পাচলিৰ বাৰীখনৰ কাষত পানীৰ উৎস থকা ভাল। পাচলিবাৰীত নিয়মীয়াকৈ আৰু প্রয়োজনীয় পৰিমাণতহে পানী যোগান ধৰিব লাগে। তাতকৈ বেছি বা কম পৰিমাণত পানী দিলে হিতে বিপৰীত হোৱাৰ সম্ভাৱনা থাকে।

লিখক: ড° কুমুদ চুতীয়া, দৈনিক জনমভূমি।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate