অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পুহ, মাঘ মাহৰ সম্ভাব্য কীট-পতংগৰ ব্যৱস্থাপনা :

পুহ, মাঘ মাহৰ সম্ভাব্য কীট-পতংগৰ ব্যৱস্থাপনা :

 

এতিয়া কৃষকসকলে ধান ভঁৰালত ভৰাবলৈ আৰম্ভ কৰিছে। ধান সংৰক্ষণ কৰাৰ আগত ভালদৰে দুই-তিনি দিনমান ৰ’দত শুকুৱাব লাগে। ভঁৰাল ঘৰ ভালদৰে পৰিষ্কাৰ কৰি ভঁড়ালৰ বেৰ আৰু তলিখনত মালাথিয়ন ৫০ ইচি ঔষধৰ এক চাহ চামুচ প্রতি লিটাৰ পানীত মিশ্রণ কৰি স্প্ৰে কৰিব লাগে। তেনে কৰিলে কিছুদিনলৈ ভঁড়ালত অন্যান্য কীট-পতংগৰ লগতে এন্দুৰৰ প্ৰৱেশ ৰোধ কৰিব পৰা যায়। ধান বস্তাত ৰাখিবলৈ হ’লে খালী বস্তাবোৰ ওপৰিউক্ত ঔষধৰ মিশ্রণত ডুবাই ছাঁত শুকুৱাই লৈহে বস্তাত ভৰাই সংৰক্ষণ কৰিব লাগে ।

সৰিয়হ শস্যৰ উৎপাদন বৃদ্ধিৰ বাবে কৃষক আৰু মৌপালকসকলে ভাৰতীয় সঁচৰ মৌবাহ প্রতি হেক্টৰত ৫ টাকৈ নতুবা পশ্চিমীয়া সঁচৰ মৌবাহ ২ টাকৈ সৰিয়হৰ পথাৰত স্থাপন কৰা উচিত। সৰিয়হত দেখা দিব পৰা মোৱা পোক আৰু সৰিয়হৰ ক’লা পলুৰ পৰা ৰক্ষা পাবলৈ অক্সিডিমেন্টন মিথাইল ২৫ ই চি দৰৱৰ এক চাহ চামুচ পাঁচলিটাৰ পানীত মিহলাই প্রয়োগ কৰক। নিমজাতীয় ঔষধ ব্যৱহাৰ কৰিও কৃষকসকল উপকৃত হ’ব পাৰে। সৰিয়হত শুৰপোকৰ আক্রমণ পৰিলক্ষিত হ’ব পাৰে। ইয়াৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কৃষকসকলে সমবায় ভিত্তিত আগবঢ়া প্রয়োজন। পথাৰৰ চৌপাশে পাউদাৰ জাতীয় কীটনাশক (মালাথিয়ন ৫%, কুইনলফচ ১.৫%,ক্ল'ৰপাইৰিফচ ১%)। ৩-৪ কিল’গ্রাম প্রতি বিঘা মাটিৰ আলিবোৰত প্রয়োগ কৰি সুফল পাব পাৰে। আলুখেতিত ভূঁৰপোক আৰু ৰঙাপৰুৱাৰ আক্ৰমণৰ অনুকুল সময়। কণী ফুটি নকৈ ওলোৱা ভূঁৰ পোকৰ পলুৱে আলু পুলিৰ গা-গছ আক্রমণ কৰে। আলু খেতি কৰিবলৈ লোৱা মাটিডৰাৰ ওচৰত নিশাৰ ভাগত জুই ধৰাৰ ব্যৱস্থা কৰিলে ভূঁৰ পোকৰ পখিলা জুইৰ পোহৰলৈ আকৰ্ষিত হোৱাৰ ফলত লেলিহান শিখাত জাহ গৈ পৰৱৰ্তী বংশ বিস্তাৰণ বাধাপ্রাপ্ত হয়। তদুপৰি, চহাই খোৱা মাটিত লোৰ খান্দি কুইনলফছ ২৫ ই চি নতুবা ক্ল'ৰপাইৰিফছ ২০ ই চি দৰৱৰ চাৰি চাহ চামুচ ১০ লিটাৰ পানীত মিহলাই প্রয়োগ কৰক। ইফালে ৰঙা পৰুৱাৰ উপদ্রৱৰ পৰা হাত সাৰিবলৈ বালিচহীয়া মাটি অথবা আগেয়ে ৰঙাপৰুৱাৰ আক্রমণ দেখা দিয়া অঞ্চলক নির্বাচন কৰা অনুচিত। বিঘাই প্রতি ৫ কিঃগ্ৰাঃ মালাথিয়ন পাইডাৰ ৰোপণৰ পূর্বে লোৰবোৰত প্রয়োগ কৰি ল’ব লাগে। লোৰবোৰত একচাহ চামুচ ক্ল'ৰপাইৰিফছ ২০ ইচি দুই লিটাৰ পানীত মিহলাই (বা ক্লৰপাইৰিফছ ৩০০ গ্রাম প্রতি হেক্টৰ)ত প্রয়োগ কৰি বীজ ৰোপণ কৰিলে ৰঙা পৰুৱাৰ উপদ্রৱৰ পৰা হাত সাৰিব পাৰি। এই ক্ষেত্ৰত কৃত্রিম ৰাসায়নিকৰ পৰিৱর্তে বিঘাই প্রতি ২০ কিঃগ্ৰাঃ খলিহৈ প্রয়োগ কৰিলেও সুফল পোৱা যায়। বিলাহী খেতিৰ মাজে মাজে ওখ জাতৰ নাৰ্জীফুলৰ পুলি ৩০ দিনৰ পূর্বে ৰোপণ কৰিব লাগে। নাৰ্জীফুলে ফলবিন্ধোৱা পোকক আকর্ষণ কৰাৰ ফলত মূলশস্যক পতংগৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰে। ডিম্ব পৰজীৱী ‘ট্রাইক’গ্ৰামা প্রিটিঅ’চাম” বিঘাই প্রতি ২০,০০০ কৈ ১০ দিনৰ অন্তৰালত ৩-৪ বাৰ প্রয়োগ কৰিলে ফল বিন্ধোৱা পোকৰ আক্রমণ বহুত পৰিমাণে হ্রাস পায়। আঠাযুক্ত হালধীয়া আকৰ্ষক কাৰ্ড ব্যৱহাৰ কৰিও বিলাহী গছৰ পাতৰ ওকণি আৰু বগা মাখিক নিয়ন্ত্রণ কৰিব পাৰি। ‘হেলিলিউৰ’(ফল বিন্ধোৱা পোক) আৰু ‘স্প’ডলিউৰ' (পাতখোৱা পলু) যুক্ত ফেৰমন ফান্দ ব্যৱহাৰ কৰিও কীট-পতংগৰ পৰা বিলাহীৰ খেতিডৰা ৰক্ষা কৰিব পাৰি। কবিজাতীয় পাচলি বিশেষকৈ বন্ধাকবি আৰু ফুলকবি আদিত পখিলাজাতীয় পোকৰ পলুৱে আক্রমণ কৰাৰ সম্ভাৱনা আছে। ডিম্ব পৰজীৱী "ট্রাইক’গ্ৰামা পিৰিডি’ বিঘাই প্রতি ২০,০০০ কৈ ১০ দিনৰ অন্তৰালত ২-৪ বাৰ প্ৰয়োগ কৰক। নিমজাতীয় দৰৱৰ প্রয়োগে এই পোকক বিকর্ষণ কৰে। কবিখেতিৰ কাষে কাষে থলুৱা সৰিয়হ ৰোপণ কৰিলে মোৱাপোক আৰু কিছুমান পখিলাজাতীয় পোক সৰিয়হলৈ ঢাপলি মেলাত মূল শস্য কবি ৰক্ষা পৰে। এবিধ চাঁহিৰ আক্ৰমণৰ ফলত লিচুগছৰ পাতত মামৰ সদৃশ লক্ষণে দেখা দিয়ে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ বেছিকৈ আক্রান্ত ঠাল-ঠেঙুলিবিলাক আঁতৰাই পেলাব লাগে। তদুপৰি, চাঁহিনাশক প্রপাৰজাইট ৫৭ ইচি দৰৱৰ এক চাহ চামুচ প্রতি পাঁচলিটাৰ পানীত মিহলাই ১৫ দিনৰ অন্তৰালত দুবাৰ প্রয়োগ কৰক।

উৎস: পতংগতত্ত্ব বিভাগ, অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট।

 

শেহতীয়া উন্নীতকৰণ: : 2/27/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate