অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰথমবাৰৰ বাবে দেশত হিং উৎপাদন প্ৰক্ৰিয়া :

প্ৰথমবাৰৰ বাবে দেশত হিং উৎপাদন প্ৰক্ৰিয়া :

 

হিঙৰ ব্যৱহাৰৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে শীৰ্ষত আছে ভাৰত। সমগ্ৰ বিশ্বতে উৎপাদন হোৱা হিঙৰ ৪০ শতাংশই ব্যৱহাৰ হয় ভাৰতত। মছলাৰ পৰা আৰম্ভ কৰি ঔষধলৈকে সকলোতে ব্যৱহাৰ কৰা হয় হিং। হয়তো পাঠকসকলে এই কথা শুনি আচৰিত হ’ব যে ৰান্ধনী ঘৰত ব্যৱহাৰ হোৱা এই হিঙৰ উৎপাদন ভাৰতত নহয়। আনকি দেশখনে প্ৰতিবছৰে হিং আমদানিৰ বাবে খৰচ কৰিবলগীয়া হয় কেইবা কোটি টকা। তথাপি এতিয়ালৈ কোনো চৰকাৰে ভাৰতত হিং উৎপাদনৰ কথা চিন্তা কৰা নাই। আনকি দেশখনত থকা কৃষি বিশ্ববিদ্যালয়সমুহেও হিং উৎপাদনৰ কথা আজি চিন্তা কৰা নাই। কিন্তু এই সমস্যাৰ পৰা উদ্ধাৰৰ উদ্দেশ্যে তথা ভাৰতৰ কৃষকসকলৰ উপাৰ্জনৰ পথ উলিয়াই দিয়াৰ বাবে ভাৰতীয় কফী ব’ৰ্ডৰ সদস্য ড° বিক্ৰম শৰ্মাই নিজাববীয়াকৈ হিং উৎপাদনৰ বাবে আঁচনি লৈছে। ড° শৰ্মাক এইক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা কোনো সহায় আগবঢ়োৱা নাই। তদুপৰি কোনো সংগঠনেও ড° শৰ্মাক সহায়ৰ বাবে আগবাঢ়ি অহা নাই। তথাপি নিজাববীয়াকৈ তেওঁ হিং উৎপাদনৰ কাম হাতত লৈছে। বিক্ৰমে তেওঁৰ উদ্দেশ্যে সফল কৰাৰ বাবে ইৰানৰ পৰা হিঙৰ বীজ আমদানি কৰিছে। হিমাচল প্ৰদেশৰ বিলাসপুৰৰ ওচৰতে থকা পাহাৰীয়া অঞ্চলত তেওঁ হিং উৎপাদনৰ কাম আৰম্ভ কৰিব। অকল বিলাসপুৰৰ ওচৰতে নহয় তেওঁ হিমাচল প্ৰদেশৰ লাহোল, চিৰমুৰ, কুল্লু, মেণ্ডী আৰু চঁৱা আদি অঞ্চলটো হিং খেতি কৰাৰ চিন্তা-চৰ্চা কৰিছে। তেওঁ আনকি উত্তৰাখণ্ডত, জন্মু-কাশ্মীৰ আৰু নেপালৰ পাহাৰীয়া অঞ্চলসমুহতো হিং খেতি কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে।

তেওঁৰ মতে বৰ্তমান প্ৰতিকেজি হিঙৰ বজাৰ মুল্য ৩৫ হাজাৰ টকা। যদি ভাৰতৰ কৃষকসকলে হিঙৰ খেতি কৰিবলৈ আৰম্ভ কৰে তেনেহ’লে তেওঁলোক যথেষ্ট লাভৱান হ’ব। কাৰণ ভাৰতত হিঙৰ চাহিদা যথেষ্ট বেছি। কিন্তু সেই মতে এতিয়াও হিং ভাৰতত উৎপাদন হোৱা নাই। অথচ আয়ুৰ্বেদ আৰু অন্য ভাৰতীয় চিকিৎসা পদ্ধতিত যথেষ্ট পৰিমাণে হিং ব্যৱহাৰ কৰা হয়। উল্লেখ্য যে ২০১২ চনত জন্মু কাশ্মীৰত ড° গুলজাৰে হিঙৰ খেতি কৰাৰ বাবে চেষ্টা কৰিছিল যদিও তেওঁ সফল হ’ব পৰা নাছিল। ড° শৰ্মাৰ মতে হিঙৰ পুলি এটাই ৩৫ ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত তাপমান সহ্য কৰিব পাৰে। সেই বাবে দেশৰ পাহাৰীয়া ৰাজ্যসমুহত হিং খেতি কৰাৰ বাবে উপযুক্ত ঠাই আছে। সেই পাহাৰীয়া ৰাজ্যসমুহত এতিয়াও কৃষকসকলে পৰম্পৰাগত খেতিকেই কৰি আহিছে। ফলত বনৰীয়া জীৱ-জন্তৱে খেতিবোৰ নষ্ট কৰি কৃষকক যথেষ্ট লোকচানৰ সন্মুখীন কৰায়। কিন্তু ড° শৰ্মাৰ মতে বনৰীয়া জীৱ-জন্তুৱে হিঙৰ খেতি নষ্ট কৰিব নোৱাৰে। সেই বাবে কৃষকসকলৰ কষ্টও অথলে নাযাব। তেওঁ আৰু কয় যে হিঙৰ খেতি কৰাটো সহজ নহয়। কাৰণ ইয়াৰ বীজ পোৱাটো যথেষ্ট কঠিন। বিশ্ব ভিতৰত হিঙৰ খেতি প্ৰধানকৈ হয় আফগানিস্তান, ইৰান, ইৰাক, তুৰ্কমেনিস্তান আৰু বেলুচিস্তানত। এই দেশকেইখনৰ কোনো লোকে যদি কোনো বিদেশী লোকক হিঙৰ বীজ বিক্ৰী কৰে তেনেহ’লে সেইজন লোকক মৃত্যুদণ্ড দিয়া হয়। ড° শৰ্মাৰ মতে তেওঁ যথেষ্ট কষ্ট কৰি গৱেষণাৰ বাবে কিছু পৰিমাণে হিঙৰ বীজ সংগ্ৰহ কৰিছে। সেই বীজসমুহ তেওঁ সংগ্ৰহ কৰিছে ইৰানৰ পৰা । সেই বীজসমুহৰ পৰাই তেওঁ দেশৰ বিভিন্ন অঞ্চলত হিঙৰ খেতি কৰাৰ বাবে চেষ্টা কৰিছে।

উৎস: নিয়মীয়া বাৰ্তা

শেহতীয়া উন্নীতকৰণ: : 1/17/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate