বিশ্বত উৎপাদন হোৱা খাদ্য শস্যৰ ভিতৰত মাকৈৰ উৎপাদন আটাইতকৈ বেছি। কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰতে বিশ্বৰ মুঠ উৎপাদনৰ প্ৰায় ৩৫ শতাংশ উৎপাদন হয়। ভাৰতবৰ্ষও পিছপৰি থকা নাই। আমাৰ দেশে বিশ্ব উৎপাদকৰ তালিকাত সপ্তম স্থান দখল কৰি এক সবল স্থিতি প্ৰকাশ কৰিছে। কৃষি বিজ্ঞানীসকলৰ ধাৰণা মাকৈৰ কৃষিকাৰ্য পৃথিৱীত পোনপ্ৰথমে মেক্সিকোত আৰম্ভণি হৈছিল যদিও পিছৰ পৰ্যায়ত ইউৰোপীয়ান বণিকসকলে আমেৰিকাকে ধৰি বিভিন্ন দেশলৈ মাকৈৰ খেতি কৰা ধাৰণাটো বিয়পাই কৃষিখণ্ডলৈ এক পৰিৱৰ্তন আনে। কুৰি শতিকাৰ আগৰ ভাগলৈকে মাকৈ খেতিৰ সকলো কাৰ্যপ্ৰণালীত মানৱ শক্তিৰ ব্যৱহাৰ অধিক আছিল যদিও পৰ্যায়ক্ৰমে যন্ত্ৰৰ অধিক ব্যৱহাৰে মাকৈ কৃষিপ্ৰণালীক অধিক ক্ষিপ্ৰ আৰু গতিশীল কৰি তোলে আৰু প্ৰসাৰ অধিক হয়।
ভাৰতবৰ্ষত মাকৈ খেতিয়ে কৃষি অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। ঔদ্যোগিক ক্ষেত্ৰখনত মাকৈৰ ব্যৱহাৰ বহু বেছি। মাকৈৰ ব্যৱহাৰ বহুমুখী। মানুহৰ খাদ্য ৰূপে মাকৈ ৰুটী প্ৰস্তুতিত, কুমলীয়া মাকৈ খাদ্য উপকৰণ আদিত ব্যৱহাৰ হয়। ঔদ্যোগিক ক্ষেত্ৰখনত পশুখাদ্য আৰু ইথানল তৈয়াৰ কৰাত মাকৈৰ বহুল ব্যৱহাৰ কৰি অহা হৈছে। গা-গছৰ অংশ পশুখাদ্য ৰূপে যথেষ্ট ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰি জনপ্ৰিয় শিশুখাদ্য কৰ্নফ্লেক্স, পপকৰ্ন আদিও মাকৈৰ পৰা তৈয়াৰী। অৰ্থকাৰী শস্য মাকৈভিত্তিক বহু সৰু-বৰ উদ্যোগ অসমতো গঢ় লৈ উঠিছে।
অসমৰ কৃষিখণ্ডক অধিক ত্বৰান্বিত কৰাত মাকৈৰ খেতিয়ে এক অনন্য ভূমিকা গ্ৰহণ কৰিছে। বিগত দশকৰ পৰা অসমৰ নদী উপত্যকা অঞ্চলত মাকৈৰ খেতিয়ে প্ৰসাৰ পায়। অগভীৰ নলী-নাদৰ ব্যৱহাৰৰ ফলত কৃষক নিশ্চিত জলসিঞ্চনৰ দিশত সবলীকৃত হয়। ফলস্বৰূপে গ্ৰীষ্মকালীন ধানখেতিত কৃষক অধিক জড়িত হৈ পৰে। বিশেষকৈ বানাক্ৰান্ত অঞ্চলত য’ত শালি খেতি নিশ্চিতভাৱে কৰিব নোৱাৰে, তেনে অঞ্চলৰ কৃষক গ্ৰীষ্মকালীন ধান খেতিৰ লগত অধিক জড়িত হৈ পৰে। অসমৰ ধান উৎপাদনে এক অভিলেখ গঢ়ি তুলি সৰ্বভাৰতীয় পৰ্যায়ত বহু স্বীকৃতি পাবলৈ সক্ষম হৈছে। বৰ্ণসংকৰ আৰু উচ্চ উৎপাদনক্ষম জাতৰ ব্যৱহাৰ ইয়াৰ অন্যতম দিশ। বিভিন্ন কেন্দ্ৰীয় উন্নয়ন আঁচনিৰ ৰূপায়ণ এই সফলতাৰ অন্যতম যোগাত্মক দিশ। নদীমাতৃক দেশ অসমত বাৰিষা কালছোৱাত ফেনে-ফোটোকাৰে নদ-নদীসমূহ বাঢ়ি আহি কৃষিভূমি ওপচাই পেলায়। কৃষিখণ্ডৰ বিস্তৰ ক্ষতি হয় এই কালছোৱাত। লহপহকৈ বাঢ়ি অহা শালিধানৰ লগতে বিভিন্ন শাক-পাচলিৰ ক্ষতি বেছি হয় দ’ অঞ্চলসমূহত, য’ত পানী বহু দিনৰ বাবে আৱদ্ধ হৈ থাকে। এয়া অসমৰ এক চিৰ- পৰিচিত দৃশ্য। তথাপি থমকি নৰয় কৃষক। বাৰিষাৰ দুৰ্যোগৰ পিছতেই নতুন উদ্যমেৰে পুনৰ মৰমৰ কৃষিভূমি শস্য শ্যামলা কৰি তোলে। এয়েই সত্য বা বাস্তৱ। গুৱাহাটীৰ সমীপৰ এক অঞ্চল হ’ল ৰজামায়ং। এই অঞ্চলৰ সৰহভাগ ঠায়েই বাৰিষাৰ প্ৰায় চাৰি মাহ পানীত ডুব গৈ থাকে। শালি খেতি কৰা সম্ভৱপৰ নোহোৱা বাবে বাকী থকা সাত-আঠ মাহ এনেদৰে শস্যক্ৰমেৰে ভৰাই তোলে, যাৰ ফলস্বৰূপে শস্য প্ৰাবল্যতা ৩০০ বা ততোধিক হয়। অলপতে ৰজামায়ং কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া নিৰোদ নাথৰ লগত যোৱাৰ সৌভাগ্য হৈছিল ২নং মূৰকটা গাঁৱৰ কৃষকৰ মাজলৈ। প্ৰায় ১৫০ ঘৰ কৃষকেৰে গঠিত গাঁওখনৰ প্ৰায়বিলাক পৰিয়ালেই কৃষিজীৱী। চন্দ্ৰপুৰ মূলপথৰ দুয়োকাষে তেওঁলোকৰ কৃষিভূমি। ৰাজপথটোৱে কৃষিভূমি বিভক্ত কৰিছে। ব্ৰহ্মপুত্ৰ ফেনে-ফোটোকাৰে বাঢ়ি আহিলে তেওঁলোকৰ কৃষিভূমি বুৰাই পেলায়। উত্তৰ দিশত থকা কৃষিভূমিত অধিক পৰিমাণে পলস পৰা বাবে কিছু অধিক সাৰুৱা তুলনামূলকভাৱে দক্ষিণ দিশতকৈ। গাঁওখনৰ শিক্ষিত যুৱক ৰমেন মণ্ডল, পথাৰ পৰিচালনা সমিতিৰ সভাপতি কমল মণ্ডল আদিৰ লগতে স্থানীয় কৃষি সম্প্ৰসাৰণ সহায়ক প্ৰণৱ নাহা আদিক লগ পাইছিলোঁ। মূৰকটা গাঁৱৰ কৃষকে বানপানীৰ পিছত ৰবি শস্যৰ বাবে প্ৰস্তুতি চলায়। আলু, সৰিয়হ আৰু লগতে বিভিন্ন কবিজাতীয় পাচলিৰ খেতিৰে পথাৰ ওপচাই পেলায়। পিছৰ ক্ৰমত গ্ৰীষ্মকালীন ধান খেতিৰ লগতে মাকৈ খেতিৰ বাবে সাজু হয়। বহু কৃষকে তৰমুজৰ খেতিতো মনোনিৱেশ কৰে। তৰমুজৰ সৰস্বতী জাতবিধ কৃষকৰ মাজত অধিক জনপ্ৰিয়। তৰমুজত প্লাষ্টিক মালচিঙৰ প্ৰয়োগ সকলোৱেই কৰে। বিগত তিনি বছৰৰ পৰা এই পৰম্পৰাগত গ্ৰীষ্মকালীন ধান খেতিৰে অঞ্চলটোলৈ এক ব্যাপক পৰিৱৰ্তন আহিছে। কৃষকসকলে অধিক মূল্যমানযুক্ত মাকৈ খেতিত জড়িত হৈছে। এক বিঘাৰ পৰা বিশ বিঘালৈকে মাকৈ খেতি কৰিছে, কৃষি বিভাগৰ আৰ কে ভি ৱাই আঁচনিৰ অধীনত প্ৰবাল জাতৰ খেতি কৰিছে। মাকৈ খেতিৰ উত্তৰণৰ কাৰক হিচাপে, অধিক মূল্যমান, কম পৰিচৰ্যা, কম পানীৰ ব্যৱহাৰ আদিয়েই প্ৰধান। বৰ্তমান মাকৈ চপোৱাৰ সময়। সংখ্যাত কম যদিও আন ঠাইৰ পৰা ভাৰাত আনি ব্যৱহাৰ কৰে মাকৈ বাকলি গুচোৱা আৰু গুটি সৰোৱা মেচিন। দুই-তিনিটা চোকা ৰ’দত শুকুৱাব দিলে বস্তাত ভৰাই পেকিং কৰিবৰ বাবে উপযুক্ত হৈ পৰে। মাকৈ খেতিয়া গাঁওখনৰ অৰ্থনৈতিক দিশলৈ যথেষ্ট পৰিৱৰ্তন অনাৰ কথা গাঁওবাসীয়ে ব্যক্ত কৰে। অসমৰ নকৈ মাকৈ খেতি কৰা অঞ্চলবোৰলৈ অহা সলনিৰ প্ৰক্ৰিয়াবোৰ প্ৰায় একেধৰণৰ, সেই ঠাইখন দৰং, বৰপেটা, নলবাৰী য’তেই নহওক কিয়। কৃষিয়েই আমাৰ গৰিষ্ঠসংখ্যকৰ জীৱন-জীৱিকাৰ সম্বল। প্ৰাকৃতিক দুৰ্যোগপ্ৰৱণ অঞ্চলত মাকৈ খেতিয়ে অনা পৰিৱৰ্তনে আমাৰ কৃষিখণ্ডক অধিক শক্তিশালী কৰিব বুলি ৰজামায়ঙৰ খেতিয়কৰ প্ৰচেষ্টাত অনুভৱ কৰিব পৰা যায়।
(উৎসঃ নিয়মীয়া বাৰ্তা, দীপ গোস্বামী, কৃষি উন্নয়ন বিষয়া (কাৰিকৰী), খানাপাৰা)।
শেহতীয়া উন্নীতকৰণ: : 1/18/2023