অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ফ্ৰেঞ্চবিন

ফ্ৰেঞ্চবিন

 

ফ্ৰেঞ্চবিন এবিধ প্ৰ’টিন,ভিটামিনযুক্ত উৎকৃষ্ট পাচলি।নিৰামিষভোজীসকলৰ অতি উপাদেয় এইবিধ পাচলিৰ খেতিৰ বাবে অসমৰ মাটি আৰু জলবায়ু উৎকৃষ্ট।মাৰ্চ মাহলৈ কৰিব পৰা এইবিধ খেতিৰ কৃষি পদ্ধতি চমুকৈ এনেধৰণৰ-

মাটি:পানী ওলাই যোৱাৰ সু-ব্যৱস্থা থকা,৫.৫ ৰ পৰা ৬.০ লৈতে অম্লতা থকা বালিচহীয়া পলসুৱা মাটি নিৰ্বাচন কৰিব লাগে।

মাটি-প্ৰস্তুতি:মাটিডৰা ৩-৪ বাৰ হাল বাই মৈয়াই মিহিকৈ চাহ কৰি ল’ব লাগে।

জাত:পুছা পাৰ্বতী,কনটেণ্ডাৰ,ইউ পি এফ-২০৩,ইউ পি এফ ১৯১ আৰু প্ৰিমিয়াৰ।জাতবোৰৰ বৈশিষ্ট্য হৈছে এনেধৰণৰ-

(১)কনটেণ্ডাৰ:জোপোহা,৫০ দিনতে খেতি চপাব পৰা হয়।ছেইবোৰ ঘুৰণীয়া,সেউজীয়া আৰু দীঘল।আগটো বেঁকা,ডাঠ মঙহাল আৰু আঁহ নথকা।উৎপাদন অধিক।প্ৰতি হেক্টৰত ১৬০ কুইণ্টল সেউজীয়া ছেই।

(২)পুছা পাৰ্বতী:জোপোহা,ছেইবোৰ পাতল সেউজীয়া ৰঙৰ আৰু ঘুৰণীয়া।আগতীয়া জাত।উৎপাদন হেক্টৰে প্ৰতি ১৭৯ কুইণ্টল সেউজীয়া ছাই।

বীজ সিঁচাৰ সময়:অক্টোবৰ মাহৰ পৰা মাৰ্চ মাহলৈ।

বীজৰ পৰিমাণ:বিঘাই প্ৰতি ৭.৫ কিলোগ্ৰাম।

বীজ শোধন:প্ৰতি কিলো বীজ ৩ গ্ৰাম কেপটাফ বা ষ্ট্ৰেপটোমাইচিন ছালফেট ২.৫ গ্ৰাম ঔষধ-এই পৰিমাণত মহিলাই বীজবোৰ শোধন কৰিব লাগে।

সাৰ প্ৰয়োগ:বিঘাই প্ৰতি ১০ কুইণ্টল পচন সাৰ,লগতে ইউৰীয়া সাৰ ৬ কিলোগ্ৰাম,ছুপাৰ ফছফেট ৩৩ কিলোগ্ৰাম আৰু মি: অ: পটাছ ৩ কিলোগ্ৰামৰ প্ৰয়োজন।ইয়াৰে ইউৰীয়া সাৰৰ আধা ৰাখি সমুদায় সাৰ মাটি চাহ কৰা সময়তে প্ৰয়োগ কৰিব লাগে।বাকী থকা ইউৰীয়া সাৰখিনি ফুল ধৰাৰ সময়ত টপদ্ৰেছ হিচাপে ব্যৱহাৰ কৰিব লাগে।

ব্যৱধান:শাৰীৰ পৰা ৪৫ ছেণ্টিমিটাৰ আৰু গছৰ পৰা গছৰ দুৰত্ব ৩০ চেণ্টিমিটাৰ হ’ব লাগে।

জলসিঞ্চন:শস্য বাঢ়ন অৱস্থাত,ফুল ধৰা সময়ত আৰু ছেই ডাঙৰ হৈ অহা সময়ত পানী যোগান ধৰিব লাগে,যাতে মাটিত আদ্ৰতা অটুট থাকে।

বনবাত নিৰোৱা:সিঁচাৰ ২৫-৩০ দিন পিছত এবাৰ বন-বাত নিৰাই দিব লাগে।

শস্য ৰক্ষা:মোৱা পোক,ফুটিপোক নিয়ন্ত্ৰণৰ বাবে শতত্ৰা ০.১৫ ভাগ শক্তিৰ মালাথিয়ন ৫০ ই চি ঔষধ (১ লিটাৰ পানীত ১.৫ মিলিলিটাৰ ঔষধ)স্প্ৰে কৰিব লাগে।লিফ স্নট ৰোগৰ বাবে মেনকোজেব ৭৫ ঔষধ ২ গ্ৰাম*১ লিটাৰ পানী এই পৰিমাণত ১৫ দিনৰ ব্যৱধানত দুবাৰ প্ৰয়োগ কৰিব লাগে।

চপোৱা:ফুল ফুলাৰ ২-৩ সপ্তাহ পিছত ছেইবোৰ চিঙিব পৰা হয়।

উৎপাদন:প্ৰতি হেক্টৰত ৮০-১২০ কুইণ্টল সেউজীয়া ছেই।

লেখক:প্ৰবোধ চন্দ্ৰ শৰ্মা (দৈনিক অসম)

 

শেহতীয়া উন্নীতকৰণ: : 3/4/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate