অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বনৌষধি উদ্যোগঃ আত্মসংস্থাপনৰ অন্যতম উৎস

বনৌষধি উদ্যোগঃ আত্মসংস্থাপনৰ অন্যতম উৎস

 

অনুকূল পৰিৱেশত প্রকৃতিৰ বুকুত নানা প্রকাৰৰ গছ-বন-লতিকাই প্ৰাণ পাই উঠে। আমাৰ ৰাজ্য অসমৰ হাবি-বন, পর্বত-পাহাৰ, ঘৰ-বাৰী সকলোতে দেখা পোৱা প্ৰায়ভাগ উদ্ভিদেই ঔষধি গুণসমৃদ্ধ। এনে উদ্ভিদসমূহৰ পৰা বিভিন্ন উপায়েৰে প্রস্তুত কৰা ঔষধসমূহ বিভিন্ন বেমাৰৰ প্ৰতিকাৰৰ ক্ষেত্ৰত প্রয়োগ কৰা হয়। অসমখন বিভিন্ন প্রকাৰৰ বনৌষধি উদ্ভিদেৰে ভৰি আছে। কিন্তু বর্তমান এইবোৰৰ সংৰক্ষণৰ দিশত কোনেও গুৰুত্ব আৰোপ কৰা নাই। বহুকেইবিধ উদ্ভিদ আমাৰ মাজৰ পৰা হেৰাই যোৱাৰো উপক্ৰম হৈছে। এনেক্ষেত্ৰত অসমত বনৌষধি ভালদৰে ৰক্ষণাবেক্ষণ দি বনৌষধি উদ্যোগ স্থাপনৰ আঁচনি ল’ব পৰা যায়।

মানিমুনি, মছন্দৰী, তুলসী, পদিনা, ভেদাইলতা, ছালকুঁৱৰী, তিতা ভেঁকুৰি, বন হালধি, কেঁতুৰি, নেফাফু, ব্রাক্ষি, অশ্বগন্ধা, সর্পগন্ধা আদি বিভিন্ন প্রকাৰৰ বনৌষধি উদ্ভিদ অসমত পোৱা যায়। এনে বনৌষধিসমূহ বাগিচা স্থাপনেৰে সংৰক্ষণ কৰিব পৰা যায়। বাগিচাৰ উৎপাদিত কেঁচামালসমূহ কলঘৰ বা উদ্যোগলৈ নি বিভিন্ন বেমাৰৰ ঔষধ প্রস্তুত কৰিব পৰা সম্ভাৱনা আছে। এনে বনৌষধি ঔষধসমূহ বজাৰত বিক্ৰী কৰিলে সকলো লোকৰ কাৰণে সহজলভ্য হৈ পৰিব। বনৌষধি উদ্যোগৰ উন্নয়ন আৰু প্ৰসাৰণৰ ক্ষেত্ৰত চৰকাৰে আঁচনি যুগুত কৰিব পাৰে। ভৱিষ্যতে অসমত বনৌষধি উদ্যোগ গঢ়ি তোলাৰ প্ৰয়াস কৰিলে নিশ্চয় অসমখন আর্থিক দিশত টনকিয়াল হোৱাৰ উপৰি নিবনুৱা যুৱক-যুৱতীসকলৰ কর্মসংস্থাপনৰ বাট প্রকট হৈ পৰিব।

বনৌষধি উদ্যোগ গঢ়ি তোলাত আমাৰ কৰণীয়—

১) ঔষধি উদ্ভিদসমূহ চিনাক্তকৰণ আৰু সংৰক্ষণ

অসমত থকা বিভিন্ন প্রকাৰৰ উদ্ভিদসমূহৰ ভিতৰত ঔষধি গুণসমৃদ্ধ উদ্ভিদসমূহ প্রথমে চিনাক্তকৰণ কৰিব লাগিব। বর্তমানৰ যুৱ প্রজন্ম, ছাত্র-ছাত্ৰীসকল উদ্ভিদ চিনাক্তকৰণৰ ক্ষেত্ৰত পিছ পৰা। সঠিক চিনাক্তকৰণৰ অভাৱত এনেবোৰ ঔষধি উদ্ভিদ আমাৰ মাজৰ পৰা হেৰাই যোৱাৰো উপক্রম হৈছে। সেয়েহে আমি এনে ঔষধি উদ্ভিদসমূহ চিনাক্ত কৰি সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগিব।

(২) ঔষধি উদ্ভিদৰ উন্নত কৃষি ব্যৱস্থা

ঔষধি সংৰক্ষণৰ বাবে উপযুক্ত স্থান আৰু কৃষি উপযোগী মাটি নির্বাচন কৰিব লাগিব। প্রকাৰ অনুসৰি ঔষধি উদ্ভিদসমূহৰ বংশ বৃদ্ধিৰ স্থান ভিন ভিন হয়। কিছুমান উদ্ভিদৰ বাবে সেমেকা মাটি উপযুক্ত হোৱাৰ বিপৰীতে অন্য কিছুমান উদ্ভিদৰ বাবে ৰ’দ পৰা মাটিৰ প্রয়োজন। তদুপৰি কিছুসংখ্যক উদ্ভিদৰ বাবে ওখ মাটিৰ প্রয়োজন আছে। এই সকলোবিলাক জ্ঞান আয়ত্ত কৰি বনৌষধি উদ্ভিদৰ বাগিচা স্থাপন কৰি তাত উন্নত কৃষি পদ্ধতিৰে খেতি কৰাৰ আঁচনি ল’ব পৰা যায়। উন্নত কৃষি প্ৰণালী ৰূপায়ণ কৰিবলৈ আমি উদ্ভিদজোপাৰ সকলোবিলাক দিশ চালি-জাৰি চোৱা প্রয়োজন। কিছুমান গুটিৰ পৰা জন্ম হোৱাৰ বিপৰীতে কিছুসংখ্যক উদ্ভিদৰ ডালৰ পৰা বংশবৃদ্ধি হয়। সেইদৰে উচিত মাত্ৰাত সাৰ প্রয়োগ কৰাটো খুবেই আৱশ্যকীয়। চপোৱাৰ সময়, সাপেক্ষে পৰিচর্যাৰ ব্যৱস্থা কৰা উচিত।

(৩) প্রশিক্ষণৰ প্রয়োজন

স্থানীয় যুৱক-যুৱতী, কৃষকসকলক বনৌষধি উদ্ভিদৰ বিষয়ে সম্যক জ্ঞান দিয়া দৰকাৰ। এইক্ষেত্ৰত বিজ্ঞানীসকলে আগ্রহী কৃষক ৰাইজক সম্যক জ্ঞান দিবলৈ প্রশিক্ষণ প্রদান কৰিলে বনৌষধি বাগিচা প্রতিষ্ঠা কৰা সহজ হৈ পৰিব।

(৪) উদ্যোগ প্রতিষ্ঠা

এটা এলেকাত উৎপাদিত হোৱা কেঁচামাল বা কেঁচা সামগ্ৰীসমূহৰ ওপৰত নিৰ্ভৰ কৰি উদ্যোগৰ প্ৰসাৰতা নির্ণয় কৰা হয়। যিমানে এটা উদ্যোগ বৃহৎ হ’ব, সিমানে তাৰ পৰা উৎপাদিত সামগ্ৰী বৃদ্ধি পাব। সেয়েহে অসমত বৃহৎ বনৌষধি উদ্যোগৰ কথা চিন্তা কৰিলে আর্থিক দিশত অসম টনকিয়াল হোৱাৰ উপৰি উৎপাদিত বনৌষধিসমূহ আমাৰ মাজত সহজলভ্য হৈ পৰিব।

লিখক: বেদান্ত বিকাশ চুতীয়া, অসম বাণী।

শেহতীয়া উন্নীতকৰণ: : 1/11/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate