দ্ৰুতগতিত জনসংখ্যা বৃদ্ধি হোৱাৰ ফলত মানুহৰ বসতিৰ ঠাই কমি আহিছে। আৰু তাৰ লগে লগে কৃষিভূমিৰো নাটনি হোৱা দেখা গৈছে। গতিকে আমি এটুকুৰা কৃষি মাটিত বছৰটোত কিদৰে চাৰি-পাঁচটা খেতি কৰিব পাৰো তাৰ ওপৰত গুৰুত্ব দিয়া উচিত। বহুতৰপীয়া খেতিৰ জৰিয়তে আমি এটুকুৰা কৃষিভূমিত এটাতকৈ অধিক শস্য বছৰটোত উত্পাদন কৰিব পাৰো।
নাৰিকলভিত্তিক বহুতৰপীয়া খেতিঃ
বহুতৰপীয়া খেতিৰ ক্ষেত্ৰত মূল শস্যবোৰ বহু বৰ্ষজীৱী হ’ব লাগে আৰু অন্তৰ্ৱৰ্তী শস্যবোৰ হ্ৰস্বম্যাদী অৰ্থাত্ কমদিনীয়া হোৱা উচিত। নাৰিকলৰ গছবিলাক বহবৰ্ষজীৱী আৰু ঠাল-ঠেঙুলি নথকা গছ। গতিকে যদি অন্তৰ্ৱৰ্তী শস্যবোৰ মূল শস্যৰ (নাৰিকল) গছৰ আকাৰ, শিপাৰ গাঢ়তা, শিপাৰ পৰিসীমা আৰু ওখৰ ভিত্তি কৰি ক্ৰমানুসাৰে ৰোৱা হয় তেন্তে তাক বহুতৰপীয়া খেতি বুলি কোৱা হয়। এই খেতিৰ মূল ভিত্তি হৈছে শস্যজোপা ওখ কিমান আৰু ই কিমান ছাঁ মাটিত পৰিব দিয়ে। নাৰিকলৰ গছবিলাক সাধাৰণতে ৭.৫ মিটাৰ (এজোপা গছৰ পৰা আনজোপা গছৰ দূৰত্ব × ৭.৫ মিটাৰ (এটা শাৰীৰ পৰা আনটো শাৰীৰ মাজৰ দূৰত্ব) ব্যৱধানত ৰোৱা হয়। গতিকে দুজোপা গছৰ মাজত যথেষ্ট খালী ঠাই ৰৈ যায়। এজোপা নাৰিকল গছৰ বয়স কমেও ১৫-২০ বছৰ। নাৰিকল গছ এজোপাই সূৰ্যৰ পোহৰৰ শতকৰা ৫০ ভাগ মাটিলৈ এৰি দিয়ে আৰু গছজোপাৰ শিপা অংশ শতকৰা ২০-৪০ ভাগহে মাটিত আৱৰি থাকে। গতিকে বাকী ৬০-৭০ ভাগ মাটি ব্যৱহাৰ নোহোৱাকৈ থৈকে। এই অব্যৱহৃত মাটিখিনিত আমি বিভিন্ন উচ্চতাৰ শস্য অন্তৰ্ৱৰ্তী শস্য বা বহুতৰপীয়া শস্য হিচাপে ৰোপণ কৰিব পাৰো। নাৰিকল বাৰীবোৰত নাৰিকল নলগালৈকে প্ৰথম চাৰি-পাঁচ বছৰ দুশাৰী নাৰিকলৰ মাজৰ ঠাইখিনিত নানান তৰহৰ শাক-পাচলি, মাহ, সৰিয়হ, আদা, হালধি আদি শস্য ৰোপণ কৰিব পৰা যায়। বহুবৰ্ষজীৱী নাৰিকল গছৰ ডেৰফুটমান আঁতৰত একোজোপাকৈ পাণ নাইবা জালুকৰ পুলি ৰুব পাৰি। চাৰিজোপা নাৰিকলৰ মাজভাগত ১.৮ মিটাৰ ব্যৱধানত চাৰিজোপা চাপৰ জাতৰ জাহাজী কল পূৱা-পশ্চিমাকৈ ৰোপণ কৰিব পাৰি। লগতে কলকেইজোপাই বৰ্গক্ষেত্ৰাকাৰ মাটিডোখৰ সমানে দুভাগ কৰি নাৰিকলৰ উত্তৰ আৰু দক্ষিণ সীমাত ১.৮ মিটাৰ ব্যৱধানত চাৰিজোপা অমিতা গছ বা তিনি মিটাৰ ব্যৱধানত তিনিজোপা নেমুটেঙা বা গোলনেমু লগাব পাৰি। এতিয়া পূৱভাগ মুকলি কৰি ৰাখি পশ্চিমভাগত নাৰিকল দুজোপাৰ মাজত হয় দুজোপা কমলা টেঙা নাইবা তিনিজোপা বৰ জাহাজী কল লগাব পাৰি। এতিয়া নাৰিকলৰ দুজোপা আৰু চাপৰ জাতৰ জাহাজী কলৰ মাজত থাকি যোৱা খালী ঠাইখিনিত ১২০-১৪০ জোপা হালধি বা আদা ৰোপণ কৰিব পাৰি। ঠিক সেইদৰে আনফালেও ৰৈ যোৱা ঠাইখিনিত ৩০-৩৫ জোপা মাটিকঁঠালৰ গছ ৰোপণ কৰিব পাৰি। এতিয়া আমি দেখা পালো যে চাৰিজোপা নাৰিকলৰ পৰিসীমাত চাৰিজোপা জালুক বা পাণ, চাৰিজোপা চাপৰ জাহাজী কল, চাৰিজোপা অমিতা বা তিনিজোপা নেমুটেঙা, দুজোপা কমলাৰ গছ বা তিনিজোপা বৰজাহাজী, ১২০-১৪০ জোপা আদা-হালধি আৰু ৩০-৩৫ জোপা মাটিকঁঠাল ৰোপণ কৰিব পাৰি। মাটিকঁঠালৰ সলনি উন্নত জাতৰ ঘাঁহ ৰোপণ কৰিব পাৰি। সেইদৰে চাৰিজোপা বৰ্গক্ষেত্ৰাকাৰে ৰোৱা তামোলৰ মাজত এজোপা নেমুটেঙা, ২০ জোপা মাটিকঁঠাল আৰু উত্তৰ-দক্ষিণ দিশত এজোপাকৈ বৰজাহাজী, গোলনেমু আৰু অমিতা ৰুব পাৰি।
উত্সঃ অসমীয়া খবৰ, মাইনু হাজৰিকা, ড০ পল্লৱ কুমাৰ শৰ্মা
শেহতীয়া উন্নীতকৰণ: : 5/25/2020