অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বাণিজ্যিক ভিত্তিত অমিতাৰ খেতি

বাণিজ্যিক ভিত্তিত অমিতাৰ খেতি
অমিতা এবিধ উপাদেয় ফল আৰু পাচলি ৷ পকা অমিতাক ফল হিচাপে আৰু কেঁচা অমিতাক আঞ্জাত ব্যৱহাৰ কৰিব পাৰি ৷ স্মৰণাতীত কালৰে পৰাই অমিতাৰ ব্যৱহাৰ হৈ আহিছে ৷নন্দিন খাদ্যত অমিতা ফল ব্যৱহাৰ কৰা উপৰি দুফাল কৰি বন্তি জ্বলোৱা আদি কামত ব্যৱহাৰ হয় ৷
পু্ষ্টিজনিত কাৰণতো অমিতা উল্লেখযোগ্য ৷ আমাৰ দেহক লগা খা্দ্যপ্ৰাণ, খনিজ লৱন, মাংসসাৰ, শ্বেতসাৰ অমিতাত যথেষ্ট পৰিমাণে থাকে ৷ অপৰিপুষ্টি, কোষ্ঠ কঠিন্য, পিত্তৰোগ, আদিত অমিতা সুমধুৰ পথ্য ৷ ঘৰুৱা চিকিৎসাতো অমিতাৰ গুটি, ঠাৰি, শিপা আদি ব্যৱহাৰ হয় ৷ পকা অমিতাত প্ৰায় ১০ শতাংশ শ্বেতসাৰ আৰু ০.৫ শতাংশ মাংসহাৰ থাকে ৷ অমিতাৰ বগা আঠাৰ পৰা নিষ্কাষণ কৰি উলিওৱা ‘পেপেইন’ (Papain) এবিধ আৱশ্যকীয় ৰাসায়নিক দ্ৰব্য ৷ এনে দ্ৰব্য তথা অমিতা গুটিৰ কৃষিভিত্তিক উদ্যোগত যথেষ্ট চাহিদা আছে ৷ পেপেইন বহুল পৰিমাণে ছামৰাৰ উদ্যোগত, ছুইংগাম, প্ৰসাধন সামগ্ৰী তৈয়াৰত, ঊল উদ্যোগ, মাংস উদ্যোগ আদিত ব্যৱহাৰ কৰা হয় ৷ পকা ফলবিলাকৰ পৰা জাম জেলি, কোমল পানীয়, আইচক্ৰীমৰ সুগন্ধিকৰণ আদিত ব্যৱহাৰ হয় ৷ গুৱাহাটীকে ধৰি অসমৰ নগৰ-চহৰৰ লগতে ভাৰতবৰ্ষৰ প্ৰধান চহৰবোৰত পকা অমিতাৰ চাহিদা উল্লেখযোগ্য ৷ সেয়েহে অমিতাৰ বহুল ব্যৱহাৰৰ কাৰণে অমিতাই কৃষি বাণিজ্যিক দিশত প্ৰভুত অৰিহণা যোগাই আহিছে ৷
অসমৰ ক্ৰমবৰ্ধমান চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি অধিক উৎপাদন লাভ কৰিবলৈ হ’লে আমি উন্নত পদ্ধতিত অমিতাৰ খেতি কৰাত মনোনিবেশ দিয়াৰ প্ৰয়োজন ৷ গাঁও অঞ্চলত উৎপাদিত অমিতাৰ ফল উন্নত উৎপাদনক্ষম ৷ জাত ব্যৱহাৰ নকৰা লগতে আধুনিক কৃষি পদ্ধতি অৱলম্বন নকৰাৰ পৰিপ্ৰেক্ষিতত আশানুৰূপ অমিতাৰ আকাৰ আৰু উৎপাদন নাপায় ৷ সেই উদ্দেশ্য পূৰণৰ অৰ্থে উন্নত পদ্ধতিত অমিতাৰ খেতিৰ প্ৰণালীৰ সম্বন্ধে তলত আভাষ দিয়া হ’ল ৷
মাটি আৰু জলবায়ু: অমিতাৰ খেতিৰ বাবে ওখ, পানী জমা নোহোৱা, বালিঅঁহীয়া মাটিয়েই প্ৰশস্ত ৷ পলসুৱা মাটিত পানী জমা হ’বলৈ নিদি নলাৰ ব্যৱস্থা কৰি সৰহ পৰিমাণে জৈৱিক সাৰ প্ৰয়োগ কৰি তেনে মাটিৰ পৰা অধিক ফল লাভ কৰিব পাৰি ৷ অমিতাৰ ফল যিহেতু গোটেই বছৰজুৰি লাগি থাকে সেয়েহে মাটিডোখৰ সাৰুৱা হোৱাটো প্ৰয়োজন ৷ অমিতাৰ খেতি উষ্ণ জলবায়ুত হয় ৷ নিয়মীয়া বৰষুণ হোৱা ঠাই অমিতাৰ খেতিৰ বাবে আৱশ্যক ৷ অসমৰ মাটি আৰু জলবায়ু অমিতাৰ খেতিৰ বাবে উপযোগী ৷ জেকা মাটিত অমিতাৰ খেতি কৰিলে শিপা পঁচা বেমাৰত আক্ৰান্ত হৈ গছবিলাক মৰি যোৱা সম্ভৱনাই অধিক ৷ ব্যৱসায়িক ভিত্তিক অমিতাৰ খেতি কৰিবলৈ হ’লে মুকলি ওখ, পানী নোহোৱা সাৰুৱা মাটি নিৰ্বাচন কৰিব লাগে ৷ ৰ’দ পৰা ঠাইত অমিতা খেতি কৰিলে ফলবিলাক মিঠা হোৱাৰ লগতে গছবিলাকত বেমাৰ-আজাৰ কম হয় ৷
জাত নিৰ্বাচন: অমিতাৰ গছৰ পৰা অধিক উৎপাদন আৰু উন্নত মানদণ্ডৰ ফল লাভ কৰিবলৈ হ’লে উন্নত জাত নিৰ্বাচন কৰাতো নিতান্তই প্ৰয়োজন ৷ ই সাধাৰনতে এবিধ একলিংগ উদ্ভিদ ৷ অৰ্থাৎ পুংপুষ্প আৰু স্ত্ৰীপুষ্প দুজোপা বেলেগ বেলেগ গছত হয় ৷ এনে একলিংগ গছবিলাক হ’ল যেনে- চি.অ’.১, চি.অ’.২, ৰাঁচী হাফলং, ৱাশ্চিংটন ৷ এনেবিলাক জাতৰ খেতি কৰিলে প্ৰতি দহজোপা স্ত্ৰীপুস্প গছৰ মাজত পৰাগ সংযোগৰ কাৰণে এজোপা পুংপুস্পৰ গছ ৰুব লাগে ৷ কিন্তু কিছুমান উভয়লিংগ জাত যেনে- চি.অ’.৩, চি.অ’.৪, কুগ:, হনিদিউ, চলো আদিত একোজোপা গছত পুংপুস্প আৰু স্ত্ৰীপুস্প সন্নিৱিষ্ট থাকে ৷ অন্যান্য উন্নত জাতৰ সঁচবিলাক হ’ল- পুচা ডেলিচিয়াচ, পুচা ডুৱাফ, পুচা মেজেষ্টি, পুচা ননহা আদি৷


মাৰ্চ মাহত বীজ পচাব লাগে৷ বীজৰ পৰা পুলি প্ৰস্তুতি দুই প্ৰকাৰে কৰিব পাৰি৷ এটা হ’ল বীজতলীত পুলি উৎপাদনৰ কাৰণে এক হেক্টৰ (৭.৫ বিঘা) মাটিৰ বাবে প্ৰায় ৫০০ গ্ৰাম মান বীজৰ আৱশ্যক ৷ পকা অমিতাৰ পৰা বীজবোৰ এৰুৱাই পানীত মোহাৰি বীজৰ পৰা পাতল আৱৰণটো গুচাই লব লাগে ৷ পিছত বীজবোৰ ছাঁত শুকুৱাই সোনকালে বীজতলীত সিঁচিব লাগে ৷ বীজতলীখন ওখ, পানী নোহোৱা কৰি, পচন সাৰ মিহলাই সাৰুৱা কৰি ল’ব লাগে ৷ বীজতলীখন এক মিটাৰ বহল ১০-১৫ ছে.মি. ওখ আৰু সুবিধা অনুসৰি দৈৰ্ঘ্যৰ হ’ব লাগে ৷ বীজবোৰ ২.৫ ছে.মি. ব্যৱধানত ১.২ ছে.মি. গভীৰতাত সিঁচি তাক ওপৰত মাটি দি ঢাকি লব লাগে ৷ বীজ সিঁচাৰ পিছত নগজালৈকে পানী ছটিয়াই থাকিব লাগে ৷
পলিথিনৰ মোনাত পুলি প্ৰস্তুত কৰিবলৈ হ’লে মোনাবিলাকত সম পৰিমাণৰ মাটি, বালি আৰু পচন সাৰৰ মিশ্ৰণেৰে পূৰ কৰি তলফালে এটা সৰু ফুটা কৰি লব লাগে যাতে মোনাটোৰ পৰা পানী বাহিৰলৈ ওলাই যাব পাৰে ৷ প্ৰতিটো মোনাত আধা গ্ৰাম কেপ্টান বা বেভিষ্টিন দৰব মিহলাই ললে পুলিবোৰ বেমেৰৰ পৰা ৰক্ষা পৰে ৷ এনেদৰে প্ৰস্তুত কৰি লোৱা মোনাবোৰত ২-৩ টাকৈ বীজ ১-২ ছে.মি. গভীৰতাত গুজি দিব লাগে ৷ নিশকতীয়া পুলিবোৰ গজাৰ পিছত উভালি পেলাব লাগে ৷

পুলি আৰু প্ৰণালী :পুলি আৰু প্ৰণালী : অমিতা পুলি ৰোৱা ঠাইডোখৰ দকৈ চহাই সমান কৰি ল’ব লাগে ৷ পুলি ৰোৱাৰ সময় হ’লে এপ্ৰিলৰ পৰা জুন মাহ (অৰ্থাৎ ব’হাগ মাহৰ পৰা আহাৰ মাহলৈকে)৷ পুলি ৰুৱৰ বাবে দীঘে-পথালিয়ে ১.৮X১.৮ মিটাৰ ব্যৱধান, ৪৫ ঘন ছে.মি.(৪৫ ছে.মি দীঘল, ৪৫ ছে.মি বহল আৰু ৪৫ ছে.মি গভীৰতা) আকৃতিত পুলি ৰোৱাৰ ১-১১/২ মাহৰ আগতেই গাঁতবিলাক প্ৰস্তুত কৰি ল’ব লাগে ৷ গাঁতবিলাকত তল মাটি নিলগত ৰাখি ওপৰ মাটি আৰু গোবৰ মাটি মিহলাই পূৰাই ল’ব লাগে ৷ প্ৰতিটো গাঁতত একলিংগৰ জাত হ’লে ৩-৪ টাকে পুলি আৰু উভৰলিংগ হ’লে এটাকৈ পুলি ৰোপণ কৰিব লাগে ৷
সাৰ প্ৰয়োগ : উন্নত পদ্ধতিত সাৰ অপৰিহাৰ্য ৷ পুলি ৰোৱাৰ সময়ত সাৰ প্ৰয়োগ কৰিব নালাগে ৷ পুলিবোৰৰ বয়স দুমাহমান হ’লে প্ৰথমবাৰ সাৰ দিয়া কাম আৰম্ভ কৰিব পাৰি ৷ দ্বিতীয়বাৰ ফল লাগিবৰ সময়ত দিব লাগে ৷ এজোপা গছত প্ৰতিবছৰে ৫০০ গ্ৰাম ইউৰিয়া, ১০০০ গ্ৰাম একক ছুপাৰ ফছফেট আৰু ৮০০ গ্ৰাম মিউৰেট অৱ পটাছ সাৰ গোৱৰৰ লগত মিহলি কৰি সম্পুৰ্ণ সাৰখিনিৰ আধাভাগ গছৰ গুৰিৰ পৰা ৩০ ছে.মি. আঁতৰত এটা পাতলীয়াকৈ নলা খান্দি প্ৰয়োগ কৰিব লাগে ৷ প্ৰথম ৰোৱাৰ দুমাহ পিছত আৰু দ্বিতীয়বাৰ গছৰ ফুল ফুলাৰ আগত ৷
প্ৰতিপালনৰ ব্যৱস্হা : পুলি ৰোৱাৰ পিছত ২-৩ মাহৰ মূৰে মূৰে বাৰীখনত হোৱা ঘাঁহ-বনবিলাক চিকুনাই দিব লাগে ৷ আৱশ্যকবোধে গুৰিত মাটি চপাই দিব লাগে লগতে ঢোকা দিয়াৰ ব্যৱস্হা কৰিব লাগে ৷ জাৰকালি খৰাং পৰিস্হিতিৰ উদ্ভৱ হ’লে পানী দিয়াৰ ব্যৱস্হা কৰিব লাগে ৷


পুলিবোৰ ডাঙৰ হৈ অহাৰ পিছত যেতিয়া লিংগ নিৰ্ধাৰণ কৰিব পৰা হয় তেতিয়াই প্ৰতিটো গাঁতত হোৱা ৩-৪ টা পুলি ভিতৰত স্ত্ৰীপুস্প ধৰা সবল গছ ৰাখি বাকীবোৰ গুৰিতে কাটি বা উভালি পেলাব লাগে ৷ একলিংগ গছবিলাক প্ৰতি ১০ জোপা স্ত্ৰীপুস্পৰ মাজত এজোপা পুংপুস্প ৰাখি পৰাগ সংযোজন ঘটাত ইন্ধন যোগাব লাগে ৷
শস্য ৰক্ষাৰ ব্যৱস্হা : অমিতা গছত আক্ৰমণ কৰা পোকৰ উপদ্ৰৱ কম, কিন্তু কেইবিধমান বেমাৰৰ আক্ৰমণত গছবিলাক অকামিলা কৰি উৎপাদন কমায় ৷ এইবিলাৰ ভিতৰত যেনে- গুৰি পচাঁ বেমাৰ, শিপা পচাঁ বেমাৰ, পাত মুজুৰা পৰা বেমাৰ, শস্য কৃমি আদি ৷ গুৰি পচাঁ বেমাৰ হ’লে গছৰ গুৰি অংশ পচাঁই পেলায় আৰু পাতবিলাক হালধীয়া হৈ মৰি যায় ৷ নিবাৰণ কৰিবৰ নিমিত্তে ১ শতাংশ বৰডিক্স মিশ্ৰণ বা ব্লাইটেক্স বা ফাইটলিন (০.২ শতাংশ) পানীত মিহলাই গুটি অংশ ভিজি যোৱাকৈ প্ৰয়োগ কৰি লাগে ৷ শিপা পচাঁ বেমাৰ হ’লে পাতবিলাক হালধীয়া পৰে আৰু গছজোপা হাউলি পৰে ৷ নিয়ন্ত্ৰণৰ কাৰণে কেপটান ঔষধেৰে বীজবিলাক শোধন কৰি ল’ব লাগে ৷ আক্ৰান্ত গছৰ গুৰি অংশত ১ শতাংশ শক্তিযুক্ত বৰডিঅম মিশ্ৰণ প্ৰয়োগ কৰিব লাগে ৷ নতুবা গুটি সিঁচাৰ ২ সপ্তাহৰ আগতে পুলিবাৰী বা পলিথিন মোনাৰ মাটিখিনি শতকৰা ৪ ভাগ শক্তিৰ ফৰমেলিন ঔষধেৰে তিয়াই ল’ব লাগে ৷ পাত মুজুৰা পৰা মোজেইক বেমাৰ ভাইৰাছৰ পৰা উদ্ভৱ হোৱা ৰোগ ৷ এই ৰোগ বিস্তাৰ ঘটোৱা মোৱাপোক নিয়ন্ত্ৰণৰ কাৰণে ৰগৰ ঔষধ ২ মিলিলিয়াৰ ১ লিটাৰ পানীত মিহলাই আক্ৰান্ত গছৰ পাতবিলাকত ছটিয়াব লাগে ৷ বেছিকৈ আক্ৰান্ত গছবিলাক উভালি পেলাব লাগে ৷শস্যকৃমিয়ে আক্ৰমণ কৰা গছবিলাকৰ পাত হালধীয়া হয় আৰু উৎপাদন কমি আহে ৷ প্ৰতিৰোধৰ বাবে গছৰ গুৰিত ২০-২৫ গ্ৰাম ফুৰাদন ঔষধ প্ৰয়োগ কৰিব লাগে ৷

 

উন্নত পদ্ধতিৰে অমিতাৰ খেতি কৰিলে প্ৰতি হেক্টৰত ৫০ৰ পৰা ৮০ টন পৰ্যন্ত পোৱা যায় ৷ অমিতা গছৰ ফল নলগালৈকে গছবিলাকৰ মাজত অন্তৱৰ্তী শস্য যেনে- মূলা, জলকীয়া, মৰিছা আদিৰ খেতি কৰি কম সময়তে উপৰুৱা আয় লাভ কৰিব পাৰি, লগতে মাটিখিনি চহাই বন বাত নোহোৱাকৈ ৰাখিব পাৰি ৷ এইবিলাক দৃষ্টিকোণৰ পৰা অসমত অমিতাৰ খেতি কৰি এক সুনিশ্চিত বাণিজ্যিক ভেটি গঢ়ি তোলাৰ সক্ষম হ’ব পৰা যায় ৷

 

উৎস-কৃষক বন্ধু,লেখক: ড° বিপিন খঙ্গীয়া; অধ্যাপক, উদ্যান শস্য বিভাগ;অসম কৃষি বিশ্ববিদ্যালয়৷



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate