অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বাৰিষা আদা, হালধি, জালুকৰ প্ৰতিপালন

বাৰিষা আদা, হালধি, জালুকৰ প্ৰতিপালন

 

আদা, হালধি, জালুক আদি আমাৰ দৈনন্দিন ব্যৱহাৰ হোৱা মছলা বিলাকৰ ভিতৰত উৎকৃষ্ট মছলা। জালুকক আকৌ মছলাৰ ৰজা বুলিও কোৱা হয়। এই মছলা জাতীয় শস্যৰ খেতি পৃথিৱীৰ সকলো ঠাইতে কৰে যদিও ভাৰতবৰ্ষৰ স্থান পৃথিৱীৰ ভিতৰত প্ৰথম। মাটি আৰু জলবায়ুৰ উপযুক্ততা অনুযায়ী অসমতো আদা, হালধি, জালুক, জলকীয়া আদি মছলা জাতীয় শস্যৰ খেতি কৃতকার্যকতাৰে কৰিব পাৰি। এই মছলা শস্যবিলাকৰ আকৌ বহুতো ঔষধি গুণো আছে আৰু বহুত আয়ুৰ্বেদিক দৰৱ প্রস্তুত কৰণত আদা, হালধি, জালুক ব্যৱহাৰ কৰে। আদা, হালধি আদি শস্য প্রকৃততে বহু বর্ষজীৱী শস্য যদিও প্রকৃততে ই বৰ্ষীয় শস্যহে৷ কাৰণ চ’ত ফাগুন, মাহত ৰোপণ কৰাৰ পাছত ৭-৮ মাহৰ পাছত আঘোণ-পুহ মাহত গছ মৰি যোৱাৰ পাছত মঙহাল আলু-কান্দবোৰ মাটিৰ পৰা খান্দি উলিয়াই অনা হয়। গতিকে ৰোৱাৰ পাছত ভালদৰে পৰিচৰ্য্য কৰিলেহে এই শস্যৰ ভাল উৎপাদন পোৱা যায়। জালুক দেখাতেই বহুবর্ষজীৱি লতা জাতীয় শস্য। ইহঁতৰ ফুল ফুলে বহাগ-জেঠ মাহত আৰু গুটিবোৰ পুষ্ট হয় আঘোণ-পুহ মাহত। আদা-হালধিৰ মঙহাল কান্দ বা ৰাইজ’মবোৰ ৰোপণ কৰাৰ ৪০-৪৫ দিনৰ পাছত দুটা শাৰীৰ মাজৰ পৰা বন-বাতবোৰ চিকুণাই দিব লাগে। পাছত গছৰ গুৰিত এবাৰ মাটি চপাই দিয়া উচিত। বাৰিষা কালত গৰম আৰু বৰষুণৰ বাবে বন-বাতবোৰৰ উপদ্রব বৰ বেছি। গতিকে ঘাঁহ বনবোৰ নোহোৱা কৰিবৰ বাবে মাটি চপাই দিয়াৰ পাছ৩ মাটিৰ ওপৰত চাৰি-ছয় আঙুলমান ডাঠকৈ এটা জৈৱিক এটা বা অজৈৱিক আৱৰণী দিব পাৰিলে ভাল জৈৱিক আৱৰণী বা মালচিং সাধাৰণতে শুকান গছৰ পাত, ধান খেৰ, তুঁহ, মেটেকা আদিৰে দিব লাগে আৰু অজৈৱিক আৱৰণী হিচাপে ক'লা পলিথিনৰ কাপোৰ ব্যৱহাৰ কৰিব পাৰি। মাটিৰ আৱৰণী দিলে ইহঁতে মাটিৰ জীপ ৰাখে, মাটিৰ উষ্ণতাৰ সমতা ৰক্ষা কৰে। বৰষুণৰ দিনত হ’ব পৰা মাটিৰ ওপৰ ভাগৰ খহনীয়া ৰোধ কৰে আৰু প্রধানকৈ শস্যডৰাত ঘাঁহ-বন গজাত বাধা দিয়ে। যিহেতুকে এই শস্যৰ শস্যকাল ৭-৮ মাহ, গতিকে প্রয়োজন সাপেক্ষে জৈৱিক আৱৰণীবোৰ দ্বিতীয়বাৰৰ বাবেও প্রয়োগ কৰিব লাগে। তেনে অৱস্থাত আকৌ এবাৰ মাটি চপাব লাগে। আদা-হালধিৰ মাৰাত্মক বেমাৰ হৈছে ৰাইজ'ম ৰ’চ বা আদা-হালধি পচা বেমাৰ। এই বেমাৰে প্রথমে গছৰ তলৰ মঙহাল অংশত আক্রমণ কৰে আৰু গেলিবলৈ ধৰে, আৰু পাতবোৰ হালধীয়া পৰে আৰু গছজোপা শুকাই যায়। এই বেমাৰ নিবাৰণৰ বাবে মাটিডৰাৰ পৰা অতিৰিক্ত পানী ওলাই যাবলৈ নলাৰ ব্যৱস্থা কৰিব লাগে। আদা-হালধি ৰোৱাৰ আগতে মঙহাল ৰাইজ’মবোৰ ইন্দোফিল এম- ৪৫ দৰৱ দুই গ্রাম একলিটাৰ পানীত মিহলাই আধাঘন্টা ডুবাই ৰাখি ৰোগ মুক্ত কৰিব লাগে। বেমাৰে আক্রান্ত কৰা গছত এই একে নিৰিখত ইন্দোফিল এম- ৪৫ নৰৱেৰ মিশ্রণ গছৰ গুৰিত প্রয়োগ কৰিব লাগে। এক শতাংশ শক্তিৰ বৰডো মিশ্ৰণ মাটিডোখৰত মাজে সময়ে ছটিয়াই থাকিলেও বেমাৰৰ পৰা হাত সাৰিব পাৰি। বেমাৰে বেছিকৈ আক্ৰান্ত কৰা পথাৰত দ্বিতীয়বাৰ আদা-হালধিৰ খেতি কৰিব নেলাগে। জালুক শস্যৰ গছৰ গুৰিৰ পৰা বন-বাতবোৰ বাৰিষা কালত সঘনাই আঁতৰাই থাকিব লাগে। গছৰ গুৰিত মাজে সময়ে পচা গোৱৰ বা পচন সাৰ ২-৩ পাচি প্রয়োগ কৰিব লাগে। তললৈ নামি অহা লাতিবোৰ কাটি দিব লাগে নাইবা ওপৰলৈ উঠাই দিব লাগে যাতে গুৰিৰ ৩ ফুট অংশ মুকলি হৈ থাকে। জালুক বগাই থকা গছজোপা যদি আম-কঁঠাল, মদাৰ বা অন্য বেলেগ গছ হয় তেন্তে বেছিকৈ ছাঁ পৰা গছৰ ডালবিলাক কাটি দিব লাগে। কাৰণ আশ্রয়কাৰী গছজোপাৰ পৰা জালুকজোপাই ২৫-৩০ শতাংশহে ছাঁ পাব লাগে (তামোল-নাৰিকল গছত তেনে অৱস্থা পায়)। জালুকৰ আগবিন্ধা কৰা পোক, জালুকৰ গুটি বিন্ধা কৰি দিয়া খোলা কৰা পোকৰ নিৰাময়ৰ বাবে ৰগৰ ঔষধ ২৫ টোপাল এক লিটাৰ পানীত মিহলাই মাজে সময়ে বৰষুণ নোহোৱা বতৰত ছটিয়াব লাগে। বাৰিষা কালত হঠাতে শুকাই যোৱা (প্রথম লক্ষণ হিচাপে ডালৰ বাকলি বিলাক ফাটি যায়) আৰু লাহে লাহে শুকাই যোৱা (লক্ষণ হিচাপে গছৰ শিপাবিলাক পচি যায়) বেমাৰৰ বাবে এক শতাংশ বৰডো মিশ্ৰণ ছটিয়াব লাগে। লাহে লাহে শুকাই যোৱা বেমাৰৰ বাবে শিপা পচি যোৱাৰ পাছত মাটিত জন্ম লোৱা ভেঁকুৰৰ পৰা গছজোপা ৰক্ষা কৰিবৰ বাবে বৰডো মিশ্রণ, বেভিষ্টিন বা কেপ্টান দৰৱৰ মিশ্রণ গুৰিত প্রয়োগ কৰিব লাগে। জালুক গছৰ গুৰিৰ শিপাত আঘাত নোহোৱাকৈ আহাৰ-শাওণ মাহত এবাৰ আৰু আহিন-কাতি মাহত এবাৰ পাতলীয়াকৈ কোৰ মাৰি গোৱৰ প্রয়োগ কৰিব লাগে।

লিখক: ডা: ৰাজেন্দ্ৰ প্ৰসাদ দাস, দৈনিক জনমভূমি।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate