অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ব্যৱসায়িক ভিত্তিত মটৰ মাহৰ খেতি

ব্যৱসায়িক ভিত্তিত মটৰ মাহৰ খেতি

অসমৰ প্ৰায়বোৰ কৃষকে কম-বেছি পৰিমাণে দাইল জাতীয় শস্য মটৰ মাহৰ খেতি কৰে।কিন্তু বহু কৃষকে অৱগত নহয় যে ব্যৱসায়িক ভিত্তিত খেতি কৰি জনপ্ৰিয় এই শস্যবিধৰ পৰা প্ৰচুৰ অৰ্থ উপাৰ্জন কৰিব পাৰি।মাটিৰ উৎপাদিকা শক্তি বৃদ্ধিকাৰী মটৰ মাহ অকল মানুহৰে খাদ্য নহয়,ই গৰু-ম’হৰো কেঁচা ঘাঁহ তথা উত্তম দানা।ব্যৱসায়িক ভিত্তিত মটৰ মাহৰ খেতি কৰিলে প্ৰতি হেক্টৰত ১০-২০ কুইণ্টল পৰ্যন্ত উৎপাদন পাব পাৰি।মটৰ মাহ যিকোনো ধৰণৰ মাটিতেই কৰিব পাৰি যদিও পানী নিৰ্গমনৰ সুবিধা থকা বালিচহীয়া মাটিহে অধিক উপযুক্ত।

জাত:টি-১৩৬ (১১০-১২০),বোনেভিলে (১০০-১২০),এইচ ইউ পি (১১৫-১২৫),কে এফ পি ডি-১ (১০০-১০৫),ৰাস্না(১২০-১২৫)আদি মটৰ মাহৰ অনুমোদিত জাত।

বীজ সিঁচাৰ সময়:মটৰ মাহৰ বীজ সিঁচাৰ উপযুক্ত সময় হৈছে অক্টোবৰৰ মাজভাগৰ পৰা নৱেম্বৰৰ মাজভাগলৈ।

বীজৰ পৰিমাণ:বিঘাই পতি ৭-১০ কিলোগ্ৰাম।

বীজ শোধন:মটৰ মাহৰ বীজবোৰ সিঁচাৰ আগতে প্ৰতিকিলো বীজ এক গ্ৰামকৈ থিৰাম বা কেপটান দৰবেৰে শোধন কৰিব লাগে।

পথাৰ প্ৰস্তুতি:পথাৰখন তিনি-চাৰিবাৰকৈ ভালকৈ হাল বাই বিঘাই-পতি ছয় কুইণ্টলকৈ পচন সাৰ বা শুকান গোবৰ প্ৰয়োগ কৰিব লাগে।

ৰাইজ’বিয়াম কালচাৰ ব্যৱহাৰ নকৰিলে বিঘাইপতি ছয় কিলোগ্ৰাম ইউৰিয়া আৰু ৪০ কিলোগ্ৰাম একক ছুপাৰ ফছফেট শেষবাৰ মাটি চহ কৰাৰ সময়তে মাটিত ভালদৰে প্ৰয়োগ কৰিব লাগে।আনহাতে ৰাইজ’বিয়াম কালচাৰ ব্যৱহাৰ কৰিলে বিঘাইপতি তিনি কিলোগ্ৰাম ইউৰিয়া আৰু ৪০ কিলোগ্ৰাম একক ছুপাৰ ফছফেট সাৰ প্ৰয়োগ কৰিব লাগে।

বীজ সিঁচাৰ নিয়ম:শোধন কৰাৰ পাছত ইতিমধ্যে প্ৰস্তুত কৰা পথাৰত শাৰী শাৰীকৈ বীজবোৰ সিঁচিব লাগে।দুটা শাৰী আৰু দুটা পুলিৰ ব্যৱধান হ’ব লাগে ক্ৰমে ৩০ চেণ্টিমিটাৰ আৰু ১০ চেণ্টিমিটাৰ।

আনহাতে পায়ৰা শস্য হিচাপে শালিধান চপোৱাৰ ১৫-২০ দিন আগতে মটৰ মাহৰ বীজ সিঁচিব পাৰি।এনেদৰে বীজ সিঁচিলে অকলে কৰা শস্যতকৈ ২৫-৫০ শতাংশ অধিক বীজ সিঁচিব লাগে।

জলসিঞ্চন:প্ৰয়োজনবোধে বীজ সিঁচাৰ ৪০-৫০ দিন পাছত এবাৰ জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে।

শস্য ৰক্ষা:ছেঁই বিন্ধোৱা পোকৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ নুভান ১০০ ই চি দৰব ৪০-৫০ মিলিমিটাৰ সমপৰিমাণৰ পানীত মিহলাই প্ৰতি বিঘা খেতিত প্ৰয়োগ কৰিলে সুফল পোৱা যায়।আনহাতে পাত খোৱা পোক,মোৱা পোক আদি নিয়ন্ত্ৰণৰ বাবে মালাথিয়ন ৫০ ই চি দৰব ১৫০-২০০ মিলি ৮০-৯০ লিটাৰ পানীত মিহলাই (বিঘাইপতি)স্প্ৰে কৰিব লাগে।

লেখক: প্ৰসাদ দাস (নিয়মীয়া বাৰ্তা)

শেহতীয়া উন্নীতকৰণ: : 2/20/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate